সুখবোৰ কেনেকৈ বিচাৰি পাওঁ-উপাসা ভাগৱতী

“মাঘৰ ষষ্ঠী তিথিটো এইবাৰ আগুৱাইছে,চাবাচোন”….

বাণী বৌৱে ফোনতে কৈ উঠিল।মনটো ষষ্ঠী তিথিটোত সোমাই পৰিল।কেৰাহীত এটা ছন্দত লৰি থকা হাতখনে যেন ছন্দ হেৰুৱালে।লাহেকৈ ঘূৰি পাকঘৰত বিভিন্ন হিচাপ-নিকাচ কৰিবলৈ থোৱা ডাঙৰ ডাঙৰকৈ তাৰিখবোৰ লিখা কেলেণ্ডাৰখনলৈ চকু দিলে।এৰা মাঘৰ ষষ্ঠী এইবাৰ জানুৱাৰীত।সৰস্বতী পূজা তাৰমানে ফেব্ৰুৱাৰীত পৰিছে।এই তাৰিখত পূজা বুলি লিখি থোৱা নাই দেখোন।পাতটো লুটিয়াই ফেব্ৰুৱাৰীত চকু পৰিল… ১৪ফেব্ৰুৱাৰী।লগতে বুধবাৰ আৰু ফাগুন মাহ পৰা দেখিয়েই মনলৈ আহিল–আলি-আই-লৃগাং উৎসৱো এই একেটা দিনতে–যেন ত্ৰিবেণী সংগম।ভাল লাগি গ’ল মনটো।গুণগুণাই গান এটি গাই উঠিল মানসীয়ে।মনটো যেন পাতল হৈ পৰিল,শৰীৰটো যেন লেহুকা হৈ সেই দিনবোৰলৈ উলটিবলৈ চেষ্টা কৰিলে।

“মা শুনিছানে,মোৰ ইউনিফৰ্মৰ চাৰ্ট পোৱা নাই।বেল্টডাল ক’ত গ’ল জানো….? মই কিন্তু এগ ৰ’ল খাম আৰু টিফিনত লৈ যাম দেই।” 

সিটো কোঠাৰপৰা অহা বুমনৰ মাতটো কাণত বাজি উঠাত তাইক বাস্তৱলৈ ঘূৰাই আনিলে। মূৰটো গৰম উঠি গ’ল।খংটো টিঙিচকৈ মাৰিলে —

“সদায় স্কুলৰপৰা আহি নিৰ্দিষ্ট ঠাইত বস্তুবোৰ খুলি থ’বলৈ কওঁ,শুন নে?একাণে শুনি একাণে উলিয়াই দিয়। মই সকলো সামৰি সামৰি লেবেজান হৈ যাওঁ। আলমাৰীটোৰ সন্মুখতে আছে,চকুকেইটা মেলি অলপমান চা।”

“নাই পোৱা অ’।চাই দিয়াহি চোন।”

-পুনৰ বুমনৰ মাত।

উপায় নাপাই তাই পাকঘৰ এৰি বুমনৰ ওচৰ পালেগৈ। গৈয়েই আইনাখন চাই মুখখনৰ বিভিন্ন অংগী ভঙ্গী কৰি ৰৈ থকা বুমনৰ সন্মুখতে হেঙাৰত ওলমি থকা বেল্ট,চাৰ্ট হাতত তুলি দি কাণখন পকাই দিলে।মুখেৰে বিৰক্তিকৰ শব্দ কিছুমান উচ্চাৰণ কৰাৰ লগতে…..

“সদায় একেবাৰে কামেই কৰি দিব লাগে,ইমান ডাঙৰ হ’ল, সৰুতে আল ধৰাতকৈ এতিয়া আৰু বেছিকৈহে ধৰিব লাগে হৈছে,মোক মানে দৌৰাই ফুৰাইহে তহঁতৰ শান্তি,কুটা এগছো ইফাল সিফাল নকৰিবি”….

