তুমি-কুশল মহন্ত
তোমাৰ কাজল সনা দুচকুত
বিলীন হোৱা সময়ত
অলপ – অচৰপ যৌৱনৰ ধেমালি !
মৌনতাইতো শেষ নহয়;
শব্দৰ মায়া জালত
ৰাগ মেঘমল্লাৰ…
যেন,
অসীম সাগৰৰ নীলিম জোৱাৰ
স্নিগ্ধ জোনাকৰ দিগন্ত প্ৰসাৰ ।
আঙুলিৰ পৰশত জাগি
উঠে এটি সপোন,
হৃদয়ৰ নিভাঁজ একোণত।
*******