প্ৰাচীন ভাৰতৰ সেই মহান জ্যোতিৰ্বিজ্ঞানী তথা গণিতজ্ঞ জন-পংকজ বৰুৱা 

প্ৰাচীন ভাৰতবৰ্ষত অনেক এনে মহান বৈজ্ঞানিক, গণিতজ্ঞ তথা চিন্তাবিদৰ জন্ম হৈছিল যি জ্ঞানৰ নতুন নতুন দ্বাৰ মুকলি কৰিছিল।প্ৰাচীন ভাৰতৰ এনে এজন মহান চিন্তবিদ, প্ৰখৰ বুদ্ধিসম্পন্ন তথা মেধাবী গণিতজ্ঞ আৰু জ্যোতিৰ্বিজ্ঞানী আছিল আৰ্যভট্ট। ৪৭৬ চনতে তেওঁ প্ৰমাণিত কৰিছিল যে পৃথিৱীহে গতিশীল সূৰ্য্য স্থিৰ। পৃথিৱীহে সূৰ্য্যৰ চাৰিওফালে ঘূৰে,সূৰ্য্য পৃথিৱীৰ নহয়। তেওঁৰ জন্মৰ প্ৰায় ১০০০ বছৰৰ পিছত এই কথাকে জ্যোতিৰ্বিজ্ঞানী ক’পাৰনিকাছেও কয়।

আৰ্যভট্টৰ জন্ম আজিৰ পৰা প্ৰায় ১৬০০ বছৰৰ আগতে  ৪৭৬চনত বৰ্তমানৰ পাটনা,পুৰণি ভাৰতৰ মগধ ৰাজ্যৰ ৰাজধানী পাটলিপুত্ৰৰ দাতিকাষৰীয়া কুসুমপুৰ নামৰ গাঁৱত হৈছিল।মগধ শাসন কালক ভাৰতীয় ইতিহাসৰ এক সোণালী যুগ বুলি কোৱা হয়।মগধ শাসক গুপ্ত সাম্ৰাজ্যৰ শাসন কালত সমগ্ৰ ভাৰতবৰ্ষই উন্নতি তথা প্ৰগতিৰ দিশে আগবাঢ়িছিল।মগধ শাসক বিক্ৰমাদিত্যক পুৰণি ভাৰতবৰ্ষৰ শাসকসকলৰ ভিতৰত অন্যতম শ্ৰেষ্ঠ শাসক হিচাপে অভিহিত কৰা হয়।

আৰ্যভট্টই নালন্দা  বিশ্ববিদ্যালয়ৰপৰা শিক্ষা গ্ৰহণ কৰি মাত্ৰ ২৩ বছৰ বয়সতে “আৰ্যভট্টীয়” নামৰ এখন গ্ৰন্থ ৰচনা কৰিছিল।তেওঁৰ এই গ্ৰন্থৰ জনপ্ৰিয়তা আৰু স্বীকৃতিৰ বাবেই ৰজা বুধ গুপ্তই তেওঁক নালন্দা বিশ্ববিদ্যালয়ৰ প্ৰধান হিচাপে  নিয়োগ কৰিছিল।

আমি জ্যোতিৰ্বিজ্ঞানৰ বিভিন্ন কথা জ্ঞানবোৰ ক’পাৰনিকাচ আৰু গেলিলিওৰ পৰাই আৰম্ভ বুলি ধৰোঁ। তেওঁলোকৰ জ্ঞানৰ আধাৰতে আমি মানো যে পৃথিৱীয়ে সূৰ্য্যৰ চাৰিও ফালে ঘূৰে,সূৰ্য্য স্থিৰ।পৃথিৱীয়ে নিজৰ মেৰুদণ্ডত কেন্দ্ৰ কৰি ঘূৰে।বাস্তৱিকতে এয়া শুদ্ধ নহয়।এওঁলোকৰ জন্মৰ ১০০০  বছৰৰ আগতেই আৰ্যভট্টই এই ধাৰণা আৰু জ্ঞান আমাক প্ৰথম দিছিল।

