শীতনিদ্ৰা-কুমকুম শৰ্মাবৰুৱা
শীতনিদ্ৰা হ’ল প্ৰাকৃতিকভাৱে সুপ্ত হৈ থাকি শীতকালত জীয়াই থকা এটা অৱস্থা।শীতকালত বহুতো
জন্তুৱে বৰ ঠাণ্ডা অনুভৱ কৰে আৰু খোৱাবস্তুৰো অভাৱ অনুভৱ কৰে।সৰু স্তন্যপায়ী জন্তু আৰু সৰীসৃপে শিল বৰষুণ পৰিলে অথবা বৰকৈ ঠাণ্ডা পৰিলে শৰীৰৰ তাপমাত্ৰা ঠিকে ৰাখিবলৈ বিভিন্ন উপায় ল’বলগা হয়।তাৰ লগে লগে ঠাণ্ডা দিনত সিহঁতৰ খাদ্যৰো অভাৱে দেখা দিয়ে।তাৰ এটাই উপায় আছে যে হয় শীতৰ দিনলৈ খাদ্যবস্তু জমা কৰি ৰাখিব লাগিব,নহয় শৰীৰৰ তাপমাত্ৰা কমাই শুই থাকিব লাগিব।কিছুমান জন্তুৱে গোটেই ঠাণ্ডাকালটো জিৰণিয়েই লৈ থাকে।তাকেই শীতনিদ্ৰাত থকা বুলি কোৱা হয়।
শীতনিদ্ৰাত কিছুমান জন্তু গভীৰ নিদ্ৰিত অৱস্থাত থাকে।শৰীৰৰ অৱস্থাৰ বহুতো পৰিবৰ্তন হয় এই সময়ছোৱাত।এই গোটেই শাৰীৰিক অৱস্থাখিনি মগজুৰ হাইপ’থেলামাচে (hypothalamus) নিয়ন্ত্ৰণ কৰি থাকে।শীত অহাৰ আগতেই এই জন্তুবোৰে বৰ বেছিকৈ খোৱা-বোৱা কৰে।তাৰ ফলত শৰীৰত চৰ্বি সঞ্চয় হয় শক্তি হিচাপে।ই বগা চৰ্বি নহৈ মুগাৰঙৰ চৰ্বিৰূপে সঞ্চয় হয় য’ত বহুত বেছি পৰিমাণে শক্তি সঞ্চয় হৈ থাকে।
শীতনিদ্ৰাৰ সময়ত শৰীৰৰ তাপমাত্ৰা চাৰিওকাষৰ পৰিৱেশৰ তাপমাত্ৰাতকৈ কমি যায়।যেনেদৰে মৰুভূমিত উটৰ শৰীৰৰ তাপমাত্ৰা বাঢ়ি গৈ থাকে পৰিৱেশৰ লগত খাপ খাবলৈ।হৃদযন্ত্ৰৰ কম্পনো একেবাৰে কমি মিনিটত ২০ মান হয়গৈ।উশাহ-নিশাহ একেবাৰে লাহে লাহে হয়।ইহঁতে আনকি স্পৰ্শও সহজে গম নাপায়।এই অৱস্থাত ইহঁতৰ বৰ কম শক্তি খৰচ হয়।শীতৰ শেষত ইহঁতৰ সঞ্চিত শক্তি প্ৰায় শেষ হয়গৈ।যদিহে ইহঁতে শীত অহাৰ আগতে সৰহকৈ খায় শক্তি সঞ্চয় কৰি নথয়,ইহঁত শীতত মৰিয়েই থাকিব।শীতনিদ্ৰাৰ অৱস্থাটো শীত শেষ হ’লেই অন্ত পৰে।শীত সহনীয় হ’লেই ইহঁত লাহেকৈ ওলাই আহে খাদ্যৰ সন্ধানত।বাদুলিবোৰ বহুত দিন গছত ওলমি থাকে।শীত কমিলে প্ৰয়োজন হ’লে থকা ঠাই সলনি কৰি খাদ্য বিচাৰি যায়।
শীতনিদ্ৰাৰ সময়ত বহুতো শক্তি খৰচ হৈ যায়। মুগাৰঙৰ চৰ্বি খৰচ হৈ শৰীৰৰ তেজখিনি প্ৰয়োজনীয় উষ্ণতাত ৰাখে।তেজে এই তাপ মগজু আৰু শৰীৰৰ অন্যান্য অঙ্গলৈ কঢ়িয়াই লৈ যায়।ফলত শৰীৰৰ বহুতো শক্তি খৰচ হৈ গ’লে ই মৃত্যুৰ মুখতো পৰে।
কিছুমান জন্তুৱে নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে উঠি ওচৰতে বিচাৰি কিছু খাদ্য খাই লয়।যিবোৰে খাদ্য জমা কৰি ৰাখে সিহঁত বাহিৰলৈ ওলাই নাযায়।আনবোৰে ওচৰতে বিচাৰি ওলায়।বাদুলীয়ে শৰীৰটোৰ গঠনৰ বাবে শীতকালি বৰ কষ্ট পায়।সেয়ে শীতকালি বহুতো বাদুলিৰ মৃত্যু হোৱাও দেখা যায়।
শীতনিদ্ৰাৰ পৰা সাৰ পাই উঠালৈ জন্তুবোৰৰ বহুতো শক্তি খৰচ হৈ যায়।মুগা ৰঙৰ চৰ্বী বোৰ খৰচ হৈ শেষ হয়গৈ।কিছুমান জন্তুৰ শীতনিদ্ৰাৰ লক্ষণবোৰ দেখা নিদিয়াকৈয়ে বহুত দিন নিষ্ক্ৰিয় হৈ শুইয়েই থাকে। এইবোৰক শীতকালীন সুপ্ত জন্তু বোলে।মুগাৰঙৰ ভালুকবোৰে শীত অহাৰ আগতে খুউব খাই লয় আৰু তাৰপিছত তাৰ গুহাত সোমাই শুই থাকে।ইয়াৰ হৃদকম্পন ৪০ৰ পৰা গৈ ১০ মান পায়গৈ কিন্তু শৰীৰৰ তাপমাত্ৰা কেইডিগ্ৰীমানহে কমে।
আমি সকলোৱে জানো যে পৰুৱাই শীতকাললৈ খোৱা বস্তু সাঁচি ৰাখে।ঠিক তেনেদৰে নিগনি,কেৰ্কেটুৱা ইত্যাদিয়েও খোৱা বস্তু সাঁচি ৰাখে আতকৰ দিনলৈ। মেৰু অঞ্চলৰ ভালুকে কম গৰমৰ দিনতে গজি উঠা ঘাঁহ -বন বেছিকৈ খাই শৰীৰত চৰ্বী গোটাই লৈ ঘাঁহ -বন নথকা ঠাণ্ডা সময়খিনি পাৰ কৰে।
*******