সংখ্যাটোৰ আঁৰৰ কথা
যোৱা নবেম্বৰ মাহৰ কথা।নৱোদয় নেতৃত্ব সংস্থা,ৰঙিয়াত বিভাগীয় প্ৰশিক্ষণ এটাত ব্যস্ত আছিলোঁ।প্ৰশিক্ষণৰ মাজতে এদিন সন্ধিয়া সময়ত জৱাহৰ নৱোদয় বিদ্যালয়ৰ অসমীয়া শিক্ষকসকলৰ সমস্যা কিছুমানৰ বিষয়ে সকলোৱে বহি আলোচনা কৰি আছিলোঁ।হঠাতে মোৰ ফোনটো বাজি উঠাত লৰালৰিকৈ হাতত তুলি ল’লোঁ । স্ক্ৰীনত ভাঁহি উঠিল ‘শব্দচিত্ৰ’।ফেচবুকৰ এক অন্যতম সাহিত্য চৰ্চাৰ গোট ‘শব্দচিত্ৰ…জীৱনৰ কলাজ’ৰ এগৰাকী মুখ্য ব্যৱস্থাপক শ্ৰদ্ধাৰ অৰবিন্দ গোস্বামীৰ নম্বৰটো মই এই নামেৰেই চেভ কৰি ৰাখিছোঁ । ফোনটো হাতত লৈ লৰালৰিকৈ বাহিৰলৈ ওলাই আহি ৰিচিভ কৰিলোঁ।সন্ধিয়াৰ সম্ভাষণ জনাই সিমূৰৰপৰা গোস্বামীদেৱে দুই এষাৰ কথা পাতি মোক গোটৰ ই-আলোচনী ‘শব্দচিত্ৰ_জীৱন_জিজ্ঞাসা’ৰ ২০২৫ চনৰ জানুৱাৰী মাহৰ সংখ্যাটো সম্পাদনা কৰাৰ প্ৰস্তাৱ আগবঢ়ায়।প্ৰস্তাৱটো মোৰ বাবে একেবাৰে অভাৱনীয় আছিল।ক্ষন্তেক ভাবি গোস্বামীদেৱেক ক’লোঁ যে ই-আলোচনী সম্পাদনাত মই একেবাৰে অনভিজ্ঞ। আনহাতে জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত স্বাস্থ্যজনিত কাৰণত মই হায়দৰাবাদলৈ যাব লাগিব।গতিকে মই নোৱাৰিম।তেখেতে মোক হায়দৰাবাদত কিমান দিন হ’ব সুধিলে।মই উত্তৰ দিলোঁ “এসপ্তাহ”।তেখেতে ক’লে, “কোনো কথা নাই । আপুনি সন্মতি দিয়ক । লগত আমি আছোঁ।” তেখেতৰ কথাত সাহস পালোঁ।নতুন কাম শিকাৰ আৰু কৰাৰ আগ্ৰহে তেখেতৰ প্ৰস্তাৱত সন্মতি দিবলৈ মোক বাধ্য কৰালে।মই যিহেতু প্ৰশিক্ষণত ব্যস্ত আছিলোঁ,গতিকে সেইদিনা সিমানতে কথা সামৰিলোঁ।
প্ৰশিক্ষণ সমাপ্ত কৰি মই মোৰ কৰ্মস্থান অৰুণাচল প্ৰদেশৰ মহাদেৱপুৰলৈ উভতি আহিলোঁ।২৭ নৱেম্বৰৰ সন্ধিয়া চাৰে সাত বজাত গোস্বামীদেৱে পুনৰ ফোন কৰি আলোচনীখনৰ বিষয়ে ভালেখিনি কথা বুজাই ক’লে। সেইদিনাই তেখেতে মোক সাক্ষাৎকাৰ এটাৰ কথাও ক’লে।মই সেইদিনাই বিশিষ্ট লেখিকা সৌমাৰ নন্দিনীৰ স্ৰষ্টা মোৰ বান্ধৱী জুৰি শইকীয়াৰ লগত যোগাযোগ কৰিলোঁ।নিজৰ ব্যস্ততাৰ মাজতে সময় উলিয়াই জুৰি শইকীয়াই সাক্ষাৎকাৰৰ বাবে সময় দি আমাক সকাহ দিলে।জুৰি শইকীয়ালৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।