আদি কৈ কৈ ভোৰভোৰাই থাকি পুনৰ খৰকৈ তাই বুমনক স্কুললৈ পঠিয়াবলৈ হাত খৰ কৰিলে।সময় যে খৰকৈ উকলি গৈছে।ইতিমধ্যেই এখন ৰুটী টেৱাতে জ্বলি ভসম উঠিল। গোটেই কোঠাটো ধোঁৱাময় হৈ উঠাত যি দুখন খিৰিকী খোলা নাছিল তাকো খুলি দিলে।ৰুটী পোৰাৰ গোন্ধটো সমগ্ৰ ঘৰখনতে বিয়পি গ’ল।

এইকেইদিন কেৱল মনেৰে কথা পাতিছে। আলমাৰীটোৰ ভিতৰখন সৰু ছোৱালী এজনীৰ দৰে জুমি চাই কিবা এটা চিন্তাত বিভোৰ হৈছে।মনত পৰিছে সেই তেতিয়া মাকৰ পিছে পিছে ঘূৰি আব্দাৰ কৰি থকা দিনবোৰ।মাকক ৰেকদালৰ ওপৰত থকা বাকচটো তললৈ নমাই আনিবলৈ কৰা কাকূতি মিনতি। মাকেও তাইৰ কথাত মূৰ জোকাৰে।

“ৰচোন হেৰৌ!কিমান আমনি নকৰ,সময় আহক মই কিবা এটা ঠিক কৰি দিম দে।” 

তথাপিও মনে নসহে।লগৰ ৰূপ,মৌচুমী,যুঠিকা সকলোৱে ঠিক কৰিলেই।দুজনীমানে ৰংবোৰো মিলাই লৈছে।তাইহে বাকী ৰৈছেগৈ।সময় সুবিধা বুজি মাকে জোৰণত দিয়া নীলা ৰঙৰ বাকচটোৰ দুয়োফালে থকা বকলেচ দুটা খুলি মেলি দিওঁতেই নেপথেলিনৰ গোন্ধ এটা নাকেৰে উজাই গ’ল।বগা,হালধীয়া,মুগা আৰু মাকৰ পিঁয়াজী ৰঙৰ জোৰণত দিয়া দ্বিতীয় ছেটটো একেবাৰে তলিৰ পৰা ওলাই আহিল।তাই ৰংটো দেখিয়েই কিৰিলিয়াই উঠিল।

মই এইযোৰ পিন্ধিম মা”….লগে লগেই তাই কৈ উঠিল। 

মাকে কাপোৰযোৰ পিটিকি চাই সেমেনা সেমেনিকৈ ক’লে

“পাৰিবি জানো?মেখেলাখনৰ গুণাবোৰ ফিচিকিছে যেন পাইছো।”

“একো নহয়,মই পিন্ধিমেই যা।যি হয় হব।” 

তাই আকোঁৰগোজ হৈ ক’লে।

নিৰ্দিষ্ট দিনা ঘৰৰ কাষতে সংস্কৃত টোলত হোৱা পূজাভাগত ঘৰৰ ফুল অলপ ছিঙি চাকি এগছ একো নোখোৱাকৈ দি আহিল।এটা কাষত আন মহিলাসকলৰ লগত মাকক ভোগৰ খাৰধি কুটি থকা দেখি তাই ৰিঙিয়াই আহিল।ঘৰলৈ খৰধৰকৈ আহি মাকে তাইক যেনেতেনে সাজু কৰি স্কুললৈ লগৰীয়াৰ লগত পঠিয়ালে।যাওঁতে ঠিকেই গ’ল।সেৱা সৎকাৰ কৰি ভোগৰ ঘৰত প্ৰচণ্ড ঠেলা হেঁচাত জীৱ উৰাৰ দৰে হ’ল। মেখেলা-চাদৰ সামৰোতে গুণাবোৰ ফেৰফেৰকৈ এৰাবলৈ ধৰিলে।খাবলৈ পোৱাৰো উমঘাম নেদেখি উভতি গৈ টোলত খোৱাৰ সিদ্ধান্ত কৰি এমাইল বাট খোজ কাঢ়ি ঘৰলৈ বাট বুলিলে।এটা হাতে মেখেলা ফালি যোৱা অংশ ধৰি,আনহাতে চেন্ডেলে কটাত লেকেচিয়াই লেকেচিয়াই কৰা সেই বিষম যাত্ৰাৰ কথা মনত পৰাত মুখেৰে ফিচিককৈ হাঁহি এটা ওলাই গ’ল।

