ত্ৰৈলোক্য ভট্টাচার্যৰ ঐতিহাসিক উপন্যাস “সাঁচিপাতৰ পুথি”:এক পৰ্যালোচনা-কংকনা গোস্বামী
“সাঁচিপাতৰ পুথি” আৰু “উত্তৰাকাণ্ড” এই দুখন ঐতিহাসিক উপন্যাসৰ স্ৰষ্টা ত্ৰৈলোক্য ভট্টাচার্য আছিল অসমীয়া সাহিত্য জগতৰ এগৰাকী নীৰৱ সাধক।
১৯৭৩ চনত সাহিত্য-প্ৰকাশে প্ৰথম প্ৰকাশ কৰা ত্ৰৈলোক্য ভট্টাচার্যৰ এখনি ঐতিহাসিক উপন্যাস হৈছে “সাঁচিপাতৰ পুথি”।নতুন লিখকৰ সন্ধানত সাহিত্য-প্ৰকাশৰ উপন্যাস প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰপ্ৰাপ্ত “সাঁচিপাতৰ পুথি” উপন্যাসখন ১৮৩৬ চনৰপৰা ১৮৫৭ চনলৈ ঘটা অসমৰ বুৰঞ্জীৰ ঘটনাৱলীৰ ওপৰত প্ৰতিষ্ঠিত। ব্ৰিটিছ যুগৰ পটভূমিত ৰচিত ‘সাঁচিপাতৰ পুথি’ উপন্যাসখন তিনিটা খণ্ডত বিভক্ত; যথাক্রমে ‘হে বিদেশী বন্ধু’, ‘অৰুণোদয়’ আৰু ‘অগ্নিযুগৰ ফিৰিঙতি’।
১৮৩৬ চনৰ ২৩ মাৰ্চ তাৰিখে আমেৰিকাৰ খ্ৰীষ্টান মিছনেৰী নাথান ব্ৰাউন, তেওঁৰ পত্নী এলিজা ব্ৰাউন আৰু কন্যা চফিয়া ব্ৰাউনৰ লগতে পত্নীসহ অলিভাৰ টি. কট্টাৰে অসমভূমিত পদাৰ্পণ কৰাৰ বিৱৰণেৰে উপন্যাসখনৰ ‘হে বিদেশী বন্ধু’ শীৰ্ষক প্ৰথমটো অধ্যায়ৰ আৰম্ভণি হৈছে। এই অধ্যায়ত অসমৰ ৰাজনৈতিক অৱস্থাৰ বিৱৰণ, অসমত অসমীয়া ভাষাৰ পৰিৱৰ্তে বঙলা ভাষাৰ প্ৰচলন, মৃতপ্ৰায় হৈ পৰা অসমীয়া ভাষাৰ পুনৰুজ্জীৱন তথা পুনৰ প্ৰচলনৰ বাবে মিছনেৰীসকলে কৰা প্ৰচেষ্টা, দিক্ৰং নৈৰ পাৰে পাৰে আহি নাথান ব্ৰাউনৰ কন্যা চফিয়া ব্ৰাউনৰ গাঁও ভ্ৰমণ, ডাক্তৰ মাইলচ্ ব্ৰন্সনৰ অসমত পদাৰ্পণ আৰু যাত্ৰাপথত জেকব থমাচৰ মৃত্যু, চফিয়াৰ মৃত্যু ইত্যাদি ঘটনা বৰ্ণিত হৈছে।
দ্বিতীয় অধ্যায় ‘অৰুণোদয়’ৰ প্ৰাৰম্ভতে ঔপন্যাসিকে অসমৰ উন্নতিৰ বাবে অহোপুৰুষাৰ্থ কৰা আনন্দৰাম ঢেকিয়াল ফুকনৰ ঘৰুৱা পৰিৱেশৰ চিত্ৰ চিত্ৰিত কৰিছে। এই অধ্যায়ত ‘অৰুণোদয়’ কাকতৰ প্ৰকাশ, আনন্দৰাম ঢেকিয়াল ফুকনৰ দৰে অসমীয়া শিক্ষিত বুদ্ধিজীৱীৰ আৱিৰ্ভাব, সেই সময়ৰ অসমৰ সম্ভ্ৰান্ত ব্ৰাহ্মণ পৰিয়ালৰ সামাজিক অৱস্থা, গীৰ্জাৰ পৰিৱেশ, ক্লাৱঘৰৰ উদ্বোধনী অনুষ্ঠানৰ পৰিৱেশ, ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিষয়া তথা অসমৰ প্ৰশাসক আৰু আমেৰিকান মিছনেৰীসকলৰ মাজত মতবিৰোধ আদি বৰ্ণনা কৰা হৈছে।
সম্ৰাট বাহাদুৰ শ্বাহৰ কবিতাৰ পংক্তিৰে আৰম্ভ হোৱা ‘অগ্নিযুগৰ ফিৰিঙতি’ শীৰ্ষক তৃতীয় তথা অন্তিম অধ্যায়ত ঔপন্যাসিক ভট্টাচার্যদেৱে ইংৰাজৰ বিৰুদ্ধে মহেশ্বৰ গাভৰুমেলীয়া বৰুৱা ওৰফে পিয়লি বৰুৱা, মণিৰাম বৰভাণ্ডাৰ বৰুৱা ওৰফে মণিৰাম দেৱান আদি বহুতো অসমীয়া ব্যক্তিয়ে নেতৃত্ব লোৱা চিপাহী বিদ্ৰোহৰ কুচ-কাৱাজ সম্পৰ্কে বৰ্ণনা কৰিছে।
অতীতৰপৰা বৰ্তমানলৈ জাতীয় জীৱনৰ দুৰ্যোগৰ সন্ধিক্ষণত অসম আৰু অসমীয়া জাতিক জীয়াই ৰখাৰ চেষ্টা কৰা সকলোৰে স্মৃতিত উৎসৰ্গিত “সাঁচিপাতৰ পুথি” উপন্যাসখনত ঔপন্যাসিক ত্ৰৈলোক্য ভট্টাচার্যই ইংৰাজ আমোলৰ অসমৰ সামাজিক, ৰাজনৈতিক, ধৰ্মীয়, শৈক্ষিক ইত্যাদি বিভিন্ন চিত্র অংকন কৰিছে। বিষয়বস্তুৰ ফালৰপৰা ত্ৰৈলোক্য ভট্টাচাৰ্যৰ প্ৰথম উপন্যাস ‘সাঁচিপাতৰ পুথি’ অসমীয়া সাহিত্য জগতৰ এক অনবদ্য সৃষ্টি। উপন্যাসখনত কোনোধৰণৰ কেন্দ্রীয় চৰিত্ৰৰ সমাৱেশ নাই। অস্কাৰ ৱাইল্ডৰ কবিতাৰ কেইটিমান পংক্তি সন্নিৱিষ্ট উপন্যাসখন যথাৰ্থতে এখন সুখপাঠ্য উপন্যাস। এটি মাত্ৰ মূল কাহিনীৰ পৰিৰ্ৱতে কিছুমান সৰু সৰু কাহিনীৰে ৰচিত ভট্টাচার্যৰ এই উপন্যাসখনে কাহিনীৰ ধাৰাবাহিকতা ৰক্ষাৰ ক্ষেত্রত যেন কিছু সাৰ্থকতা হেৰুওৱাৰ উপক্ৰম হৈছে।
*******