মিত্ৰদেৱ মহন্ত শিশু সাহিত্য সমগ্ৰ-ববিতা শৰ্মা
আধুনিক অসমীয়া শিশু সাহিত্যৰ ধাৰাটো সবল কৰি তুলিবলৈ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ পাছত যি কেইগৰাকী ব্যক্তিয়ে অহোপুৰুষাৰ্থ কৰিছিল তাৰ ভিতৰত সাহিত্যাচাৰ্য মিত্ৰদেৱ মহন্ত অন্যতম। ঊনৈশ শতিকাৰ শেষ ভাগৰপৰা কুৰি শতিকাৰ আৰম্ভণিলৈ জোনাকী, বিজুলী, বাঁহী, চেতনা আদি কাকত-আলোচনীয়ে গঢ়ি তোলা বৌদ্ধিক পৰিৱেশৰ দ্বাৰা অনুপ্ৰাণিত হৈ মহন্তদেৱে এক বুজন সংখ্যক গ্ৰন্থ ৰচনাৰে অসমীয়া ভাষা-সাহিত্যৰ সেৱা কৰি গ’ল।অসম সাহিত্য সভাৰ উদ্বোধনী গীতৰূপে পৰিৱেশিত ‘চিৰ চেনেহী মোৰ ভাষা জননী’ গীতটিৰে হাজাৰ-বিজাৰজনৰ মনত ভাষা-জননীৰ প্ৰতি অনুৰাগ জগাই তুলিবলৈ সক্ষম হোৱা মিত্ৰদেৱ মহন্ত একাধাৰে এজন সফল নাট্যকাৰ, গীতিকাৰ, হাস্য-ব্যংগ লেখক, কবি আৰু শিশু সাহিত্যিক। অৱশ্যে তেওঁৰ পৰিচয় ইয়াতে শেষ নহয়। সাহিত্যাচাৰ্য মিত্ৰদেৱ মহন্ত আছিল এজন ধৰ্মাচাৰ্য, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, সু-অভিনেতা, সুৰকাৰ, সুবক্তা, হাস্যৰসিক আৰু আদৰ্শ শিক্ষক। সৰ্বোপৰি তেওঁ আছিল এক বিৰল ব্যক্তিত্বৰ গৰাকী….. নম্ৰ, বিনয়ী আৰু নিৰহংকাৰী ব্যক্তি। ড° মহেশ্বৰ নেওগদেৱৰ ভাষাত……
“হাঁহি এমোকোৰা মুখত অনবৰত লৈয়ে জীৱনটোক আদৰা আৰু জীৱনক উল্লাসেৰে সাবটি লৈ থকা এজন ‘দিল-খোলা’ মানুহ”…..এয়ে আছিল মোৰ মনত মিত্ৰদেৱ মহন্ত ছাৰৰ প্ৰথম ছবি ।… ছাৰ ডেকাৰ লগত ডেকা, ল’ৰাৰ লগত ল’ৰা, ভকতৰ লগত ভকত, ‘মজেদাৰ’সকলৰ লগত ফূৰ্তিবাজ ।”(মিত্ৰদেৱ মহন্ত : তিলো সোণোৱাল, ১০০ অসম বৰেণ্য, সম্পাদনা অনুভৱ পৰাশৰ । পৃষ্ঠা : ৩৩১)
মিত্ৰদেৱ মহন্ত ৰচিত সাহিত্য সম্ভাৰৰ ভিতৰত পোন্ধৰখন হ’ল শিশু উপযোগী পুথি।সেইবোৰ হ’ল.. ধ্ৰুৱ, মৌ মহাভাৰত,ল-নি পাঠ প্ৰথম আৰু দ্বিতীয় ভাগ, প্ৰহ্লাদৰ ক- খ, মিঠা ক খ, ৰাংঢালী, মৌ ৰামায়ণ, মইনা পাৰিজাত, টেঙৰী আইতা, ৰসে চৌ চৌ, ভা-কুট্-কুট্, জুনজুনি, নীতি-নিকুঞ্জ আৰু চেনেহৰ জৰী। পোন্ধৰখনকৈ গ্ৰন্থৰে অসমীয়া শিশু সাহিত্যৰ ভঁড়াল চহকী কৰি