লিমাৰিক-চন্দ্ৰপ্ৰভা বৰুৱা

(১) কালিলৈ নাহিবি,পিতন দিম ভালকৈ 

     দেউতাক কথাটো ক’লো অতি নম্ৰকৈ

     খং উঠে দেউতাৰ 

     বেত দিব বাৰ বাৰ 

     যাম মই স্কুললৈ নাথাকো নোযোৱাকৈ।


(২) বৰষুণ আহিছে খৰ ধৰকৈ ওলা 

    ছাতিয়ে নৰখাব বৰষুণৰ বোজা।

    যান যঁত লাগি আছে 

    যাম বাৰু কোন সতে 

    দহ বজাৰ সভাখন বাৰলৈ হতা।


(৩) ৰঙালী আহি আছে আদৰোঁগৈ ওলোৱা 

    ৰঙত বিভোৰ আছা তথাপি নোযোৱা 

    যাম বাৰু ব’লাচোন 

    চুপ চাপ থাকাচোন 

    নাদৰিলে ৰঙালীক থাওনি নোপোৱা ।


(৪) পৰম্পৰা ৰক্ষা কৰি ঈদ পতা হয় 

    হিন্দু সকলেও নামাজত ভাগ লয়,

   পৰম্পৰা নিজা নিজা

   সকলোৱে জনা কথা 

   কিছুমানে কিয় নজনাৰ ভাও লয়।


(৫)পঞ্চায়তৰ ইলেক্সন খেলিম বুলি 

     বান্ধিলো কঁকালত দীঘলকৈ টঙালি 

     টঙালিও ফাটি গ’ল 

     নিৰ্বাচনো খেলা নহ’ল 

     ভোটৰ প্ৰতীক চিহ্ন নাপালোঁ বিচাৰি।

*******

Leave a Reply

Your email address will not be published. Required fields are marked *