মিনু মাহী-সঙ্গীতা পাচনি 

মিনু মদাৰগুৰি গাঁৱলৈ বিয়া হৈ আহোঁতে ২১বছৰ।বিয়া মানে এজন আধা পুৰণি মানুহলৈ বিয়া হ’ব লগা হ’ল।মানুহজন মিনুৰ বায়েকৰ মানুহজনহে।অৰ্থাৎ আগতে তেওঁ তাইৰ ভিনিহিয়েক আছিল।বায়েক এক অচিন ৰোগত ঢুকোৱাত তাই ভাগিনীয়েকক চোৱা-চিতা কৰাৰ বাবে প্ৰায়েই তাত থাকিব লগাত পৰিছিল।ভিনিয়েক বৃকোদৰে চাকৰিৰ তাগিদাত প্ৰায়ে ইফালে সিফালে গৈ থাকিব লগাত পৰিছিল।মিনুহঁতৰ ছোৱালী পাঁচজনী,ল’ৰা এটা,সিও একেবাৰে সৰু….পাঁচজনী বায়েকৰ তলৰ।মিনুৰ বায়েক অণু তাইতকৈ চাৰিবছৰৰ ডাঙৰ।মিনুৰ তলত জুনু,ৰাণু,আৰু ভানু।ভানুতকৈ ভায়েক বেণু আকৌ পাঁচবছৰৰ সৰু।বেণু আৰু অণুৰ পুত্ৰ বেদান্ত বিকাশ প্ৰায় সমনীয়াৰ দৰেই।অণুক বিয়া দিওঁতে বেণু মুঠেই তিনিবছৰীয়া।এতিয়া দিন যোৱাৰ লগে লগে বেণু আৰু বেদান্ত লগে ভাগে খেলে,খায়,আৰু বিদ্যালয়তো বেণুৱে ভাগিনীয়েক বেদান্তৰ বৰ খেয়াল ৰাখে।মুঠতে দুয়ো নলেগলে লগা বন্ধুৰ দৰেহে।বেণু বেদান্তৰ ওপৰ খাপৰ শ্ৰেণীৰ যদিও জিৰণিৰ সময়ত আহি বেদান্তৰ লগ লাগেহি।

দিন,মাহ,বছৰবোৰ গৈ থাকিল।বেদান্ত দিনক দিনে ডাঙৰ হৈ গৈ আছে।এতিয়া বেদান্তই অনবৰতে মাথো মিনু মাহীৰ পিছে পিছে ঘূৰি ফুৰে।কেৱল মুখত মিনু মাহী,মিনু মাহী।দেউতাক কামৰপৰা আহি নিজৰ ঘৰখনলৈ লৈ যাব বিচাৰিলেও মিনু মাহীয়েক লগত যাবই লাগিব।

“মিনু মাহীক যে মোৰ মাৰ দৰে লাগে।মিনু মাহীয়ে মোক পুৱা শুই উঠাৰ পৰা ৰাতি বিছনাত পৰালৈকে সকলো মাৰ দৰেই কৰে।”

এদিন বেদান্তই নিজৰ আইতাকৰ আগত কথাখিনি কৈছিল।

“আইতা মিনু মাহীকে আমাৰ মা বনাই আমাৰ ঘৰলৈ লৈ আহোগৈ ব’লা”

… কোনেও শিকাই নিদিয়া কথা এটা সৰু ল’ৰা এটাৰ মুখত শুনি সকলো আচৰিত হৈছিল।আৰু সমস্যাৰ সমাধান পাইছিল সকলোৱে।বেদান্তৰ কথা ৰাখিয়েই মিনু বিয়া হৈছিল ভিনিহিয়েকৰ লগত।বৰ এটা বেয়া পোৱা নাছিল বেদান্তৰ আইতাক ককাক,পেহীয়েক আৰু বৰদেউতাকে।আৰু বেদান্তৰ দেউতাক উদাসীন হৈ আছিল যদিও মৌন সন্মতি প্ৰদান কৰিছিল।একমাত্ৰ ভাগিনীয়েক বেদান্তৰ কথা ৰাখিয়েই বিয়াৰ নামত,নাম মাত্ৰ নিয়ম কৰি ওলাই আহিছিল বেদান্তৰ মিনু মা হৈ। কিন্তু বেদান্তৰ মুখৰ সেই মিঠা মিনু মাহীজনী হৈয়ে ৰ’ল তাই।

