লিমাৰিক-হৰিচন্দ্ৰ ডেকা

আত্মসহায়ক গোটৰ কথা

 

 (১)

 

গোট বুলি ক’লে কিবা ভয় লাগি যায়

কিহৰ বা গোট আহিল  এইটো পাই

ধানৰো প্ৰকাৰ  বহু

যেনে বাও শালি আহু

গোটৰো তেনেকৈ সীমা সংখ্যা নাই৷

 


(২)

 

কিছুমান গোট আছে আত্মসহায়ক

এইবোৰ পিচে সঁচাকৈ  বৰ লায়ক

কুটিৰ শিল্পৰ দৰে

সদস্যই কাম কৰে

কাম বন কৰিয়ে হয় মহানায়ক৷

 


(৩)

 

বহুতে ভোটৰ সময়ত গোট খোলে

তেতিয়াহে টকাৰ উজান আহে বোলে

কোনেও নাপায় গম

কষ্টও ইয়াতে কম

দেখুৱাবলৈ কেতিয়াবা পইচা তোলে৷

 


(৪)

 

এনেবোৰ গোটত কেৱে একো নকৰে

মিটিঙলৈ যাতে মাতে আলোচনা কৰে

যদি মাতে মিটিঙলৈ

চিলেক কৰে যাবলৈ

নোযোৱাকহে পঠাব সিবাৰৰ  দৰে৷

 


(৫)

 

নিৰ্বাচনী সভাত যোগদানৰ বাবে

ভাল পাৰিশ্ৰমিক লাভ কৰে সবে

দৈনিক হাজিৰা পিচে

গাইগুটীয়াকৈ দিছে

গোটৰ ধনহে জমা কৰিব নীৰৱে৷

 


(৬)

 

ভাবিছোঁ খুলি ল’ম ঘৰতে এটা গোট

অনুদানৰ ধনেৰে ঘৰ খাব পোত

ঘৰতে ভগাই ল’ম

খোজে যদি মিছা ক’ম

ভয় নাই কলেও সলালোঁ বুলি মোট৷

 


(৭)

 

সকলোৰে নামবোৰ ঠিকেই থাকিব

কাৰণ একাউণ্ট যে খুলিব লাগিব 

কিছু পাপইচা ভৰি

নাম পঞ্জীয়ন কৰি

ঘৰতে পৰিবাৰে চম্ভালিব পাৰিব৷

 

*******

Leave a Reply

Your email address will not be published. Required fields are marked *