আলোচনী এখনৰ বাবে লেখা গোটোৱাটোও এটা ডাঙৰ কাম।গোটৰ সন্মানীয় সদস্যসকলৰপৰা লেখা বিচাৰি গোটত গোহাৰি দিয়াৰ উপৰিও ব্যক্তিগতভাবে দুজনমান লেখকৰ লগত যোগাযোগ কৰিলোঁ।মোক নিৰাশ নকৰি প্ৰথমটো লেখা পঠিয়ালে অসমৰ এজন জনপ্ৰিয় ব্যংগ লেখক,গল্পকাৰ অশোক কুমাৰ নাথে। সেইটোৱেই আলোচনীখনৰ বাবে অহা প্ৰথম লেখা। অশোকে কাটি দিয়া বাটেৰে এটা, দুটাকৈ লেখাবোৰ আহিবলৈ ধৰিলে।লেখাবোৰ হাতত পৰাৰ পাছত কামখিনি আগবঢ়াই নিবলৈ সাহস পালোঁ । ‘শব্দচিত্ৰ_জীৱন_জিজ্ঞাসা’ৰ এই সংখ্যাৰ প্ৰতিগৰাকী লেখকৰ ওচৰত মই কৃতজ্ঞ লৈ ৰ’লোঁ।
এতিয়া আহিল লেখাসমূহৰ বৰ্ণাশুদ্ধিৰ প্ৰসংগ।পুনৰ গোস্বামীদেৱৰ পৰামৰ্শ ল’লোঁ।তেখেতে মোক ৱাটছএপ যোগে দুটামান নম্বৰ দি বৰ্ণাশুদ্ধিৰ বাবে যোগাযোগ কৰিবলৈ ক’লে।সেইমতে মই শ্ৰদ্ধাৰ ইলি তালুকদাৰ, মাতু কুকুৰাচোৱা,বৰষা ডেকা, কংকনা গোস্বামী আৰু চাহিন জাফ্ৰিৰ লগত যোগাযোগ কৰিলোঁ।তেওঁলোকে অতি ক্ষিপ্ৰতাৰে বৰ্ণাশুদ্ধিৰ কামখিনি চাই দিলে । এই ছেগতে তেওঁলোক আটাইকেইগৰাকীকে মোৰ আন্তৰিক ধন্যবাদ জনালোঁ।
আলোচনীখন সম্পাদনাৰ গুৰু দায়িত্ব মোক দিয়াৰে পৰা সততে মোৰ লগত যোগাযোগ ৰাখি মোক বাট দেখুৱাই আগবঢ়াই নিয়া গোটৰ অন্যতম মুখ্য ব্যৱস্থাপক শ্ৰদ্ধাৰ অৰবিন্দ গোস্বামীৰ ওচৰত মই চিৰঋণী।এই আপাহতে মোৰ প্ৰতি দেখুওৱা বিশ্বাস তথা আস্থাৰ বাবে গোটৰ ব্যৱস্থাপক তথা সদস্যসকলৰ প্ৰতিও মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।
শব্দচিত্ৰ_জীৱন_জিজ্ঞাসাৰ ২০২৫ৰ (জানুৱাৰী / মাঘ বিহু(সংখ্যাৰ আটকধুনীয়া বেটুপাতৰ বাবে শ্ৰদ্ধাৰ প্ৰাঞ্জল বৰাদেৱৰ ওচৰতো মই কৃতজ্ঞ হৈ ৰ’লোঁ।আলোচনী এখনৰ সফলতা নিৰ্ভৰ কৰে পাঠকৰ ওপৰত।শব্দচিত্ৰ_জীৱন_জিজ্ঞাসাৰ এই সংখ্যাটো পাঠকে আকোঁৱালি ল’লে আমাৰ শ্ৰম সাৰ্থক হোৱা বুলি ভাবিম । অনভিজ্ঞ হাতেৰে কৰা সম্পাদনাত অজানিতে ৰৈ যোৱা ভুল-ত্ৰুটিৰ বাবে পাঠকৰ ওচৰত মই ক্ষমাপ্ৰাৰ্থী । আশাকৰোঁ সদাশয় পাঠক সমাজে যোগাত্মক তথা গঠনমূলক সমালোচনাৰে আলোচনীখনক উত্তৰণৰ পথত আগবাঢ়ি যোৱাত সহায় কৰিব।
পুনৰ সকলোলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ।
ববিতা শৰ্মা
শব্দচিত্ৰ_জীৱন_জিজ্ঞাসা
(জানুৱাৰী, মাঘ বিহু সংখ্যা )
*******