তিন্নি আৰু বন্যা,মূল বাংলালেখক: মুহম্মদ জাফৰ ইকবাল,ভাৱানুবাদ-ৰঞ্জনা দত্ত
ৰুণু বাইদেৱে ক্লাছত কবিতা এটা বুজাই বুজাই হঠাতে ৰৈ গৈ ক’লে,
“মোৰ মনটো একেবাৰে ভাল লগা নাই জানা।”
ৰুণু বাইদেউ স্কুলৰ সকলোৰে আটাইতকৈ প্ৰিয় বাইদেউ।বাইদেউৰ মন ভাল নাই বুলি শুনি ক্লাছৰ আটাইৰে মনবোৰ বেয়া হৈ গ’ল।
তিন্নিয়ে ভয়ে ভয়ে সুধিলে,
“কিয় বাইদেউ?আপোনাৰ মনটো বেয়া কিয়?”
ৰুণু বাইদেৱে হুমুনিয়াহ এটা পেলাই ক’লে,
“দেখা নাই, চাৰিওফালে কি ভয়ংকৰ বানপানী হৈছে!”
“অহ।”
তিন্নিয়ে মুখত এটা দুশ্চিন্তাৰ ভাব ফুটাই তুলিলেও মনে মনে নিশ্চিন্ত হ’ল। যদি ৰুণু বাইদেউৱে ক’লেহেঁতেন যে তেওঁ স্কুল এৰি অন্য ক’ৰবালৈ গুচি যাব লাগিব, সেইটো সকলোৰে বাবে বহুত বেছি মন বেয়া লগা কথা হলহেঁতেন।
ৰুণু বাইদেৱে সাহিত্যৰ কিতাপখন টেবুলৰ ওপৰত থৈ অকণমান আগুৱাই আহি ক’লে,
“তোমালোকে খবৰ কাগজ আৰু টেলিভিছনত দেখা নাই অসমত কি ভয়ানক বানপানী আৰম্ভ হৈছে?”
ক্লাছৰ ল’ৰা-ছোৱালীবোৰে বহাতে অকণমান ইফাল-সিফাল কৰিলে। সিহঁত মাত্ৰ ক্লাছ থ্ৰীত পঢ়ে, খবৰৰ কাগজ পঢ়িবলৈ সিহঁতে অকণো ভাল নাপায়। সঁচা কথা ক’বলৈ হ’লে এই সৰু সৰু আখৰেৰে লিখা কথাবোৰ পঢ়ি ডাঙৰবোৰে যে কি ভাল পায় কোনে জানে?সিহঁতে টেলিভিছনত অকল কাৰ্টুন চাইহে ভাল পায়।বাতৰিৰ সময়ত যেতিয়া মন্ত্ৰীবোৰক দেখুৱাবলৈ আৰম্ভ কৰে তেতিয়া সিহঁত টেলিভিছনৰ কাষৰ পৰা উঠি আহে।এইবোৰ কথা অৱশ্যে ৰুণু বাইদেউক ক’ব নোৱাৰি, সেইবাবে সিহঁত মনে মনে থাকিল।খবৰৰ কাগজ আৰু টেলিভিছনত নাচালেও সিহঁতে জানে যে বানপানী হৈছে,ডাঙৰবোৰে কথা পাতিলে আজিকালি বানপানীৰ কথাহে পাতে।
স্বপনে হাতখন ওপৰলৈ তুলি ক’লে,
“বাইদেউ।”
“কি হ’ল স্বপন?”
“আমাৰ ইয়াতো বানপানী হ’ব নেকি?”
বাইদেৱে মূৰ জোকাৰি ক’লে,
“নাই।এই চহৰখন বহুত ওখ বাবে আমাৰ ইয়াত বানপানী নহয়।”
স্বপনৰ মুখত হাঁহি ফুটি উঠিল-
“উস ৰক্ষা! আমি বাচি গ’লোঁ!”
