দেহাকণী-অশোক কুমাৰ নাথ
দেওবাৰ।পুৱাই পুৱাই শ্ৰীমতী দাং খাই উঠিল……
“তুমি সবতে কণীটো কিয় লগাই লগাই দিয়া?”
“ক’ত লগাইছোঁ?কেতিয়া লগাইছোঁ?”
“লগাইছা তুমি! কণীকংকনা, কণীমালা, কণীপ্ৰিয়া, কণীমা….এইবোৰ কি তেন্তে?এইবোৰ কি নাম হ’ল? মোক ভাল পোৱা হ’লেহে ভাল নাম এটা তোমাৰ মনলৈ আহিলহেঁতেন!মোক জানো তুমি ভাল পোৱা?”
ময়ো উঠিলোঁ দাং খাই…..
“নাম এটা বিচাৰি দিব পৰা নাই বাবেই ‘ভাল নাপাওঁ’ বুলি ছাৰ্টিফিকেটখন দিয়েই দিলা! আৰু শুনা…..দুটাকৈ ভাল নাম থাকোতেই তৃতীয় নাম এটা তোমাকনো কিয় লাগিছে?”
উচাট মাৰি কান্দি-কাটি শ্ৰীমতী শোৱনি কোঠাৰ ফালে দৌৰ মাৰিলে।দৌৰ মৰা বুলিয়েই ক’লোঁ দিয়কচোন, কাৰণ সেয়া খোজ কাঢ়ি যোৱা বুলি ক’ব নোৱাৰি!
ইমান সাৱধানে থাকিলেও দেখিছেনে, কাজিয়া এখন হৈয়ে যায়। আচলতে আমাৰ বিয়া হোৱা ডেৰ বছৰ সম্পূৰ্ণ হৈছে; এৰেঞ্জ মে’ৰেজ। শ্ৰীমতীৰ শুভ নাম শিখা… শিখা শইকীয়া। ঘৰত-পৰিয়ালত-গাঁৱত সকলোৱে তেওঁক মামু বুলি মাতে। মোৰ মা-দেউতা,আমাৰ পৰিয়াল তথা ময়ো তেওঁক মামু বুলিয়েই মাতো। দুমাহমানৰ আগৰপৰা তেওঁ মোক ‘বু’ বুলি মতা কৰিছে। আজিকালি হেনো প্ৰত্যেক গিৰীয়েক-ঘৈণীয়েকৰেই ইজনে সিজনক মতা এটা ছিক্ৰেট নাম থাকে। মোৰ ঘৰত মতা নাম বাবুহে!বাবুৰ ‘বা’টো ক’লৈ গ’ল আকৌ ? ‘বু’ হেনো তেওঁ মোক দিয়া মৰমৰ নাম। মোকো খাই মাৰিছে….মই হেনো তেওঁক এটা মৰমৰ নাম দিব লাগে; যিটো নামেৰে কেৱল মইহে তেওঁক মাতিম।নামটো মৰমৰ হ’লেই নহ’ব….অতি মৰমৰ হ’ব লাগিব আৰু লগতে জগতৰ কোনো মানুহ তথা জীৱ-জন্তু, চৰাই-চিৰিকটিয়েও গম পাব নালাগিব সেই নাম।যদি কোনোৱে গম পায়, তেন্তে সেই নাম বাতিল কৰা হ’ব।
অফিচৰ কামৰ হেঁচাত মোৰ কঁকাল ভাগি গৈছে আৰু মই তেওঁক বিচাৰি দিব লাগে ‘অতি মৰমৰ’ নাম!অপবিত্ৰ শব্দটো চিঞৰি প্ৰতিধ্বনি কৰি দিম যেন!
