নাৰী-পুৰুষৰ সমমৰ্যাদা-ইলি তালুকদাৰ

ভাৰতীয় সংবিধানে নাৰী-পুৰুষৰ সম অধিকাৰৰ কথা ক’লেও কথাষাৰ কিমানদূৰ সঁচা ক’বলৈ টান। শুনিবলৈ বেয়া লাগিলেও এইখন দেশতেই  প্ৰতিদিনে নাৰী ধৰ্ষিতা হয়, নাৰী অপহৃতা হয়, যৌতুকজনিত কাৰণত নাৰীৰ মৃত্যু হয়, নাৰী লাঞ্ছিতা হয়, নাৰী অপমানিতা হয়। নেচনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰ’ৱে অলপতে ২০২২ বৰ্ষৰ খতিয়ান দাঙি ধৰি কৈছে যে – দেশত চাৰি লাখ পঞ্চল্লিশ হাজাৰৰো অধিক অপৰাধমূলক ঘটনা সংঘটিত হৈছে কেৱল নাৰীৰ বিৰুদ্ধে। সংস্থাটোৰ মতে প্ৰতি ঘণ্টাত বাৰ গৰাকীকৈ নাৰী অপহৃতা হৈছে। ৰাতিপুৱা কাকতখন মেলিলেই নাৰী নিৰ্যাতনৰ ঘটনা প্ৰতিদিনে পঢ়িবলৈ পোৱাটো একেবাৰে সুলভ। বেটী বচাও, বেটী পঢ়াও শ্লোগান দিয়া ভাৰতবৰ্ষত মহিলাক গণধর্ষণ, বিবস্ত্ৰা কৰি  ৰাজপথত পদযাত্ৰা কৰিবলৈ বাধ্য কৰোৱা হয় , আত্মীয়ৰ সন্মুখতে শালীনতা নষ্ট কৰা হয়, পিতৃৰ হাতত কন্যা নিৰ্যাতিতা হয়, আত্মীয় স্বজনৰ দ্বাৰা নিগৃহীত হয়।  গৃহবিভাগৰ তথ্য অনুসৰি- যোৱা ২০১৮ চনৰপৰা চলিত বৰ্ষৰ ৩০ জুনলৈ কেৱল অসম ৰাজ্যতে ৭৫৪ গৰাকী কন্যা শিশু-কিশোৰী সন্ধানহীন হৈছে যদিও তাৰে ৪৭০ গৰাকীহে আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।তথ্য অনুসৰি যোৱা সাত বছৰত কেৱল অসমতে ১,৭০,১৭৪ গৰাকী মহিলা নিৰ্যাতনৰ বলি হৈছে; ১২,৭২৬ গৰাকী বলাৎকাৰৰ সন্মুখীন হৈছে। আজিও ভাৰত নাৰীৰ বিৰুদ্ধে সংঘটিত কৰা অপৰাধৰ তালিকাত চতুৰ্থ স্থানত আছে।নাৰীৰ সৈতে হোৱা এনেবোৰ কামে নাৰী-পুৰুষৰ সম অধিকাৰ সাব্যস্ত কৰেনে?

সপ্তদশ শতিকাতে নাৰী-পুৰুষৰ সম অধিকাৰৰ প্ৰসংগই ইংলেণ্ডৰ বৌদ্ধিক মহলক চুই গৈছিল। নাৰী-পুৰুষ যিহেতু দুয়োটা মানুহৰেই সন্তান, সেই ক্ষেত্ৰত উভয়ে নিজ নিজ অধিকাৰ স্থাপনত বাধাগ্ৰস্ত হ’ব নালাগে বুলি জন ল’কে তেওঁ লিখা গ্ৰন্থ  ‘ Second Treatise of Government ‘ ( ১৬৮৯) ত উল্লেখ কৰিছে। ইংলেণ্ডৰ নাৰীবাদী নেত্ৰী মেৰী উইলষ্টন ক্ৰাফ্টৰ কালজয়ী ‘ A vindication of the Rights Women’  (১৭৯১) শীৰ্ষক গ্ৰন্থত যুক্তি দৰ্শাই লিখিছিল যে নাৰীও পুৰুষৰ দৰে মানুহ। গতিকে নাৰী – পুৰুষৰ মাজত কেতিয়াও ভিন্নতা বা বৈষম্য থাকিব নালাগে। নাৰীৰ বাবে আছুতীয়া স্কুল, কলেজৰ বিপৰীতে তেওঁ সহ শিক্ষাৰ পোষকতা কৰিছিল। গ্ৰন্থখনত নাৰীৰ শিক্ষা আৰু অৰ্থনৈতিক স্বাধীনতাৰ ওপৰত গুৰুত্ব দিয়া হৈছিল। 

