মকৰ সংক্ৰান্তিৰ মহত্ত্ব আৰু অসমৰ মাঘ বিহু-উপাসনা ভাগৱতী

সাধাৰণতে সূৰ্যই এটা ৰাশিৰপৰা আন এটা ৰাশিলৈ গমন কৰা দিনটিক ‘সংক্রান্তি’ বোলা হয়।সংক্ৰান্তিক দোমাহী বুলিও কোৱা হয়।আমাৰ অতিকৈ চেনেহৰ তিনিটি বিহু সূৰ্যৰ তিনিটি বিশেষ অৱস্থান কালৰ সংক্ৰান্তিত উদযাপিত হয়।ব’হাগত ‘মহাবিষুৱ সংক্ৰান্তি’, কাতিত ‘জলবিষুৱ সংক্ৰান্তি’ আৰু মাঘত ‘মকৰ উত্তৰায়ণ বা বিষ্ণুপদী সংক্ৰান্তি’ বোলা এই প্ৰতিটো বিহুৱেই কৃষিৰ লগত সংপৃক্ত।ব’হাগত শস্য ৰোৱা, কাতিত সোণগুটি লগা আৰু মাঘত সেই সোণগুটি চপাই ভঁৰালত ভৰোৱা সময়।এই তিনিওটি বিহুৱেই আমাৰ প্ৰাণৰো আপোন ।  বিশেষকৈ সূৰ্যই মকৰ ৰাশিত অৱস্থান কৰি উত্তৰলৈ গতি কৰা পুহৰ সংক্ৰান্তি; যাক মকৰ সংক্ৰান্তিও বোলা হয় । এই দিনটি হিন্দু ধৰ্মত অতি পুণ্যৰ দিন বুলি গণ্য কৰা হয়।সেইবাবে ভাৰতৰ আন আন ৰাজ্যসমূহৰ লগতে অসমত ভোগৰ বিহু ‘ভোগালী’ তথা অসমীয়া দশমটি মাহৰ নামকৰণৰে ‘মাঘ বিহু ‘বুলি অতি উলহ-মালহেৰে পালন কৰা হয় । 

‘মকৰ সংক্ৰান্তি’ হিন্দু ধৰ্মত অতি মহত্ত্বপূৰ্ণ বুলি পৰিগণিত হৈ আহিছে।কিয়নো সূৰ্য পূবফালে উদিত হয় সঁচা কিন্তু শীতৰ ছমাহ থাকে দক্ষিণ-পূব আকাশত ‘উত্তৰায়ণ‘ নামেৰে।উত্তৰায়ণৰ ছমাহ দেৱতাৰ বাবে বাৰ ঘণ্টা সময় আৰু দক্ষিণায়ণৰ ছমাহ অসুৰৰ বাবে বাৰঘণ্টা।দেৱতাৰ বাবে এই ছমাহ দিন হ’লে অসুৰৰ বাবে ৰাতি আৰু দেৱতাৰ বাবে এই ছমাহ ৰাতি হ’লে অসুৰৰ বাবে  দিন হয়।মকৰ সংক্ৰান্তি হৈছে সেই তিথি যেতিয়া সূৰ্য দক্ষিণ-পূব আকাশৰ শেষ প্ৰান্তত থাকি প্ৰথম উত্তৰমুখী যাত্ৰা আৰম্ভ কৰে।এই সংক্ৰান্তিৰপৰাই আৰম্ভ হয় উত্তৰায়ণৰ।এই তিথিত স্বৰ্গৰ দ্বাৰ উন্মুক্ত হয়  আৰু  এই তিথিত দেহত্যাগ কৰিলে আত্মা উৰ্ধমুখী হয় বুলি  হিন্দু ধৰ্মীসকলে বিশ্বাস কৰে।এই বাবেই গংগাপুত্ৰ ভীষ্মই মকৰ সংক্ৰান্তিত দেহত্যাগ কৰিছিল।এই শুভক্ষণত গঙ্গাসাগৰত স্নান-দান, প্ৰসাদ গ্ৰহণ ও বিতৰণে মানুহক পূণ্য দান কৰে বুলি লোকবিশ্বাস আছে। 

