অভিমানৰ দস্তাবেজ-নিবেদিতা শৰ্মা
অনিৰুদ্ধৰ কোঠাটোত আজিও তাৰ প্ৰিয় কেমেৰাটো টেবুলৰ ওপৰত নিথৰ হৈ পৰি আছে। লেন্সখনত ধূলিৰ এক পাতল তৰপ জমিছে, ঠিক যেনেকৈ অনিৰুদ্ধৰ জীৱনটোতো শেহতীয়াকৈ বিষাদৰ এসোপমান ধূলিৰ তৰপ বান্ধিছে। যিজন মানুহৰ চকুৱে প্ৰতিটো মুহূৰ্তক ফ্ৰেমত আৱদ্ধ কৰি জীৱন্ত কৰি তুলিব বিচাৰিছিল, সেই একেজন মানুহৰে দৃষ্টি আজি মাত্ৰ এটা বিন্দুতে থমকি ৰৈছে তাৰ পাঁচ বছৰীয়া সন্তান আৰ্যৰ এখন পুৰণি হাঁহিভৰা ফটোত।
অনিৰুদ্ধ কেৱল এজন দক্ষ ফটোগ্ৰাফাৰেই নাছিল, সি আছিল এজন উদাৰ আৰু সংবেদনশীল মনৰ মানুহ। সমাজৰ কামত দৌৰি ফুৰা, পাহাৰ-ভৈয়ামৰ বুকুত প্ৰকৃতিৰ ছবি তোলা আৰু ডায়েৰীৰ পাতত কবিতাৰ গুঞ্জন তোলা সেই প্ৰাণচঞ্চল ল’ৰাজন লাহে লাহে এজন নিসংগ যুঁজাৰুত পৰিণত হৈছিল। এই ভয়ংকৰ পৰিৱৰ্তনৰ আঁৰত আছিল এক গভীৰ বিশ্বাসঘাটকতাৰ ক’লা ইতিহাস।
অনিৰুদ্ধৰ পত্নী জাহ্নৱী আছিল তাৰ পৃথিৱীৰ কেন্দ্ৰবিন্দু। কিন্তু যিজনী মানুহক সি আকাশৰ দৰে বিশ্বাস কৰিছিল, সেই জাহ্নৱীয়েই তাৰ সংসাৰলৈ নমাই আনিলে কাল অমানিশা। জাহ্নৱীৰ জীৱনলৈ অহা এজন ‘তৃতীয় ব্যক্তি’ৰ প্ৰৱেশে তেওঁলোকৰ সুখৰ ঘৰখনৰ ভেটি লৰাই পেলাইছিল। সেই পৰকীয়া প্ৰেমৰ মোহ ইমান তীব্ৰ আছিল যে জাহ্নৱীৰ চকুৰ আগত নিজৰ স্বামীৰ নিষ্ঠা আৰু সন্তানৰ ভৱিষ্যত সকলো অসাৰ হৈ পৰিল।
সেই অভিশপ্ত দুপৰীয়াটো অনিৰুদ্ধৰ বাবে আছিল এক জীয়া নৰক, যেতিয়া জাহ্নৱীয়ে আৰ্যক লগত লৈ চিৰদিনৰ বাবে ঘৰৰপৰা ওলাই যাবলৈ লৈছিল। অনিৰুদ্ধই বহু অনুনয়-বিনয় কৰিছিল, আনকি তাইৰ ভৰিত ধৰি বাধা দিবলৈও কুণ্ঠাবোধ কৰা নাছিল। কিন্তু জাহ্নৱীৰ চকুযোৰত তেতিয়া অনুতাপৰ সলনি আছিল কেৱল ঘৃণা আৰু বিদ্ৰুপ। ভৰিৰ কাষত আঁঠু কাঢ়ি থকা অনিৰুদ্ধলৈ চাই জাহ্নৱীয়ে এটা তীৰ্যক হাঁহি মাৰি কৈছিল—
“তোমাৰ এই কঙাল কবিতা আৰু পোহৰ নপৰা কেমেৰাৰ মাজত মোৰ উশাহ বন্ধ হৈ আহিছে অনিৰুদ্ধ। তোমাৰ এই তথাকথিত আদৰ্শ আৰু সমাজৰ কামে মোৰ পেট নভৰায়। আচলতে তুমি এজন বিফল মানুহ। মই মোৰ বাবে এজন আচল পুৰুষ বিচাৰি পাইছোঁ, যিয়ে মোক এটা চহকী জীৱন দিব পাৰিব।”
অনিৰুদ্ধই কঁপনি উঠা মাতেৰে কৈছিল, “আৰ্যৰ কি হ’ব জাহ্নৱী? সি দেখোন মই নহ’লে এক মুহূৰ্তও থাকিব নোৱাৰে!”