ৰুণু বাইদেৱে একো কথা নোকোৱাকৈ কেৱল স্বপনৰ ফালে চাই এটা হুমুনিয়াহ পেলালে।তিন্নিয়ে চকুৰ কোণেৰে ৰুণু বাইদেউ আৰু স্বপনলৈ চালে।স্বপনটো হৈছে এক নম্বৰৰ গাধ, নহ’লেনো কোনোবাই এনেকৈ স্বাৰ্থপৰৰ দৰে কথা ক’ব পাৰেনে?ইয়াত বানপানী হোৱা নাই কাৰণে যদি তাৰ ভাল লাগিছে……সেইটো হ’ব লাগে মনে মনে।সেইটো কথা সকলোৰে আগত কৈ দিব লাগে নেকি?স্বপনৰ কথা শুনি চাগৈ ৰুণু বাইদেউৰ মনটো বেয়া লাগিছে কিন্তু বাইদেউৰ মুখখন দেখি সেইটো ধৰিব পৰা নগ’ল।
স্বাতী হৈছে ক্লাছৰ ফাৰ্ষ্ট গাৰ্ল- সেইবাবে তাই ফাৰ্ষ্ট গাৰ্লৰ দৰে প্ৰশ্ন সুধিবৰ বাবে হাত তুলিলে-
“বাইদেউ।”
“কিবা ক’বা?”
“বানপানী কিয় হয় বাইদেউ?”
“আমাৰ অসম দেশখনেই হৈছে বানপানীৰ দেশ। ইয়াৰ মাজেৰে অসংখ্য নৈ-উপনৈ বৈ গৈছে।যেতিয়া বৰষুণ হয়, এই নদীবোৰেৰে পানী বৈ গৈ সাগৰৰ ফালে গুচি যায়। যদি কেতিয়াবা খুব বেছি বৰষুণ হয় তেতিয়া নদীয়ে আটাইবোৰ পানী লৈ যাব নোৱাৰে। তেতিয়াই বানপানী হয়।”
“অহ্!”
স্বাতীয়ে খুব গহীন হৈ মূৰ দুপিয়ালে যেন তাই সকলোবোৰ কথা সুন্দৰভাৱে বুজি পাইছে।
ইমৰাণ হৈছে ক্লাছৰ সকলোতকৈ বেছি ফাজলামি কৰা ল’ৰা।সি দাঁত উলিয়াই হাঁহি হাঁহি ক’লে,
“বাইদেউ খুব ডাঙৰ ছাতি এটা বনাই লৈ পূৰা অসমখনৰ ওপৰত ধৰি ৰাখিলে কেনেকুৱা হ’ব?তেতিয়াতো আৰু বৰষুণ নহয়।”
তাৰ কথা শুনি ৰুণু বাইদেৱে ফিককৈ হাঁহি পেলালে আৰু তাকে দেখি ক্লাছৰ বহুতেই হাঁহিত যোগ দিলে। বানপানীত মানুহৰ ইমান কষ্ট হৈছে,তাৰ মাজত এইদৰে হাঁহি-ধেমালি কৰা ঠিক হ’বনে নাই তিন্নিয়ে ধৰিব নোৱাৰিলে।
ৰুণু বাইদেৱে ক’লে,
“অসমত বৰষুণ নহ’লেও বানপানী হ’ব পাৰে।নদীবোৰে অকল অসমৰ পানীহে লৈ যায় নেকি?অৰুণাচলৰ পানী আহে, মেঘালয়ৰ পানী আহে, ভূটানৰ পানী আহে, আনকি চীনদেশৰো পানী আহে। সেইকাৰণে তোমাৰ ছাতিটো বহুত ভাঙৰ হ’ব লাগিব। অসম, অৰুণাচল,মেঘালয় ,ভূটান, চীন আনকি হিমালয় পৰ্বতো ঢাকিব পৰা হ’ব লাগিব। ইমান ডাঙৰ ছাতি লৈ তুমি থিয় হৈ থাকিবলৈ পাৰিবাতো?”
সাগৰে ক’লে,
“নোৱাৰে বাইদেউ। কেতিয়াও নোৱাৰে।”
ৰুণু বাইদেৱেও মূৰটো জোকাৰি ক’লে,
“নোৱাৰিবা!আৰু বৰষুণক বাধা দি ৰখাটোও ভাল কথা নহ’ব।বৰষুণ অবিহনে পৃথিৱী বাচি থাকিব পাৰিব জানো?গোটেই পৃথিৱীখন শুকাই মৰুভূমি হৈ পৰিব। জীৱন মানেই হৈছে পানী আৰু পানীয়েই হৈছে জীৱন। য’ত পানী নাই তাত জীৱনো নাই।”
স্বাতী ফাৰ্ষ্ট গাৰ্ল। সেইবাবে তাই ডাঙৰ ডাঙৰ কথা ক’বলৈ ভাল পায়। তাই ক’লে,
“মঙল গ্ৰহত সেইবাবে কোনো জীৱন নাই। নহয়নে বাইদেউ?”