‘শ্ৰী চৈতন্য চৰণামৃত’ত মাঘমাহক ‘শ্ৰী মাধৱ মাহ‘ বোলা হৈছে । সমগ্ৰ বছৰৰ ভিতৰত মাঘ মাহেই এনে এটি মাহ য’ত ভক্তই ভগৱানক সুন্দৰভাৱে পুষ্পাদি নিবেদন কৰি আৰাধনা কৰিবলৈ সময় আৰু সুবিধা পায়।কাৰণ এই সময়খিনিত পথাৰৰ শস্য ভঁৰাল পায়হি আৰু কৃষক সমাজে কিছু সময়ৰ বাবে খেতি-খোলাৰপৰা আজৰি পায়।ভোগ-প্ৰাচুৰ্যৰ উভৈনদীৰ সময়ত মানুহৰ মন আনন্দেৰে ভৰপূৰ হৈ থাকে।এনে সময়ত অশুভ কৰ্মফলৰপৰা মানুহ মুক্ত হৈ ভগৱান ভাৱনাত এই মাহত অগ্ৰসৰ হ’লে ভগৱানে আমাক আশীৰ্বাদ দিয়ে বুলি বিশ্বাস কৰা হয়। কথিত আছে মাঘ  মাহৰ শেষত দিয়া বৰষুণ খুবেই শুভলক্ষণযুক্ত । কিয়নো বৰষুণৰ ফলত খেতি পথাৰ ন-খেতিৰ বাবে পুনৰ উপযোগী হৈ উঠে । 

‘মৎস্য পুৰাণ’ৰ মতে এই সংক্ৰান্তি তিথিত মানুহৰ কৰ্তব্য হৈছে ভকত আৰু দৰিদ্ৰ মানুহক বিপুলভাৱে অন্ন দান কৰা।এই তিথিত যিয়ে অন্ন দান কৰে ভৱিষ্যতে বহু জনম ধৰি সূৰ্যদেৱৰ আশীষ প্ৰাপ্ত হয়।বিশেষকৈ এই দিনটিত অন্নদান সম্পৰ্কে ‘মহাভাৰত’ত গংগাপুত্ৰ ভীষ্মই স্বয়ং কৈছে যে অন্নদানৰ সমান দান আৰু একো নাই। ভৱিষ্যতেও ইয়াৰ সমান দান একো হব নোৱাৰে। মহাভাৰতৰ অনুশাসন পৰ্বত উল্লেখিত অন্ন দানৰ বাবে  এই সংক্ৰান্তি হৈছে সেই শুভ মুহূৰ্ত,গঙ্গাসাগৰ হৈছে সেই শুভ স্থান আৰু সাধু-সন্ত হৈছে সেই অন্ন দানৰ বাবে যোগ্য পাত্ৰ।সেইবাবে সামৰ্থ্য থকা ব্যক্তিয়ে পৰাপক্ষত এই সুন্দৰ সুযোগটি গ্ৰহণ কৰা পৰম কৰ্তব্য বুলি বিশ্বাস কৰা হয় বাবে সেই দিনটিত গঙ্গাসাগৰত অলেখ ভক্তৰ ভিৰ পৰিলক্ষিত হয়।সম্ভৱতঃ মকৰ সংক্ৰান্তিৰ এনে মহত্ত্ব অনুধাৱন কৰাৰ বাবেই প্ৰাচীন কালৰে পৰা ভাৰতৰ ভিন্ন প্ৰান্তত এই সংক্ৰান্তি অতি উলহ-মালহেৰে পালিত হৈ আহিছে ।  

