বাৰ মাহ-কুমকুম শৰ্মাবৰুৱা
ব’হাগ যে আমাৰ প্ৰথম মাহ
জাতিয়ে স্নান কৰে,
কপৌফুল পিন্ধি বিহু নাচনীয়ে
বিহুতলীত এপাক নাচে।
জেঠ মাহত বৰ গৰম
বাৰ খৰ মাৰে,
আহাৰ মাহত আম,কঁঠাল
বগৰী,জামু পকে।
শাওন মাহত খেতিৰ ভৰপক
পথাৰত কঠিয়া ৰোৱে,
ভাদ মাহত গুৰুদুজনাৰ তিথি
নামঘৰত ভাগৱত পঢ়ে।
আহিন মাহত শেৱালি ফুলে
আকাশ তৰাৰে ভৰে,
বিলৰ পাৰত কঁহুৱা ফুলে
শৰালিৰ জাক উৰে।
কাতি মাহত আকাশবন্তি জ্বলাই
কৃষকে প্ৰাৰ্থনা কৰে,
বতাহত নাচে সেউজীয়া ধাননি
দৃষ্টি হৰি নিয়ে।
আঘোণ মাহত সোণালী ধানেৰে
পথাৰ উপচি পৰে,
ন-ভাত খায় সকলোৱে মিলি
স্নেহবন্ধনেৰে বান্ধে।
পুহ মাহত বৰ ঠাণ্ডা পৰে
জুহালৰ গুৰিত বহে,
মাঘত যে আমাৰ ভোগালী বিহু
মেজি জ্বলাই ভোজ পাতে।
ফাগুন মাহত পলাশ,শিমলুৱে
আকাশ ৰাঙলী কৰে,
চ’তত আকৌ কপৌফুল ফুলি
বিহুৰ বতৰা দিয়ে।
*******