টিভিটো মেলি ল’লে।তাত মেখেলা চাদৰ এসোপা লৈ এগৰাকীয়ে সুধি আছে এগৰাকীয়ে গাত লৈ উত্তৰ দি আছে।ফোন নম্বৰ দিছে।লগতে অসমীয়া অলংকাৰ এসোপা।ধুনীয়া হ’লেও হাতত যেতিয়া কণ নাথাকে এইবোৰ চায়ো ভাল নালাগে।বন্ধ কৰি ফোনটো হাতত লৈ তাতো দেখিলে যোৱাবছৰবোৰত হোৱা বিভিন্ন কৰ্ম-কাণ্ড লৈ এসোপা লেখাৰে ভৰি আছে।তাৰোপৰি সেই চাদৰ-মেখেলাৰ ,আ-অলংকাৰৰ ভিডিঅ’।চাবলৈ গ’লে পূৰ্বতকৈ কম দামত পাটৰ দৰে বিভিন্ন কাপোৰ ওলাইছে।যদিও প্ৰতিটো অনুষ্ঠানতে পিন্ধিবলৈ মানুহে টকাৰ যোগাৰ কিদৰে কৰিছে ভাবি আচৰিত লাগিল । কলিং বেলটো বজাত অনুমান কৰিলে বুমন স্কুলৰ পৰা আহিল।

হঠাতে জা জনীয়ে ফোন কৰিলে…..

”মাৰ গাটো বৰ বেয়া হেনো ঘৰলৈকে যাব লাগিব বুজিছা। দুদিনমান মাৰ লগত থাকি আহোঁগৈ।এইবাৰ পিছে মই তোমাৰ লগতহে সৰস্বতী পূজা একেলগে চোৱাৰ প্লেন কৰিছিলো।” 

তায়ো হুমুনিয়াহ এৰিলে।এৰা’ দাতাই দিলেও বিধাতাই নিদিয়ে।বিয়াৰ পিছত এইবাৰ প্ৰথম সৰস্বতী পূজাত ওলাই গৈ ভোগ অকণমান খাব পোৱাৰ সুযোগ মিলিছিল।নহ’লে সদায় পূজাৰ দিনা হবিচ কৰিব লগা হয়।কাৰণ পিছদিনা শ্ৰাদ্ধ পৰে।সকলো ফুটুকাৰ ফেন হ’ব যেন পালে।তথাপি মনত এটা ক্ষীণ আশা লৈ কাপোৰ এসাজ ঠিক কৰি তাই বুমনৰ লগত সাজু হ’ল সৰস্বতী পূজালৈ বুলি।মনত আশাৰ ৰং দুয়োজনীৰে।এইবাৰ মাক-জীয়েক দুয়ো একেলগে ওলাই যাব।

পুৱাই গা পা ধুই গোঁসাই ঘৰত শৰাই এখন দিবলৈ ঠিক কৰি থকাৰ পৰাই বুমনক নিজৰ টেবুলখন ঠিক কৰি তাতে ফুল,ধূপ,চাকি লগাই মন্ত্ৰটো গাই প্ৰাৰ্থনা কৰিবলৈ কৈ থাকিল।বুমনেও ও,ও কৰি থাকিল। গোঁসাই ঘৰতে মানসীয়ে নিজকে অসুস্থ যেন অনুভৱ কৰিলে।গাটো যেন গৰম হৈ আহিছে।মূৰটোও ভমভম কৰিছে।প্ৰেচাৰ হৈছে নেকি বাৰু?ক’ব নোৱাৰি… বয়সো হৈছে নহয়।ভগৱানে শৰীৰটোত কি কি বেমাৰ জাপি দিওঁ বুলি ভাবিছে বা!শৰাইখন দিবলৈ লৈ বুমনক আগদিনা থ’বলৈ দিয়া ঠাইৰপৰা কাপোৰ এখন দিবলৈ ক’লে।উঠি যাবলৈ  মন নগ’ল।প্ৰথম দুবাৰ মাত দিয়াৰ পিছতো বুমনৰ মাত নাপালে তৃতীয়বাৰ উপায়বিহীন হৈ সেৱা এটা কৰি উঠি আহি বুমনৰ টেবুলখন চাই মূৰটো ভমককৈ মাৰিলে।

