সাময়িকীঃ সময়ৰ প্ৰসঙ্গৰে পৰিবৰ্তনবোৰ-জয়ন্ত গগৈ
আঘোণৰ সোণসেৰীয়া পৰিৱেশটো প্ৰায়ে শেষ হ’ল। এতিয়া গাঁৱৰ চহাজীৱি সকলো ব্যস্ত সোণোৱালী শইচ সোণগুটিবোৰ মৰণা মাৰি ভঁৰালত সাঁচি ৰখাৰ ব্যৱস্থা কৰাত। কিছুলোকে পৰিকল্পনাৰ আঁচনি অনুসৰি অৰ্থৰ জোৰা মাৰিবলৈ ধান দোকানত দিয়াৰ যো-জা চলাইছে বা কোনোৱে ইতিমধ্যেই দোকানীৰ গুদাম ঘৰত মজুত কৰি আহিলগৈয়ে। এইকেইদিনত গাঁৱৰ যি ফালেই যোৱা যায় সেইফালেই ধান মৰা মেচিনৰদ্বাৰা ধান মৰাৰ দৃশ্য দেখিবলৈ পোৱা গৈছে। সেই আগৰ দিনৰ দৰে গৰু বা ম’হেৰে মৰণা মৰাৰ দৃশ্য আজি খুব কমেইহে দেখা পোৱা যায় আৰু ই অতি ৰ্দূলভো। ধান মৰা বা মৰণা দিয়াৰ পিছত ৰৈ যোৱা খেৰৰ ওখ ওখ দমবোৰ দেখিবলৈ পোৱা গৈছে গাঁৱৰ ঘৰে ঘৰে।যেন তাহানিৰ আহোম যুগৰ মৈদাম একো একোটাহে ঠিয় হৈ আছে। আৰু হয়তো কিছুদিনৰ পিছত এই মৈদাম সদৃশ খেৰৰ দমবোৰো নোহোৱা হৈ পৰিব নতুবা ইতিমধ্যেই বহুতৰে ঘৰৰ বাৰীৰ ভিতৰৰপৰা নোহোৱা হৈ পৰিছে।মেজিক, বলেৰ’ পিক আপ আদি জাতীয় গাড়ীত এতিয়া এবোজা খেৰ সৰহকৈ বোজাই কৰি গাঁৱলীয়া ৰাস্তাৰ মাজেৰে চহৰৰ ফালে ধাৱমান হৈ থকা দেখিবলৈ পোৱা গৈছে। বোজাবোৰ এনেকৈ কৰিছে যে পিছফালৰপৰা কোনো গাড়ী বা মটৰ চাইকেল আৰোহীয়ে আগবাঢ়িব খুজিও পিছে পিছে যাবলৈ বাধ্য হৈ পৰিছে বা আগবাঢ়ি যাবলৈ এবাৰ চিন্তাত পৰিব লগাত পৰিছে। আজি কেইদিনমানৰ ভিতৰত এই দৃশ্যবোৰেই সততে ৰাস্তাই-ঘাটে ঘুৰি ফুঁৰোতে দৃষ্টিগোচৰ হৈ আছে। আঘোণৰ শেষত এনে এখন প্ৰতিচ্ছবিয়ে গ্ৰামাঞ্চলৰ এক চিৰ পৰিচিত পৰিৱেশ।
কথাবিলাক তেনেই সাধাৰণ আৰু গুৰুত্ব দিবলগীয়া বিষয় নহয় যেন লাগে। কিন্তু এই যে গৰু-ম’হৰ হালৰ পৰা পাৱাৰ টিলা টেক্টৰলৈ, গৰু-ম’হেৰে মৰণা মৰাৰপৰা ধান মৰা মেচিনটোলৈ, দাৱনীয়ে ধান কটাৰ পৰা ধান কটা মেচিনটোলৈ, ৰোৱনীয়ে কঠীয়া ৰোৱাৰপৰা কঠীয়া ৰোপণ কৰা আধুনিক মেচিনলৈ,ঢেঁকীত খুন্দা ধান, পিঠাৰ পৰা পিঠা-হালধি খুন্দা মেচিনলৈ আদি কৰি বহু উন্নত মেচিনবিলাকৰ ব্যৱহাৰৰ আঁৰতে যেন লুকাই আছে এক পৰিবৰ্তনমুখী সময়ৰ কথা।এই যে আমি কথাৰ লাচতে কৈ থাকোঁ যুগৰ পৰিবৰ্তন হৈছে বুলি, সচৰাচৰ হৈ পৰিল নেকি?আগৰ দিনত এনেদৰে কৰিব পৰাৰ সুবিধা আছিল নে?ইত্যাদি ইত্যাদি কথাবোৰ মনলৈ আহিলে কিবা এক পৰিবৰ্তনৰ উমান পাব পাৰি। কেনেকৈনো পৰিবৰ্তনবোৰ ক্ৰমান্বয়ে লাহে লাহে হৈ আছে বা কেতিয়াৰপৰানো পৰিবৰ্তনবোৰ হ’বলৈ ল’লে, এই সম্বন্ধে এবাৰ জুকিয়াই চোৱাৰ প্ৰয়োজনীয়তা আছে বুলি ক’ব পাৰি। আমি যদি ধৰি লঁও পৰিবৰ্তনবোৰ আজিৰ পৰা ঠিক দুই-তিনিটা দশকমানৰ আগৰপৰা লাহে লাহে আমাৰ অলক্ষিতে আৰম্ভ হৈছে বুলি, হয়তো ভুল বুলি ক’ব পৰা নাযাব। অৱশ্যে এই অনুমানৰ বাবেও লাগিব আপোনাৰ বয়সৰ জোখাৰে অতীত আৰু বৰ্তমানৰ সময়ৰ তুলাচনী নতুবা উল্লেখিত দশকৰ আগতে আপোনাসৱৰ অভিজ্ঞতাপুষ্ট তেতিয়াৰ আৰু বৰ্তমানৰ সময়ৰ লগত তাৰতম্যৰ ৰিজনী।মোৰ বয়সৰ জোখেৰে ধৰি লৈছোঁ যে প্ৰায় ১৯৮০-৯০ দশক মানৰ আগলৈকে গাঁৱৰ পৰিৱেশ বৰ্তমানৰ সময়ৰ পৰিৱেশৰ লগত সম্পূৰ্ণ পৃথক আছিল। সেই তেতিয়া গাঁৱৰ প্ৰতি ঘৰে ঘৰে গোহালিত বলধ গৰুকে ধৰি খীৰতী গাইজনীলৈকে অতি কমেও ছয় সাতটা মান গৰুৱে গোহালিত দপ্ দপাই আছিল। এই যে এতিয়া খেৰবোৰ বোজাই কৰি কৰি আমাৰ গ্ৰামাঞ্চলৰপৰা এইকেইদিনত চহৰফালে লৈ গৈ আছে , আগতে সেই তেতিয়া গাঁৱৰ ঘৰে ঘৰে মৰণা মৰাৰ পিছত খেৰবোৰ গৰু গোঁহালি ঘৰৰ কাষতে সাজি ৰখা খেৰৰ ভঁৰালত হেঁচা দি দি বোজাই