আমি আৰু আমাৰ দায়বদ্ধতা-বিৰিঞ্চি মহন্ত
জীৱ কূলৰ ভিতৰত মানুহকে জীৱৰ শ্ৰেষ্ঠ বুলি ধৰা হয়। কাৰণ মানুহে চিন্তা কৰিব পাৰে। ভাল-বেয়া বিচাৰ কৰিব পাৰে। এই ভাল-বেয়া বিচাৰ কৰিব পৰা শক্তি মানুহৰ বাহিৰে আন জীৱসমূহৰ নাথাকে।
মানুহৰ জীৱনটো ৰহস্যময় আস্বাদনেৰে আৱৰা। ঈশ্বৰে মানুহক সকলো কৰিব পৰা ক্ষমতা প্ৰদান কৰিলেও, কিছু ক্ষেত্ৰত বাধ্যবাধকতা ৰাখিছে। বিশেষকৈ জন্ম, মৃত্যু আৰু বিবাহৰ ক্ষেত্ৰত মানুহৰ হাত নাথাকে। আমি কোনেও নাজানো পিতৃ-মাতৃ হিচাপে আমি কাক পাম। জীৱনৰ লগৰী ৰূপে কোন আমাৰ কাষলৈ আহিব বা কোন মুহূৰ্তত আমি আমাৰ জীৱনৰ শেষ উশাহ লম!
এই সকলো অনিশ্চয়তাৰ মাজত কিন্তু এটা সিদ্ধান্ত সম্পূৰ্ণ আমাৰ হাতত আছে আৰু সেইটো হৈছে আমাৰ জীৱনত বন্ধু হিচাপে আমি কাক নিৰ্বাচন কৰিম।কাৰণ এজন মানুহক জানিবলৈ হ’লে তেওঁৰ নিকটতম বন্ধুজনক জানিলেই যথেষ্ট। প্ৰতিজন মানুহেই নিজৰ চিন্তাধাৰাৰ লগত মিল থকা বা মনে মিলাজনৰ লগতহে বন্ধুত্ব গঢ়ে। বন্ধু অৰ্জুনেও গঢ়িছিল আৰু কৰ্ণয়ো গঢ়িছিল নিজৰ নিজৰ চিন্তাধাৰাৰ অনুসৰি। ফলাফল সকলোৰে সন্মুখত বিদ্যমান।
আমাৰ মনৰ কথাবোৰ ক’ব পৰাকৈ, বিপদত কাষত পোৱাকৈ এজন নিষ্ঠাৱান, নিস্বাৰ্থ বন্ধু লাগে, সেয়া অনস্বীকাৰ্য। কাৰণ বন্ধু এনে এক সম্পৰ্ক যি সকলো সম্পৰ্কতকৈ ওপৰত। কিন্তু এনে বন্ধুও নথকা নহয় যি সুখৰ দিনত কাষত থাকি দুখৰ দিনত আঁতৰি যায়! নিস্বাৰ্থ এজন বন্ধুৱে যেনেদৰে জীৱনৰ গতি পথকো সলনি কৰিব পাৰে, সেই একেদৰে বন্ধুৰ জৰিয়তেই বিপৰ্যয়ৰ পৰিস্থিতি সন্মুখীন হোৱাৰ নজিৰো নোহোৱা নহয়। সেয়ে হয়তো বিজ্ঞসকলে মত পোষণ কৰি গৈছে যে এজন মানুহৰ বিষয়ে জানিবলৈ হ’লে তেওঁ সততে উঠা-বহা কৰা বন্ধুবৰ্গক জানিলেই হয়।
আমাৰ এই অনিশ্চয়তাৰে ভৰা জীৱনটোত কৰণীয় বহুতো কামেই আছে। যিবোৰ সময়তহে কৰিব পাৰি। সময় উকলি গ’লে কৰো বুলি ভাবিলেও কৰিবলৈ টান হৈ পৰে। প্ৰতিটো কামৰে এটা নিৰ্দিষ্ট সময় থাকে। যেনেকৈ ছাত্ৰ অৱস্থাত বিদ্যা, যুৱা অৱস্থাত নিজৰ সংস্থাপনৰ বাবে ধন অৰ্জনৰ প্ৰচেষ্টা। এই কামবোৰ সময়মতে সুচাৰুৰূপে নকৰিলেই জীৱনটো আৰু জীৱনত পালন কৰিবলগীয়া দায়িত্ববোৰ বোজা স্বৰূপ হৈ পৰে।
