চতুৰ্থ উদ্যোগিক বিপ্লৱ: সম্ভাৱনা আৰু সমস্যা-ড০ বিমান কুমাৰ নাথ
কৃষিখণ্ডক প্ৰতিখন দেশৰ অৰ্থনীতিৰ আধাৰ বুলি গণ্য কৰা হয়। এই কৃষিৰ আলমতে পতুৰ্গীজ আৰু পৰৱৰ্তী সময়ত ব্ৰিটিছে ভাৰতবৰ্ষত ঔপনিৱেশিক শাসন ব্যৱস্থাৰ আৰম্ভণি কৰিছিল।ওঠৰ শতিকাৰ সময়ছোৱাত প্ৰথম উদ্যোগিক বিপ্লৱ আৰম্ভ হয়। সাধাৰণ ভাষাত ইতিমধ্যেই প্ৰকৃতিয়ে প্ৰদান কৰা বিভিন্ন সম্পদবোৰৰ প্ৰযুক্তিৰ মাধ্যমেৰে উৎপাদন কৰি সামাজিক আৰু অৰ্থনৈতিক উন্নয়ন সাধন কৰি উদ্যোগ খণ্ডৰ পিনে ধাৱমান হোৱা প্ৰক্ৰিয়াটোৱেই প্ৰথম উদ্যোগিক বিপ্লৱ।এই সময়ছোৱাত ঔপনিৱেশিক শাসন ব্যৱস্থাৰ মাজত থকাৰ বাবেই উৎপাদন, বিতৰণ আৰু উপভোগৰ ক্ষেত্ৰত মানৱ সভ্যতাৰ যি উত্তৰণ হৈছিল তাৰ অংশীদাৰ হ’বলৈ ভাৰতবৰ্ষই নাপালে,যি সময়ত পশ্চিমৰ দেশবোৰৰ যথেষ্ঠ উন্নয়ন হয়। ঠিক সেইদৰে কয়লা, ভাপ ইঞ্জিন, বিদ্যুৎ আৰু খনিজ তেলৰ আধাৰত ঊনৈশ আৰু বিংশ শতিকাত আৰম্ভ হোৱা দ্বিতীয় উদ্যোগিক বিপ্লৱতো ভাৰতবৰ্ষ বিশেষ লাভান্বিত নহ’ল। সি যি কি নহওক, বিংশ শতিকাৰ মাজভাগত আৰম্ভ হোৱা কম্পিউটাৰ বিপ্লৱত ভাৰতবৰ্ষই কিছু উন্নতি কৰিলে যদিও অন্য দেশবোৰ সেই সময়ত বহু আগুৱাই গ’ল।
বৰ্তমান সমগ্ৰ পৃথিৱী চতুৰ্থ উদ্যোগিক বিপ্লৱৰ দিশে ধাৱমান হৈছে। এই ধাৰণাটি পোনপ্ৰথমবাৰৰ বাবে ক্লাউছ স্কোৱাবে (বিশ্ব অৰ্থনৈতিক মঞ্চৰ প্ৰতিষ্ঠাপক) ২০১৬ চনত আৰম্ভ কৰিছিল যাৰ বাবে তেওঁ ‘The Fourth Industrial revolution’ নামেৰে এখনি গ্ৰন্থ প্ৰকাশ কৰিছিল। কোৱা হয় যে ভৌতিক, ডিজিটেল আৰু জৈৱিক পৃথিৱীৰ মাজত থকা পাৰ্থক্যবোৰ হ্ৰাস কৰাৰ বাবেই এই বিপ্লৱৰ সূচনা হৈছে। ইয়াৰ মূল উপাদানবোৰ হ’ল আৰ্টিফিছিয়েল ইন্টেলিজেঞ্চ, ইন্টাৰনেট অৱ থিঙচ্, ৰবটিক্স, থ্ৰি ডি প্ৰিন্টিং, কোৱান্টাম কম্পিউটিং, গ্ৰাউণ্ড ব্ৰেকিং ইনভেঞ্চন ইত্যাদি। এই উপাদানবোৰে মূলত: উৎপাদন প্ৰক্ৰিয়াৰ দক্ষতা বৃদ্ধি, সংযোগ, তথ্য চালিত সিদ্ধান্ত, অন্তৰ্ভুক্তি, বহনক্ষমতা ইত্যাদি কৰ্মবোৰ সঞ্চালন কৰিব।