কৰি ওখ ধিপ এটি কৰি সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছিল গাই-গৰুৰ ভৱিষ্যতৰ খাদ্যৰ বাবে। কিন্তু এতিয়া গাঁৱৰ ঘৰে ঘৰে যিদৰে গাই-গৰু-ম’হবোৰ নাইকিয়া হ’ল,ঠিক সেইদৰে গোহালিবোৰো নোহোৱা হৈ পৰিল। গতিকে গাঁৱত এতিয়া খেৰৰ প্ৰয়োজন নোহোৱা হৈ পৰিল। তেনেস্থলত চহৰাঞ্চলত থকা পোহনীয়া জাৰ্চি গাই-গৰুৰ ফাৰ্ম হাউচৰ মালিকবিলাকে গ্ৰামাঞ্চলৰ খেৰবোৰ কিনি ল’বলৈ গাঁৱলৈ আহিবলৈ ধৰিলে। সেই আগতে কিন্তু এতিয়াৰ দৰে খেৰৰ বোজাই কঢ়িয়াই নিয়া গাড়ী আঙুলিৰ মূৰত লেখিব পৰা আছিল। আৰু এতিয়া গাৱঁৰ প্ৰতিঘৰে এই খেৰবোৰ দুপইচামান পোৱাৰ আশাত চহৰাঞ্চলৰ গৰু ফাৰ্ম ঘৰৰ মালিকৰ হাতত বিক্ৰী কৰাৰ মন মেলিলে। সেই আগৰ দিনত গৰু-ম’হ বিলাকেও ধানখেৰবোৰ খাইছিল।কিন্তু এতিয়াৰ থকা গৰু-ম’হ কেইটাই মেচিনত মৰা ধানৰ খেৰ খাবলৈ ইচ্ছা নকৰা হৈছে। গৰু-ম’হ বা মানুহে ভৰিৰে মৰা ধানৰ খেৰবোৰ কোমল হয়,কিন্তু মেচিনৰদ্বাৰা মৰা ধানৰ খেৰবোৰ অলপ ঠৰঙা হয়।খাবলৈ ইচ্ছা নকৰাৰ ইয়ো এক কাৰণ হ’ব পাৰে। সেই তেতিয়াৰ দিনত গধূলি বা ৰাতিপুৱাৰ ভাগত চোতালত ধানৰ মুঠিবোৰ খুলি খুলি ঘুৰণীয়াকৈ মেলি থোৱা থাকে আৰু গৰু বা ম’হ যুটী লৈ চক্ৰাকাৰে মৰণা মৰা হৈছিল। সেই মৰণা মৰাৰ পৰিৱেশটো /দৃশ্যটো যিয়েই অভিজ্ঞতাৰ মাজেৰে ডাঙৰ-দীঘল হৈ আহিছে ,তেনে গাঁৱৰ কোনোৱেই পাহৰি যাব নোৱাৰে। সেই তেতিয়াৰ দিনত প্ৰতিখন ঘৰৰে এখন বা তাতোধিক বলধ গৰুৰ বা ম’হৰ হাল আছিল। প্ৰত্যেকৰ ঘৰে প্ৰতি একো একোজন অতিৰিক্ত হালোৱা হিচাপে কাম কৰা মানুহো নিয়োজিত হৈ আছিল বছেৰেকীয়া মজুৰিৰ ভিত্তিত। সেই সময়ত পথাৰখনলৈ চকু দিলেই গৰু বা ম’হৰ হালৰ যুটীয়ে পথাৰৰ চাৰিওফালে মাটি চহোৱা দেখিবলৈ পোৱা গৈছিল। হালোৱাৰ মুখত গৰু-ম’হৰ হাল খেদোৱা শব্দবোৰে পথাৰৰ চাৰিওফালে এক বিশেষ শব্দৰ কলৰৱেৰে মুখৰিত হৈ আছিল। তাৰোপৰি এজন হালোৱাই আন এজন হালোৱালৈ উকি মাৰি চিঞৰি চিঞৰি কথা-বতৰা হোৱা, হাঁহি-ফূৰ্তিৰে ধেমালি কৰাৰ উপৰিও পথাৰৰ কাম লগলাগি কৰিছিল।কোনে কেই দোবা মাটি চহালে বা কোনে কেইটা আঁচ কোৰ মাৰিলে। ইয়াক লৈয়ো এক প্ৰতিযোগিতাৰ দৰে হাল সামৰাৰ পিছত আলচ হৈছিল। কোনোবাজন হালোৱাৰ চাহ-জলপান নাহিলে অথবা দেৰি হ’লে, ওচৰতে বা দূৰৈত থকা হালোৱাজনে তেওঁলৈ অনা চাহ-জলপান ভাগ-বতৰা কৰি খাইছিল। দুই-এক হালোৱাই আকৌ গৰু/ম’হৰ হাল ৰখাই কাষৰ বা ৫০০ মিটাৰ মান আঁতৰত হাল বাই থকাজনৰ ওচৰত গৈ চাহ-তামোলৰ জুতি লৈছিল। একেদৰেই দুই এজন হালোৱা বিহুৱাই বিহুগীত জুৰি পৰিবেশটো এনে এক মনোৰম কৰি তুলিছিল যে সেই অভিজ্ঞতাৰদ্বাৰা পুষ্টজনেহে সেই সময়ৰ মাদকতাৰ অনুভৱবোৰ ক’ব পাৰিব ।এতিয়া লাহে লাহে পথাৰত গৰু-ম’হৰ হালবোৱা দৃশ্যবোৰ দিনক দিনে কমি আহিবলৈ ল’লে বা দেখিবলৈ নোপোৱা হ’লগৈ। লগতে ঘৰে প্ৰতি থকা অতিৰিক্ত কামকৰা হালোৱাজনো পথাৰত আগৰ দৰে নিৰ্দিষ্ট একোজন গৃহস্থৰ পথাৰত দেখিবলৈ নোপোৱা হ’লগৈ। কাহিলী পুৱাই পথাৰলৈ গৰু -ম’হৰ হালবোৰ লৈ যোৱাৰ পৰিৱেশটোৱেই অন্তৰ্ধান হৈ পৰিল। একেদৰে ৰাতিপুৱাই পথাৰলৈ সেই চাহ-জলপান দিবলৈ যোৱাৰ প্ৰথাটো নাইকিয়া হৈ পৰাৰ দৰে হৈ পৰিল। পথাৰৰ সেই আগৰ দিনৰ নান্দনিক গৰু-ম’হৰ হাল বোৱা পৰিৱেশটো এতিয়া নাই। তাৰ পৰিৱৰ্তে এতিয়া সেই পৰিৱেশক তল পেলাই উন্নত কৃষি-সঁজুলিৰ পাৱাৰ টিলাৰ টেক্টৰৰ কোলাহলে পথাৰৰ চাৰিওফালে গুঞ্জৰিত হ’বলৈ ল’লে। কোনেও কাৰো লগত মুকলিকৈ কথা পাতিব নোৱাৰা হ’ল। কোনোৱে কিবা ক’লেও ভালকৈ শুনিবলৈ অসুবিধা হ’ল। বৰ্তমানৰ যি দুই-তিনিঘৰ গৃহস্থৰ গোহালিত গৰু-ম’হ আছিল, সিও লাহে লাহে নোহোৱাৰ দৰেই হৈ পৰিল। থাকিলেও পথাৰলৈ হাল বাবলৈ নিবলৈ ইচ্ছা নকৰা হ’ল। পাৱাৰ টিলাৰ টেক্টৰে নিমিষতে বিঘাই বিঘাই পথাৰ মাটি চহাই থৈ যায়। কাষতে থকা কৃষকৰ গৰু-ম’হৰ হালে তেনে কৃষকৰ লগত ফেৰ মাৰে কেনেকৈ?