দিন-ৰাতিবোৰ কেৱল বেদান্তক লৈয়ে আগবাঢ়ি গ’ল।ঘৰত বেদ বাবা,বেদ বাবা।বেদ বাবাই কি খাব,বেদ বাবাই কি পিন্ধিব,বেদ বাবাই ক’ত যাব এইবোৰক লৈয়ে দিনবোৰ আগবাঢ়িল।

চতুৰ্থ শ্ৰেণীৰ সঁফুৰা বৃত্তি পৰীক্ষাৰপৰা আৰম্ভ কৰি উচ্চ শিক্ষা গ্ৰহণ কৰালৈকে মিনু মাহীৰ  অৱদান অপৰিসীম বেদান্তৰ মনত।

বেদান্তৰ মাক হৈ মদাৰগুৰি গাৱঁৰ বাসিন্দা হৈ পৰিল মিনু।জীয়ৰী কালৰপৰা সবেই তাইক ভাল পাইছিল অণুবৌৰ ভনীয়েক মিনুক।সৰবৰহী আৰু সকলো কামত নিপুণ মিনুৰ কিতাপ পঢ়াৰ প্ৰতিও আছিল অতি হেঁপাহ।আজৰি সময়ত মিনুৱে ননদৰ পৰা মাহেকীয়া আলোচনী বোৰ লৈ পঢ়িছিল।বাতৰি কাকত আদিও পঢ়িছিল।সেই সমূহৰ পৰা ৰন্ধন প্ৰণালী শিকি লৈ ৰান্ধি খুৱাই বৰ সন্তুষ পাইছিল।জুইত বালি গৰম কৰি তাতে কেক প্ৰস্তুত কৰিছিল।মিনুৱে প্ৰস্তুত কৰা কেক শহুৰেক,শাহুৱেক জেঠালেক আৰু বেদান্তয়ে মন ভৰাই খাইছিল।এতিয়া সময়ৰ পৰিৱৰ্তনৰ লগে লগে মিনুৰ সেই বালিত বনোৱা কেকে অ’ভেনত ঠাই পালে।ইয়াৰ উপৰিও এতিয়া মিনুৰ দ্বাৰা প্ৰস্তুত কৰা কেক,নানকাটা,আৰু বিভিন্ন বিস্কুট বিভিন্ন জনে খাই খুব প্ৰশংসা কৰে।

ঘৰখনত চাকৰিয়াল বুলিবলৈ কেৱল বেদান্তৰ দেউতাকেই।তেওঁ অৱশ্যে ঘৰখন সুচাৰুৰূপে চলাই নিছিল।ককায়েকে খেতি খোলাৰে  ঘৰখন যথেষ্ট ভাল কৈ চলাই নিছিল।মিনু বিয়া হৈ আহিবৰ বহু আগৰপৰাই তেওঁ গৰুহাল লৈ পথাৰত যথেষ্ট কষ্ট কৰি হাল বাই খেতি কৰিছিল।দিন যোৱাৰ পাছত বেদান্তৰ দেউতাকেই কৃষি বিভাগৰপৰা ঋন লৈ এখন পাৱাৰ টিলাৰ কিনি দিছিল।এতিয়া কষ্টও কমিল আৰু আগতকৈ ফচলো বহুখিনি উৎপাদন হয়।তেওঁলোকৰ ল’ৰাটিও খেতি-খোলা কামত অতি আগৰণুৱা।মিনুক সকলোৱে বোৱাৰী বুলি ভবাতকৈ আগৰ ছোৱালীজনী বুলিয়েই ভাবে।খুৰী বুলি কোনোৱে নামাতে,সকলোৰে‌ মুখত কেৱল মিনু মাহী।

মিনু যদিও বিয়া হৈ আহিছে ভিনিয়েকলৈ,সমাজৰ আগতহে বেদান্তৰ মাক।তেওঁলোক দুজনৰ সম্পৰ্ক কিন্তু সেই আগৰদৰেই থাকিল।বিয়াৰ আগেয়ে যেনেকৈ তাই খোলা মনেৰে তেওঁৰ লগত কথা পাতিছিল,তাৰ পাছতো সেই একে থাকিল।বেদান্তক এৰি,বেদান্তৰ দেউতাকক এৰি মিনু নিজৰ মাকৰ ঘৰখনত থকাকৈ যাবলৈ বেয়া পোৱা হ’ল।জানোচা মিনু নহ’লেই কিবা এক ডাঙৰ অথন্তৰ হে ঘটিব।ভনীয়েকহঁতে কেতিয়াবা আক্ষেপ কৰে।কিন্তু মিনুৱে হাঁহিৰে সকলো সামৰি থয়।