তোলা মিত্ৰদেৱ মহন্তৰ শিশু সাহিত্যৰ একত্ৰ সংকলন এখনৰ অভাৱ অনুৰাগীসকলে বাৰুকৈয়ে অনুভৱ কৰি আহিছিল। আনহাতে সংৰক্ষণৰ অভাৱত তেওঁৰ চেঁচা জ্বৰ, টিপ চহী, মেলটৰী, বাটৰ সখা, কুৰুসন্ধ্যা, হাতী দাঁতে হাতী দাঁতে, এক দেৱ, সেন্দূৰী আলি, বৈকুণ্ঠ প্ৰয়াণ, ঘোচামৰ জৰী, মেখেলী পুৰাণ, অম্বা, ৰুক্মিণীহৰণ, কিস্কিন্ধ্যা কাণ্ড, বোম ফটকা, অচিন কাঠৰ থোৰা, ধোদৰ আলি, শ্ৰীমতী, ক্ষেত্ৰ কলংক বা অভিমন্যু বধ, ৰজা হৰিশ্চন্দ্ৰ, কবিতাৰ থুপি, সুৰা সংহাৰ, লংকা দাহ, এক দেউ এক সেউ, বৰ্ষচক্ৰ ফলাফল, জিলিমিলি, কালীয়দমন আৰু চন্দিতা আদি ভালেমান গ্ৰন্থ প্ৰায় হেৰাই যোৱাৰ উপক্ৰম হৈছে (ইণ্টাৰনেটৰ মিত্ৰদেৱ মহন্ত শীৰ্ষক অসমীয়া ৱিকিপিডিয়াৰ তথ্য )। তেওঁৰ বিৰল সৃষ্টিৰাজিৰ কিছু অংশ যোৰহাটৰ নিজা ঘৰতে প্ৰায় উৱলি যোৱা অৱস্থাত পাই ২০১২ চনত ড° নগেন শইকীয়াদেৱৰ মুখ্য সম্পাদনাত অজয় কুমাৰ ভট্টাচাৰ্য আৰু সত্যকাম বৰঠাকুৰে সম্পাদনা কৰি ‘মিত্ৰদেৱ মহন্ত ৰচনাৱলী’ নামেৰে প্ৰকাশ কৰি এক মহান কাৰ্য সাধন কৰে যদিও শিশু সাহিত্যৰ পৃথক সংকলন কৰা হোৱা নাছিল।এই দীৰ্ঘদিনীয়া অভাৱ পূৰ কৰি অনুভৱ পৰাশৰৰ সম্পাদনাত অসমৰ এক অন্যতম প্ৰকাশন গোষ্ঠী পাব্লিকেচন আৰু… স্বত্বাধিকাৰী জিণ্টি ডেকাই ‘মিত্ৰদেৱ মহন্ত শিশু সাহিত্য সমগ্ৰ’ নামেৰে যোৱা বছৰ অৰ্থাৎ ২০২৪ চনত প্ৰকাশ কৰি উলিয়াইছে।
‘মিত্ৰদেৱ মহন্ত শিশু সাহিত্য সমগ্ৰ’ত তেওঁৰ পোন্ধৰখন শিশু গ্ৰন্থৰ লগতে মিত্ৰদেৱ মহন্তৰ বংশলতা, মহন্তদেৱৰ সৃষ্টি শ্ৰীগুৰু চক্ৰ, মিত্ৰদেৱ মহন্তৰ হস্তাক্ষৰ আৰু মূল ৰচনাৱলীত বাদ পৰি যোৱা গীত আৰু কবিতাই গ্ৰন্থখনৰ সৌষ্ঠৱ বঢ়াইছে।গ্ৰন্থখন আৰম্ভ হৈছে মিত্ৰদেৱ মহন্তদেৱে ৰচনা কৰা অসম সাহিত্য সভাৰ উদ্বোধনী গীত ‘চিৰ চেনেহী মোৰ ভাষা জননী’ৰে। পৰৱৰ্তী পৃষ্ঠাত মহন্তদেৱৰ এখন আলোকচিত্ৰ দিয়া হৈছে আৰু তাৰ পাছৰ পৃষ্ঠাত ‘সাহিত্যাচাৰ্য শ্ৰীশ্ৰী মিত্ৰদেৱ মহন্ত অধিকাৰৰ জীৱন-পঞ্জী আৰু ৰচনা-পঞ্জী’য়ে গ্ৰন্থখনক চহকী কৰিছে। গ্ৰন্থখনৰ সম্পাদকে সম্পাদকীয়ত উল্লেখ কৰা মতে