ধূসৰিত পৃষ্ঠা-সংগীতা পাচনী
অনিৰ্বাণ বৰুৱাই সাক্ষাৎকাৰ দিবলৈ আহিল,মেনেজিং ব’ৰ্ডৰ পাঁচজন সদস্য,স্থানীয় কলেজখনৰ অধ্যক্ষজন, আৰু এম.এল এ। ব্যক্তিগত মাধ্যমৰ বিদ্যালয় যদিও প্ৰায় পঞ্চাশৰ ওচৰত হ’ব প্ৰাৰ্থী।অনিৰ্বাণ বৰুৱাই দেখিবলৈ পালে বি.এড প্ৰাৰ্থী বহু কেইজন আহিছে, যদিও অনিৰ্বাণৰ বি.এড নাই।তথাপিও এটা আশা লৈ সাক্ষাৎকাৰত অৱতীৰ্ণ হৈছে।
এটা সময়ত অনিৰ্বাণৰ নাম ধৰি মাতিলে,তাৰ বায়’ডাটাসমূহ চাই অলপ কনিষ্ঠজন সাক্ষাৎ গ্ৰহণকাৰী লোকে ক’লে…..
“আমি আপোনাক ৰখাটো বিচাৰে নে,নে নৰখাটো?
ইতিমধ্যে আপুনি গম পাইছেই চাগৈ,এই পষ্টটো বি.এড ডিগ্ৰী থকাই first preference পাব।”
অনিৰ্বাণ বৰুৱাই বিশেষ একো মাতিব পৰা নাছিল, এফালে হেৰুৱাৰ ভয়ে তাক খুলি খুলি খাবলৈ ধৰিছিল।এক বিষন্ন আৰু ভাৰাক্ৰান্ত মনেৰে ঘৰলৈ উভতি আহিছিল,শেষ আশাকণো যেন হেৰাই গৈছিল…।যৌথ পৰিয়ালটোত কিবা এটা কৰি কাবেৰীক নিজৰ কৰি অনাৰ সপোন যেন সপোন হৈ ৰ’ব।পিছে আশা কৰা ধৰণেই ব্যক্তিগত মাধ্যমৰ বিদ্যালয়খনত শিক্ষকৰ চাকৰিটো সি পোৱা নাছিল।কাবেৰীকো ঘৰৰ লোকে তাইৰ কোনো কথা নুশুনি ঘৰৰ পছন্দত বিয়া দিবলৈ উঠি পৰি লাগিল।জীয়াই থকাৰ যেন আশা শেষ হৈ গৈছিল।বিভিন্ন জনৰ বিদ্ৰুপ ভৰা কথা আৰু চাৱনি।
ইতিমধ্যে অনিৰ্বাণে দি থোৱা ৰে’ল সেৱাৰ এটা সাক্ষাৎকাৰত অৱতীৰ্ণ হৈছিল আৰু পাছ কৰি চাকৰি পাইছিল।গুৱাহাটী মালিগাঁৱত সি চৰকাৰী আৱাসসহ চাকৰিৰ নিযুক্তি পাইছিল।গুচি আহিছিল গুৱাহাটীৰ সেই আৱাস গৃহলৈ।
এদিন আবেলি সময়ত অনিৰ্বাণৰ চৰকাৰী আৱাস গৃহৰ দৰ্জাত ধকধক কৈ দৰ্জাখন কঁপি উঠিছিল,দৰ্জা খুলি দেখিবলৈ পাইছিল অনিৰ্বাণে বেগ ভৰ্তি কাপোৰসহ কাবেৰীক।
ভগৱানৰ যেন সদয় হৈছিল অনিৰ্বাণ আৰু কাবেৰীৰ ওপৰত।লাহে লাহে ঠিক হৈ পৰিছিল সময়বোৰ।ইয়াৰ পিছত আকৌ এক জটিল পাকচক্ৰত পৰিছিল অনিৰ্বাণ,কাবেৰী।কাবেৰীৰ সাধাৰণ এটি বেমাৰকে ডাক্তৰে অতি জটিল কৰি কেঞ্চাৰ বুলি কৈ চিকিৎসা কৰিব দিছিল,কিন্তু ভগৱানৰ অশেষ দয়াত যেন সকলোবোৰ ঠিক হৈ পৰিছিল।
অনিৰ্বাণ বৰুৱা,কাবেৰীৰ দুই পুত্ৰ জীয়ৰী পঢ়া শুনা কৰি আগুৱাই গৈছিল,এতিয়া পুত্ৰ বৰ্ণিল এজন অধ্যাপক আৰু জীয়ৰী কাব্যলীনা টেট শিক্ষয়িত্ৰী।সময়বোৰ পাৰ হৈ গ’ল,জটিল, কঠিন, কেতিয়াবা সহজ সৰল পথেৰে।জীৱনলৈ যেনেকৈ জটিল পৰিস্থিতি আহিছে, ঠিক তেনেকৈ সৰল গতিও আহিছে। পুত্ৰ কন্যা পৰিবাৰৰ সৈতে সৰল ৰেখাতে জীৱন পাৰ কৰিলে, জীৱনৰ জটিল ক্ষণত কাৰোবাৰপৰা সহায় নাপালেও অদৃশ্যভাৱে যেন ভগৱান কৃষ্ণই তেওঁক সহায় কৰি গৈছে।পঢ়া শুনাৰ ক্ষেত্ৰত বৰ্ণিল কাব্যলীনাই হেমাহি নকৰিলে আৰু দুয়োজন আজি সুপ্ৰতিস্থিত।
আজি অৱসৰী বেলাত তেখেতে ভাবিছে পাৰ হৈ অহা দিনবোৰ।কৰ্ম সংস্থাপন নহওঁতে,তেওঁ ভাবিছিল কি কৰিব,কি নকৰিব,দিনবোৰ কেনেকৈ যাব,কাবেৰীক হেৰুওৱাৰ ভয়ে অনবৰতে তেওঁক খুলি খুলি খাইছিল।এতিয়া পাৰ কৰি অহা দিনবোৰৰ প্ৰতিটো কথা প্ৰতিটো কামেই ধূসৰ হৈ স্মৃতিত দোলা দি থাকিল।
*******