অতি মৰমৰ নাম বিচাৰি নিদিয়াৰ বেজাৰত এই যে শোৱনি কোঠালৈ পুৱাই পুৱাই শ্ৰীমতীয়ে অভিমান(কাজিয়া ?) কৰি দৌৰ মাৰিছিল, সেই কোঠাৰ পৰা উলিয়াই আনিবলৈ মোক পূৰা ৮ ঘণ্টা সময় লাগিল। এই আঠ ঘণ্টা তেওঁৰ পেটতো একো পৰা নাই, মোৰো নাই। সুন্দৰ দেওবাৰটো কেনেকৈ পানী হৈ গ’ল দেখিছেনে! বহুত কাকূতি-মিনতি কৰাৰ পিছত, সোনকালেই অতি মৰমৰ নাম এটা বিচাৰি দিয়াৰ হেজাৰ প্ৰতিশ্ৰুতিৰ অন্তত শ্ৰীমতী আবেলি চাৰিমান বজাত ৰোহ-ঘৰৰ পৰা ওলাই আহিল।
গাটো তিয়াই সন্ধিয়া গোসাঁই ঘৰত চাকি জ্বলাবলৈ শ্ৰীমতীয়ে যা-যোগাৰ কৰিলে।তাৰ আগতে ধূনামলাটো লৈ ধূনাৰ ধোঁৱা ঘৰৰ ভিতৰত এবাৰ ফুৰাই অনাটো আমাৰ ঘৰৰ পুৰণি নিয়ম।প্ৰতি সন্ধিয়া ধূনামলাটো আনি মোৰ সমুখত থৈ শ্ৰীমতীয়ে যেতিয়া মোৰ ভৰি দুখন চুৱে, মই তেওঁৰ শিৰত হাতখন থওঁ….হৃদয় উজাৰি আশীৰ্বাদ কৰোঁ। আজিও তাৰ ব্যতিক্ৰম নহ’ল।পূৰ্বৰ দৰে নিঃশব্দে আশীৰ্বাদ কৰি সশব্দে কৈ উঠিলোঁ……
“শ্ৰীমতীয়ে যেন সোনকালেই অতি মৰমৰ নাম এটা পাবলৈ সক্ষম হয় প্ৰভু। হৈছে হৈছে উঠা!”
হ’ল যা……লগালো লেঠা!ধূনামলাটো হাতত তুলি লৈ ফেঁকুৰি-ফেঁকুৰি শ্ৰীমতী গোসাঁই ঘৰলৈ সোমাই গ’ল। চাকি জ্বলাই গোসাঁইৰ আগত যেতিয়া তেওঁ ফেঁকুৰি-ফেঁকুৰি “অপৰাধ বিনাশন তযু নামে নাৰায়ণ, জানি নামে পশিলোঁ শৰণ…” ঘোষাটো গাইছিল, আপোনা-আপুনি মোৰ চকু দুটা সেমেকি উঠিছিল।
লিখি থওক….ৰহস্যময়ী নহয়,অতি ৰহস্যময়ী এই নাৰী। কিন্তু নাৰী ঘৰৰ লখিমী বুইছে।
চাকৰিৰ মাজতেই আজৰি সময় উলিয়াই বন্ধু-বৰ্গলৈ কিবা অজুহাত উলিয়াই ফোন কৰিছোঁ। বুদ্ধি কৰি তেওঁলোকৰ ঘৰৰ কুকুৰ-মেকুৰীবোৰৰ নাম সংগ্ৰহ কৰিছোঁ।আহি শ্ৰীমতীক কৈছোঁহি, শ্ৰীমতীয়ে একেদৰেই মুখখন ওফোন্দাই ৰাখিছে।সাহ কৰি নলেগলে লগা বন্ধু কেইজনমানক……”ঐ তই তোৰ ৱাইফক মৰমতে কি বুলি মাত অ’…..” বুলি সুধিছোঁ। প্ৰথমে প্ৰত্যেকেই…”মোৰ ৱাইফক মৰমতে মই কি বুলি মাতো তোক কিয় লাগে আকৌ”….বুলি ওলোটাই মোক প্ৰশ্ন কৰিছে, পিছত অৱশ্যে মোৰ সমস্যাৰ সমভাগী হৈছে। সিহঁতেও “অতি মৰমৰ” নাম এটা বিচৰাত মোক সহায় কৰাৰ প্ৰতিশ্ৰুতি দিছে।পত্নীৰ অতি মৰমৰ নাম বিচাৰি ফে’চবুক-ইনষ্টাগ্ৰাম-টুইটাৰ চলাথ কৰিছোঁ। গুগলৰ স্পীকাৰৰ আগত চিঞৰিছোঁ– “পত্নীৰ অতি মৰমৰ নাম”। শুৱলা কণ্ঠৰ গুগলৰ এছিচটেণ্টে ভগা ভগা অসমীয়াত ওলোটাই মোকহে প্ৰশ্ন কৰে— “প-ত্নী-ৰ অ-তি ম-ৰ-ম-ৰ না-ম!”
