শ্ৰীমন্ত শঙ্কৰদেৱ-কুমকুম শৰ্মাবৰুৱা
অসমৰ আকাশত কাল অমানিশা
চৌদিশে ঘোৰ অন্ধকাৰ,
তিমিৰ নাশি আলোক প্ৰকাশি উদিত
এক উজ্বল জ্যোতিষ্কৰ।
১৪৪৯ খ্ৰীষ্টাব্দত নগাঁৱৰ বৰদোৱাত
উপজিল শ্ৰীমন্ত শঙ্কৰ,
আইতা খেৰসুঁতী মাতৃ সত্যসন্ধ্যা
ধন্য হ’ল পিতৃ কুসুম্বৰ।
নিচেই সৰুতেই শ্ৰীমন্ত শঙ্কৰদেৱ
পিতৃ-মাতৃহাৰা হ’ল,
বুঢ়ীমাক খেৰসুঁতী ধাইমাক চন্দৰী
শঙ্কৰৰ অভিভাৱক হ’ল।
আইতাই নাম লিখাই গুৰুগৃহত
মহেন্দ্ৰ কন্দলি হ’ল গুৰু,
‘ক’ ফলা শিকি ৰচে ‘কৰতল কমল’
কৃষ্ণৰ বন্দনা কল্পতৰু।
এক দেৱ এক সেৱ কৃষ্ণ বিনে নাই কেৱ
দেৱগুৰুৰ ধৰ্মকথা,
নামঘৰ, বৰগীত, কীৰ্তন, ভাগৱত
ভাওনা, অংকীয়া, চিহ্নযাত্ৰা।
ধৰ্মৰ প্ৰচাৰ আৰু সমাজ সংস্কাৰ
তেখেতৰ কৰ্মৰ মূলমন্ত্ৰ ,
অন্ধকাৰ অসমত সেইসময়ত
চলিছিল বহু তন্ত্ৰ-মন্ত্ৰ।
সাহিত্যকৃতিৰে তেওঁ জিলিকিব সদা
অনুবাদ, নাট মালাগঁথা,
বৰগীত, ভটিমা, খোলবাদ্যৰ সৃষ্টি
সংলাপবিহীন চিহ্নযাত্ৰা।
নামঘৰ তেখেতৰ অপূৰ্ব সৃষ্টি
নাই কোনো জাতিভেদ,
ধৰ্ম আলোচনা আৰু কৃষ্টি-সংস্কৃতি
গাঁৱে গাঁৱে একতাৰ বান্ধ।
১৫৬৮ খ্ৰীষ্টাব্দ কোঁচবিহাৰৰ মধুপুৰত
জগতগুৰুৰ মহাপ্ৰয়াণ,
জগত স্তব্ধ হয় সূৰুয অস্ত যায়
সত্যযে ই চিৰন্তন।
*******