গ্ৰন্থখন মহন্তদেৱৰ শিশু সাহিত্যৰ ৰচনা ক্ৰমত সজোৱাৰ বিপৰীতে পদ্য, সাধু আদি অনুযায়ী সজোৱা হৈছে । সেইদৰে গ্ৰন্থখনত ব্যৱহৃত ছবিসমূহৰ একাংশ মহন্তদেৱৰ গ্ৰন্থৰ পূৰ্বৰ ছবিসমূহকে সংযোগ কৰা হৈছে আৰু কিছু সংখ্যক ছবি কাহিনীৰ লগত ৰজিতা খোৱাকৈ আকৰ্ষণীয়ভাৱে অংকন কৰিছে চিত্ৰশিল্পী চন্দন চুতীয়াই।
‘মিত্ৰদেৱ মহন্ত শিশু সাহিত্য সমগ্ৰ’ৰ প্ৰথমখন গ্ৰন্থ হ’ল ল-নি পাঠ (প্ৰথম ভাগ)।গ্ৰন্থখনি যোৰহাটৰ বৰকটকী কোম্পানীয়ে ১৯৫০ চনত প্ৰকাশ কৰি উলিয়াইছিল।শিশুৰ উপযোগী এই পাঠ্যপুথিখন সেইসময়ত ‘ক’ মানৰ (আজিকালি প্ৰথম শ্ৰেণী) পাঠ্যক্ৰম আছিল।ল-নি পাঠ (দ্বিতীয় ভাগ)গ্ৰন্থখনৰ দ্বিতীয়খন পুথি।১৯৪৮ চনৰ ১ ডিচেম্বৰৰ অসম গেজেটৰ তথ্য অনুসৰি অসম চৰকাৰৰ শিক্ষা বিভাগৰ ডিৰেক্টৰ চাহাব বাহাদুৰৰদ্বাৰা অসমীয়া প্ৰাইমাৰী স্কুলসমূহৰ খ মানৰ(আজিকালি দ্বিতীয় শ্ৰেণী)পাঠ্যপুথি হিচাপে পুথিখনে মঞ্জুৰি পাইছিল। মহন্তদেৱৰ আন দুখন পাঠভিত্তিক পুথি ‘প্ৰহ্লাদৰ ক খ'(১৯৩৫ চনত প্ৰকাশিত) আৰু ‘মিঠা ক খ’ ইয়াৰ পাছত সন্নিৱিষ্ট কৰা হৈছে। ইয়াৰে দ্বিতীয়খন পুথিত তেওঁৰ বৰ্ণ কবিতাবোৰ প্ৰকাশ পাইছে……….
‘অ’ হ’ল অঁকৰা ল’ৰা অমিতা নেপায় চিনি,
‘আ’ই আখৈত খায় আঠীয়া কল সানি।
‘ই’য়ে ইটাৰ ঘৰত ল’লে ইকৰা গাঁথি,
‘ঈ’য়ে ঈহত* ধৰি বোলে ঈহ চুটি।
(*ঈহ : নাঙল আৰু যুঁৱলিডালক লগ লগাই ধৰা দীঘল মাৰিডাল)
শিশু সাহিত্যিক আৰু শিক্ষক মিত্ৰদেৱ মহন্তদেৱে এই দুয়োখন পুথিত কণ কণ ছাত্ৰ-ছাত্ৰীক বৰ্ণ জ্ঞান দিবলৈ চেষ্টা কৰিছে।
ইয়াৰ পাছৰ পুথিখন হ’ল ‘ৰাংঢালী’।১৯৯৭ চনত নলবাৰীৰ মুনীন্দ্ৰনাৰায়ণ দত্ত বৰুৱাই পুথিখন প্ৰকাশ কৰি উলিয়াইছিল। বিভিন্ন বিষয়ৰ ৫৩ টা পদ্যৰ এইখন এখন পদ্য পুথি।পুথিখনিৰ প্ৰতিটো পদ্যই অতি আকৰ্ষণীয়।পুথিখনিত সন্নিৱিষ্ট ‘ল’ৰাৰ ভূগোল’ নামৰ পদ্যটিৰ মাজেৰে অতি আকৰ্ষণীয় ভাৱে ল’ৰা-ছোৱালীক ভৌগোলিক জ্ঞান দিয়াৰ প্ৰয়াস কৰিছে।
কিহৰ গণ্ডগোল তহঁতৰ
কিহৰ গণ্ডগোল
এক লহমত খটম কৰিম
তহঁতৰ ভূগোল ।।
তিনি জকা পানী
এক উধান মাটি
তাৰ বাদে কিনো পাবি