পত্নীৰ ওফোন্দা মুখখন চাই থকাৰ সাহস আমাৰ পুৰুষসকলৰ নাই। শ্ৰীমতীৰ নাম বিচাৰি যোৱা তিনিমাহত মই গোটেই বিশ্ব-ব্ৰহ্মাণ্ড চলাথ কৰিছোঁ বুলি ক’ব পাৰি। এক্সট্ৰা এক্সট্ৰাকৈ জগত-প্ৰভু ব্ৰহ্মা, বিষ্ণু, ৰুদ্ৰক ধ্যান কৰিছোঁ। সাৰি যোৱা নাই প্ৰভু হনুমানো। ইউটিউবত নাছাৰ ভিডিঅ’বোৰো অতি মনোযোগেৰে চাইছোঁ। মোৰ দেহৰ অৱস্থা এতিয়া এনেকুৱা হৈছেগৈ যে গাঁৱৰ জৰা-ফুঁকা কৰা কেশৰাম বৰদেউতাই সিদিনা অফিচলৈ যোৱাৰ পৰত পদূলিতে লগ পাই…..”বাবু, তই বহুত খীণাই গৈছচোন! বিয়াৰ পাছত মানুহ অকণমান খীণায়ে বাৰু। ঔষধ এটা দিম, আহিবিচোন…”– বুলি প্ৰস্তাৱ আগবঢ়াইছে। ৰাতিৰ ৰাতিটো মোৰ টোপনি নাহে। বন্ধু দুজনমানে মোক শ্লীপিং টেবলেট খাবলৈ পৰামৰ্শ আগবঢ়াইছে। মোটামুটি মই বৰ্তমান অতি দুৰ্বল স্বাস্থ্যৰ এজন সাংবাদিক।
বহুত ভাবি-চিন্তি পত্নীৰ বাবে মৰমৰ নাম এটা বিচাৰি পালোঁ। যোৱা ডেৰ বছৰৰ দাম্পত্য জীৱনত এয়া মোৰ আটাইতকৈ ডাঙৰ সফলতা বুলি ক’ব পাৰি। অফিচৰ পৰাই পত্নীক “নামটো পালোঁ” বুলি উৎকণ্ঠাৰে ফোন কৰিলোঁ। শ্ৰীমতীৰ আনন্দৰ সীমা নাই! নামটো জানিবলৈ “কি কোৱানা” বুলি বাৰে বাৰে মোক তেওঁ অনুৰোধ কৰিলে। মই ক’লোঁ……”ৰাতিলৈহে ক’ম, তোমাক ছাৰপ্ৰাইজড দিম!”
ছয় বজাত অফিচৰ পৰা ওলালোঁ। শ্ৰীমতীৰ প্ৰিয় ছাগলীৰ মাংস লৈ ল’লোঁ এক কেজি। ঘৰ পোৱাৰ লগে লগে পত্নীয়ে মোক এনেদৰে আদৰিলে যে মই চকুৱেদি টিকটিকীয়া ৰঙা “গোলাপ ফুল” দেখি গ’লোঁ। মোক যেন তেওঁ ক’ত থ’ব ক’ত নথ’ব! স্বতঃস্ফূৰ্তভাৱে মোৰ মনলৈ আহিল “নাৰীৰ আনন্দ”ৰ বিষয়বোৰ আচলতে গৱেষণাৰ বিষয়।
সি যি কি নহওক, ৰাতি ছাগলীৰ মাংসৰে ভাত-পানী খাই বিছনাত উঠিলোঁ।শ্ৰীমতীক আনন্দৰ লগতে বেচ ৰোমাণ্টিক যেনো দেখা গৈছে। পিন্ধনত তেওঁৰ ৰঙা চাদৰ, ৰঙা মেখেলা, ৰঙা ব্লাউজ; কপালৰ ৰঙা সেন্দূৰৰ ফোঁটটো টিকটিকীয়া। ময়ো বাপ্পেকে ৰঙা গেঞ্জি আৰু ৰঙা হাফ-পেণ্টটো পিন্ধি ল’লোঁ। সিমানখিনি স্মাৰ্ট হয় দিয়কচোন!