১৯৫৬ চনত জন মেকাৰ্টিয়ে ডাৰ্টমাউথ কনফাৰেঞ্চত পোনপ্ৰথমবাৰৰ বাবে আৰ্টিফিচিয়েল ইন্টেলিজেঞ্চৰ ধাৰণাটিৰ সূচনা কৰিছিল। ইয়াৰ মূল অৰ্থটো হ’ল মেচিনৰ জৰিয়তে মানুৱসৃষ্ট বুদ্ধিবোৰ সঞ্চালন কৰা যাৰ জৰিয়তে যিকোনো কাৰ্যকলাপৰ দক্ষতা বৃদ্ধি কৰা। আমি যিবোৰ সামগ্ৰী এমাজন, ফ্লিপকাৰ্টত বিচাৰি থাকোঁ, সেই সামগ্ৰীবোৰ আমাৰ দৈনন্দিন ব্যৱহৃত চ’চিয়েল নেটৱৰ্কিঙত দেখুৱাই বিজ্ঞাপনৰ সৃষ্টি কৰাটো আৰ্টিফিছিয়েল ইন্টেলিজেঞ্চৰ ফল। এ আইক আমি তিনিটা ভাগত ভাগ কৰিব পাৰোঁ- আৰ্টিফিছিয়েল নেৰ’ ইন্টেলিজেঞ্চ, আৰ্টিফিছিয়েল জেনেৰেল ইন্টেলিজেঞ্চ আৰু আৰ্টিফিছিয়েল চুপাৰ ইন্টেলিজেঞ্চ। আৰ্টিফিছিয়েল নেৰ’ ইন্টেলিজেঞ্চৰ ভিতৰত এলেক্সা, ফেচ ভেৰিফিকেচন, ভেহিকল অটো পাইলট, গুগল মেপ, চফিয়া ইত্যাদি পৰে। এই ধৰণৰ এআই ত সীমিত বুদ্ধিৰ সংস্থাপন কৰা হয়। উদাহৰণস্বৰূপে, এলেক্সাত সংস্থাপিত বুদ্ধিৰ ওপৰত ভিত্তি কৰিহে সি আমাৰ প্ৰয়োজনীয় কৰ্ম সম্পাদন কৰিব। ঠিক সেইদৰে মোবাইল অথবা কম্মিউটাৰত আমি ফেচ ভেৰিফিকেচনৰ জৰিয়তে সুৰক্ষা কৰা, টেছলাৰ পিছত অন্য বাহনবোৰতো অটো পাইলট ব্যৱস্থাৰ জৰিয়তে বাহন চলোৱা ইত্যাদি কথাবোৰ এই আৰ্টিফিছিয়েল নেৰ’ ইন্টেলিজেঞ্চৰ আওতাত পৰে। দ্বিতীয় প্ৰকাৰটো হ’ল আৰ্টিফিছিয়েল জেনেৰেল ইন্টেলিজেঞ্চ (চমুকৈ এজিআই)। ইয়াক শক্তিশালী এ আই বুলিও কোৱা হয় যাৰ জৰিয়তে যিকোনো বৌদ্ধিক কৰ্ম সম্পাদিত হয়। উদাহৰণস্বৰূপে, কবিতা লিখা, প্ৰৱন্ধ লিখা, গল্প লিখা, গৱেষণা পত্ৰ লিখা, চিঠি লিখা ইত্যাদি কামবোৰ সম্পাদিত হয়। তৃতীয় প্ৰকাৰটো হ’ল আৰ্টিফিছিয়েল চুপাৰ ইন্টেলিজেঞ্চ (এএছ আই)। এই পদ্ধতিত কোৱান্টাম কম্পিউটাৰৰ জৰিয়তে বিভিন্ন কাল্পনিক সমস্যাৰ সমাধান কৰা হয়। উদাহৰণস্বৰূপে,ব্যৱসায়ত লোকচান হোৱাৰ কাৰণ,কোনটো ঔষধে কি বেমাৰৰ বাবে বা কিমানদূৰ নিৰোগী কৰিব পাৰে, চকুৰ ৰশ্মিৰ ক্ষেত্ৰত ৰেটিনাৰ সমস্যা আছে নেকি ইত্যাদি কৰ্মবোৰ সম্পাদন কৰে। এই তৃতীয় পৰ্যায়ৰ এ আইৰ বাবে ভাৰতৰ লগতে বিভিন্ন দেশত কিছু কিছু ক্ষেত্ৰত চাকৰি হেৰুওৱা পৰ্যন্ত নজিৰ বহু আছে। শেহতীয়াকৈ বিভিন্ন উন্নত দেশত উকীলৰ প্ৰয়োজনীয়তা হ্ৰাস পোৱাটো ইয়াৰ জলন্ত উদাহৰণ। কাৰণ, মই যদি এজন উকীল আৰু মোৰ বাবে ভাৰতৰ সংবিধানখন এটা এটা বাক্য মনত ৰখাটো অসম্ভৱ যি সংবিধান বা শেহতীয়া ভাৰতীয় ন্যায় সংহিতাৰ প্ৰতিটো অনুচ্ছেদ মনত ৰাখি গ্ৰাহকক (ক্লায়েন্ট) মূহুৰ্ততে এটি সিদ্ধান্ত দিয়াত কিছু অসুবিধা হ’ব। কিন্তু এটা কম্পিউটাৰৰ বাবে সেয়া অতি সাধাৰণ কথা হিচাপে পৰিগণিত হৈছে। ড. যাদবেন্দ্ৰ বৰাই ‘আওঁচ’ নামৰ আলোচনীখনত লিখিছে যে যি সময়ত এচাম গৱেষকে পৃথিৱীৰ বাহিৰলৈ গৈ সৌৰজগতৰ অন্য গ্ৰহত মানুহে বসতি কৰাৰ বিষয়ে চিন্ত চৰ্চা কৰি আছে অহৰ্নিশে, সেই সময়ত এআইৰ উপৰিও প্ৰযুক্তিবিদ্যাৰ নিত্য নতুন গৱেষণাক আৰু আগঢ়াই নিয়াৰ সলনি ইমানতে ইতি পেলোৱাৰ যুক্তিয়েই বা ক’ত। ইয়াৰ আলমতে আমি দুআষাৰ কথা ৰাখিব বিচাৰিছোঁ। আমি কেতিয়াবা অফিচ কাছাৰীত বিভিন্ন চিঠি বা দৰ্খাস্ত লিখিব লগা হয়। একোখন দৰ্খাস্ত লিখাটো আজিৰ জনতাই চাগে শিকি পেলাইছে কিয়নো আমি তিনিটাকৈ উদ্যোগিক বিপ্লৱৰ ধামখুমীয়াত দৰ্খাস্ত লিখাটো সাধাৰণ কথা। কিন্তু দুৰ্ভাগ্যজকভাৱে আজিৰ তাৰিখতো এখন শুদ্ধ (সুন্দৰ নহ’লেও) দৰ্খাস্ত লিখা মানুহ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানবোৰতো বৰ বেছি নাই। এনে প্ৰেক্ষাপটত এটি বিশেষ সৃষ্টিশীল চৰিত্ৰ নথকা কাম এটাৰ বাবে এআইৰ ওপৰত নিৰ্ভৰশীল হোৱাটো আমাৰ দৃষ্টিৰে আমাৰ বিশেষ প্ৰাকৃতিক বুদ্ধিমত্তাৰ ওপৰত প্ৰভাৱ নেপেলায়। সেইবুলি আমি উঠি অহা ছাত্ৰ ছাত্ৰীসকলক ব্যাকৰণ, ভাষা ইত্যাদি যে নিশিকাম এনে হ’ব নোৱাৰে। কিয়নো এআইয়ে সৃষ্টি কৰা দৰ্খাস্তখন কিমানদূৰ শুদ্ধ তাক বিচাৰ কৰিবলৈ সেইকণ জ্ঞান প্ৰয়োজন হ’ব। ইয়াৰ পিছৰ কথাটো হ’ল এই পৰিৱৰ্তিত প্ৰযুক্তিবিদ্যাক লৈ ভাৰতবৰ্ষ কিমান প্ৰস্তুত? একে আষাৰে যদিও ক’বলৈ কঠিন তথাপি এইবেলি ২০২৫-২০২৬ বাজেটত ভাৰত চৰকাৰে এটি এআই চেন্টাৰ গঢ়াৰ বাবে ৫০০ কৌটি টকা ধাৰ্য কৰিছে। ঠিক সেইদৰে অসম বাজেটত বিশেষ তেনেকুৱা ৰাশি ধাৰ্য কৰা আমাৰ পৰিলক্ষিত হোৱা নাই। তথাপি গহপুৰত চতুৰ্থ উদ্যোগিক বিপ্লৱৰ আধাৰত স্থাপন হ’বলগীয়া কনকলতা বিশ্বিদ্যালয়ৰ বিলখনত বিধানসভাই অনুমোদন জনাইছে। ইয়াৰ উপৰিও চৰকাৰী বিদ্যালয়বোৰত থ্ৰি ডি প্ৰিন্টিং, অটল টিঙ্কাৰিং লেৱ ইত্যাদি স্থাপনৰ বাবে অসম চৰকাৰে কুচকাৱাজ কৰি আছে। এনে এক প্ৰেক্ষাপটত আমাৰ উঠি অহা প্ৰজন্মক এথিকেল এআই শিকোৱা আৰু তাৰ জৰিয়তে দক্ষতা বৃদ্ধিৰ ব্যৱস্থা কৰাটো অতি প্ৰয়োজনীয় বুলি বিবেচনা কৰোঁ।
**
সহকাৰী অধ্যাপক, অৰ্থনীতি বিভাগ
মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়
নগাওঁ
******