সহোদৰা-চিত্ৰলেখা দেৱী
“এহ, ইহঁত দুজনীৰ কোনোবা এজনীয়ে অহা হলেও….”
বহুত দিনৰ মূৰত অলকাই এনেকুৱা এটা কথা ভাবিলে। ভাবিলে মানে…ভাবিবলৈ বাধ্য হ’ল।এনেকৈ শেষৰবাৰ ভবাও বাইশ বছৰ পাৰ হৈ গ’ল,মুঠেই কম সময় নহয়। ল’ৰা-ছোৱালীহালৰ জন্মৰ সময়তে ইহঁত দুজনীক মানে দীপিকা আৰু লিপিকাক বৰ দৰকাৰ হৈছিল অলকাৰ। তাই হস্পিতালত এডমিট হওঁতে লগত থকাৰেপৰা ঘৰ চম্ভলালৈকে সকলোখিনি জঞ্জাল মাৰিবলৈ নিজৰ সহোদৰা ভনীয়েকতকৈ কোন উপযুক্ত হব?ৰাজা জন্ম হওঁতে দীপিকাক তাই অকলে মাতি আনিছিল।তিনি বছৰৰ পাছত ৰাণী জন্ম হওঁতে আকৌ ৰাজাকো বেলেগে চোৱা-চিতা কৰিবলগা হোৱাত দুয়োজনীয়েই আহিব লগা হৈছিল।আহিবই লাগিব আৰু!বায়েকহঁতৰ সংসাৰৰ আউল মাৰি দিয়াটো ভনীয়েকহঁতৰ কৰ্তব্যৰ ভিতৰতে পৰে।তায়ো জানো তাহাঁতৰ বিয়া-বাৰুত গধুৰ দায়িত্ব পালন কৰা নাই?
ইহঁতবোৰ আহিলেও কম বিপদ জানো!কোনোবা এজনী আহিলেও বন কৰা মানুহৰ লগতে হাঁহি-খিকিন্দালি…..যিবোৰৰ লগত অলকাই ভালকৈ কথাই নাপাতে।ঘৰৰ বাইদেৱেকক কথা এটা সুধিবলৈ ভয় কৰা বন কৰা মানুহকেইজনীৰো তাহাঁতৰ লগত যিহে মিতিৰালি,দেখিলেই খঙত গা-মূৰ জ্বলি যাব খোজে অলকাৰ।এইখন মহানগৰী হয়,কিমান কচৰৎ কৰি পৰিয়ালটোৱে ইয়াৰ পৰিৱেশৰ সৈতে নিজকে মিলাব লগা হৈছে তাক কোনে বুজিব?নিজৰ চাল-চলন, হাব-ভাব কিমান সাল-সলনি কৰিব লগা হৈছে পৰিৱেশৰ লগত খাপ খুৱাবলৈ!এখেতেতো ইয়ালৈ আহোঁতেই তাই ভাল পাওক,বেয়া পাওক নাচাই কৈয়েই দিছিল….
“চাবা, মিলিব পাৰিলে থাকিবা, মিলিব নোৱাৰিলে গাঁৱত থৈ আহিমগৈ।”
তায়ো তেওঁৰ খোজতে খোজ মিলাবলৈ অহোপুৰুষাৰ্থ কৰিছিল;তেওঁৰ মুখত সন্তুষ্টিৰ হাঁহি দেখি তাই সকাহ পাইছিল।তাই এহাত ওৰণি টানি, ৰুই-তুলি শাহুৱে গৰকা বোৱাৰী হৈ থাকিবহে হয়!
তাকেই ইহঁত কেইজনীয়ে নুবুজে।জধল- মধলকে কাপোৰ-কানি পিন্ধি ঢং ঢংকে ওলাই-সোমাই ফুৰে।আন মানুহৰ আগতো “বাই অ’, ভিনি অ'” বুলি যি হে চিঞৰ ধৰে, ভিনিহিয়েকৰো কপাল কোঁচ খাই যায়গৈ।সিহঁতক কবলৈ বেয়া পাই তাইৰ আগতেই ভোৰভোৰায়…….