ফলত গৃহস্থই টেক্টৰৰ শৰণাপন্ন হ’বলৈ বাধ্য হৈ পৰে,নহ’লে তেওঁৰ মাটিডোখৰ চহোৱাত পিছ পৰি ৰ’ব লগা হয়। খেতি খোলাৰ বাবে বিজ্ঞানৰ নৱতম আৱিষ্কাৰবোৰে অতি সহজ কৰি দিলে আমাৰ কৃষকক আৰু আমি সেই বিজ্ঞানৰ নৱতম উদ্ভাৱনসমূহক মানি ল’বলৈ বাধ্যও হৈ পৰিলোঁ। সময়, কষ্ট আদিও কমিল।এতিয়া যিসকল কৃষক টকা-পইচাৰে সমৰ্থবান ,তেওঁৱেই এই উন্নত কৃষি সামগ্ৰীসমূহ কিনিছে আৰু অসমৰ্থজনে গাঁঠিৰ ধন খৰচ কৰি হ’লেও সমৰ্থজনৰ উন্নত কৃষি যন্ত্ৰৰ সহায়ত দৈনিক মজুৰিৰ বিনিময়ত খেতি-খোলাত লগাই উপকৃত হৈছে। সেই তেতিয়াৰ দিনত গৰু-ম’হেৰে হাল বাই পথাৰত যিমান ধানৰ উৎপাদন গৃহস্থই লাভ কৰিছিল কিন্তু এতিয়া এই উন্নত কৃষি যন্ত্ৰ ব্যৱহাৰ কৰিও ধানৰ উৎপাদন লেখত ল’বলগীয়া ধৰণে ফেৰ মাৰিব পৰা নাই বুলি ক’ব পৰা যায়। কৃষকবন্ধু সকলৰ বক্তব্য আৰু মোৰ ব্যক্তিগত তথ্যৰ পৰা কৈছোঁ – সেই একেই পথাৰ সেই একেই পৰিমাণৰ মাটি অথচ তেতিয়াৰ দিনত উৎপাদন হোৱা ধানৰ পৰিমাণক এতিয়াৰ উৎপাদিত ধানে আজিও চুবগৈ পৰা নাই ( প্ৰতি বছৰে উৎপাদন হোৱা ধানৰ পৰিমাণ টোকা বহীত লিপিবদ্ধ কৰি যোৱা হৈছে আৰু পৰিমাণবোৰ তুলনা কৰোঁতে এই ধাৰণাটো স্পষ্ট হৈছে)। তাৰোপৰি এতিয়া চৰকাৰী বিনামূলীয়া চাউলৰ মোহত বহুতৰে খেতিলৈ অনীহা, কিন্তু তাহানিৰ দিনত চৰকাৰী বিনামূলীয়া চাউলৰ প্ৰতি কোনোজনৰে মোহ নাছিল আৰু লওঁতা জনৰ বাবেই লজ্জাকৰ বিষয় আছিল। ধানৰ উৎপাদন ৰাজ্যত ক্ৰমাগতভাৱে হ্ৰাস হৈ আহিছে এই বিষয়ে চৰকাৰী তথ্যইও কৈছে। যোৱা ২০২২-২৩ বিত্তীয় বৰ্ষত ৫৬.২৪ লাখ মেট্ৰিক টনৰ বিপৰীতে ২০২৩-২০২৪ বৰ্ষত ৫৫.৩৯ লাখ মেট্ৰিক টনহে।
সেই তেতিয়াৰ দিনত কৃষিজীৱী মানুহৰ মাজত একান্ত আন্তৰিকতা দেখিবলৈ পোৱা গৈছিল। ন-ভূঁই , হাঁউৰী , লক্ষ্মিমী তোলা আদি দিনবোৰত গাঁৱৰ জ্ঞাতি চুবুৰীয়াই পথাৰত উবুৰি খাই পৰিছিল। কেৱল মাত্ৰ ন-ভূঁই, লক্ষিমী তোলা বুলি নিমন্ত্ৰণ কৰিলেই হ’ল। এই ধৰণৰ পৰ্ববোৰ একো একোটা উৎসৱৰ দৰেই আছিল । ১৯৮৬ চনৰ কথা এটি নকৈ নোৱাৰিলোঁ। আমাৰ পৰিয়ালটো তেতিয়া যৌথ পৰিয়ালত আছিলো। নতুনকৈ বাঁহৰ কাঠি -কামিৰে পুৰণি ঘৰৰ আলিটোৰ সিপাৰে নতুনকৈ ঘৰখন দেউতাই মানুহ লগাই সাজি থৈছিল। কেৱল ঘৰখনৰ ওপৰৰ চালৰ চাউনিহে কৰিবলৈ বাকী আছিল। খেৰ , টকৌ পাত আদি সকলো মজুত কৰিয়ে ৰখা আছিল। আঘোণৰ খেতি পথাৰৰ কামৰ বাবেই চালৰ চাউনিৰ কামটো ৰৈ গৈছিল। সেইদিনা পূৰ্ণিমা আছিল আৰু সেই দিনাখনেই আমাৰ পথাৰত লক্ষিমী তোলাৰ ( ধান কাটি শেষ কৰি সকলো ধান ঘৰলৈ লৈ অহা পৰ্ব ) দিন লৈছিল। পথাৰখনো ঘৰৰপৰা দুই কিল’মিটাৰমান আঁতৰত আছিল।আমাৰ লক্ষিমী কটা আৰু অনা পৰ্বত প্ৰায় ১৪-১৫ জনমান জ্ঞাতি চুবুৰীয়াই লগ লাগি ধানৰ ভাৰ লৈ সন্ধিয়াৰ সাঁজ লগা সময়ত শেষ কৰিছিল।