আৰ্যভট্টই প্ৰথম পৃথিৱী আৰু সূৰ্য্যৰ মাজৰ দূৰত্ব নিৰ্ণয় কৰাৰ সূত্ৰ ওলিয়াই এই দূৰত্ব গণনা কৰিছিল। তেওঁ নিৰূপণ কৰা এই দূৰত্বক আজিৰ বৈজ্ঞানিক সকলে নিৰূপণ কৰা দূৰত্বৰ সৈতে প্ৰায় সমান।

আৰ্যভট্টই প্ৰথম কৈছিল যে সূৰ্য্যক পৰিক্ৰমা কৰা অনান্য গ্ৰহসমূহৰ নিজা পোহৰ নাই, সূৰ্য্যৰ পোহৰৰ দ্বাৰাহে এইসমূহ জিলিকি থাকে।তেওঁ আৰু কৈছিল যে শনিৰ পাঁচটা উপগ্ৰহ আছে কিন্তু কিছুদিনৰ পাছত তেওঁ পৰিসংখ্যা সলনি কৰি কয় যে নহয় শনিৰ ৭ টা উপগ্ৰহ আছে । এই কথা আচৰিত লাগে আৰ্যভট্টই টেলিস্কোপৰ অবিহনে শনিৰ উপগ্ৰহৰ উপস্থিতি কথা কেনেকৈ জানিব পাৰিলে?এনে নহয়টো আৰ্যভট্টই সেই সময়তে দূৰবীণযন্ত্ৰৰ আৱিষ্কাৰ কৰি ব্যৱহাৰ কৰিছিল।

আৰ্যভট্টই “বৃহৎ সংহিতা” আৰু  “আৰ্যভট্ট সংহিতা” নামেৰে আৰু দুখন কিতাপ লিখিছিল য’ত হাজাৰৰ ওপৰত বিভিন্ন বিষয়ক সুত্ৰ আছিল।তেওঁৱেই পোনপ্ৰথমে সূৰ্য্যগ্ৰহণ আৰু চন্দ্ৰগ্ৰহণৰ বিষয়ে তথা কেতিয়া কোনবছৰত আৰু কিমান সময়ৰ বাবে হ’ব এই কথা গণনা কৰি পৃথিৱীবাসীক জনায়।আৰ্যভট্টই পৃথিৱীয়ে মেৰুদণ্ডক কেন্দ্ৰ কৰি ঘূৰাৰ বাবেই দিন ৰাতি যে হয়,এই কথাকো কৈছিল।দিন ৰাতিৰ সময়ক গণনা কৰি তেওঁৱেই পোনপ্ৰথমে সাতটা বাৰৰ অৱধাৰণা দিয়ে আৰু নাম ৰাখে  সোম,মঙ্গল,বুধ,বৃহস্পতি,শুক্ৰ,শনি আৰু ৰবি।তেওঁ দিয়া এই সাতবাৰৰ নামকে সমগ্ৰ বিশ্বৰ বিভিন্ন সভ্যতাই আজিও অনুকৰণ কৰে।

আৰ্যভট্টই বিশ্বৰ প্ৰথম ব্যক্তি আছিল যি বীজগণিতৰ ব্যৱহাৰ কৰিছিল।তেওঁৰ বিখ্যাত গ্ৰন্থ “আৰ্যভট্টীয়” এখন গাণিতিক কিতাপ আছিল যাক কবিতাৰ আৰ্হিত লিখা হৈছিল।এই গ্ৰন্থই আমাক জ্যোতিৰ্বিজ্ঞান তথা বীজগণিত সম্বন্ধীয় জ্ঞান দিয়ে।এই কিতাপত অংকজ্ঞান,বীজগণিত তথা ত্ৰিকোণমিতিৰ বিভিন্ন সুত্ৰ উল্লেখ আছে।এই কিতাপত ১০৮ টা ছন্দ আছে যি সমূহক প্ৰধানতঃ চাৰিটা অধ্যায়ত বিভক্ত কৰা হৈছে ৷

