সৰগৰ পখী আৰু নিকুঞ্জবনৰ পখী (Birds of Paradise and Bower Birds)- কুমকুম শৰ্মাবৰুৱা
সৰগৰ পখীৰ মতা চৰাইটোৰ ৰঙীন পাখিবিলাক অতি সুন্দৰভাৱে সজ্জিত আৰু যিমান পাৰে সিমান সুন্দৰকৈ মেলি ধৰি ইহঁতে যোৰ পাতিবলৈ মাইকী চৰাইজনীক আকৰ্ষণ কৰিবলৈ চেষ্টা কৰে। পৃথিৱীৰ ভিতৰতে ইহঁত অতি সুন্দৰ চৰাই।
ইহঁতৰ ৪০(চল্লিশ) বিধ প্ৰজাতিৰ বেছিভাগেই নিউগিনি আৰু কাষৰীয়া দ্বীপপুঞ্জত আছে।কেইটামান প্ৰজাতি অষ্ট্ৰেলিয়াৰ উত্তৰফালে পোৱা যায়। ইহঁতে নাতিশীতোষ্ণ জলবায়ু পছন্দ কৰে আৰু লগতে খোৱাবস্তু য’ত গোটেই বছৰ ধৰি অভাৱ নহয় তেনে ঠাইকে বাসস্থান হিচাপে বাচি লয়।এইবোৰ ঠাইত থকা চৰাইৰ মাইকীজনীয়ে মতা চৰাইটোৰ সহায় নোলোৱাকৈ পোৱালি ডাঙৰ কৰে।মতা চৰাইটোৱে কেৱল নিজক সজোৱাত ব্যস্ত থাকে যোৰ পাতিবলৈ মাইকী চৰাইৰ সান্নিধ্য বিচাৰি।আটাইতকৈ শক্তিমান আৰু আকৰ্ষণীয় মতা চৰাইয়ে মাইকী চৰাইক আকৰ্ষণ কৰাত বেছিকৈ সফল হয় আৰু এই গুণটো পিছৰ পোৱালিবিলাকলৈ গৈ থাকে।এই সৰগৰ পখীবিলাক ক্ৰমবিকাশৰ (বিৱৰ্তন) উৎকৃষ্ট উদাহৰণ।
ডাঠ হাবিত থকা কিছুমান প্ৰজাতিয়ে গছৰ একেবাৰে ওপৰত গৈ সূৰ্যৰ পোহৰ পাখিত পেলাই পেখম ধৰি থাকেগৈ। কিছুমান প্ৰজাতিয়ে আকৌ গছৰ তলত মাটিত সৰাপাত গুচাই পৰিষ্কাৰ কৰি ৰ’দ পৰা ঠাইত গানগাই-নাচি, বিভিন্ন ভঙ্গিমাৰে নিজৰ কৃতিত্ব দেখুৱায়। মন পছন্দৰ ঠাইত থাকি কিছুমান প্ৰজাতিৰ মতা চৰায়ে অকলে আৰু কিছুমানে দলবান্ধি পেখম ধৰি নিজৰ নিজৰ প্ৰতিভা দেখুৱায়।
নিকুঞ্জবন পখীৰ দৰে বহুতো চৰায়ে নিজৰ বাহটো সুন্দৰকৈ সাজি তাত ফুল, লাইকেন ইত্যাদিৰে ধুনীয়াকৈ সজাই তোলে।মাইকী চৰাইজনীয়ে অকলেই পোৱালীক খুৱাই-বুৱাই ডাঙৰ কৰে।এইবিধ চৰাইক bower bird বোলে।
এই চৰাইবোৰৰ মাজত বৰ্ণসংকৰ হয় প্ৰাকৃতিকভাৱেই। মাইকী চৰাইবোৰ দেখাত প্ৰায় একেই অৰ্থাৎ পাখিৰ সাজোন-কাচোন নাই।বেছিকৈ বৰ্ণসংকৰ হ’লে একোটা প্ৰজাতি নাইকিয়া হৈ যাবও পাৰে।
এই সৰগৰ পখী (birds of Paradise) আৰু নিকুঞ্জবনৰ পখীবোৰৰ (bower birds) মাজত এটা পাৰ্থক্য আছে।নিকুঞ্জবনৰ পখীবোৰে বাহটো বৰ ধুনীয়াকৈ সজাই তোলে। ইহঁতৰ ১৯ বিধ প্ৰজাতি নিউগিনি আৰু অষ্ট্ৰেলিয়াত পোৱা যায়।বাহটোৰ ভিতৰত চোতাল ধৰণৰো থাকে। ইয়াক চোতাল নুবুলি পাৰ্ক বুলিও ক’ব পাৰি। বেলেগ বেলেগ প্ৰজাতিয়ে বেলেগ বেলেগ ধৰণৰ নিকুঞ্জবন সাজি মাইকী চৰাইক আকৰ্ষণ কৰাৰ চেষ্টা কৰে। কিছুমানে গছৰ ঠালিৰে ওপৰটো সাজি লৈ তলত শঙ্কু আকৃতিৰ সাজি তাত ফুল -পাত ইত্যাদিৰে সজায়।আন কিছুমানে সমানকৈ চোতালৰ দৰে সাজি তাতে ফুল ইত্যাদি দি সজায়। কিছুমানে আকৌ বেৰবোৰ ৰং কৰে বেৰী ইত্যাদিৰ ৰসেৰে প্ৰাকৃতিক ৰঙেৰে।এটা অষ্ট্ৰেলিয়ান প্ৰজাতিয়ে গছৰ ছাল এটুকুৰা ব্ৰাচৰ দৰে ব্যৱহাৰ কৰে বেৰত ৰং সানিবলৈ।
সৰগৰ পখীৰ দৰে নিকুঞ্জবনৰ মতা পখীয়েও পোৱালি ডাঙৰ কৰা বা কণী উমণি দিয়া ইত্যাদি কামত কোনো অংশগ্ৰহণ নকৰে। এক কথাত তেওঁলোক কেৱল সাজোন-কাচোনতে ব্যস্ত হৈ থাকে।
সৰগৰ পখীবোৰৰ পাখিৰ সাজোন বৰ সুন্দৰ। তাৰে এবিধ নীলা ৰঙৰ পখীয়ে আকৌ তললৈ মূৰটো কৰি ওলোটাকৈ ওলমি নাচি-বাগি দেখুৱাই থাকে।
ভগৱানৰ সৃষ্টিৰ কি অপূৰ্ব সৌন্দৰ্য। চৰাই এনেয়েই ধুনীয়া। তাতে এই সৰগৰ পখীবিলাক অতুলনীয় সৌন্দৰ্যৰো অধিকাৰী।
*******