ধানৰ ভিড়িয়া ভাৰলৈ আহোঁতেই দুজনমানে পৰিকল্পনা কৰিলে আজি ৰাতিয়েই আমাৰ নকৈ সাজি ৰখা ঘৰৰ চাউনি কৰিব আৰু গৃহস্থক নঘৰ সম্পূৰ্ণ কৰিহে সকলো ঘৰা-ঘৰি যাব। ইমান দূৰৰপৰা ধানৰ ভাৰ লৈ ভাগৰি অহা জ্ঞাতি চুবুৰীয়াক দেউতাই ঘৰৰ চাউনিৰ কাম কৰিব নালাগে বুলি বাৰে বাৰে কোৱা স্বত্তেও জ্ঞাতি চুবুৰীয়াই নাচোৰবান্দা হৈ পূৰ্ণিমাৰ জোনৰ পোহৰত ঘৰৰ চাউনি কৰি ভোজ-ভাত খাইহে সকলোটি ৰাতি ঘৰা-ঘৰি গ’ল। যিটো কথা মই হয়তো আজীৱন পাহৰিব নোৱাৰিম। কিমান আন্তৰিকতা, সহানুভূতিশীল মন আছিল ভাবি গৌৰৱবোধ কৰোঁ। সেই সময়ত কঠীয়া ৰুই শেষ কৰিব নোৱাৰাৰ ঘৰত নতুবা ধান কাটি শেষ নোহোৱাৰ গৃহস্থৰ ঘৰত গাঁৱৰ জ্ঞাতি চুবুৰীয়াই লগ লাগি খেতি উঠোৱাৰ পৰম্পৰা আছিল। সকলো লগ হৈ হাঁহি ফূৰ্তিৰে সহযোগ কৰি অসমৰ্থ কৃষক গৃহস্থক সহায়ৰ হাত আগবঢ়াইছিল।সেই সময়ৰ মানুহৰ উৎসাহ, উদাৰতা, আন্তৰিকতা, পৰোপৰকাৰিতা , সহানুভূতিশীলতা আদি শব্দবোৰক মূল্যৰদ্বাৰা নিৰূপণ কৰা নহৈছিল। আছিল সকলোৰে মাজত মিলা প্ৰীতি, সুহৃদয়তা ,আন্তৰিকতা, সহায়ৰ হাত আগবঢ়োৱাৰ প্ৰৱণতা। কিন্তু এতিয়া দৈনিক মজুৰি নিদিলে জ্ঞাতি চুবুৰীয়াৰ কোনোৱেও সহায় কৰিবলৈ যাব নিবিচৰা হ’ল। নিমন্ত্ৰণ কৰিছে মানে দিন মজুৰিৰ হিচাপৰ আঁওতালৈহে যায়। সেই তেতিয়াৰ দিনত পথাৰত পাহোৱাল ডেকা মখাই জাকপাতি ধানৰ ভাৰ লৈ উকিয়াই উকিয়াই অহা শব্দতেই বুজিব পৰা গৈছিল কাৰোবাৰ ঘৰত লক্ষিমী উঠিছে বুলি। আৰু এতিয়া সেই উকিমৰা পাহোৱাল ডেকাৰ জাক নাই । ভাড়াতীয়া লোকৰ দ্বাৰা লক্ষিমী উঠোৱা হয়। লক্ষিমী কাৰ কাৰ উঠিল, এতিয়া সুধিলেহে গম পাব পাৰি। সেই তেতিয়াৰ দিনত গৰু-ম’হেৰে চহোৱা পথাৰত থলুৱা ৰোৱনীৰ ঘন ঘন ৰোৱা আছিল। আৰু এতিয়া পাৱাৰ টিলাৰ টেক্টৰে চহোৱা পথাৰত থলুৱা ৰোৱনীৰ অভাৱ। কঠীয়া তোলাৰ পৰা ৰোৱালৈকে ভাড়াতীয়া হিচাপে অহা মিঞা ভাইহঁতৰ সহায় নল’লে গৃহস্থৰ উপায় নোহোৱা হয়। মিঞা ভাইহঁতৰ কঠীয়া গুজি দিয়াৰ পৰিমাণ কম আৰু গুজাবোৰ সেৰেঙা। সেয়ে ধানৰ উৎপাদনতো প্ৰভাৱ পৰিলক্ষিত হয়গৈ। সেই সময়ৰ কৃষি সজুঁলিবোৰ -নাঙল , যুঁৱলি , বিন্ধা ,জবকা , লাহনি আদিবোৰ এতিয়া প্ৰদৰ্শনীৰ সামগ্ৰী হৈ পৰিল। গৰু গাড়ীৰ ডাঙৰ ডাঙৰ চকাবোৰ ভঁৰালৰ পিছফালৰ গান্ধৈত এলাগী হৈ এলান্ধু লাগি পৰি থকা হ’ল। কাৰণ এতিয়া পথাৰৰলৈকে টেক্টৰ ট্ৰেইলাৰ, মেজিক আদি লৈ ধান কঢ়িওৱাৰ ব্যৱস্থা হ’ল। সেই তেতিয়া লক্ষিমী ধান ভাৰ একেবাৰে শেষত লৈ অহা গৃহস্থই কাৰোৰে লগত কথা-বতৰা নকৰাকৈয়ে ঘৰৰ ভঁৰাল পোৱাইছিলহি। আৰু নিদিষ্ট এটি দিন-বাৰ চাই গৃহস্থই ভঁৰালৰ ভিতৰত লক্ষিমী থোৱাৰ ব্যৱস্থাও নোহোৱা হৈ পৰিল। কাৰণ এতিয়া ধান কটাৰ লগে লগেই পথাৰতে ধান মাৰি ভঁৰালত থোৱাৰ দিন আহিল। সেই তেতিয়াৰ দিনৰ দৰে লক্ষিমী ধান ভাৰ আনোঁতাজনক জোৰ কৰিও মুখৰ মাত এষাৰ উলিয়াবলৈ চেষ্টা কৰা মাদকতাবোৰো হেৰাই গ’ল। মাঘ মাহত সাধাৰণতে গাঁৱৰ কৃষকে ভঁৰালত নোসোমায়। সেয়ে গাঁৱৰ প্ৰতি ঘৰে মাঘ বিহু লৈকে ধান- চাউলৰ যোগাৰ কৰি লয়।এই প্ৰথা অৱশ্যে এতিয়াও গাঁৱৰ প্ৰায় ঘৰে পালি আছে বুলি ক’ব পাৰি। মাঘ মাহত ভঁৰাল গৃহস্থই নুচুৱাৰ কি কাৰণ আছে জনা নাযায়। বিজ্ঞানভিত্তিক কোনো কাৰণ আছে যদি বিজ্ঞজনে জনাব পাৰে। আঘোণ -পুহ মাহত ভঁৰালত ধূপ-চাকি লগাই লক্ষিমী ধানৰ গুজি কেইটা যিদৰে সুমুওৱাৰ নিয়ম ,ঠিক একেদৰেই ফাগুন মাহৰ কোনো এটি শুভ দিনত ভঁৰালত চাকি-বন্তি জ্বলাই লক্ষিমীক অৰ্থাৎ ধান উলিয়াবৰ বাবে লক্ষিমী সবাহ সেই তেতিয়াৰ দিনত ঘৰৰ গৃহস্থীই পালন কৰিছিল। আগতে সেই দিনটোৰ আগদিনাখনৰ গধূলি ঢেঁকীত পিঠা খুন্দি ৰাতিপুৱাই ভঁৰালৰ মুখত চাকি-বন্তি , তামোল-পাণ , অৰিহণাসহ চাউলৰ পিঠা আগবঢ়াই গৃহস্থই লক্ষিমীক সেৱা সৎকাৰ কৰি ভঁৰালৰ পৰা ধান উলিয়াবলৈ লক্ষিমীৰ পৰা অনুমতি লৈছিল। আৰু লক্ষিমীক আগবঢ়োৱা পিঠাগুড়িবোৰ পাকঘৰলৈ আনি ভাপত বা চেৰা দি খোৱাৰ নিয়ম আছিল। কিন্তু এতিয়া সেই নিয়ম , প্ৰথাবোৰ যেন আমাৰ বাবে সোঁৱৰণী হৈ পৰিল। এই চেৰা দিয়া পিঠা বা ভাপত সিজোৱা পিঠাৰ সম্পৰ্কত মই ‘শব্দচিত্ৰ’ ফেচবুক গ্ৰুপৰ মজিয়াত বহু আগেয়ে এটি টোকা আগবঢ়াইছিলোঁ।