“ইয়াতো গাঁৱলীয়া চিঞৰকেইটা নামাৰিলে নহয়নে?”
তাই লাজ পায়;ভিনিহিয়েকে নুশুনাকৈ চেপা মাতেৰে সিহঁতক বকে।
“তহঁতি মোৰ মান- সন্মান সোপাকে জুইত দিলি।এনে স্বভাৱৰ বাবেই তহঁতি বিয়া-বাৰু হৈও মোৰ নিচিনাকৈ চহৰত তিষ্ঠিব নোৱাৰিবি।”
একেখন ঘৰতে ডাঙৰ হোৱা ছোৱালীকেইজনীৰ মাজতে তাই কেনেকৈ ইমান বেলেগ…ইমান আধুনিক! অকল নিজৰ কেইজনীয়ে নহয়, কাষতে থকা দদাইদেৱেকৰো দুজনী সিহঁতৰ কাণ সমনীয়া ছোৱালী আছে।সেই কেইগৰাকীও একে….হাঁহি-খিকিন্দালি, ফুচফুচনি বুলিলে কব নোৱাৰা হয়। তাইনো সৰুৰেপৰা কেনেকৈ বেলেগ হ’ল জানো! নিজকে সজাই-পৰাই ৰাখি ভাল পোৱা তাই পাছত তেনেধৰণৰ মনোমত সংসাৰ এখনো পালেহি। মানুহজনৰ ইচ্ছাৰে সজাই লোৱা সংসাৰখনত তাই, লগতে ল’ৰা- ছোৱালী দুটাও একেটা সাঁচতে গঢ় লৈ উঠিল।কথা-বতৰা, চিন্তা-চৰ্চা সকলো হিচাপমতে এটা গণ্ডীৰ মাজত চলে। এই গণ্ডীৰপৰা এখোজ বাহিৰলৈ ওলালেই যেন সংসাৰৰ ছন্দ পতন ঘটিব!
তাইৰ মাকৰ ঘৰ আৰু মানুহজনৰ ঘৰ দুয়োখনেই গাঁৱলীয়া ঘৰ;দূৰত্বৰ পাৰ্থক্যও মাত্ৰ দুই কিলোমিটাৰমানহে।তাইৰ ৰূপ আৰু চাল-চলনত মুগ্ধ হৈয়েই ৰিদিপে বিয়াৰ প্ৰস্তাৱ দিছিল।গুৱাহাটী মহানগৰীত নতুনকৈ বাস কৰিবলৈ লোৱা এটি স্বচ্ছল অৱস্থাৰ পাত্ৰক নাকচ কৰাৰ কোনো কাৰণেই নাছিল। তাইৰ সুখ-সমৃদ্ধিৰ জীৱন দেখিয়েই মাক দেউতাকে চকু মুদিছিল।পাছৰ দুজনীকো তেনে দুজন পাত্ৰৰ হাতত গতাবলৈ বৰ হেঁপাহ কৰিছিল।পিছে দুয়োজনীয়ে একেবাৰে সাধাৰণ পৰিয়ালৰ ওচৰৰ গাঁৱৰ ল’ৰা দুটাহে পছন্দ কৰি থৈছিল।এই দুহাল গাঁৱলীয়া জীয়েক -জোঁৱায়েকৰ আপদাল-প্ৰতিপাল লৈয়েই তেওঁলোক মৰণমুখী হৈছিল।হওঁতে তায়ো প্ৰতিপাল নাই কৰা বুলি ক’ব নোৱাৰি।মাক-দেউতাক দুয়োৰে শেষৰ সময়বোৰত তাই চিকিৎসাৰ নামত টকা-পইচা ভালেখিনি খৰচ কৰিছিল…….কাষত ঠিয় দিব পৰা নাছিল যদিও। ঘৰ- দুৱাৰবোৰ ভাল হৈ থাকক বুলিয়েই ভনীয়েকহঁতৰ ল’ৰা-ছোৱালী কোনোবা কোনোবা পুৰণি ঘৰটোত মাজে- সময়ে থাকি পঢ়া- শুনা কৰে।তাই খবৰবোৰ কেনেবাকৈ অলপকৈ হলেও পায়; নিজেহে এপাক মাৰি চাই আহিবলৈ হাবিয়াস নকৰে।আচলতে মনটো কেতিয়াবা অকণ কূটকূটালেও মানুহজনৰ ওচৰত মুকলি কৰিবলৈ সাহে নুকুলায়। মনৰ মাজত অহৰ্নিশে এটা ভয়,এটা বিষ কঢ়িয়াই ফুৰে তাই…….গাঁৱলীয়া বুলি হাঁহিয়াতৰ পাত্ৰ হোৱাৰ।