” অঁ। ঠিকেই কৈছা।”
ইমৰাণে হাতচাপৰি মাৰি ক’লে,
“তাৰমানে তাত বানপানীও নাই।”
“জীৱন নাথাকিলে বানপানী হ’লেই বা কি নহ’লেই বা কি?তদুপৰি বানপানী নোহোৱাটো যে ভাল কথা সেইটো কোনে ক’ব?আমাৰ ৰাজ্যততো প্ৰতিবছৰেই বানপানী হয়।অলপ অলপ বানপানী হ’লে কোনেও একো চিন্তা নকৰে,কিছুদিনৰ বাবে ৰাস্তা ঘাট খেতিপথাৰ সকলো পানীত বুৰ যায়,পানী শুকাই গ’লে মাটিত পলস পৰে। সকলোৱে কথাবোৰ এনেদৰেই মানি লৈছে।মোৰ কি ভাব হয় জানা?”
“ কি বাইদেউ?”
“অসমৰ মানুহে চাগৈ বানপানী ভালেই পায়। সেইটো কেনেকৈ ধৰিব পাৰি কোৱাচোন।”
স্বপনে ক’লে,
“পানীত সকলোবোৰ বুৰ গ’লেও নাৱত ঘূৰি ফুৰিব পাৰি।”
“উহুঁ নহ’ল।”
ইমৰাণে ক’লে,
“স্কুল বন্ধ হৈ যায়।স্কুললৈ যাব নালাগে।”
ৰুণু বাইদেৱে হাঁহি হাঁহি ক’লে,
“সেইটো তোমাৰ বাবে ভাল খবৰ হ’ব পাৰে,কিন্তু সকলোৰে বাবে ভাল খবৰ নহ’বও পাৰে।”
“ঘৰতেই বহি বহি মাছ ধৰিব পাৰি। ”
“ উহুঁ।”
“টেলিভিছনত কাৰ্টুন চাব পাৰি।”
“এইবাৰো নহ’ল।”
“বাইদেউ নাজানো।আপুনিয়েই কওকচোন।”
“নোৱাৰিলা? আচ্ছা ঠিক আছে মই কৈছোঁ।মানুহে যিটো বস্তু ভাল পায় সেই বস্তুৰে ল’ৰা-ছোৱালীৰ নাম ৰাখে। যেনে ধৰা শেৱালী, বকুল,মালতী।মানুহে চৰাই ভাল পায় বাবে নাম ৰাখে – মইনা, টিয়া। মানুহে ধুনীয়া ৰঙৰ নাম ৰাখে- কমলা, নীলা।চন্দ্ৰ, সূৰ্য্য ভাল পায় বাবে নাম ৰাখে সূৰুয, সূৰ্যকান্তি, চন্দ্ৰিমা , জোন। সোণ আৰু মুকুতাও নাম ৰাখে, সেইদৰে মানুহে বানপানীৰো নাম ৰাখে।”
“বানপানী?”
“বানপানীৰ আন এটা নাম বন্যা।কিমান মানুহে বন্যা নাম ৰাখে নহয়নে? বন্যাক ভাল নাপালে বন্যা নাম কিয় ৰাখিব?কেতিয়াবা শুনিছানে কোনোবাই ভূমিকম্প, ধুমুহা বা ডায়েৰিয়া নাম ৰাখিছে?”