সেই তেতিয়াৰ দিনত গোহালিত গাই-গৰু আছিল বাবেই গাই-গৰুৰ গোৱৰৰ সাৰ উভৈনদী আছিল আৰু প্ৰতি ঘৰৰে শাকনি বাৰীত শাক-পাচলিও লমালমে হৈছিল। তেতিয়াৰ দিনত ঘৰলৈ আলহী অতিথি আহিলে শাকনি বাৰীৰ শাকেৰে অতিথিৰ হাতত জোৰ কৰি হ’লেও বেগ ভৰ্ত্তি কৰি মোনাটো গুজি দিলেহে গৃহস্থৰ মুখত পৰম সুখ দেখিবলৈ পোৱা গৈছিল। সেই সময়ত ৰাসায়নিক সাৰৰ দোকানৰ আগত কৃষকৰ পয়োভৰ দেখিবলৈ পোৱা নগৈছিল।সেই সময়ত ৰাসায়নিক সাৰৰ ব্যৱহাৰ কেৱলমাত্ৰ কোম্পানীৰ অধীনত থকা চাহ বাগান বিলাকতহে হৈছিল বুলি আমাৰ ভাব হৈছিল। আৰু এতিয়া গৰুৰ গোৱৰৰ অভাৱত ৰাসায়নিক সাৰৰ ব্যৱহাৰ নহ’লেচোন একো এবিধ ফচলেই উৎপাদন কৰিব নোৱাৰি।এতিয়া সকলোতে কেৱল ৰাসায়নিক সাৰৰ ব্যৱহাৰৰ প্ৰাচুৰ্যতা। ৰবিশস্যৰ খেতিয়কে টকাৰ লালসাত বজাৰলৈ উলিয়াই পঠিওৱা শাক-পাচলিৰ বাবে ইমানেই ৰাসায়নিক সাৰৰ ব্যৱহাৰ কৰিছে যে দেখিলে শুনিলে আচৰিত হবলগীয়া হয়। তাতোকৈ অতি উল্লেখনীয় যে সেই একেজন ৰবিশস্যৰ খেতিয়কে কিন্তু নিজৰ ঘৰত খাবৰ বাবে জৈৱিক বা গোবৰ সাৰ দি পৃথকে শাকনি বাৰী পাতি লৈছে। ৰাসায়নিক সাৰৰ উপদ্ৰপৰ বাচিবলৈ বহুলোকে জৈৱিক পদ্ধতিৰ সহায় লৈ ঘৰতে শাকনি বাৰী পাতি লৈছে যদিও চাহিদা পূৰাব পৰাকৈ উভৈনদী নহয়চোন। বজাৰৰ শাক-পাচলিৰ শৰণাপন্ন হ’বই লগীয়া হৈছে। ৰাসায়নিক সাৰৰ প্ৰাদুৰ্ভাৱে মানুহৰ শৰীৰত বেমাৰৰ বাহ লগাইছে। শৰীৰ সুঠাম যদিও আগৰদিনৰ মানুহৰ দৰে কিবা বল-শক্তি নথকা যেন অনুভৱ হ’বলৈ লৈছে। অলপতে ভাগৰি পৰিবলগীয়াত পৰিছে। সেই তেতিয়াৰ দিনত কল-পিঠা , সান্দহ এবাতি খায়েই বাৰীত যিমান কাম কৰিব পাৰিছিল,সেই কথা অভিজ্ঞসকলে নিশ্চয়ে স্বীকাৰ কৰিব। সেই আগৰ দৰে ঘৰে ঘৰে বালিত ভজা মুড়ি , হুৰুম, আখৈ , সান্দহ , চিৰা, কোমল চাউল আদি জলপানবোৰ বনোৱা থলুৱা গৃহিণীৰ সংখ্যা আঙুলিৰে গণিব পৰা হ’ল। এতিয়া বিহু আহিল বুলিলেই জলপানৰ বাবে বজাৰৰ ওচৰত প্ৰায়সকলে নিৰ্ভৰশীল কৰিবলৈ ল’লে।
কথাবোৰ জুকিয়াই চালে সঁচাকৈয়ে এক পৰিবৰ্তনৰ ইংগিত পোৱা যেন লাগে। আপোনালোকেও অনুভৱ কৰেনে বাৰু কেতিয়াবা?সুস্পষ্টভাৱে ক’বলৈ গ’লে নিজৰ ঠাইখনক বা নিজকে সাঙুৰি লৈয়ে আৰম্ভ কৰকচোন। পৰিবৰ্তনৰ তফাৎবোৰ ওলাই পৰিব। যুগৰ পৰিবৰ্তনৰ বাবে এক মাইলৰ খুটি হিচাপে আনুমানিক দশক এটা বা দুটা মান সাঙুৰি লৈয়ে কথাবিলাক জুকিয়াই চাওকচোন, পৰিবৰ্তনৰ এক ইংগিত নিশ্চিতভাৱে চকুৰ আগত ধৰা দিব। আজিৰ তাৰিখত মোৰ বৰ্তমান যি বয়স আৰু যিবিলাক দেখিবলৈ পাইছোঁ আৰু প্ৰাক্-যৌৱন কালৰ পৰা যিসমূহ দেখিছিলো, সেই কথাবিলাক এতিয়া প্ৰাক্- বৃদ্ধ সময়ৰ তুলাচনীত জুখি চাবলৈয়ে লেখনিত তেতিয়াৰ আৰু এতিয়াৰ বিশ্লেষণৰদ্বাৰা পৰিক্ৰমাবিলাকক বুজাবলৈ ব্যৱহৃত কৰিব লগাত পৰিছোঁ।পৰিৱৰ্তন হ’ল প্ৰকৃতিৰেই এক চিৰাচৰিত নিয়ম। সমাজ সদায় পৰিৱৰ্তনশীল আৰু পৰিবৰ্তন শব্দটিৰ অন্তৰালতে উন্নয়নৰ পৰিকাঠামো জড়িত হৈ আছে।পৰিৱৰ্তনৰ গতি সদায় প্ৰৱাহিত হৈ থাকে।কোনোৱে ইয়াৰ গতি ৰোধ কৰিব নোৱাৰে।