“এইখন কি কৰিছ হুহ!আজিলৈকে কিতাপবোৰ চিজিল কৰি থ’বলৈ নিশিকিলি।এনেকৈনো চাকি,ধূপ দিয়েনে?ফুল এপাহো নিদিলি নহয়?কি যে হ’ব নহয়?কিমান যে শিকাব লাগিব আৰু দেই।আমাক দেখোন মাহঁতে এইবোৰ একো কোৱা নাছিল।আমি নিজে নিজে পূজা বুলি টেবুলখন সজাইছিলো।ফুল দিছিলোঁ।মালা গাঁথি লৈ গৈছিলো দেৱীক দিবলৈ।তাতোকৈ ডাঙৰ কথা আমি প্ৰতিদিনে সৰস্বতী বন্দনা কৰিহে পঢ়িবলৈ লওঁ। তই জাননে মন্ত্ৰটো?শিকাইছিলো দেখোন,মনত আছেনে নাই??”

“নাজানো।পাহৰি থাকিলো।”

“এৰা কেনেকৈ থাকিব।কেতিয়াবা গাই পাইছ? সদায় কিতাপ মেলোতে গাবলৈ কওঁ গাৱ নে?”

লাহে লাহে মূৰটো গৰম হৈ গৈ থাকিল।মানুহজনকো স্কুলত শৰাই দিবলৈ কলপাত আনি থ’বলৈ কোৱাতো ননাত খংটো আৰু টিংখোপত উঠিল

ভোৰভোৰাই,ভোৰভোৰাই ওপৰতে থকা এযোৰ কাপোৰকে গাত মেৰিয়াই কাষৰ এল পি স্কুলখনত শৰাইখন দিবলৈ তিনিওটা ওলাই গ’ল।ইতিমধ্যেই বেলি বহুখিনিয়ে হৈছিল।তাতে পূজা বুলি চাহ একাপো মুখত নিদিয়া তাইৰ পেটটো পকাবলৈ আৰম্ভ কৰিছিল।তাৰ লগতে খঙৰ ভমকটো আছিলেই। চাকি জ্বলাই সেৱা কৰি ওলাই আহোঁতেই স্কুলৰ বাইদেউ এগৰাকীয়ে চাহ খাই যাবলৈ ক’লে।তাইৰো চাহ,লালমোহন ভুজিয়াৰ প্লেটখন দেখি হাঁহি বিৰিঙিছিল।কিন্তু মানুহজনৰ কি হ’ল জানো?একে আষাৰে…..

“চাহ নাখাওঁ দেই।তাতে মই চেনী নাখাওঁ নহয়। বাদ দিয়ক।তাতে আন এখন পূজালৈও যাব লগা হৈ আছে”….বুলি ক’লে।কথাষাৰ শুনিয়েই টিঙিচকৈ মাৰিলে।মানুহৰ আগত খংটো দেখুৱাবও নোৱাৰি।নিৰ্বিবাদে মানি লোৱাৰ বাহিৰে উপায় নাই।মনৰ ভিতৰত সকলো হজম কৰি তাই ওলাই আহিল।ভিতৰি ভিতৰি তুঁহ জুইকুৰা জ্বলি থাকিল।ঘৰলৈ আহিয়েই খাণ্ডৱ দাহ হ’ল।তাইৰ মুখেৰে ওলোৱা জুইৰ প্ৰকোপত ঘৰখন নিতাল মাৰিলে। দুবাৰমান ‘পূজালৈ ওলোৱা’ বুলি কোৱাৰ পিছতো তাইৰ মাতবোল নুশুনি কওঁ নকওঁকৈ মানুহজন ফৰিংচিটিকা দিলে।নিজেও এই দহনত পুৰি ছাৰখাৰ হৈ এটা সময়ত ছাই হৈ পৰি ৰ’ল।এইদৰেই মনৰ আশা মনতে লৈ পাৰ হৈ গ’ল এটা দিন।জীৱন নৈত আশাবোৰ সোঁতত এৰি দি বৈ গৈ থাকিল তাই মনৰ সুখ বিচাৰি।

*******

Leave a Reply

Your email address will not be published. Required fields are marked *