তিন্নিয়ে নিজৰ হাত দুখন ওপৰলৈ কৰি চিঞৰি উঠিল –
“ মোৰ সৰু মাহীৰ নাম বন্যা। বন্যা মাহী।”
ৰুণু বাইদেৱে হাঁহি এটা মাৰি ক’লে,
“অ, আৰু খুব ধুনীয়া জ্যোতি সংগীত গায় যে গায়িকা বন্যা চৌধুৰী ।”
স্বপন আৰু সাগৰেও হাত তুলি চিঞৰিবলৈ ধৰিলে, সিহঁতেও বন্যা নামৰ কাৰোবাক চিনি পায়।
ৰুণু বাইদেৱে হুমুনিয়াহ এটা কাঢ়ি ক’লে,
“কোনোবাই যদি কাৰোবাক ভাল পায় আৰু সিয়েই যদি কষ্ট দিবলৈ আৰম্ভ কৰে তেতিয়াই মানুহৰ সকলোতকৈ বেছি কষ্ট হয়।বানপানীৰ ক্ষেত্ৰতো একেই।মানুহে ভাল পায় বাবে নাম পৰ্যন্ত ৰাখে আৰু সেই বানপানীতে যেতিয়া মানুহৰ কষ্ট হয় সেই কষ্ট হয় সকলোতকৈ বেছি।”
ৰুণু বাইদেৱে দুখমনেৰে ক্লাছৰুমৰ মাজত থিয় হৈ ৰ’ল আৰু বাইদেউক দেখি ক্লাছৰ সকলোৰে মনবোৰ বেয়া হৈ গ’ল।
বাইদেৱে ক’লে,
“মানুহৰ কষ্ট হ’লে কি কৰিব লাগে কোৱাচোন?”
তিন্নিয়ে হাতখন ওপৰলৈ তুলি ক’লে,
“সহায় কৰিব লাগে।”
“ঠিক কৈছা।সহায় কৰিব লাগে। সহায় কৰিলে কষ্টবোৰ বহুত কমি যায়। আনন্দ আৰু কষ্টৰ মাজত এটা পাৰ্থক্য আছে। আনন্দ ভগাই ল’লে কেতিয়াও কমি নাযায়, মানুহৰ সৈতে যিমানেই বেছি ভগাই লোৱা যায় আনন্দ সিমানেই বাঢ়ি যায়। কষ্টৰ ক্ষেত্ৰত কথাটো আকৌ ওলোটা, মানুহৰ সৈতে কষ্ট ভগাই ল’লে সেইটো কমি যায়।সেইবাবে যেতিয়া মানুহৰ কষ্ট হয় তেতিয়া সকলোৱে মিলি ভগাই ল’ব লাগে।”
ৰুণু বাইদেৱে ইমান ধুনীয়াকৈ কথাখিনি ক’লে যে তিন্নিৰ চকু দুটা চলচলীয়া হৈ পৰিল।তাই সাৱধানে নিজৰ চকুপানী সামৰি মূৰ দুপিয়ালে। তিন্নিয়ে মানুহৰ কষ্ট ভগাই ল’ব, কষ্ট ভগাই লৈ তাই মানুহৰ কষ্ট কম কৰি দিব।অৱশ্যে কামটো কেনেকৈ কৰিব তাই বুজি পোৱা নাছিল।সেইবাবে আকৌ হাতখন ওপৰলৈ তুলি ক’লে,
“বাইদেউ।”
“কি হ’ল তিন্নি?”
“কষ্ট কেনেকৈ ভগাই ল’ব লাগে?”
“যেনেকৈ ধৰা তোমাৰ জন্মদিন আহি আছে আৰু তোমাৰ দেউতাই তোমাক সুধিলে,
“তিন্নি তোমাক কি উপহাৰ লাগিব?”
তুমি তেতিয়া দেউতাক উত্তৰ দিলা-
“নাই দেউতা। মোক একো উপহাৰ নালাগে। মোৰ উপহাৰৰ টকাখিনি তুমি বানপানীৰ সাহায্যৰ বাবে দি দিয়া।”
“তেতিয়া কি হ’ব জানা? জন্মদিনত তোমাৰ একো উপহাৰ নাই বাবে তোমাৰ মনত অকণমান কষ্ট হ’ব, কিন্তু সেই কষ্টটো হৈছে আন এজনৰ কষ্ট।কষ্টটো তোমাৰ ওচৰলৈ গুচি আহিল বাবে তেওঁলোকৰ কষ্ট কমি যাব। বুজিলা?”