পুৰণি কালত আমাৰ সমাজত থকা ব্ৰহ্মচাৰ্য, গাৰ্হস্থ্য, বাণপ্ৰস্থ আৰু সন্ন্যাস আশ্ৰমৰ যি ব্যৱস্থা আছিল, সেই চাৰি আশ্ৰমত নিৰ্ধাৰণ কৰা ব্যৱস্থা আজি নাই যদিও কাৰকবোৰ একেই আছে। আজিও আমি প্ৰতিজন মানুহেই এই কাৰকবোৰৰ মাধ্যমেৰে আমাৰ জীৱনক আগুৱাই লৈ গৈছোঁ। প্ৰতিটো দায়িত্বই পালন কৰিছোঁ যদিও ক’ৰবাত যেন উজুটি খাইছো! হয়তো সময়ৰ লগত খাপ খুৱাব পৰাকৈ আমি নিজকে প্ৰস্তুত কৰিব পৰা নাই!
এইক্ষেত্ৰত অভিভাৱকৰো দায়িত্ব থাকে। কাৰণ ঘৰখনেই শিশুৰ প্ৰথম পঢ়াশালি। এখন ঘৰৰ চৌপাশৰ বাতাৱৰণ, ঘৰখনত বাস কৰা মানুহৰ আচৰণ এজন শিশুৱে অনুকৰণ কৰে। ইয়াৰোপৰি এজন শিশুয়ে সৰুতে আহৰণ কৰা নৈতিকতা আৰু সংস্কাৰ আজীৱন কঢ়িয়াই লৈ ফুৰে। বহু সময়ত পৰিস্থিতিত পৰি আওবাটে গ’লেও সেই সংস্কাৰে পুনৰ ঘুৰাই আনে। আৰু সেই নৈতিক শিক্ষা দিয়াৰ দায়িত্ব অভিভাৱকৰ।
বৰ্তমান সময়ত আধুনিকতাৰ ধামখুমীয়াই যেন আমাক কোনো সময়ত মূল লক্ষ্যৰ পৰা আঁতৰাই আনিছে। আধুনিকতাৰ দোহাই দি, কোনো মুহূৰ্তত নিজকে আনৰ আগত জাহিৰ কৰিবলৈ গৈ পিতৃৰ কষ্টোপাৰ্জিত ধনকো অযথা ব্যয় কৰিবলৈকো কুণ্ঠাবোধ নকৰোঁ। কিন্তু এষাৰ কথা আমি ভাবি নাচাওঁ যে পিতৃৰ উপাৰ্জনৰ টকাৰে আমি সফল বুলি ভাবিলেও, আমাৰ পিতৃ-মাতৃয়ে সেইদিনাহে সফল অনুভৱ কৰিব যিদিনা তেওঁলোকৰ সন্তানে সৎ পথত থাকি দুপইচা উপাৰ্জন কৰিব পাৰিব। কাৰণ প্ৰতিজন পিতৃ-মাতৃয়ে সন্তানৰ সুকৰ্মৰ জৰিয়তেহে নিজৰ পৰিচয় দিবলৈ বিচাৰে। এয়া প্ৰতিজন পিতৃ-মাতৃৰে সপোন। যি সপোন তেওঁলোকে সন্তানটি সৰু হৈ থকা অৱস্থা পৰাই দেখিবলৈ আৰম্ভ কৰে। তেওঁলোকে মুকলি চকুৰে দেখা সপোনক পূৰণ কৰাৰ দায়িত্বও আমাৰ সন্তানসকলৰ ওপৰতে ন্যস্ত। তেওঁলোকৰ ত্যাগৰ মূল্য দিয়াৰ দায়িত্ব, সকলোতকৈ গুৰুত্বপূৰ্ণ দায়িত্ব।
******
