বাংলা সাহিত্যৰ প্ৰখ্যাত গল্পকাৰ ‘বনফুল’ৰ “পাঠকৰ মৃত্যু” নামৰ চুটি গল্পৰ অসমীয়া ভাৱানুবাদ- শ্ৰী চিত্ৰলেখা দেৱী
(এক)
প্ৰায় দহ বছৰ আগৰ কথা।
আসানসোল ৰে’ল ষ্টেচনত ৰে’লৰ অপেক্ষাত বহি আছিলোঁ।ঠিক মোৰ কাষতেই আৰু এজন মানুহ বহি আছিল।তেওঁৰ হাতত আছিল এখন কিতাপ…যথেষ্ট ডাঠ কলেৱৰৰ এখন উপন্যাস।তেওঁৰ লগত কথা-বতৰা পাতি গম পালোঁ যে তেওঁ ৰে’লৰ বাবে গোটেই দিনটো অপেক্ষা কৰিব লাগিব।
মোৰ ৰে’লৰ বাবেও তিনি ঘন্টামান ৰ’ব লাগিব।
আমি দুয়োজনেই বেঙ্গলী।সেয়ে চা-চিনাকি হোৱাৰ পাঁচ মিনিট পাছতেই মই তেওঁক সহজেই সুধি পেলালোঁ,
“আপোনাৰ কিতাপখন এবাৰ চাব পাৰিম নেকি?”
“বাৰু, চাওক চাওক”……এনে এটা উত্তৰ পাম বুলি মই স্বাভাৱিকতে আশা কৰিছিলোঁ।
অকণো সময় অপব্যয় নকৰি মই কিতাপখন মোৰ দখললৈ আনিলো।
উৎকট গৰমৰ দুপৰীয়া..তাতে ষ্টেচনৰ প্লেটফৰ্মৰ ওপৰত টিনৰ চালি।
এই সকলোবোৰ মই আওকাণ কৰি গ’লোঁ…এখন অদ্ভুত উপন্যাস।
কিতাপৰ গৰাকীয়ে আঁৰ চকুৰে মোলৈ চাই কপাল কোঁচালে আৰু এখন টাইম টেবুল উলিয়াই লৈ তাতে মনোনিৱেশ কৰিবলৈ বাধ্য হ’ল।
মই ৰুদ্ধশ্বাসে পঢ়ি গ’লোঁ।
এখন চমৎকাৰ উপন্যাস। ক’বলৈ গলে ইমান এখন ভাল উপন্যাস ইয়াৰ আগতে মই পঢ়াই নাই। একেবাৰে মন জুৰাই পেলাইছে।
দুঘণ্টা পাৰ হ’ল।
কিতাপৰ গৰাকীয়ে টাইম টেবুলখন বাৰে বাৰে লুটিয়াই বগৰাই অৱশেষত মোৰ ফালে চাই কলে,
“আপোনাৰ ৰে’ল আহিবলৈ বেছি দেৰি নাই। এইবাৰ তেনেহলে…..।”
কৈয়ে এবাৰ গলহেকাৰি এটা মাৰিলে তেওঁ।
মই তেতিয়া কিতাপৰ পাতত আপোন পাহৰা।সম্বিত ঘুৰাই পাই এবাৰ হাতৰ ঘড়ীটোলৈ চালোঁ।এতিয়াও এঘণ্টামান আছে। ইফালে কিতাপখনৰ আধাতকৈও বেছি পঢ়িবলৈ বাকী আছে। মোৰ এতিয়া কথা পাতি সময় নষ্ট কৰিবলৈ নাই। কিতাপখন গোগ্ৰাসে গিলিবলৈ ধৰিলোঁ।
অদ্ভুত কিতাপ। পাছৰ এঘন্টা যেন মোৰ উৰিহে গুচি গ’ল।
মোৰ ৰে’লখনৰ ঘণ্টা পৰিল। কিতাপখনৰ তেতিয়াও পঢ়িবলৈ বহুত বাকী আছে। এইখনে ভিতৰ ভাগলৈ ক্ৰমে মোক বেছিকৈহে আকৰ্ষণ কৰিবলৈ ধৰিলে।
ক’লোঁ, “পাছৰখন ৰে’লত যাম, এইখন শেষ নকৰাকৈ আজি ইয়াৰপৰা নুঠোৱেই।”
কিতাপৰ গৰাকীয়ে কাহ এটা মাৰি চুপচাপ বহি থাকিল।
ৰে’লখন গুচি গ’ল…..মই কিতাপ পঢ়িয়েই থাকিলোঁ ।
কিতাপখন কিন্তু মই শেষ কৰিব নোৱাৰিলোঁ ।শেষৰফালে ইয়াৰ ভালেমান পৃষ্ঠা নাই।কিতাপৰ গৰাকীক ক’লোঁ,
“ইস, শেষৰ ইমানবোৰ পৃষ্ঠা নাই! আগতে নক’লে কেলেই? ইস ইস ইস…..।”
ইয়াৰ উত্তৰত তেওঁ মোৰ ফালে কেৱল চকুৰ টিপ নমৰাকৈ চাইহে থাকিল। দেখিলোঁ তেওঁৰ কপালৰ শিৰবোৰ ফুলি উঠিছে।
(দুই)
দহ বছৰৰ পাছত সেইখন কিতাপ আকৌ এবাৰ মোৰ হাতত পৰিলহি। এইবাৰ মোৰ ভাগিনী এজনীৰ শহুৰেকৰ ঘৰত।
তাইক থ’বলৈ তেওঁলোকৰ ঘৰলৈ গৈছিলোঁ।সেইদিনাই উভতি অহাৰ কথা আছিল;কিন্তু কিতাপখনৰ লোভত থাকি গ’লোঁ। সুযোগ বুজি কিতাপখন হস্তগত কৰি আকৌ আগ্ৰহেৰে পঢ়িবলৈ আৰম্ভ কৰিলোঁ।এইবাৰ শেষৰ অংশ নপঢ়াকৈ নেৰো বুলি ঠিক কৰি পঢ়ি গ’লোঁ।
কেইপৃষ্ঠামান পঢ়োঁতেই কিবা এটা মনত লাগিল। কিতাপখন লুটিয়াই বগৰাই চালোঁ……….হয়, সেই কিতাপখনেই চোন!
পুনৰ কেইপৃষ্ঠামান আগবাঢ়িলোঁ।নাই, কিবা যেন খেলিমেলি এটা হৈছে। তথাপিও পঢ়ি থাকিলোঁ।
কিছুবেলিৰ মূৰত মনত খেলালে ….নাই, আৰু আগুৱাব নোৱাৰি।
এইখনেই সেইখন কিতাপ নে, যিখন মই আসানসোল ৰে’ল ষ্টেচনত প্ৰখৰ গৰমৰ দুপৰীয়া এটাত ৰুদ্ধশ্বাসে, একমনে পঢ়িছিলোঁ?
এনেকুৱা নিম্ন মানৰ কিতাপো মানুহে লিখিব পাৰেনে?
এইখন পঢ়ি শেষ কৰা একেবাৰে অসম্ভৱ।
দহ বছৰৰ আগৰ সেই উৎসুক পাঠকজন কেতিয়া মৰি থাকিল গমেই নাপালোঁ।
এইবাৰো কিতাপখন পঢ়ি শেষ কৰিব নোৱাৰিলোঁ।
*******