তিন্নিয়ে মূৰ দুপিয়ালে-
“বুজিছোঁ বাইদেউ।”
ইয়াৰ পিছৰ দুদিনমান বানপানীৰ অৱস্থা আৰু বেয়াৰ ফালে গ’ল। এদিন তিন্নিহঁতৰ ঘৰলৈ আলহী আহিছিল বাবে মাকে ককায়েকক আইচক্ৰীম কিনি আনিবলৈ পঠালে।সি খালী হাতে ঘূৰি আহি ক’লে,
“বানপানীৰ বাবে ৰাস্তাঘাট ডুবি গৈছে।সেইকাৰণে আইচক্ৰীম আহিব পৰা নাই।বজাৰত বোলে পিঁয়াজো নাইকিয়া হৈছে। কেইদিনমান পিছত বোলে চাউল দাইলো নাইকিয়া হ’ব।”
পিঁয়াজ নহ’লে অৱশ্যে তিন্নিৰ একো লোকচান নহয়, তাই পিয়াজ নাখায়।কিন্তু চাউল, দাইল নহ’লে সিহঁতে ভাত খাব কেনেকৈ? প্ৰতিদিনে বাতৰি কাকতত বানপানীৰ ফটো ওলাইছে। মানুহবোৰ, সৰু সৰু ল’ৰা- ছোৱালীবোৰ এবুকু পানীৰ মাজত সোমাই আছে, কি যে দুখ লাগে দেখিলে!
এদিন তিন্নিহঁতৰ স্কুলৰ ওপৰৰ ক্লাছৰ ল’ৰা-ছোৱালী দুটামান স্কুলৰ সকলোবোৰ ক্লাছে ক্লাছে ঘূৰি ঘূৰি বানপানীৰ সাহায্যৰ কথা ক’বলৈ গ’ল। যিয়ে যিভাবেই সহায় কৰিব পাৰে তেনেকৈয়ে কৰিব পাৰে। খোৱা বস্তু, কাপোৰ-কানি, টকা-পইচা যি ইচ্ছা আনিব পাৰে।
ঘৰলৈ গৈ তিন্নিয়ে তাইৰ জমা টকাবোৰ বাহিৰ কৰিলে। তাইৰ পঢ়া টেবুলৰ ড্ৰয়াৰত চকলেটৰ এটা খালি টেমা থাকে,তাত তাই বহুদিনৰ পৰা পইচা জমা কৰিছে। টকাবোৰ জমা কৰি তাই কি কৰিব এতিয়াও ঠিক কৰা নাই।পাণবজাৰৰ দোকানত তাই এটা পেঞ্চিল বক্স দেখিছে।ইমান ধুনীয়া যে দেখিলে মূৰটো ঘূৰাই যায়। সেইটো কিনিব পাৰে।ধুনীয়া ধুনীয়া কলমবোৰ তাইৰ খুব ভাল লাগে,সেইবোৰো কিনিব পাৰে।এতিয়া অৱশ্যে বেলেগ কথা। টকাখিনি তাই বানপানীৰ সাহায্যত দি দিব।ৰুণু বাইদেৱে কৈছে কষ্ট ভগাই ল’ব লাগে।কষ্ট ভগাই ল’লে সেইটো কম হৈ যায়।
পিছদিনা যেতিয়া ওপৰ ক্লাছৰ ল’ৰা-ছোৱালীবোৰ সিহঁতৰ ক্লাছলৈ আহিল, তিন্নিয়ে তাইৰ বেগৰপৰা টেমাটো উলিয়াই আটাইখিনি জমা টকা সিহঁতৰ হাতত তুলি দিলে।
ওপৰ ক্লাছৰ ৰায়হান দাদাই অবাক হৈ ক’লে,
“আটাইবোৰ টকা দি দিছা?”
“অ।”
“গোটেইবোৰ টকা দিব নালাগে। তোমাৰ যিমানখিনি ইচ্ছা যায় সিমান দিলেই হ’ব।”
তিন্নিয়ে গহীন মুখেৰে ক’লে-
“মই গোটেইখিনি দিব খুজিছোঁ।”
“সঁচানে?”