ভাৰতৰ তামিলনাডু আৰু অন্ধ্ৰপ্ৰদেশৰ জনসাধাৰণে মকৰ সংক্ৰান্তি উৎসৱ পালন কৰে ‘পোং –গল’ নামকৰণৰে।কৰ্ণাটকতো একে নামেৰে পালিত উৎসৱত কৃষিৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ পশু গৰুক মাহ-হালধি সানি গা-ধুৱাই পিঠা-পনা খাবলৈ দিয়া হয়।ইয়াৰোপৰি  কৰ্ণাটকত বিভিন্ন পিঠা-পনা বনোৱাৰ লগতে নৃত্য-গীত আদি কৰি গৰু-ম’হৰ শোভাযাত্ৰা উলিওৱা হয় । 

মহাৰাষ্ট্ৰত ’থাক’ নামৰ এই উৎসৱটিত বিভিন্ন সামগ্ৰী আৰু উপহাৰ পৰস্পৰৰ  মাজত আদান- প্ৰদান অতি চকুত লগা।

উত্তৰ প্ৰদেশ আৰু বঙ্গদেশত কৃষিজীৱী সমাজৰ লগতে অন্যান্য লোকেও গঙ্গা স্নান কৰি সূৰ্য আৰাধনা কৰা দেখা যায়।ই অতি পুণ্যৰ কাম বুলি গণ্য কৰা হয়।

পাঞ্জাৱত ‘লোহৰী ‘বুলি পালিত উৎসৱৰ লগত আমাৰ অসমৰ মাঘ বিহুৰ বহুতো সাদৃশ্য পৰিলক্ষিত হয় । 

অসমত  বছৰটোৰ তিনিটা সংক্ৰান্তিত পালিত ‘বিহু’ নামৰ উৎসৱটি মিশ্ৰ সংস্কৃতিৰ উৎসৱৰূপে মিশ্ৰিত লোক সমষ্টিৰে মিশ্ৰিত হৈ এক সুকীয়া ৰূপে গঢ় লৈ উঠিছে।প্ৰতিটো সমষ্টিৰে উৎসৱৰ নাম ভিন্ন যদিও ৰূপৰ সাদৃশ্য আছে।আহোমসকলে ‘মজি-চু ম-কহি’ নামেৰে আৰু চাহ জনগোষ্ঠীৰ লোকে ‘পৌষ পৰব’ বা ‘টুচু পৰব’ নামেৰে পালন কৰে।কাৰ্বি সকলে ‘ছছংলাট’, মিছিংসকলে ‘ৰেহ’, ডফলাসকলে ‘চিৰম-মহচ-চুম’ বোলাৰ বিপৰীতে কামৰূপ আৰু গোৱালপাৰা জিলাত ‘দুমহি’,নামনি অসমত ‘পোষণা’ নামে এই উৎসবটি পালন কৰা হয় । নামৰ পাৰ্থক্য থাকিলেও মূল উদ্দেশ্য একেটাই।

অসমীয়াৰ মাঘ বা ভোগালী বিহু কৃষক সমাজৰ বাবে অতি আনন্দৰ সময়ত উদযাপিত হয়।এই সময়ত ধনী-দুখীয়া নিৰ্বিশেষে সকলোৰে ভঁৰাল শস্যৰে পৰিপূৰ্ণ হৈ থাকে।সেইবাবেই যেন বিহুটিৰ নাম ‘ভোগালী বিহু’। শব্দটিয়ে সেই সময়খিনিৰ ভোগৰ প্ৰাচুৰ্যতাৰেই উমান দিয়ে।মেটমৰা ভঁৰালে ৰাইজৰ মুখত হাঁহি বিৰিঙাই ৰঙৰ পোহৰ ছটিয়ায়।তাৰেই আনন্দত সংক্ৰান্তিৰ আগদিনা বাৰী,ঘৰ,পুখুৰীৰপৰা পোৱা বিভিন্ন পদেৰে ভোগালীৰ ভোগৰ আয়োজন চলে।সকলোৱে মিলি ৰং-ৰহইচেৰে ভোগালীক আদৰাৰ আয়োজনত অসমীয়াৰ একতাৰ দোলডাল যেন নিকপকপীয়া হৈ পৰে । 