এটা সময়ত নাৰী আৰু পুৰুষৰ মৰ্যাদা একে আৰু সমান আছিল।এনে এটা সময় আছিল যি সময়ত নাৰী-পুৰুষ দলবদ্ধভাৱে নিত্য-নৈমিত্তিক কামবোৰ যেনে -খাদ্যবস্তুৰ সন্ধান কৰিছিল। সেই সময়ত নাৰী-পুৰুষৰ সুকীয়া সত্তাক প্ৰাধান্য দিয়া নহৈছিল। উভয়ে উভয়ক মানুহ হিচাপে গণ্য কৰিছিল। 

প্ৰাচীন ভাৰতীয় মহিলাসকলে সাহিত্য-কলা, যুদ্ধবিদ্যা আৰু ৰণক্ষেত্ৰত সুনাম অৰ্জন কৰাৰ দৃষ্টান্তও আমি বুৰঞ্জীৰ পাতত পাইছোঁ। অসমীয়া বোৱাৰী জয়মতী কুঁৱৰী, মূলাগাভৰু আদি কেইগৰাকীমান মহিয়সী মহিলাৰ কথা সকলোৱে জানে। ৰণক্ষেত্ৰত ভাৰতীয় মহিলাই সুনাম অৰ্জন কৰা কথালৈ চালে বুজিব পাৰি যে তেতিয়াৰ দিনত নাৰীয়ে পূৰ্ণ স্বাধীনতাৰ সোৱাদ পাইছিল। 

পিচলৈ কোনোবা এটা সময়ত নাৰীয়ে প্ৰাপ্য অধিকাৰ হেৰুৱাই পেলালে, পুৰুষৰ সমানে মৰ্যাদা পোৱাৰপৰা বঞ্চিত হ’ল।  কিছু ব্যতিক্ৰম বাদ দি বিশ্বৰ জনসমাজ আজি মূলতঃ পুৰুষতান্ত্ৰিক সমাজ। ভাৰতীয় সমাজত এই ব্যৱস্থা আৰু ভয়ানক। সম অধিকাৰ, সমমৰ্যাদা, নাৰী সবলীকৰণৰ বিপৰীতে সময় বাগৰাৰ লগে লগে নাৰী আৰু পুৰুষৰ শাৰীৰিক আৰু মানসিক পাৰ্থক্যসমূহে নাৰী আৰু পুৰুষক দুটা ভিন্ন সত্তা বুলি অনুভৱ কৰিবলৈ বাধ্য কৰালে । ফলত লাহে লাহে  পুত্ৰ সন্তানতকৈ কন্যাসন্তানৰ প্ৰতি আদৰ কমি আহিল।  কন্যা সন্তান জন্মাৰ আগতেই ভ্ৰূণ হত্যাৰ দৰে নাৰকীয় ঘটনা ঘটিবলৈ ধৰিলে।

যিখন দেশত দেৱীক সন্তুষ্ট কৰিবলৈ পূজা-পাতলৰ দৰে মাংগলিক অনুষ্ঠান অনুষ্ঠিত হয় সেইখন দেশতে ছোৱালী, মহিলা পুৰুষৰ হাতত বাৰে বাৰে অপমানিত হ’ব লগাত পৰে। উদাহৰণ স্বৰূপে বহু বছৰ আগতে অসমৰ অগ্নিকন্যা চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে গাঁৱে গাঁৱে চাইকেল চলাই স্ত্ৰী-শিক্ষা প্ৰদান কৰাৰ বাবে ঠাট্টা মস্কৰাৰ সন্মুখীন হৈছিল। ভাৰতৰ প্ৰথম মহিলা বিদ্যালয়ৰ প্ৰতিষ্ঠাপক শিক্ষয়িত্ৰী সাবিত্ৰী বাঈ ফুলে বিদ্যালয়লৈ অহা-যোৱা কৰোঁতে এচাম নাৰীবিৰোধী লোকে তেওঁলৈ গেলা কণী, বোকা পানী দলিয়াই হাৰাশাস্তি কৰিছিল। সিদিনাৰ ঘটনা, ভাৰতৰ সংসদৰ নতুন ভৱনৰ উদ্বোধনী অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক আমন্ত্ৰণ জনোৱা হোৱা নাছিল। তেওঁ মহিলা বাবেই উপেক্ষিতা হ’ল বুলি সন্দেহ ওপজাৰ থল আছে। অৱশ্যে তাৰে মাজতে ৰাজা ৰামমোহন ৰায়, ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ, দয়ানন্দ সৰস্বতীৰ দৰে মহান ব্যক্তিয়ে ভাৰতীয় নাৰীৰ ওপৰত হোৱা অত্যাচাৰ ৰোধ কৰাৰ বাবে অহোপুৰোষাৰ্থ আৰু সবল পদক্ষেপ লৈছিল। ফলস্বৰূপে পিচলৈ ভাৰতীয় নাৰীয়ে শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰে। নিজৰ তথা সামাজিক সমস্যা উভয় ক্ষেত্ৰতে দায়িত্বশীল আৰু দায়বদ্ধতাৰ পৰিচয় দাঙি ধৰি সেইবোৰ নিৰ্মূল কৰিবলৈ সক্ষম হৈছে আৰু সকলো ধৰণৰ কৰ্মত নাৰীয়ে সাফল্য লাভ কৰিছে। তথাপিও এই সফলতাক নাৰীৰ সম্পূৰ্ণ ছবি বুলি ক’ব নোৱাৰি। এতিয়াও গাঁৱত হাজাৰ হাজাৰ নিৰক্ষৰ নাৰী আছে। হাজাৰ হাজাৰ মহিলা আছে যি নিজৰ অধিকাৰৰ সম্পৰ্কে সচেতন নহয় বা অজ্ঞ। তেওঁলোকৰ এই অজ্ঞতাৰ সুবিধা লৈছে পুৰুষ প্ৰধান সমাজে।