ৰায়হান দাদাই কিছুসময় অবাক হৈ তিন্নিৰ ফালে চাই টকাবোৰ গণিবলৈ আৰম্ভ কৰিলে। তিন্নিয়ে বহুদিন ধৰি টকা জমা কৰিছে,বেছিভাগেই খুচুৰা টকা।
টিফিনৰ সময়ত সকলোৱে দৌৰা দৌৰি কৰি খেলে। আজি বৰষুণ দিছে বাবে কোনো বাহিৰলৈ যাব পৰা নাই। ক্লাছৰুম আৰু বাৰাণ্ডাতে ওলাই সোমাই খেলি আছে। সৰু ঠাইখিনিতে তিন্নিহঁতে মাটিত আঁচ এডাল পাৰি ‘পানী পাৰ’ খেলি আছে। সেইসময়তে সুমন আহি উপস্থিত হ’ল। সুমন তিন্নিৰ ককায়েক,তাইতকৈ চাৰি বছৰৰ ডাঙৰ।সি সকলো সময়তে এনেকুৱা ভাব দেখুৱায় যেন সি বহুত ডাঙৰ, কলেজ ইউনিভাৰচিটিত পঢ়ে। সি তিন্নিক মাতিলে,
“তিন্নি শুন।”
“কি হ’ল দাদা?”
“ৰায়হান দাদাই কৈছে তই বোলে আটাইবোৰ জমা টকা বানপানীৰ সাহায্যৰ বাবে দি দিছ।”
“অ।”
সুমনে গোমোঠা মুখ এখনেৰে তাইৰ ফালে চাই ক’লে,
“তই এজনী গাধী।”
তিন্নিয়ে অবাক হৈ তালৈ চাই ক’লে,
“কি? কি ক’লা?”
“মই কৈছো তই এজনী গাধী।ইমানবোৰ টকা নষ্ট কৰিলি! মোক দি নিদিলি কিয়?”
“তোমাক কিয় দিম? তোমাৰ বানপানীত কিবা ক্ষতি হৈছে ?”
সুমনে এইবাৰ তাইক খঙেৰে ক’লে,
“তই কি ভাবিছ যে তই মাদাৰ টেৰেছা হৈ গ’লি?”
তিন্নিৰ চকুৰ পানী ওলাই আহিছিল, কোনোমতেহে তাই চকুপানী ৰখাব পাৰিলে। সুমনে মুখখন বেকেটাই আকৌ ক’লে,
“অসমত কিমান ডাঙৰ বানপানী হৈছে জান? হাজাৰ হাজাৰ মানুহৰ ঘৰবাৰী পানীত তল গৈছে। এতিয়া কেন্দ্ৰৰ পৰাও কোটি কোটি টকাৰ সাহায্য দিব! তই ভাবিছ নেকি যে তোৰ দুশ টকাৰে হাজাৰ হাজাৰ মানুহ বাচি যাব?”
“দুশ নহয়, দুশ একত্ৰিছ টকা।”
“হ’ব দে, একেই কথা। হাজাৰ হাজাৰ মানুহৰ মাজত দুশ একত্ৰিছ টকা ভাগ কৰি দিলে এজনে কিমাননো পাব? গাধী ক’ৰবাৰ! এনেই পইচাবোৰ নষ্ট কৰিলি।”
সুমন গুচি যোৱাৰ পিছত তিন্নিৰ ইমান মন বেয়া হ’ল যে বুজাব নোৱাৰি। তাইৰ দুচকুৰে পানী বাগৰি আহিল আৰু সেইটো যেন আনে দেখা নাপায় তাৰ বাবে তাই বাৰাণ্ডাখনৰ এচুকত গৈ থিয় হৈ ৰ’ল। তাই ইমান দিনে কষ্ট কৰি গোটোৱা দুশ একত্ৰিছ টকা সঁচাই নষ্ট হ’ল নেকি?দাদাই তো ঠিকেই কৈছে, য’ত কোটি কোটি টকাৰ দৰকাৰ তাত তাইৰ দুশ একত্ৰিছ টকাৰে কি হ’ব? বাৰাণ্ডাৰ একোণত থিয় হৈ থাকোঁতে বৰষুণৰ লগত অহা বতাহজাকে যে তাইক তিয়াই পেলাইছে সেইটোও তাই মন দিয়া নাই। কিমান দেৰি তাই তাত থিয় হৈ আছিল তাই নাজানে,কিন্তু হঠাতে ৰুণু বাইদেউ আহি তাত উপস্থিত হ’লহি। তেওঁ চিঞৰ এটা মাৰি তাইক ক’লে-
“অ’ই তিন্নি, বৰষুণত তিতি তিতি থিয় হৈ আছা কিয়?”