(১) গীতিকা পদ : ইয়াত ১৩ টা ছন্দ আছে য’ত সময়ৰ ডাঙৰ ভাগ সমূহৰ বিষয়ে বৰ্ণনা আছে,প্ৰধানকৈ হিন্দু শাস্ত্ৰৰ চাৰি যুগৰ বিষয়ে।

(২) গণিত পদ : ইয়াত মুঠতে ৩৩ টা ছন্দ আছে য’ত মূল গণিতৰ বিষয়ে উল্লেখ আছে।সৰল আৰু দ্বিঘাত সমীকৰণৰ লগতে অনিশ্চিত সমীকৰণৰ বিষয়েও বিস্তৃত  বিৱৰণ ইয়াত পোৱা যায়।ইয়াৰ লগতে অংকগণিতীয় প্ৰগতি,জ্যামিতিয় প্ৰগতি,বৰ্গমূল,ঘনমূল,সামান্তৰিক আদি সমীকৰণৰ বিষয়ে অতি সাধাৰণ ভাষাত সহজে বুজিব পৰাকৈ বৰ্ণিত আছে। 

(৩) কালক্ৰিয়া পদ :  ইয়াত ২৫ টা ছন্দ আছে য’ত সময়ৰ লগতে গ্ৰহসমূহৰ স্থিতিৰ বিষয়েও বৰ্ণনা আছে। পৃথিৱীৰ আহ্নিক আৰু বাৰ্ষিক গতিৰ লগতে গ্ৰহণৰ বিষয়ে ইয়াত বৰ্ণনা আছে।

(৪) গোলাপদ : ইয়াত ৫০ টা ছন্দ আছে।এই অধ্যায়ত ত্ৰিকোণমিতি আৰু জ্যামিতিৰ বিষয়ে বিস্তৃত উল্লেখ আছে।পৃথিৱীৰ আকাৰ,দিন ৰাতি হোৱাৰ কাৰণ, অক্ষৰেখা,আকাশীয় বিস্তৃতি আদিৰ লগতে ৰাশিসমূহৰ বিষয়েও বৰ্ণনা আছে।

বুৰঞ্জীবিদ সকলৰ মতে আৰ্যভট্টই বহুকেইখন গ্ৰন্থ ৰচনা কৰিছিল,কিন্তু সময়ৰ সোঁতত সৰহ ভাগেই হেৰাই গ’ল।তেওঁৰ মাত্ৰ আৰ্যভট্টীয়,দশগীতিকা, তন্ত্ৰ আৰু আৰ্যভট্ট সিদ্ধান্ত এই চাৰিখন গ্ৰন্থ হে বৰ্তমান উপলব্ধ। ইয়াৰে আৰ্যভট্ট সিদ্ধান্ত গ্ৰন্থখনো সম্পূৰ্ণৰূপে নাই।ইয়াৰ মাত্ৰ ৩৪ টা শ্লোকহে আছে ।

১৯ এপ্ৰিল ১৯৭৫  চনত আজিৰ পৰা প্ৰায় ৪৭ বছৰৰ আগতে ভাৰতে পোনপ্ৰথমে নিজৰ কৃত্ৰিম উপগ্ৰহ মহাকাশলৈ প্ৰক্ষেপণ কৰে।এই উপগ্ৰহৰ নাম পুৰণি ভাৰতৰ মহান জ্যোতিৰ্বিজ্ঞানী তথা গণিতজ্ঞ  আৰ্যভট্টৰ নামেৰে নামকৰণ কৰা হয়৷আৰ্যভট্টৰ নাম পশ্চিমৰ দেশসমূহত বিশেষ জনাজাত ন’হ’লেও ভাৰতীয়সকলৰ বাবে এই নাম প্ৰেৰণাৰ এক উৎস।

আৰ্যভট্টই পোন প্ৰথমে পৃথিৱীৰ পৰিধি ৩৯৯৬৮.০৫ কিঃমিঃ বুলি গণনা কৰি পাইছিল যিটো আজিৰ ৪০০৭৫.০১কিঃমি কৈ ০.২% হে কম ৷

