বিভীষিকা সময়-অনামিকা (সংগীতা) কলিতা

ল’ৰা-ছোৱালীহালক স্কুলত থৈ গিৰিয়েকৰ কাৰণে টিফিনটো লৈ গৈছিল তাই।আধাবাটত দেখিলে চৌদিশে কেৱল ধোঁৱা, চাৰিওফালে আন্ধাৰ, পোৰা পোৰা গোন্ধ, তেজেৰে লুতুৰি-পুতুৰি শৰীৰ,জীৱৰ আৰ্তনাদ, আলাই-আথানি এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছিল।মানুহৰ দৌৰা-ঢপৰাত ভৰিৰ জোতা-চেণ্ডেল, বেগ ৰাষ্টাত সিঁচৰতি হৈ পৰি থাকিল।

সন্ধিয়া পৰত এনেকৈ বহি থাকিলে আজিও মনত পৰে জেউতিৰ ৩১ অক্টোবৰৰ বোমা বিস্ফোৰণৰ সেই বিভীষিকাময় দিনটোৰ কথা।হস্পিটালৰ বাৰাণ্ডাত পৰি আছিল তাই, গিৰিয়েক আই. চি. ইউ. ৰূমত, কি কৰিব একো উৱাদিহ পোৱা নাছিল।দুৰ্ঘটনাত আহত আৰু নিহতসকলৰ আত্মীয়সকলৰ হৃদয়বিদাৰক কান্দোনে আকাশ বতাহ কঁপাই তুলিছিল।জেউতিয়ে নিজৰ দায়িত্ব কেৱল কৰি গৈছিল।সন্তান দুটিক মাকৰ হাতত গতাই দি একমাত্ৰ গিৰিয়েকৰ লগতে হস্পিটালত ব্যস্ত হৈ আছিল। বহুত কষ্ট কৰি মানুহজনক মৃত্যুমুখৰপৰা বচালে; কিন্তু তেখেতে বাকশক্তি চিৰদিনৰ কাৰণে হেৰুৱালে,এখন ভৰি ঘুণীয়া হ’ল।আজি ১৬ টা বছৰে বেদনাবোৰ বুকুত সামৰি থৈছে।সেইদিনা সন্তান দুটিৰ সৈতে একেলগে ভাত খাই হাঁহিমুখে কামলৈ ওলাই যোৱা মানুহজনক ঘৰলৈ এনেদৰে আনিব লগা হ’ল,সেয়া এক সাঁথৰ যেন লাগে জেউতিৰ। ঈশ্বৰৰ কৃপাত ইমান ডাঙৰ অস্ত্ৰোপচাৰৰ পিচতো মানুহজনক ঘূৰাই পালে তাৰ কাৰণে এশবাৰ ঈশ্বৰক ধন্যবাদ জনালে। সেই দিনবোৰত ওচৰ চুবুৰীয়া বা আত্মীয়সকলে সিহঁতৰ খা-খবৰ লৈ আছিল। কিন্তু মানুহজনৰ বন্ধুবৰ্গৰ পৰাহে জেউতিয়ে সহায় পাইছিল। অনুভৱ কৰিছিল বিপদৰ বন্ধুহে আচল বন্ধু। ল’ৰা-ছোৱালীহালেও মাকৰ কষ্ট বুজি পাইছিল। 

: মা, ভাত হৈছে আহাঁ বাহিৰতে থাকিবা নে? ভালেখিনি সময় হৈছে।

: গৈছোঁ ৰিমী, দেউতাৰক আগতে দে।

: মা, দেউতা আৰু ভাইটিয়ে খালে। তুমি আৰু মই হে আছোঁ।

: হ’ব দে গৈছোঁ।

ৰিমীয়ে যিমানেই ভাতখিনি বাঢ়ি ভালখিনি মাকক নিদিয়ক কিয়,মাকে তেখেতৰ কাঁহীৰপৰা অলপ হ’লেও জীয়েকক দিয়েই; এয়া যে হৃদয়ৰ মৰম। মাকেহে বুজি পাই সন্তানৰ মনৰ অনুভৱ। 

: মা, তুমি যোৱা বিচনাত উঠা; মই বাচন-বৰ্তন সামৰি থৈ দিওঁ। 

: নালাগে দে, অকণমান ময়ো কৰোঁ। আজিকালি মোক তেনেকৈ একো কৰিবই নিদিয় মাজনী। 

: যোৱা বুলিছো নহয়। তুমি জিৰণি লোৱা, পাৰিম, মই থাকোঁতে তুমি কিয় কৰিব লাগে? 

: এনেকৈ আৰামত ৰাখিলে মাজনী মই এলেহুৱা হ’ম। 

: সেইবোৰ একো নহয়। তুমি সদায় কৰিয়েই থাকা। মাজে-সময়ে আমিও কৰিব লাগে, ঘৰৰ কাম কৰি মা-দেউতাক সহায় কৰাটো সন্তানসকলৰো কৰ্তব্য, নহয় নে মা? 

জীয়েকৰ কথাত তেওঁৰ চকু ভৰি আহিল। তাইক বিয়া দিলে তেখেতৰ ঘৰখন উদং হ’ব,ভাবিলেই হৃদয়খনত শোকে খুন্দা মাৰি ধৰে।তথাপিও এদিন দিবই লাগিব, ছোৱালী পৰৰ ঘৰ শুৱনি। কিন্তু তাইক পঢ়াই-শুনাই নিজৰ ভৰিত থিয় নিদিয়াকৈ বিয়া নিদিয়ে, সেয়া তেওঁ মনতে সংকল্প কৰি ল’লে। ছোৱালীক আত্মনিৰ্ভৰশীল কৰি তুলিলে তাইৰ জীৱন সুৰক্ষিত হ’ব সেয়া তেওঁ নিজৰ জীৱনৰ অভিজ্ঞতাৰ পৰা ভালদৰে উপলদ্ধি কৰিলে। তেখেতে বিপদৰ সেই সময়ত কিমান প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল, এতিয়াও হৈয়ে আছে। অৰ্থনৈতিক নিৰাপত্তা খুবেই প্ৰয়োজনীয়। সংসাৰ এখনৰ কাৰণে নিজৰ জীৱনৰ চালিকা শক্তিৰ উৎস অন্যতম। ল’ৰা আৰু ছোৱালী দুয়োটাকে উপযুক্ত কৰি গঢ়ি তুলিবলৈ জেউতিয়ে যথেষ্ট কষ্ট স্বীকাৰ কৰিব লগা হৈছে। এইফালে গিৰিয়েকৰ ঔষধ-পাতিৰ খৰছ আছে, গতিকে ঘৰতে এখন গেলামালৰ দোকান দি লৈছে। গিৰিয়েক দোকানত বহি থাকে,তাই মালবস্তু জুখি দিয়ে। তাৰ মাজতে তাঁতশালখনত এপাক বহে। জীৱন সংগ্ৰাম কৰি গৈছে।ছোৱালীজনীয়েও কলেজৰপৰা আহি তাঁতশালখনতে বহে; চাকৰিৰ কাৰণেও ইন্টাৰভিউবোৰ দি আছে। ল’ৰাৰ এইবাৰ ইঞ্জিনিয়াৰিং পঢ়া শেষ হ’ব, সিও কৰ্মত নিয়োজিত হ’ব পাৰিব। সিহঁতে সকলো কৰি যাবলৈ প্ৰস্তুত, মাত্ৰ নেদেখাজনে আশীৰ্বাদ দি থাকিলেই হ’ব। 

*******

Leave a Reply

Your email address will not be published. Required fields are marked *