ধান, মাহ সৰিয়হ আদিৰে উপচি পৰা বতৰত অসমীয়াই পিঠা-পনা অবিহনে বিহু উদযাপন কৰিব কেনেকৈ?বিহুৰ ই এক অপৰিহাৰ্য অংগ।তাতে বিহুটো হ’ল ভোগালী।উৰুকাৰ দিনা ওৰে ৰাতি পিঠা-পনা ভজা কাৰ্যক্ৰমে উক্ত নিশাটোক অসমীয়াসকলৰ বাবে বিশেষ মহত্ত্ব প্ৰদান কৰে । 

এই বিহুত ভেলাঘৰ,মেজি আৰু ভোজ এইকেইটা অতি গুৰুত্বপূৰ্ণ কথা।ভেলাঘৰে সম্প্ৰীতিৰ দোলডাল যেন আজিও সুদৃঢ় কৰি ৰাখিছে।সংক্ৰান্তিৰ দিনা কাউৰীয়ে কা কৰাৰ আগতেই ভেলাঘৰ বা মেজিত জুই দিয়ে। শীতত অগ্নিৰ প্ৰয়োজনীয়তাক সোঁৱৰাই যেন  অগ্নি পূজা কৰা হয়।বৈদিক ৰীতিৰে তিল-চাউল দি আগদিনা বনোৱা বিভিন্ন পিঠা-পনা ,মাহ -কৰাই,

তামোল-পাণ,দক্ষিণাসহ অগ্নিক তৰ্পণ কৰি স্তুতি কৰা হয়।কাৰণ এই দিনটিৰপৰাই  জুইৰ তাপ বৃদ্ধি হয় বুলি বিশ্বাস কৰি মন্ত্ৰ উচ্চাৰণ কৰে……

‘অগ্নি প্ৰজ্জ্বলিতং বন্দে চাৰ্তুবৰ্ণং হুতাসনম । 

অমলং জ্যোতি প্ৰকাশতে জ্যোতি ৰূপায়তে নমো নমঃ ।।‘ 

বৈদিক যুগৰ ‘অগ্ৰহায়ন ইষ্টি’ৰ লগত ভোগালী বিহুৰ অগ্নি পূজাৰ কিছু সাদৃশ্যৰ কথা বহু পণ্ডিত ব্যক্তিয়ে উল্লেখ কৰি গৈছে।উৎসৱটিত শস্য চপোৱা উৎসৱৰ সৈতে জুইৰ প্ৰভাৱ আৰু উপাসনাৰ আচাৰৰ বিশেষ ব্যৱহাৰৰ দৃষ্টিত ই অগ্নি পূজাহে।কোনো কোনোৰ মতে পুহৰ ঠেঁটুৱৈ ধৰা জাৰ গুচাবলৈ সেই যুগত প্ৰধান সমল আছিল অগ্নি।একুৰা ডাঙৰ জুই ধৰি তাৰ চাৰিওপিনে মানুহ গোট খাই ভোজ-ভাত খাই কৰা আনন্দই এটা সময়ত সংস্কাৰ হৈ অগ্নি পূজালৈ ৰূপান্তৰিত হ’ল বুলি তেওঁলোকে মত প্ৰকাশ কৰে।এই দিনটিৰপৰাই সূৰ্য্যৰ তাপ বৃদ্ধি পাই বাবে অগ্নি পূজিত হবলৈ ধৰে আৰু আমাৰ সমাজত জুই পুৱাওঁতে ভৰি সেকিবলৈ সেইদিনাৰ পৰা নিদিয়ে।অগ্নি পূজাৰ অন্তত ঘৰ-ঘৰুৱাই মিলি বিহুৰ পিঠা-পনাৰে আৰু সেই জুইত পোৰা মিঠা আলু, মোৱা আলু,কাঠ আলু আদিৰে পুৱাৰ চাহকাপ খোৱা হয়। সকলোৱে খাই থাকোঁতেই ভেলাঘৰৰ কেঁচা বাঁহৰ হিলৈ ফুটাৰ শব্দ ডাঙৰৰ লগতে কণ-কণ মইনাহঁতৰ কাণত পৰাত স্ফূৰ্ত্তিত গণনা কৰে কাৰ ঘৰত কেইটা হিলৈ ফুটিল । 

