তুমি বেয়া পোৱা যদিও ফাগুন মোৰ প্ৰিয়-মৌচুমী হাজৰিকা
ৰুক্ষ শীতৰ শূন্যতা শেষ কৰি
বতাহে বতাহে বিয়পে
উন্মনা ফাগুনৰ সুৱাস।
পলাশ মদাৰ শিমলুৱে
ৰিক্ত আকাশত জুই সিঁচে ।
ফাগুন আহে ,
শৈশৱৰ চিলা হৈ ।
ফাগুন আহে ,
ষোড়শীৰ আচঁল উৰুৱাই
গোপনে নিজানে।
লঠঙা ডালত ওলমি থকা
জোনবাইৰ স্নিগ্ধ জোনাকে
বৃদ্ধাৰ চকুতো সপোন সিঁচে,
উলতী আহে সোঁৱৰণী
সময়বোৰ হৈ পৰে বাংময়।
আকৌ আহিছে সেই
হেঁপাহৰ ফাগুন..
শুষ্কতা ধূলিয়ে আমনি কৰিলেও
ফাগুন মোৰ প্ৰিয়।
নিজানত বহি
মদাৰৰ ডালৰ ফাঁকেৰে বৈ অহা
কুলিৰ মাত শুনিবাচোন
তুমিও পৰিবা ফাগুনৰ প্ৰেমত।
*******