তিন্নিয়ে একো উত্তৰ নিদি বৰষুণ পৰি থকা ঠাইৰপৰা অকণমান আঁতৰি বাৰাণ্ডাখনৰ ভিতৰলৈ সোমাই আহিল। ৰুণু বাইদেৱে তিন্নিৰ মুখৰ ফালে চাই কিবা এটা আন্দাজ কৰি ওচৰলৈ আগুৱাই আহিল আৰু তিন্নিৰ পিঠিত হাতখন থৈ ক’লে,
“তোমাৰ কি হৈছে তিন্নি?”
তিন্নিয়ে এইবাৰ ভেঁ ভেঁকৈ কান্দিবলৈ ধৰিলে।ৰুণু বাইদেৱে তাইৰ মূৰত হাত বুলাই মৰমেৰে সুধিলে,
“কি হ’ল কোৱাচোন?”
“দাদাই গালি পাৰিছে।”
“কিয় গালি পাৰিছে?”
“মই হেনো টকাবোৰ নষ্ট কৰিলোঁ।”
“টকা নষ্ট কৰিলা?কেতিয়া?”
“বানপানীৰ সাহায্যৰ বাবে দিছিলোঁ।”
ৰুণু বাইদেৱে একো কথা নোকোৱাকৈ তিন্নিৰ মুখৰ ফালে চাই থাকিল। তিন্নিয়ে উচুপি উচুপি ক’লে,
“ইমান ডাঙৰ বানপানীৰ বাবে হেনো কোটি কোটি টকা লাগিব। দাদাই কৈছে মোৰ টকাখিনি একো কামতেই নাহিব।”
“তুমি কিমান টকা দিছিলা”?
“দুশ একত্ৰিছ টকা।”
ৰুণু বাইদেৱে চকুদুটা ডাঙৰকৈ মেলি সুধিলে,
“তোমাৰ নিজৰ টকা?”
“অ। মই জমা কৰিছিলোঁ।”
“ভেৰি গুড।”
ৰুণু বাইদেৱে কিছুসময় তিন্নিলৈ মৰমেৰে চাই ৰ’ল, তাৰপিছত ক’লে,
“তিন্নি!”
“কি বাইদেউ?”
“চকু দুটা বন্ধ কৰাচোন।”
তিন্নিয়ে অবাক হৈ ক’লে,
“চকু বন্ধ কৰিম?”
“অ।”
“কিয় বাইদেউ?”
“আগতে চকু বন্ধ কৰা তাৰপিছত ক’ম।”
তিন্নিয়ে চকু বন্ধ কৰিলে। ৰুণু বাইদেৱে সুধিলে,
“কিবা দেখিছানে?”
“নাই দেখা বাইদেউ।”
“ভালকৈ চোৱা।খুব বানপানী হৈছে, পানীত সকলোবোৰ উটি গৈছে। তাতে এগৰাকী মাক এবুকু পানীৰ মাজত সোমাই আছে। তেওঁ এটা সৰু কেঁচুৱাক বুকুত চেপি ধৰি আছে। দেখিছানে?”
তিন্নিয়ে চকুদুটা বন্ধ কৰি কল্পনা কৰিলে বানপানীত সকলোবোৰ উটি গৈছে- তাত এগৰাকী মাকে এটা কেঁচুৱাক বুকুত টানকৈ সাবটি ধৰি আছে।
ৰুণু বাইদেৱে ক’লে,
“কেঁচুৱাটোৰ ফালে ভালকৈ চোৱাচোন, মুখখন কিমান শুকান!কিয় জানা?তাৰ খুব অসুখ হৈছে।চেলাইন নিদিলে সি নাবাচে।”
তিন্নিয়ে স্পষ্টকৈ দেখিবলৈ পালে কেঁচুৱাটোৱে কষ্টত চটফটাই আছে। মুখখন শুকান, চকুৰ গুৰি ক’লা পৰি গৈছে।
ৰুণু বাইদেৱে আকৌ ক’লে,
“শব্দ এটা শুনিছানে তিন্নি?”
“কিহৰ শব্দ বাইদেউ?”
“ট্ৰলাৰৰ। ট্ৰলাৰত বানপানীৰ সাহায্য লৈ আহিছে।খোৱা পানী আনিছে, দৰব আনিছে, চেলাইন আনিছে, দেখিছানে তিন্নি?”