পৃথিৱী চালে কাটি॥
পানীক সাগৰ বোলে
মাটিক বোলে দেশ
উত্তৰ মেৰু ওৰা ধৰি
দক্ষিণ মেৰুত শেষ॥
‘ৰাংঢালী’ৰ পাছৰ পুথিখন হ’ল ‘ৰসে চৌ চৌ’।ছটা হাস্য-ব্যংগ কবিতাৰ অপ্ৰকাশিত ক্ষুদ্ৰ পুথিখন মিত্ৰদেৱ মহন্ত ৰচনাৱলীত সন্নিৱিষ্ট কৰা হৈছিল।ইয়াৰ পৰৱৰ্তী পুথিখন হ’ল ‘জুনজুননি’।১৯৫৪ চনত প্ৰকাশিত পুথিখন সাধুকথা আৰু পদ্যৰ পুথি। শিশুসকলে বুজিব পৰাকৈ সৰলভাৱে পুথিখন লিখা হৈছে।পুথিখনৰ আৰম্ভণিতে ছবি সাধু এটা দিয়া হৈছে।শিশুসকল স্বাভাবিকতে ছবিৰ প্ৰতি আগ্ৰহী। গতিকে তেওঁ সাধুটোৰ বাক্যৰ মাজত শব্দৰ সলনি ছবি আঁকি সেইবোৰ বুজাবলৈ চেষ্টা কৰিছে।সামগ্ৰিকভাৱে পুথিখনৰ সহায়ত তেওঁ শিশুক বৰ্ণ শিক্ষাৰ লগতে জতুৱা ঠাঁচৰ শিক্ষা দিয়াৰ প্ৰয়াস কৰিছে।
“মই জানিছোঁ তই ভেলেকীবাজী শিকি মোক লাওলোৱা কৰিবলৈ আহিছ।সি নহ’ব।এটা ফুটা কড়িও মোৰপৰা তই সৰকাব নোৱাৰ।”(কোৰানৰ সাধু)
এই পুথিখনৰ লগতে ‘চেনেহজৰী’ নামৰ পুথিখনৰ বাবে তেওঁ দুবাৰকৈ ভাৰত চৰকাৰৰ শিশু সাহিত্য বঁটা লাভ কৰিছিল।
“নমো দেৱ নাৰায়ণ, নৰৰ প্ৰধান।
নমো দেৱী সৰস্বতী, দিয়া জয়দান॥”
‘মিত্ৰদেৱ মহন্তৰ শিশু সাহিত্য সমগ্ৰ’ পৰৱৰ্তী পুথিখন হ’ল মহন্তদেৱৰ শ্ৰেষ্ঠ শিশুপুথি ৰূপে স্বীকৃত ‘মৌ-মহাভাৰত’।পুথিখন প্ৰথমে ১৯২৫ চনত প্ৰকাশ পায়। ১৯৭৯ বিশ্ব শিশুবৰ্ষ উপলক্ষে আৰু ১৯৯০ চনত দুবাৰকৈ অসম সাহিত্য সভাই এই পুথিখন পুনৰ প্ৰকাশ কৰে।১৯৯১ চনত পুথিতীৰ্থ প্ৰকাশনে আৰু ২০০৩ চনত গ্ৰন্থ সংস্কৃতিয়ে পুথিখন প্ৰকাশ কৰে।বিশ্বৰ দীৰ্ঘতম মহাকাব্য তথা কালজয়ী গ্ৰন্থ বেদব্যাসৰ মহাভাৰত এতিয়ালৈকে গদ্য, পদ্য নাটক আদি ৰূপত বিভিন্নজনে লিখি উলিয়াইছে যদিও বৃহৎ কলেৱৰৰ গ্ৰন্থখন শিশু উপযোগী কৰি মাত্ৰ আঢ়ৈশ পৃষ্ঠাত লিখি উলিয়াই মহন্তদেৱে এক অসাধ্য সাধন কৰিছিল।গ্ৰন্থখনিৰ পাতনিত তেওঁ লিখিছে……..
“গছৰ ভিতৰত তুলসী, নৈৰ ভিতৰত গংগা আৰু পুথিৰ ভিতৰত ‘মহাভাৰত’ আমাৰ বৰ আদৰৰ আৰু মানৰ বস্তু।”
ইয়াৰ পাছতে তেওঁ মহাভাৰত বিষয়ক কিছু জানিবলগীয়া কথা সৰল ভাষাত অথচ আকৰ্ষণীয়ভাৱে উপস্থাপন কৰিছে………..