মাথোঁ আমি পৰিবৰ্তনৰ তফাৎবোৰ পৰ্যালোচনা কৰি নষ্টালজিক হৈ পৰিব পাৰোঁ। সেই তেতিয়া গাঁৱৰ কেঁচা শিল দিয়া পথেৰে মাথোঁ তিনিখন মানহে মটৰ গাড়ী চলাচল কৰিছিল। টেলিভিছনৰ পৰ্দাত দেখুওৱা ফেবিকল বিজ্ঞাপনৰ বাবে গাড়ীত লমালমে উঠি অহা যাত্ৰীৰ দৰেই সেই গাড়ী কেইখনত যাত্ৰী কঢ়িয়াইছিল।আৰু এতিয়া গাঁৱৰ পকী পথটোৰ ওপৰেৰে অহৰহ মটৰ -গাড়ীৰ লানি নিছিগা ভিৰ লাগিল। পথটোৰ সিপাৰে যাবলৈ চিন্তা কৰিব লাগে। সেই তেতিয়া গাড়ী নোপোৱাসকলে খোজকাঢ়ি বা চাইকেল লৈ ৬০-৭০ কিল’মিটাৰ দূৰৰ জিলাৰ সদৰ ঠাইলৈ গৈছিল আৰু এতিয়া সেই সদৰলৈ যাবলৈ সঘনাই অহা-যোৱা কৰা গাড়ী -মটৰৰ সুবিধা হ’ল। কম দূৰত্বৰ যাত্ৰীক কঢ়িয়াই ফুৰা ৰিক্সাৰ ঠাইত ই-ৰিক্সা টুক-টুকবোৰ সঘনাই অহা-যোৱা কৰা হ’ল গাঁৱৰ চুকে-কোণে , নগৰৰ অলি-গলিয়ে। সেই তেতিয়াৰ দিনত স্কুল ছুটীৰ পিছত আমি গাঁৱৰ ল’ৰা -ছোৱালীবোৰে মুকলি খেলপথাৰত সন্ধিয়াৰ আগলৈকে খেলি-ধেমালি কৰিছিলোঁ। কাবাডী ,হুইচালি , লুকা-ভাকু, ৰজা-ৰাণী, ভাকুট -কুট, কুকুৰা যুঁজ,খুলুগুটি ,হেঁতাল গুটি, কঁঞি ,ঢপকা-ঢাপো, মাৰ্বল গুটি , টাংগুটি , টেঙাবল আদিকে ধৰি অনেক খেল।আৰু এতিয়া মুষ্টিমেয় দুই-চাৰিটাইহে খেলিবলৈ যায় ,তাকো ফুটবল বা ক্ৰিকেট। সেই আগৰ খেল-ধেমালিবিলাক এতিয়া নাই । অন্যবোৰৰ হাতত সময়ৰ অভাৱ। টিউচনলৈ যাব লাগে। ঘৰত থকা কেইবাটাও টিভি, ম’বাইল গেমত ব্যস্ত থাকে। সেই তেতিয়াৰ দিনত সন্ধিয়া হোৱাৰ লগে লগেই আমাৰ চুবুৰীৰ প্ৰতি ঘৰৰপৰা ল’ৰা ছোৱালীৱে পৰিবেশন কৰা প্ৰাৰ্থনাৰ সুৰবোৰ ইঘৰপৰা সিঘৰলৈ বৈ পৰিছিল আৰু এতিয়া সন্ধিয়া সেই প্ৰাৰ্থনাৰ সুৰবোৰ শুনিবলৈ নোপোৱা হৈছে।ল’ৰা-ছোৱালীক প্ৰাৰ্থনা কৰা বুলি ক’লেও ধূপ জ্বলায়ে প্ৰাৰ্থনা সামৰণি মৰা হ’ল। সেই তেতিয়াৰ ছুটীৰ সময়ত,আজৰিৰ সময়ত আমাৰ হাতত বাহিৰা আলোচনী বা কিতাপ-পত্ৰ আদি আছিল আৰু এতিয়া আজৰিৰ সময় বুলিলেই ল’ৰা-ছোৱালীবোৰ ম’বাইলতহে ব্যস্ত হৈ পৰে। সেই তেতিয়াৰ খেতি খোলাৰ সময়ত আমি প্ৰতি ঘৰৰ ল’ৰা-ছোৱালীবিলাকে ৰাতিপুৱাই জলপান দিবলৈ গৈ হালোৱাক বা ৰোৱনীক অথবা মাক-দেউতাকক কিছু সময়ৰ বাবে পথাৰৰ কামত সহায় কৰাটো নিয়মমাফিক আছিল।সেই তেতিয়া পথাৰৰপৰা আহিও ৯:০০ বজাৰ ভিতৰত আমিবোৰ স্কুল পাইছিলোগৈ।আৰু এতিয়া ল’ৰা -ছোৱালীবোৰৰ ৰাতিপুৱাৰ ভাগত স্কুললৈ যোৱাৰ আগেয়ে ভাতকেইটা ভালকৈ খাবলৈও সময়ৰ নাটনি। পদূলিত স্কুল গাড়ীৰ হৰ্ণ।সেই তেতিয়াৰ দিনত কাণৰ লতিত পথাৰৰ বোকাৰ কণিকা বোৰ স্কুলত লগৰীয়াই দেখুৱাই আঁতৰাই দিয়াতহে গম পোৱা হৈছিলো। আৰু এতিয়া ল’ৰা -ছোৱালীক তেল-ক্ৰীম আদি নানান প্ৰসাধনেৰে জিলিকাই পঠিওৱা হয়। সেই তেতিয়া ব’ৰলিন-এছপ’লিন , নাৰিকল তেলৰ KMP টেমাটোৰ বাহিৰে ড্ৰেচিং টেবিলত অন্য প্ৰসাধনৰ সামগ্ৰী নাথাকেই। আৰু এতিয়া বডি স্প্ৰেৰপৰা আৰম্ভ কৰি কি কি যে নানান প্ৰসাধনেৰে ড্ৰেচিং টেবিল ভৰ্ত্তি হৈ থাকে যে ড্ৰেচিং টেবুলত ঠাইৰ নটনি হয়। সেই তেতিয়া ফুট গধূলিতে মায়ে জুইশলাত ভাতৰ চৌকা পাতিছিল আৰু সোণকালে খোৱাৰ যোগাৰ দিছিল।আমি ঘৰৰ পঢ়া ল’ৰা-ছোৱালীসকলে জুইশালৰ কাষতেই চতি বস্তা বা পীৰাখন পাৰি জুই আৰু টিপচাকিৰ পোহৰত আশাৰ জীৱন গঢ়াৰ প্ৰস্তুতি চলাইছিলো কাৰণ সেই সময়ত ঘৰৰ সকলোটি ল’ৰা-ছোৱালীক প্ৰয়োজনীয় পৃথক পঢ়াৰ টেবুল, লগতে লেম্পৰ যোগাৰ অভিভাৱকে যোগাৰ কৰি দিব পৰাও নাছিল। তাতে মাহেকে সীমিত পৰিমাণৰহে কেৰচিন তেল সমবায় দোকানৰ পৰা পোৱা গৈছিল। আৰু এতিয়া পঢ়া ল’ৰা-ছোৱালীয়ে LED লাইটৰ ফটফটীয়া পোহৰত ধুনীয়া ধুনীয়া নিজা নিজা পঢ়া টেবুলত পঢ়াৰ সুবিধাকণ লভিছে।