মাটিৰ মানুহ-অচ্যুত কৃষ্ণ বৰদলৈ
অৱক্ষয়ৰ অন্তহীন ক্ষুধাৰ দোমোজাত
উকা হৈ পৰি ৰ’ল শাওন সেমেকা ভাগৰৰ
পাহোৱাল উদং বুকুৰ ঘাম,
মোৰ ককাহঁতৰ মলিয়ন চুৰিয়াত আজিও
লিপিবদ্ধ হৈ জিলিকি আছে
বোকাতেই সপোন সিঁচা তান।
মাটিৰ সেই মানুহবোৰে মাটিতেই সৰগ ৰচি
গাইছিল হেলাৰঙে সেইজীয়া গান,
মেঘৰ মিতিৰ সেই শাওণৰ প্ৰতিধ্বনি
সীৰলুত আঁকিছিল সোনসেৰীয়া সপোনৰ প্ৰাণ।
আজিচোন অঁকৰা হৈ পৰিল
পলস গাভৰু হোৱা উদং পথাৰৰ চিঞৰ
নিমজ মিহি কোৰৰ নালত পৰি ৰ’ল মাথো
এজাক হিমচেঁচা নিয়ৰ।
*******