“মহাভাৰত এখন অতি পুৰণিকলীয়া পুথি।ব্যাস নামৰ এজন ঋষিয়ে এই পুথি ৰচনা কৰে। ইয়াৰ সমান ডাঙৰ পুথি পৃথিৱীত আৰু নাই।অতীজতে এই পুথি লিখা হৈছিল সংস্কৃত ভাষাত; কিন্তু তাৰ পাছত অসমীয়া, হিন্দী, বাংলা আদি অনেক ভাষালৈ এই পুথি ভঙা হয়।”
মৌ-মহাভাৰতৰ পাছত মিত্ৰদেৱ মহন্তৰ প্ৰথম প্ৰকাশিত শিশু পুথি ‘ধ্ৰুৱ’ক স্থান দিয়া হৈছে।পুথিখনৰ প্ৰকাশ কাল ১৯২৫ চন।পুথিখন ৰচনাৰ মূল অভিপ্ৰায় সম্পৰ্কে লেখকে এনেদৰে কৈছে,
“আজিকালি আমাৰ ভাষাত ল’ৰাৰ উপযোগী কিতাপৰ যি ডাঙৰ অভাৱ তাক দূৰ কৰিবৰ অভিপ্ৰায় কৰি এই কিতাপখনি লিখা হ’ল।”(পাতনি, ধ্ৰুৱ)
ৰজা পিতৃ আৰু সতীয়া মাকৰদ্বাৰা অৱহেলিত ধ্ৰুৱ নামৰ বালকজনে কিদৰে মাতৃৰ কথা শুনি একান্তচিত্তে ভগৱানক ধ্যান কৰি নিজকে অদ্বিতীয় ৰূপত প্ৰতিষ্ঠা কৰিলে তাকে প্ৰতিফলিত কৰি শিশুসকলৰ মনত যিকোনো কাম একাগ্ৰতাৰে কৰাৰ আগ্ৰহ জগাই তুলিছে। লগতে শিশুৰ মনত আধ্যাত্মিক ভাব জগাই তোলাৰো প্ৰয়াস কৰিছে।
ধ্ৰুৱৰ পাছৰ পুথিখন হ’ল মৌ-ৰামায়ণ।সপ্তকাণ্ড ৰামায়ণৰ মাত্ৰ আদি কাণ্ড আৰু অযোধ্যা কাণ্ডৰ অসমীয়া ৰূপেৰে এই পুথিখনি এখন অসম্পূৰ্ণ পুথি। মৌ-ৰামায়ণৰ পাছৰ পুথিখন হ’ল ‘ভা-কুট্-কুট্’। মুঠ ৭৮টা সৰু সৰু ৰসাল লেখাৰ সমষ্টি পুথিখন পঢ়ি শিশুসকলৰ লগতে ডাঙৰ সকলেও যথেষ্ট ৰস পাব বুলি ক’ব পাৰি।
তল শ্ৰেণীৰ ল’ৰা এটিয়ে শিক্ষকক সুধিলে’
“ছাৰ, প্লীডাৰ আৰু লীডাৰ কাক বোলে?”
শিক্ষকে উত্তৰ দিলে,
“সি অতি সহজ।প্লীডাৰৰ ‘প’টো মোহাৰিলেই ‘লীডাৰ’ ।
(প্লীডাৰ-লীডাৰ)
ঘৰ আৰু বিদ্যালয়ত শিশুসকলৰ কৰ্তব্যৰ বিষয়ে সুন্দৰভাৱে আলোকপাত কৰা মহন্ত দেৱৰ নীতিশিক্ষামূলক গ্ৰন্থ ‘নীতি-নিকুঞ্জ’ক ভা-কুট্-কুট্-ৰ পাছত সন্নিৱিষ্ট কৰা হৈছে।ইয়াৰ পাছতে আছে মহন্তদেৱৰ শিশু নাটিকা ‘মইনা পাৰিজাত’।সৰু নাটিকা খনিত নাৰদ আৰু তিনিটি শিশু চৰিত্ৰৰে কাহিনী উপস্থাপন কৰা হৈছে। ইয়াৰ পাছৰ গ্ৰন্থখন হ’ল ‘টেঙৰী আইতা’।সাধুকথাৰপৰা নাটকৰ ৰূপ দিয়া ছন্দোবদ্ধ এই নাটখনি গুৱাহাটী অনাতাঁৰ কেন্দ্ৰ যোগেও প্ৰচাৰিত হৈছিল।