নিশা চাৰে দহ বাজিছে।এতিয়া মোৰ নাম কোৱাৰ পাল। শ্ৰীমতী মোৰ নিচেই কাষত। মোৰ বুকুৰ মাজত সোমাই তেওঁ ক’লে
“কোৱা এতিয়া নামটো!”
ময়ো আলফুলে শ্ৰীমতীক বুকুৰ মাজত সুমুৱাই ক’লোঁ…
“ধুনীয়া নামৰ বিনিময়ত মোক কি দিবা?”
পৰম বিশ্বাসৰ হাঁহি এটা মাৰি তেওঁ ক’লে…….
“যি বিচাৰা তাকে দিম।”
পাৰাপাৰহীন মৰম-ভালপোৱাৰে আমাৰ শোৱনি কোঠাটো দোৰোল খাই পৰিল। মোৰ যোৱা তিনিমাহৰ গৱেষণাৰ ফচল, গৱেষণালব্ধ নামটো মোৰ অতিকৈ মৰমৰ-আদৰৰ অৰ্ধাংগিনীক ক’বলৈ মই ওলাইছোঁ। পত্নীৰ আনন্দ-উৎকণ্ঠাৰ এই ৰূপটো দেখি ময়ো কিবা এক পৰম সুখ-শান্তিত দোঁ খাই পৰিছোঁ। এই মুহূৰ্তত কিছুমান নষ্টালজিক স্মৃতিয়ে বাৰুকৈয়ে মোক হেঁচা মাৰি ধৰিছেহি। আচলতে মোৰ শৈশৱ-কৈশোৰত মায়ে মোক মৰমতে অনেক নামেৰে মাতিছিল।বোপা, বাবা, দেহামানু, কলিজা, সোণ, দেহাকণ…। কিন্তু এই গোটেই নামবোৰৰ মাজত মোৰ আটাইতকৈ ভাললগা নামটো আছিল– দেহাকণ। মায়ে মোক দেহাকণ বুলি মাতিলেই মই আনন্দত আত্মাহাৰা হৈ পৰিছিলোঁ। মোৰ সুখৰ যেন সীমা-সংখ্যা নোহোৱা হৈ পৰিছিল। কিবা এক স্বৰ্গীয় আকুলতাৰে মাক মই সাবট মাৰি ধ’ৰিছিলোঁ। আচৰিত কথাটো হ’ল….এই দেহাকণ নামটোৱেই মোক মোৰ পত্নীৰ বাবে “অতি মৰমৰ” নামটো বিচৰাত সহায় কৰিলে। মোৰ গৱেষণাক একে আষাৰে ক’লে এনেকুৱা হ’ব……”পুৰুষ হোৱাত মোৰ নাম দেহাকণ। দেহাকণৰ স্ত্ৰী-লিংগ দেহাকণী।
মোৰ বুকুৰ মাজত সোমাই পৰম আশা আৰু হেঁপাহেৰে নিজৰেই “অতি মৰম”ৰ নামটো শুনিবলৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি থকা মোৰ আদৰৰ পত্নীক মৰমেৰে ক’লোঁ…….
“আজিৰ পৰা তোমাক মই দেহাকণী বুলি মাতিম। মানে তোমাৰ বাবে বিচাৰি ফুৰা “অতি মৰম”ৰ নামটো হ’ল– দেহাকণী।”
মুহূৰ্ততে দেহাকণী নীৰৱ-নিস্তব্ধ হৈ পৰিল। লাহেকৈ দেহাকণী মোৰ বুকুৰ মাজৰ পৰা ওলাই গ’ল। মোৰপৰা তিনিহাত আঁতৰত বেৰৰ ফালে মুখ কৰি দেহাকণীয়ে যেতিয়া ফেঁকুৰিবৈ ধৰিলে, মই আচৰিত হৈ নিজকে প্ৰশ্ন কৰিলোঁ…..এয়া আনন্দৰ চকুপানী নে দুখৰ?অৱশ্যে এই পৃথিৱীত বহু মানুহে আনন্দতো ফেঁকুৰি উঠে।
*******