আৰ্যভট্টই পৃথিৱীৰ বায়ুমণ্ডল ৮০ কিঃমিঃ উচ্চতালৈকে বিস্তৃত বুলি কৈছিল ৷ আছলতে পৃথিৱীৰ বায়ুমণ্ডল ১৬০০ কিঃমিঃ কৈও অধিক উচ্চতালৈকে বিয়পি আছে যদিও বায়ুমণ্ডলৰ ৯৯% অংশই ৮০ কিঃমিঃৰ ভিতৰত অৱস্থিত।

আৰ্যভট্টই পৃথিৱী সূৰ্য্য তথা গ্ৰহসমূহৰ মাজৰ দূৰত্ব নিৰূপণ কৰিছিল যি আজিৰ নিৰূপিত মানৰ লগত প্ৰায় সমান।তেওঁ তৰাসমূহৰ সহায়ত পৃথিৱীৰ আহ্নিক গতিৰ সময় গণনা কৰি ২৩ ঘণ্টা ৫৬ মিনিট ৪.১ চেকেণ্ড বুলি পাইছিল যিটো বৰ্তমানতকৈ ০.৮৬ চেকেণ্ড কম।

আৰ্যভট্টৰ মতে এবছৰৰ সময় ৩৬৫.২৫৮৬৮  দিন যিটো আজিৰ গণনাৰ মান ৩৬৫.২৫৬৩৬ সৈতে প্ৰায় সমান। চন্দ্ৰই পৃথিৱীৰ চাৰিওফালে পৰিক্ৰমা কৰা সময়কো আৰ্যভট্টই নিৰূপণ কৰিছিল যাৰ মান আছিল  ২৭.৩২৬১৭দিন যিটো আজিৰ সময়ৰ গণনাৰ সৈতে সম্পূৰ্ণ সমান ৷

আৰ্যভট্টই সূৰ্য্যগ্ৰহণ আৰু চন্দ্ৰগ্ৰহণ কিয় হয় কেৱল এই কথাকে কোৱা নাছিল।তেওঁ গ্ৰহণ লগাৰ সময়, কিমান সময় গ্ৰহণ লাগিব এই সকলো নিৰূপণ কৰাৰ সুত্ৰও আৱিষ্কাৰ কৰিছিল।

   

আৰ্যভট্টই π ৰ মান দশমিকৰ পাছত ৩.১৪১৬ বুলি  উল্লেখ কৰিছিল।বৰ্তমান সময়ত পৃথিৱীত যি ত্ৰিকোণমিতি পঢ়োৱা হয় ইও এইজনা ভাৰতীয় গণিতজ্ঞ আৰ্যভট্টৰে দান।

আৰ্যভট্টই শূণ্যৰ আৱিষ্কাৰ কৰিছিল।তেওঁ বিশ্বব্ৰহ্মাণ্ডক অনাদি অনন্ত বুলি কৈছিল।ভাৰতীয় দৰ্শনৰ মতে অগ্নি,বায়ু,জল,পৃথিৱী আৰু আকাশ এই পাঁচ তত্বৰদ্বাৰা পৃথিৱীৰ নিৰ্মাণ হৈছিল বুলি কোৱা হয়। আৰ্যভট্টই আকাশক তত্ব বুলি ধৰা নাছিল। 

আৰ্যভট্টই তেওঁৰ বৈজ্ঞানিক যুক্তিবাদী চিন্তাধাৰাই সেই সময়ৰ প্ৰচলিত অৱধাৰণাক সলনি কৰি দিলে। তেওঁ সেই সময়ত প্ৰচলিত পৃথিৱী বিশ্বব্ৰহ্মাণ্ডক কেন্দ্ৰ বোলা ধাৰণাৰ বিপৰীতে সূৰ্যহে পৃথিৱীকে আদিকৰি বাকী গ্ৰহসমূহৰ কেন্দ্ৰ বুলি প্ৰকাশ কৰিলে। 

৫৫০ চনত ৭৪ বছৰ বয়সত এইজনা মহান ভাৰতীয় জ্যোতিৰ্বিজ্ঞানী তথা গণিতজ্ঞই এই পৃথিৱীৰ পৰা মেলানি মাগিছিল।

*******

Leave a Reply

Your email address will not be published. Required fields are marked *