‘ভেলা ঘৰ’ শব্দটিৰ প্ৰয়োগৰ বিষয়ে লোকবিশ্বাস অনুসৰি এক কাহিনী পোৱা যায়।অতি পুৰণি কালত ভেলা নামৰ এজন বুঢ়া আছিল।কেও কিছু নথকা বুঢ়া আৰু বুঢ়ীয়ে গৰখীয়া ল’ৰা-ছোৱালীক বৰ মৰম কৰিছিল।এদিন ঘৰৰ ভিতৰতে দুয়ো মৰি থকা অৱস্থাত দুয়োকে গৰখীয়াবোৰে দুৱাৰ কাটি উদ্ধাৰ কৰে আৰু ঘৰৰ ভিতৰতেই বুঢ়া-বুঢ়ীৰ শৱ-সৎকাৰ কৰি দুয়োৰে বিদেহ আত্মাৰ সদগতি কামনা কৰি ‘মকল -ভোজ’ খালে।সেয়ে এই ভোজৰ নাম হেনো ‘ভেলা-ভোজ’ হ’ল আৰু ভোজ খোৱা ঘৰটোৰ নাম ‘ভেলাঘৰ’ হ’ল অৰ্থাৎ ভেলা বুঢ়াৰ ঘৰ।কোনো কোনো ঠাইত বনোৱা দুটা পুঁজি ভেলাবুঢ়া আৰু ভেলাবুঢ়ীৰ প্ৰতীক । 

মাঘ বিহুৰ লগত মেজি শব্দটো ওতঃপ্ৰোতঃভাৱে জড়িত হৈ আছে । ‘মেজি’ শব্দটো সংস্কৃত মেধঃ বা মেধ্য শব্দৰ পৰা ওলাইছে।এই শব্দৰ অৰ্থ হৈছে হোম। হোমযজ্ঞত যিদৰে পুৱা আৰু গধূলি অগ্নিকুণ্ডত বিভিন্ন দ্ৰব্য দি মন্ত্ৰ পাঠ কৰা হয়,সেইদৰে মেজি জ্বলাবৰ সময়তো অগ্নিদেৱতাৰ সন্তুষ্টিৰ বাবে উপচাৰ আগবঢ়াই মেজি জ্বলোৱা হয়।   

উজনিৰ মেজিত কাঠ,বাঁহৰ আৰু নামনিৰ মেজিত নৰা আৰু খেৰৰ প্ৰাধান্য দেখা যায়।মন্দিৰৰ চূড়াৰ আকৃতি কৰি নৈৰ পাৰত বা আন কোনো মুকলি ঠাইত খেৰ, নৰা ,কাঠ ,বাঁহৰ প্ৰয়োগেৰে সজা মেজিৰ চাৰিওফালে চাৰিটা বাঁহ পুতি লৈ  নৰা নাইবা থাক-থাক কৈ থোৱা খৰিৰে মেজি সজা হয়।কোনো কোনো ঠাইত  তিনিটা নিৰ্দিষ্ট দিশত তিনিটা সুকীয়া মেজি সজা দেখা যায়।চেৰচেৰীৰ বা পাতমেজিত নাহৰপাত আৰু কলমাৰলিৰ প্ৰয়োগ কৰা হয়।এনে মেজি দৰঙত ঘাইকৈ দেখা যায় । বহুতে নৰাও বান্ধে।শিৱসাগৰৰ কোনো কোনো ঠাইত ইয়াক ‘ৰাঙলী ঘৰা’ বোলা হয়।দৰঙৰ ভেলাপুঁজিত বিহুৰ ১০/১৫ দিন আগৰেপৰা কোমল ভলুকা বাঁহ বা জাতি বাঁহ থিয়কৈ পুতি  নৰাবোৰ খেৰৰ দৰে হ’বলৈ মৰণা মাৰি কৰা ৰচি ডালেৰে (যাক লুচুনি জৰী বোলা হয়) এপাক দুপাক দি বাহিৰফালে ওলোমাই শেষত এডাল দীঘলকৈ লুচুনি সাঁজি বাঁহত মেৰিয়াই মেজি তৈয়াৰ কৰা হয়।কাঠ বাঁহৰ মেজি তৈয়াৰ কৰোঁতে যোগচিহ্নৰ আকৃতিৰে মাটি খান্দি মাজত দ গাঁত কৰি চাৰিওফালে চাৰিটা বাঁহ পুতি  কাঠ জাপি দি মেজি সজা হয়।কিছুমানে চাৰিটা কলপুলিও পোতা দেখা যায়। পুৱতি নিশা কাউৰীয়ে কা কৰাৰ আগতেই মেজিত জুই দিয়া নিয়ম।লোকবিশ্বাস মতে নহ’লে মেজিটো বাহী হয়।মেজিৰ চাৰিওফালে গোটা বাঁহ দিয়ে হিলৈ ফুটিবৰ বাবে।পানী হিলৈ ফুটুৱাবলৈ এপাব বাঁহ কাটি তাত পানী ভৰাই ফুটাটোত ঠিলা দি চাৰিওকাষে কুমাৰৰ মাটি লেপি বাঁহডাল বেঁকাকৈ মেজিত দিয়া হয়।তাপ পাই পানী উতলি বাঁহ ফাটি শব্দ হয় আৰু পানী ছিটিকি যায় । লোকবিশ্বাসত যিমান হিলৈ ফুটে সিমানে শস্য বৃদ্ধি হয়। 