তিন্নিয়ে স্পষ্ট দেখিবলৈ পালে ট্ৰলাৰত মানুহে খোৱাবস্তু, দৰব, চেলাইন আদি লৈ আহিছে।
“মাকৰ হাতত দৰব আৰু চেলাইন দিছে দেখিছানে?”
তিন্নিয়ে মূৰ দুপিয়ালে।
“এই কেঁচুৱাটোক যে চেলাইন আৰু দৰব দিছে সেইটো ক’ৰপৰা আহিছে জানানে?”
“ক’ৰপৰা?”
“তোমাৰ দুশ একত্ৰিছ টকাৰ পৰা।এশ টকাৰ দৰব আৰু এশ ত্ৰিছ টকাৰ খোৱাবস্তু। ভালদৰে চোৱাচোন, চেলাইন আৰু ঔষধ পাই কেঁচুৱাটো ভাল হৈ উঠিছে।”
তিন্নিয়ে সঁচাই দেখিবলৈ পালে যে বেমাৰী সৰু কেঁচুৱাটো ভাল হৈ উঠিছে আৰু মাকৰ ডিঙিত ধৰি খিলখিলকৈ হাঁহিছে। কিছুসময়ৰ আগতে মাকৰ মুখত যি দুশ্চিন্তাৰ চাপ আছিল এতিয়া আৰু নাই। কি যে ভাল লাগিল চাবলৈ!
ৰুণু বাইদেৱে তিন্নিৰ কাণৰ কাষলৈ মুখখন আনি ফুচফুচাই ক’লে,
“বুজিলা তিন্নি,তোমাৰ টকাখিনিৰে সঁচাই এটা সৰু ল’ৰাৰ জীৱনটো বাচি যাব। সেই ল’ৰাটো কোন তুমি হয়তো গম নাপাবা,কিন্তু থাকিব কোনোবা এটা। বুজিলা?”
তিন্নিয়ে মূৰ দুপিয়ালে।
“এতিয়াও তোমাৰ মন বেয়া লাগি আছে?”
তিন্নিয়ে মূৰ জোকাৰিলে,তাইৰ আৰু মন বেয়া লগা নাই। তাই চকু দুটা তুলি ৰুণু বাইদেউৰ ফালে লাজুক চাৱনিৰে চাই ক’লে-
“বাইদেউ।”
“কি হ’ল?”
“এই যে সৰু কেঁচুৱাটোৰ অসুখ হৈছিল সেইটো আচলতে এজনী সৰু ছোৱালী।”
“হয় নেকি?”
“অ।আৰু… “
“আৰু কি?”
“ছোৱালীজনীতো বহুত সৰু সেইবাবে তাইক খোৱাবস্তু বেছি নালাগে।এশ ত্ৰিছ টকাৰপৰা এশ টকা বাচি গৈছে। সেই টকাৰে ৰঙা ফ্ৰক এটা কিনিছে।”
ৰুণু বাইদেৱে গহীন মুখেৰে ক’লে, “ ঠিকেই কৈছা।”
“ৰঙা ফ্ৰকটো পাই ছোৱালীজনীৰ খুব ফূৰ্তি।”
“ইমান ধুনীয়া ফ্ৰকটো পাই কিয় ফূৰ্তি নালাগিব!”
“বাইদেউ!”
তিন্নিয়ে কিছু সংকোচেৰে ক’লে,
“মইতো আচলতে দুশ একত্ৰিছ টকা দিছিলোঁ।দুশ ত্ৰিছ টকা খৰছ হৈছে।এতিয়াও এটকা এটা বাকী আছে।সৰু ছোৱালীজনীক লজেন্স এটা কিনি দিওঁনে?”
“বেছি ডাঙৰ লজেন্স যদি খাব নোৱাৰিব কিন্তু,ডিঙিত লাগি ধৰিব। চাইচিতি দিয়া।”
“নাই বাইদেউ বেছি সৰু নহয়। চুহি চুহি খাব পাৰিব।”
“ ঠিক আছে, তেন্তে লজেন্স এটা কিনি দিব পাৰা।”
তিন্নিয়ে আকৌ চকু বন্ধ কৰিলে। টিকটিকীয়া ৰঙা ফ্ৰক এটা পিন্ধা সৰু ছোৱালীজনীক তাই এতিয়া লজেন্স এটা কিনি দিব।
*******