গধূলিতে মেগী-পাস্তা জাতীয় খাদ্য টেবুলৰ আগত মাকে যতনাই দিয়া হৈছে। সেই তেতিয়া ফুট গধূলি হ’ল বুলিলেই দূৰণিৰ হাবিৰপৰা বা ঘৰৰ কাষৰ জোপোহা হাবিৰ পৰা শিয়ালৰ ‘হোৱা’ শুনি সৰু সৰু ল’ৰা -ছোৱালী ভয়ত পেঁপুৱা লাগিছিল। আৰু এতিয়া শিয়ালৰ হোৱাই নহয় ডাম্পাৰ-ট্ৰাক আদিৰ ভিন্ন ভিন্ন বিকট হৰ্ণকেইটিয়েহে বুকুৰ হৃদস্পন্দন বঢ়াই যায়।সেই তেতিয়া ঘৰৰ পিছফালৰ পথাৰত জকমকাই ফুলি থকা ভেটফুল ছিঙিবলৈ কলৰ ভৰ বনাই চলাইছিলোঁ।বাৰীৰ ধাপত থকা খালটোত চেপা পাতি পুঠি-খলিহনা ধৰিছিলো।বৰশী দি গৰৈ,চেঙেলী, কাৱৈ,চেনী পুঠি, লালুৱা শিঙৰা আদি মাছ ধৰিছিলো। আৰু এতিয়া সেই ভেটফুল ফুলা দ পথাৰখন নোহোৱা হৈ ডাঙৰ ডাঙৰ পকীঘৰ বহিল। এতিয়া পানী থাকিলেও বৰশীত মাছে নুখুটা হ’ল।বাৰীৰ ধাপৰ খালত থকা মাছবোৰে আমাক বেয়া পাই অন্য ঠাইলৈ আঁতৰি গ’ল। আঘোণৰ বতৰত গাঁৱৰ পদূলিয়ে পদূলিয়ে খেৰৰ সৰু সৰু মুঠি দুটামানৰ লগতে নতুনকৈ চপাই অনা ধানখিনি আগলি কলপাতত পৰি থকা দেখিলেই (থলেশ্বৰ দেৱতালৈ আগবঢ়োৱা ভোগ ভাগি) বুজিব পাৰি সেই ঘৰত ন-খোৱাৰ আয়োজন হ’বলৈ হৈছে। ন-খোৱালৈও চুবুৰীয়া জ্ঞাতিৰ সকলোকে নিমন্ত্ৰণ কৰি ন-ভাত সাজ ৰাইজলৈ আগবঢ়াই গৃহস্থই সেই দিনাৰপৰা নতুন-চাউল মুঠিৰ বাট মোকলায়। ন-খোৱাত এটা হাঁহ বা ৰাজহাঁহ আৰু কোমোৰা বা লাউ আদি শাক মিহলি কৰিয়েই গোটেই চুবুৰীয়াই অতি তৃপ্তিৰে ভাত-সাঁজ খাইছিল। সেই তেতিয়া ন-খোৱালৈ ইমানেই আলহী অতিথিৰ আগমন হৈছিল যে খোৱাৰ বাবে ঘৰৰ বাহিৰৰ মুকলি চোতালত চাৰিওফালে আঁৰ কাপোৰ তৰি সকলোৱে একেলগে বহাৰ ব্যৱস্থা কৰিব লগা হৈছিল । সোঁমাজত খৰিৰ একুৰা বৃহৎ জুই ধৰি ঠাইডোখৰৰ পৰিৱেশটো উমাল কৰি ৰখাৰ ব্যৱস্থাটোৰ বাবে অনুষ্ঠানটি বেছিকৈ উপভোগ্য হৈ পৰিছিল। আৰু এতিয়া থলেশ্বৰ দেৱতালৈ আগবঢ়োৱা ভোগ ভাগিও নাই আৰু ন-খোৱালৈ চুবুৰীয়া জ্ঞাতিৰ সকলোকে নিমন্ত্ৰণনো কৰা নহয়। এটা হাঁহ বা এবিধ মাংস আৰু মাছৰদ্বাৰা হেঁপাহ নুগুচেই।উদৰ পূৰাই মাছ-মাংসৰ প্ৰয়োজন হয়। সকলো যেন আত্মকেন্দ্ৰিক হৈ পৰিল। যি চুবুৰীয়াই আগতে ঘৰত কুকুৰা বা হাহঁ এটা খালেও নিকটতম দুই-এঘৰত মাংসৰ বাতি এটি দিয়াৰ আন্তৰিকতা আছিল আজি সেই চুবুৰীয়াৰ আন্তৰিকতা , সহমৰ্মিতাবোৰ নোহোৱা হ’ল। ৰাজহুৱা নামঘৰত মাহ-প্ৰসাদৰদ্বাৰা সামূহিক ভাবে ন-খোৱা পৰ্বটো সুকীয়া। সেই তেতিয়াৰ দিনত বিহু বা অন্যান্য সামাজিক উৎসৱ পাৰ্বনৰ বাবে গাঁৱৰ সকলোৱে দৰকাৰী পিঠা ঘৰত থকা ঢেঁকীতে খুন্দিছিল। আনকি গাঁৱৰ বহু লোকে সেই তেতিয়া ঢেঁকীত ধান বানিয়েই ভাতখোৱা চাউল যোগাৰ কৰিছিল। ঢেঁকী গাঁৱলীয়া সমাজ জীৱনৰ স্বাভিমান আছিল। আৰু এতিয়া বিহুৱে সংক্ৰান্তিয়ে চাউল,পিঠা বৈদ্যুতিক মটৰচালিত মেচিনত তৎক্ষণাতে খুন্দিব পৰা হ’ল। গাঁৱৰ ঢেঁকীবোৰ এতিয়া নাইকিয়া হ’ল। আজিৰ ল’ৰা-ছোৱালীয়ে ঢেঁকী নিচিনা হ’ল। সেই তেতিয়া মাঘ বিহুৰ মেজি বুলিলে চুবুৰীয়া জ্ঞাতিৰ ল’ৰা-ডেকাৰ পৰা বয়োজেষ্ঠ সকলোৱে মিলি-জুলি যি উৎসাহ , ৰঙ-ৰহইচ, আনন্দ-ফূৰ্তি বিৰাজমান কৰি মেজিৰ আয়োজন আছিল,আজি তেনে পৰিৱেশ ম্লান হৈ পৰিল। সেই তেতিয়া পথাৰত নৰা কটাৰ পৰা কাঠ-বাঁহ খৰি যোগাৰ কৰাৰ পৰা মেজি, ভেলাঘৰ সাজি আনন্দত আত্মহাৰা হৈ মাঘ বিহুৰ আয়োজনত সকলোৱে মতলীয়া হৈ পৰিছিল। গাঁৱৰ প্ৰতিটো নামঘৰে নামঘৰে পথাৰত আয়োজন কৰা এখন মেজিৰপৰা অন্য এখন মেজিলৈ বিহুগীত গাই গাই আলহী হৈ গৈ আলহী খোৱাৰ নান্দনিক মুহূৰ্তবোৰেই সুকীয়া আছিল। মেজিৰ ভেলাঘৰ ৰখীয়া ডেকাহঁতে ৰাতি জুইশালত পিঠা-পনা বনাই থকা বৰমা,খুৰীদেউ,পেহী,বৌ কেইজনীৰ ঘৰলৈ গলেই পিঠা-পনা খুৱাই ……”ঐ মৰাকেইটা, তহঁতলৈ বগী হাঁহ এজনী থৈ দিছোঁ তাকে গঁড়ালৰপৰা লৈ যা।দুপৰ ৰাতিখন চুৰ কৰিবলৈ আহি দিগদাৰিখন নকৰিবিহি”…বুলি মৰমসনা ভেকাহিটো মাৰে।
