মনৰ কথা-দুলুমণি শইকীয়া
চকুবোৰ লাহে লাহে নিস্তেজ
হৈ পৰিছে
ৰোগে গৰ্ভত স্থিতি লৈছে
অন্তৰ্ভাগত অহৰহ তুঁহজুই
উমি-উমি জ্বলি থাকে
দেহ-মনৰ কষ্টবোৰ দুগুণে বাঢ়িছে
অসহ্য যাতনা
এয়া অভিশাপ পৰাধীনতাৰ
আমি সঁচাকৈয়ে স্বাধীন নে?
ইয়ো এক অন্যতম প্ৰশ্ন।
চকুৰ আগতে দেহবোৰ পণ্য-সামগ্ৰী হৈছে,
উলংগ হৈছে।
অদ্ভুত,অদমনীয় দৃশ্যবোৰত
অসুস্থ মন,
নিশাৰ কোনো অসহায় নাৰীৰ চিঞৰত
ৰাজপথ পিচল
তেজৰ চকুলোত।
ইমানৰ পাছতো কিয় কঁপি নুঠে নামঘৰৰ আসন??
তুমিও দেখিছা সেই বিভৎস ৰূপ
শুনিছা অসহায়ৰ চিঞৰ,
অথচ চকু মুদি কাষৰে পাৰ হৈ গৈছা।
ভোকাতুৰৰ আত্ৰানি তুমি শুনা,নুশুনাৰ ভাও ধৰা
এয়া তোমাৰ অমনোযোগিতা,অকৃজ্ঞতা,
গুপুত জ্ঞানৰ পৰিসৰ তোমাৰ।
বুকুৰ তিক্ততাবোৰ ভকভককৈ উতলি থাকে
ভিতৰত তেজে-পূঁজে পকি উঠা অঙঠা যেন ফোঁহাটোৰ কাতৰ বিননি,
বাক-শক্তিক নিঃশেষ নকৰিবা
চিৰন্তন সত্য এতিয়াও জীৱিত
ৰাজহাড় বেঁকা নকৰিবা
দেহৰ মৃতপ্ৰায় মুহূৰ্তলৈকে
মানুহ হৈ জীয়াই থাকা
সকলো ভাৱনাৰে নাই কোনো উত্তৰ,
নাই কোনো ৰাস্তা
এয়া যেন মৃত্যুৰ দুৱাৰমুখৰ ৰোগীৰ মনলৈ অহা
জীয়াই থকাৰ বাসনা।
*******