তাৰ কথাষাৰ শেষ হ’বলৈ নিদি জাহ্নৱীয়ে অধিক কঠোৰ মাতেৰে কৈ উঠিছিল—
“আৰ্যক লৈ তুমি চিন্তা কৰিব নালাগে। সি তোমাৰ দৰে এজন বিফল মানুহৰ ছাঁত ডাঙৰ হোৱাতকৈ এজন প্ৰতিষ্ঠিত মানুহৰ ছত্ৰছায়াত থকাই মই শ্ৰেয় বুলি ভাবোঁ। আৰ্যক মই এনেকৈ গঢ়িম যাতে ভৱিষ্যতে সি তোমাক নিজৰ দেউতা বুলি চিনাকি দিবলৈও লাজ পায়। আৰু মনত ৰাখিবা, আজিৰপৰা তুমি আমাৰ বাবে মৃত।”
সেইকেইটা বাক্যত কেৱল শব্দ নাছিল, আছিল একো একোপাত বিষাক্ত কাঁড়। জাহ্নৱীয়ে মৰা সেই তীৰ্যক বাক্যৰ চাবুকে অনিৰুদ্ধৰ আত্মসন্মান আৰু জীয়াই থকাৰ হেঁপাহক তিলতিলকৈ চিতাৰ জুইত দহিবলৈ এৰি দিছিল।
তাৰ পিছৰেপৰা সি লাহে লাহে সেই গভীৰ মৌনতাৰ মাজলৈ সোমাই গৈছিল। সি সিদিনা তাৰ ডায়েৰীত লিখিছিল, ‘আজি দহবাৰ ফোন কৰিলোঁ। কিন্তু সিপাৰৰপৰা কোনো সহাঁৰি নাহিল। জাহ্নৱীয়ে মোৰ ফোনটো ব্লক কৰি দিছে। আৰ্যৰ মাতটো এবাৰ শুনিবলৈ পালে হয়তো বুকুৰ এই দহনটো অলপ কমিলহেঁতেন।’
এজন পিতৃৰ বাবে ইয়াতকৈ ডাঙৰ শাস্তি আৰু কি হ’ব পাৰে, যেতিয়া নিজৰ তেজৰ সম্পৰ্কটোক চাবলৈও সি হাজাৰজনৰ অনুমতি ল’বলগীয়া হয়? জাহ্নৱীৰ অৱহেলা আৰু উপেক্ষাৰ সেই ক’লা ডাৱৰে লাহে লাহে অনিৰুদ্ধৰ সৃষ্টিশীলতাক গিলি পেলাইছিল। কবিতাৰ ছন্দবোৰ তেজৰ টোপাল হৈ কাগজত পৰিছিল। সমাজৰ আগত হাঁহি থকা মানুহজন ভিতৰি ভিতৰি নিঃশেষ হৈ গৈছিল।
অৱশেষত, সেই অসহ্য বেদনা আৰু অপমানৰ বোজা সি আৰু কঢ়িয়াব নোৱাৰিলে। যিজন মানুহে জীৱনক ইমান ভাল পাইছিল, তেৱেঁই নিজৰ জীৱনটো ত্যাগ কৰাৰ আটাইতকৈ যন্ত্ৰণাদায়ক সিদ্ধান্ত ল’লে।
যেতিয়া সকলো শেষ হৈ গ’ল, কোঠাটোৰ বিছনাৰ কাষত পৰি আছিল তাৰ নিথৰ দেহটো। এখন হাতত খামুচি আছিল আৰ্যৰ সেই একেই ফটোখন। হয়তো সেই অন্তিম ক্ষণতো সি আশা কৰিছিল— হঠাৎ দুৱাৰখন খোল খাব আৰু আৰ্য লৰি আহি তাক ‘দেউতা’ বুলি সাৱটি ধৰিব। কিন্তু বাস্তৱ বৰ নিষ্ঠুৰ। তাৰ সেই শেষ ইচ্ছা, ইচ্ছা হৈয়ে ৰৈ গ’ল। তাৰ প্ৰাণহীন শৰীৰটো চাবলৈও সেইদিনা তথাকথিত আপোন বুলি ভবা কোনো উপস্থিত নাছিল।
আজি আমাৰ সমাজৰ এটা উজ্জ্বল নক্ষত্ৰ খহি পৰিল। আমি কাকো দোষ দিব নিবিচাৰোঁ, কাৰণ মানুহে বিচাৰ কৰিব নোৱাৰিলেও, শেষ বিচাৰটো বিধাতাই কৰিবই। অনিৰুদ্ধ আজি সকলো পাৰ্থিৱ কষ্ট আৰু উপেক্ষাৰপৰা মুক্ত। সি হয়তো এতিয়া কোনোবা এখন নীলা আকাশৰ দেশত বহি আকৌ কবিতা লিখিছে, য’ত কোনো প্ৰতাৰণা নাই, কোনো বাধা নাই।
*******

3:12 PM
সুন্দৰ গল্প ।