বাহ! কি শ্ৰদ্ধা আছিল মেজি ৰখীয়াসকলৰ প্ৰতি। সঁচাকৈয়ে সেই সময়ত গাঁৱৰ প্ৰায় ঘৰে একো একোটা কুকুৰা বা হাঁহ ভেলাঘৰত থকাসকলৰ বাবে আগবঢ়াইছিল।বেলেগকৈ চুৰ কৰিব লগাত নপৰিছিল। কাচিৎহে দুই এঘৰত পৰম্পৰা অনুসৰি চুৰ কৰা হৈছিল । গৃহস্থৰ হাঁহ-কুকুৰাৰ গঁড়াল কেতিয়াও উদং কৰি থৈ অহা নহৈছিল। আৰু এতিয়া মাঘ বিহু আহিছে বুলিলে গাঁৱৰ প্ৰতি গৃহস্থই মেজি সজাৰ উমান পোৱাৰ লগে লগেই বা বিহুৰ এক সপ্তাহৰ মানৰ আগৰেপৰা গঁড়ালৰ হাঁহ-কুকুৰা গধূলিতে বান্ধি মেলি শুৱনি কোঠাৰ কাষত ৰাখিব লগা হয়। মেজিঘৰৰ চুৰৰ সামান্তৰালকৈ অন্য চুৰ প্ৰবৃত্তিৰ লোকেও আহি সমূলঞ্চে হাঁহ -কুকুৰা লৈ যায়। সেয়ে আগৰ দিনৰ মাদকতাবোৰ নোহোৱা হৈ পৰিছে । এতিয়া গাঁৱৰ নামঘৰে নামঘৰে মেজি খোৱাৰ দৃশ্য আঙুলিৰ মূৰতে সীমাবদ্ধ থাকে।প্ৰায়েই চুবুৰীয়া কেইঘৰ মান লগ হৈ মেজি আয়োজন কৰাত লাগিল। তাকো ঘৰৰ মুকলি ঠাই এডোখৰত।সমজুৱাভাৱে মুকলি পথাৰত মেজি খোৱাৰ মাদকতা চুক বা চুবুৰীত পোৱা নাযায়। তাৰোপৰি ধৰ্মীয় ৰীতি-নীতিক দোহাৰি কিছুলোকে মেজিৰ অগ্নি সেৱাৰপৰা আঁতৰত থকাৰ বাবেও এতিয়া ৰাজহুৱাকৈ মেজিৰ আয়োজনত কিছু বিভিন্নতা আহি পৰিছে। আগতে গাঁৱত ধৰ্মীয় বিভিন্নতা একেবাৰে নাছিল। গাঁৱৰ সকলোৰে মাজত আছিল অকৃত্ৰিম মৰম, ভালপোৱা, আন্তৰিকতা।
ভাগৱত গীতাতেই কৈছে – পৰিবৰ্তন আৱশ্যম্ভৱী। সকলো ক্ষেত্ৰতে এদিন নহয় এদিন পৰিবৰ্তন আহিবই। আমি কেৱল ধৈৰ্য্য ধৰিব লাগে। অপেক্ষাৰ অন্তত আপুনি দেখিব কাৰোবাৰ মন সলনি হৈছে, কৰোবাৰ দিনবোৰ, কোনো সামাজিক -সাংস্কৃতিক পৰিৱেশ, কোনো ঠাইৰ। পৰিবৰ্তনৰ পৰিক্ৰমাবিলাক হয়তো এনেকৈয়ে ধীৰে ধীৰে হৈ আছে। জুকিয়াই গৈ থাকিলে বহু কথাই ওলাই গৈ থাকিব, বহু বিষয়তে পৰিবৰ্তনবোৰ চকুৰ আগত ধৰা পৰিব আৰু এই সকলোবোৰ বিষয় সামৰি একোটা লিখনিত সম্পূৰ্ণ কৰাও সম্ভৱপৰ নহয়। উল্লেখিত বিষয়বোৰৰ স’তে মোৰ শৈশৱৰ পৰা প্ৰাক-বৃদ্ধ অৱস্থালৈকে লাভ কৰা সোণসেৰীয়া শ্বাশ্বত মুহূৰ্ত কিছুমানক লৈয়ে লেখাটি যুগুত কৰা হ’ল। যুগৰ পৰিবৰ্তন হোৱা অনুভৱ কৰি এয়া সম্পূৰ্ণ মোৰ স্থানীয় অঞ্চলক লৈ কৰা আলোকপাতহে।আপোনালোকেও কিবা পৰিৱৰ্তন লক্ষ্য কৰিছেনে?এক মিনিট সময় চকু দুটা মুদি একান্তমনে চিন্তা কৰকচোন। আপোনাৰ অঞ্চলটোত ঘটি থকা পৰিবৰ্তনবোৰ চকুৰ আগত ভাঁহি আহিব। কিবা নহয় কিবা এটি পৰিবৰ্তনৰ ইংগিত পাবই। পৰিবৰ্তনবিলাক হয়তো এনেকৈয়ে নভবাকৈ হৈ গৈ আছে..।আমি সৰুৰেপৰা যিসমূহ যেনেকৈ দেখি আহিছিলো,এতিয়া বয়স বাঢ়ি যোৱাৰ লগে লগে সম্পূৰ্ণ অমিল দেখিবলৈ পাইছোঁ। সৰুতে ককা-আইতাৰ মুখত শুনিছিলো- তুলনা কৰাটো হেনো বেয়া অভ্যাস।কিন্তু তুলনা নকৰিলেচোন দিনবোৰৰ পৰিবৰ্তনবোৰ, যুগৰ ব্যৱধানবোৰ অনুধাৱন কৰাই কঠিন। গাঁৱৰ সেই তেতিয়াৰ গৰিমাময় শ্বাশ্বত দিনবোৰ, পৰিবেশবোৰ এতিয়া যে আকৌ ঘুৰাই পোৱাৰো অৱকাশ নাই সেয়া স্বীকাৰ কৰি ল’বই লাগিব। পৰিবৰ্তনৰ ধামখুমীয়াত সেইবোৰ আমি হেৰুৱাই পেলালোঁ..!
*******