ভোজ সাধাৰণতে মাছেৰে খোৱা হয়।কাৰণ মাছ প্ৰজনন শক্তিৰ প্ৰতীক বুলি গণ্য কৰা হয়।খৰালি সময় হোৱা বাবে জেং পাতি থৈ দিয়া ঠাইত উৰুকাৰ দিনা মাছ ধৰা হয়।কোনো কোনো ঠাইত বিশেষকৈ শোণিতপুৰ জিলাৰ ভৰলী নদীত বৰশী বোৱাৰ প্ৰতিযোগিতা হয় কোনে কিমান ডাঙৰ মাছ ধৰিব পাৰে।পূৰ্বতে উৰুকাৰ দিনা বাৰীৰপৰা শাক-পাচলি দুই-এপদ চুৰ কৰি নিলে ঘৰখনৰ কাৰণে ভাল বুলি বিশ্বাস কৰিছিল যদিও মাজতে ইয়াৰ আতিশয্যই মানুহক হাইৰাণ কৰাৰ পিছত বৰ্তমান এই প্ৰথা লুপ্ত হৈছে।বৰ্তমান গাইগুটিয়াভাৱেহে ভেলাঘৰ সাজি মানুহে ভোজ ভাত খাবলৈ লোৱা দেখা গৈছে ।মেজিৰ ক্ষেত্ৰতো বৰ্তমান বিভিন্ন কাৰুকাৰ্যৰে ৰংঘৰ, চৰাই, হাতী আদি আকৃতিৰে ভেলাঘৰ সাজিবলৈ লোৱা দেখা গৈছে । 

এনেদৰে মকৰ সংক্ৰান্তিত পালিত ভাৰতৰ আন আন উৎসৱৰ দৰে অসমত পালিত মাঘ বা ভোগালী  বিহুৱে অসমীয়া কৃষিজীৱি সামাজক ৰং-ৰহইচৰ মাজেৰে আগন্তুক কৃষি কৰ্ম কৰিবলৈ যেন ন-উৎসাহ প্ৰদান কৰে।বৰ্তমান পৰিৱৰ্তনশীল সমাজৰ চাকনৈয়াত পৰি বিহুটিয়ে স্বকীয়তা হেৰুৱাবৰ উপক্ৰম হৈছে যদিও অসমীয়াৰ মনত বিহু সদায়ে বাপতি সাহোন ,প্ৰাণৰো প্ৰাণৰ বিহুটিয়েই হৈ থাকিব।

*******

Leave a Reply

Your email address will not be published. Required fields are marked *