এতিয়া বেদান্ত এজন উচ্চপদস্থ চৰকাৰী বিষয়া।মিনুৱেই তাৰ পঢ়া শুনাৰ দিশটো কোন বাটেৰে গ’লে কি হ’বগৈ,ঠিক কৰি তেনেকৈ আগুৱাই নিছিল।সৰুৰেপৰা বেদ বাবাই হোৱাই নোহোৱাই ইংৰাজী কৈছিল আৰু হাইস্কুল পৰ্যায়ত ইংৰাজী বিষয়ত বেছ মনোযোগ দি ভাষাটো ভালকৈ  শিকি বুজি ইংৰাজী ভাষাত বেচ বুৎপত্তি লাভ কৰিছিল।’দ্যা আছাম ট্ৰিবিউন’ বাতৰি কাকতখন অষ্টম শ্ৰেণীৰপৰাই পঢ়িবলৈ শিকিছিল। আৰু সেয়াই আৰম্ভণি……..

স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি বেদান্তই বিভিন্ন ধৰণৰ প্ৰশাসনিক সেৱাৰ পৰীক্ষাত বহিছিল আৰু সেই পৰীক্ষাত বহি আজি বেদান্ত এজন গাণনিক বিষয়া।

আজি বেদান্তৰ বিয়া।ছোৱালী গুৱাহাটীৰেই। বেদান্তৰ নিজা পছন্দৰ নহয় যদিও ছোৱালীজনীৰ মাক দেউতাকে বেদান্তলৈ নিজে যাচি দিলেহি। বৰদেউতাক,বৰমাক আৰু দেউতাকে তাৰ লগত কথা পাতি বিয়া একেবাৰে ঠিক কৰি পেলালে।বেইৰ তলত নোৱাবৰ সময়ত বেদে মাহীৰ সলনি মা বুলি গবামাৰি ধৰি বৰকৈ কান্দিলে।

ন কইনা নন্দিনীক আদৰি ঘৰ সুমুৱালে মিনুৱে।দুগালে দুটা চুমাও খালে,হেঁপাহেৰে হাতত ধৰি গোঁসাই ঘৰ,ৰান্ধনীঘৰ ভঁৰাল ঘৰ দেখুওৱাৰ পিছত আথেবেথে ‘তোমাৰ কোঠালি’ বুলি আগবঢ়াই দিছিল।এক পোহৰ পোহৰ আভাই বেদান্তৰ মুখমণ্ডল আগুৰি ধৰিছিল।

দিন গৈছিল ন-বোৱাৰী নন্দিনী ঘৰখনত সকলোৰে লগত সহজ হৈ পৰিছিল আৰু কেতিয়াবা গোমোঠা হৈ কোঠাত থাকিছিল।যৌথ পৰিয়ালৰ বাবে কেতিয়াবা ভাত ৰান্ধি জোখ মাখ নাপাই চৰুৰ তলি উদং হৈছিল।মন ভাল থাকিলে মিনুক সুধিছিল ইমান বছৰে কেনেকৈ দুটা পৰিয়ালে এক লগ হৈ একে চৰুৰ ভাত খাই দিন পাৰ কৰিলে………

কিন্তু আজিৰ সিহঁতৰ কোঠাৰ পৰা ভাহি অহা এষাৰ কথাই মিনুৰ মন থানবান কৰিলে।

“কি মিনু মা মিনু মা কৰি থাকা….আকৌ বোলে তুমি মিনু মাহী বুলিহে মাতিছিলা।তোমাৰ জন্মদাত্ৰী মা নহয় নহয়।মাৰ ভনীয়েক মাহীয়েৰা হে।কিয় প্ৰতিটো কথাতে মাৰাৰ আদেশ ল’ব লাগে।অতিষ্ঠ হৈ গৈছো তোমাৰ মিনু মাৰ নে মাহীয়েৰৰ লগত লেকেটা লাগি থকাবোৰ দেখি।বচ….ওলাই মেলি যাওঁ বুলি মাতষাৰ লগাম,আৰু হৈ যাব।প্ৰত্যুত্তৰত বেদান্তৰ দিয়া উত্তৰ কি ভালকৈ নুশুনিলে যদিও…. “হ’ব আৰু থোৱা”…. কথাষাৰ কিন্তু শুনিছিল।বেদ বাবাৰ মুখৰ মিনু মা মাতষাৰে যে কিমান সৰগ নমাইছিল তেওঁৰ মনলৈ।ভাবি থাকিল বেদান্তৰ মিনু মাহীয়ে।

*******

Leave a Reply

Your email address will not be published. Required fields are marked *