‘মিত্ৰদেৱ মহন্ত শিশু সাহিত্য সমগ্ৰ’ৰ অন্তিমখন পুথিখন হ’ল ‘চেনেহ-জৰী’ । পুথিখনত মুঠ পাঁচটা শিশু গল্প আছে। সেই গল্পবোৰৰ মাজেৰে গ্ৰাম্য পৰিৱেশৰ এখন বিশেষ ছবি প্ৰতিফলিত কৰিছে। এই পুথিসমূহৰ লগতে মিত্ৰদেৱ মহন্তৰ শিশু সাহিত্যৰ ওপৰত আলোকপাত কৰি অনুভৱ পৰাশৰৰ সম্পাদকীয়ই গ্ৰন্থখনৰ সৌষ্ঠৱ বঢ়াইছে।
অসমীয়া শিশু সাহিত্য জগতৰ এক প্ৰতিষ্ঠিত নাম মিত্ৰদেৱ মহন্ত আছিল শিশু সুলভ মনৰ গৰাকী। শিশু সাহিত্যিকৰ মনটো শিশু সুলভ হোৱাটো এক আৱশ্যকীয় গুণ।সেয়ে হয়তো মিত্ৰদেৱ মহন্ত এজন সাৰ্থক শিশু সাহিত্যিক।বিশিষ্ট শিশু সাহিত্যিক গগণচন্দ্ৰ অধিকাৰীদেৱে মিত্ৰদেৱ মহন্তদেৱৰ বিষয়ে লিখিছে,
“মহন্ত সঁচাকৈয়ে শিশু সুলভ মনৰ অধিকাৰী আছিল। শিশুৱে পঢ়ি ভাল পোৱা কাহিনী, বুজিব পৰা সহজ-সৰল শব্দ, ছন্দ-তাল-লয়ৰ সুপ্ৰয়োগ, বৈচিত্ৰময় কথনভংগী, বিমল আনন্দ দানৰ প্ৰয়াস ইত্যাদি শিশু সাহিত্যত থাকিবলগীয়া সকলোখিনি গুণ তেওঁৰ ৰচনাত বৰ্তমান।”
(প্ৰৱন্ধ: মিত্ৰদেৱ মহন্ত।’কথা বৰেণ্য ১০০’; ঊনৈছ আৰু কুৰি শতিকাৰ ১০০ গৰাকী অসমীয়া সাহিত্যিক-শিল্পীৰ জীৱনালেখ্যৰ সংকলন, সম্পাদক : শোণিত বিজয় দাস আৰু মুনীন বায়ন)। এনে এজন শিশু সাহিত্যিকৰ শিশু সাহিত্য সম্ভাৰ সংকলিত নোহোৱাকৈ থকাটো আমাৰ ভাষাৰ বাবে সঁচাকৈয়ে পৰিতাপৰ কথা আছিল। ২০২৪ চনত অনুভৱ পৰাশৰৰ সম্পাদনাত পাব্লিকেচন ‘আৰু…’ৰ স্বত্বাধিকাৰী জিণ্টি ডেকাই প্ৰকাশ কৰি উলিওৱাতো শেহতীয়াভাৱে মিত্ৰদেৱ মহন্তৰ অনুৰাগী আৰু অসমীয়া শিশু সাহিত্যৰ বাবে সুখবৰ। মহন্তদেৱৰ শিশু সাহিত্য কেৱল শিশুসকলৰ বাবেই নহয় , শিশু-সাহিত্য চৰ্চাকাৰীসকলেও এইখিনি পঢ়ি শিশু-সাহিত্য চৰ্চাৰ বাট পাব।বিশেষকৈ তেখেতৰ ৰচনা-ৰীতি আৰু ভাষাই উৎকৃষ্ট শিশু -সাহিত্য কিদৰে লিখিব পাৰি তাৰ পথ দেখুৱাব।গতিকে মিত্ৰদেৱ মহন্তৰ শিশু সাহিত্য সম্ভাৰৰ একত্ৰ সংকলন প্ৰকাশ হোৱাটো আমাৰ বাবে এক ইতিবাচক বাৰ্তা। আশাকৰোঁ সদাশয় পাঠক সমাজে গ্ৰন্থখন আঁকোৱালি ল’ব।
গ্ৰন্থ:মিত্ৰদেৱ মহন্ত শিশু সাহিত্য সমগ্ৰ
সম্পাদনা : অনুভৱ পৰাশৰ
প্ৰকাশক : পাব্লিকেচন আৰু…
চাৰ্ভে, গুৱাহাটী – ৭৮১০২৮
মূল্য: ৫৫০ টকা
*******