তাইৰ কিজানি ভোক লাগিছে,আজি দুদিন একো খোৱা নাই বুলিলেই হয়।তাইৰ অপাৰেচন হৈ যোৱাৰ পাছতে ৰিদিপ ব্যৱসায়ৰ কামত দুদিনৰ বাবে আঁতৰলৈ গৈছে।হস্পিতালত তাইক সহায় কৰিবলৈ ল’ৰা এজন ৰাখি থৈ গৈছে।গ’ল ব্লাডাৰৰ অপাৰেচনহে,চিন্তা কৰিব লগা নাই বোলে।তেওঁ উভটি আহি তাইক হস্পিতালৰ পৰা ৰিলিজ কৰাই নিবহি।নিজে গঢ় দিয়া সংসাৰখনৰ কোনো এটা প্ৰাণীও এতিয়া তাইৰ ওচৰত নাই। ল’ৰা-ছোৱালীহঁতে দিল্লী-মোম্বাইৰপৰা ফোন একোটা কৰিয়েই দায় সাৰিলে।অৱশ্যে ফোনতে বিভিন্ন উপদেশ দিলে সিহঁতে।আৰু নো কি কৰিব সিহঁতে?সিহঁতে সৰুৰেপৰাই তেনে ধৰণৰ পৰিৱেশতে ডাঙৰ হৈছে। ককাক-আইতাকহঁতৰ অসুখ -বিসুখত মাক-দেউতাকে তেনেকুৱা কৰাই দেখি আহিছে।এই যে ল’ৰাজন তাইৰ ওচৰত আছে, তেওঁ মাজে – সময়ে আহি মাত এষাৰ দিয়ে, কিবা লাগে নেকি বুলি সোধে।কেন্টিনৰপৰা কিবা খাবলৈও আনি দিছে…..তাইৰহে খোৱাৰ মন নাই।ঘৰত কোমলকৈ ৰন্ধা ভাত দুচামুচমান খাই চাবলৈ মন গৈছে তাইৰ। চকু দুটা পুৰিছে হবলা…..চকুপানী বাগৰিছে যে! এনে হোৱাৰতো কথা নাছিল!ল’ৰা-ছোৱালী দুটাৰ জন্মৰ সময়ত তাই হস্পিতালত থাকোতে ভনীয়েকহঁতৰপৰা পোৱা আপদালবোৰ….সেইবোৰ কেনেকুৱা আছিল তেন্তে?তাইতো এনেকৈ অকলশৰীয়া নাছিল তেতিয়া! সেইখিনি মৰম-চেনেহ নিজেই তাই এসময়ত আছাৰি পেলোৱাদি পেলাইছিল।
“তই নিজে মাতিবলগা নোহোৱালৈকে তোৰ ঘৰত আমি ভৰি নিদিওঁ বাই”…..বুলি দুয়োজনী ভনীয়েকে এদিন অভিমান কৰি ওলাই গৈছিল তাইৰ ঘৰৰপৰা, নগৰীয়া পৰিৱেশত মিলিব নোৱাৰাৰ বদনাম লৈ।
ওচৰতে থকা মোবাইলটোত তাই দীপিকা-লিপিকাৰ ফোন নম্বৰ খোঁচৰাত লাগিল…ফোন এটা কৰি কোনোবা এজনীক মাতিব লাগিব…নহয় নহয়……..দুয়োজনীকে মাতিব তাই। আকৌ সহোদৰাৰপৰা ‘গাঁৱলীয়া’ আপদালৰ সোৱাদ লবলৈ অধীৰ হৈ পৰিছে অলকা। নাহিবনে বাৰু সিহঁত!
*******