এইটোও সঁচা, এতিয়া মনুস্মৃতিৰ সেই নাৰীক শৈশৱত পিতৃয়ে, যৌৱনত স্বামীয়ে, বৃদ্ধাৱস্থাত পুত্ৰই ভৰণ-পোষণ দিয়াৰ পৰামৰ্শ পালন কৰাৰ দিন নাই। সমগ্ৰ বিশ্বতে এতিয়া নাৰীয়ে বিভিন্ন দিশত  বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিছে। কিন্তু তথাপিও যেন নাৰী ক’ৰবাত দুৰ্বল হৈ আছে। আজি শিক্ষিত এচাম নাৰীৰ মনত এটাই প্ৰশ্ন, নাৰীয়ে বাৰু পুৰুষৰ সমানে মৰ্যাদা অথবা পূৰ্ণ স্বাধীনতা পাইছেনে? 

একমাত্র লিখিত সংবিধানে নাৰীক সুৰক্ষা দিব নোৱাৰে। ভাৰতীয় নাৰীৰ সম-অধিকাৰ আৰু সামাজিক নিৰাপত্তা সম্পৰ্কীয় কেবাখনো আইন চৰকাৰে প্ৰৱৰ্তন কৰিছে সঁচা, কিন্তু তাৰ পিচতো ভাৰতীয় নাৰীয়ে সমতা আৰু সামাজিক সুৰক্ষা  লাভ কৰিব পৰা নাই। নাৰীৰ মৰ্যাদা, নাৰীৰ অধিকাৰ সাব্যস্ত কৰাত পুৰুষে সহায়ৰ হাত আগবঢ়াব লাগিব।ল’ৰা এজনক শিক্ষিত কৰা মানে সমাজৰ ব্যক্তি এগৰাকীক শিক্ষিত কৰা কিন্তু ছোৱালী এজনীক শিক্ষিত কৰাৰ অৰ্থ ঘৰ এখনৰ, সমাজ এখনৰ  শৈক্ষিক পৰিৱেশ উন্নত কৰা।দাৰ্শনিক প্লেটোৰ মতে – when you educate a mother, you educate the entire family. ঘৰৰ, সমাজৰ পৰিৱেশ উন্নত কৰাত নাৰীৰ ভূমিকা অপৰিহাৰ্য। কিন্তু ইয়াৰ বাবে লাগিব পুৰুষ আৰু নাৰীৰ উমৈহতীয়া প্ৰচেষ্টা। নৰ-নাৰীৰ উমৈহতীয়া প্ৰচেষ্টা নহ’লে কোনো কামেই নিসিজে। অকল পুৰুষ জাতিয়েই সংসাৰত আগভাগ লৈ থকাৰ সময় উকলিল। পুৰুষে নাৰীক মাতৃ, ভগ্নী বুলি ভাবি নাৰী জাতিৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰক। সমাজত নাৰীয়ে যাতে নিৰাপত্তাহীনতাত ভুগিব লগা নহয় তাৰবাবে প্ৰতিজন পুৰুষ সচেতন হওক। পুৰুষে নাৰীৰ বিৰুদ্ধে চলি অহা কু-সংস্কাৰবোৰ আঁতৰ কৰাৰ বাবে পদক্ষেপ লওক।  কাৰণ নাৰী-পুৰুষ মিলিহে সমাজ। পুৰুষ নিয়ন্ত্ৰিত সমাজ ব্যৱস্থাৰ অন্ত পৰক।  নিজৰ অস্তিত্ব বজাই ৰাখি শোষণ নিষ্পেষণৰ পৰা মুক্ত হৈ স্বাধীনভাৱে সকলো দিশতে সম অধিকাৰ সাব্যস্ত কৰিবলৈ মহিলাসকলক পুৰুষেও সহায়ৰ হাত আগবঢ়াওক। 

স্ত্ৰীয়ে-পুৰুষে হৈবা একমতি। 

তেবেসে সিজিব হৰিত ভকতি। 

নাৰী-পুৰুষৰ সমিলমিলতহে এটা জাতি, এখন সমাজ আগবাঢ়ি যাব পাৰিব।

*******

Leave a Reply

Your email address will not be published. Required fields are marked *