প্ৰহৰী-উপাসা ভাগৱতী

হঠাতে খুব পাতলকৈ কাণত বাজি উঠা শব্দটোৱে চিলমিলকৈ টোপনি আহিব খোজা চকুকেইটা মেল খোৱাই দিলে। এইকেইদিন প্ৰায়েই ৰাতি টোপনি ক্ষতি। সেইবাবে বিছনাখনত পৰি দিয়াৰ লগে লগেই টোপনিয়ে হেঁচা মাৰি ধৰিছিল।শব্দটো হোৱাৰ ফালে চাওঁতেই দেখিলে দেউতাকে পালেঙৰ বাৰডালত হাতখনেৰে যিমান পাৰে সিমান শব্দ কৰি তাক জগাবলৈ চেষ্টা কৰি আছে। সি একেজাপে থিয় হৈ দেউতাকৰ ওচৰ পালেগৈ। চকুত কৰুণ অভিব্যক্তি আৰু খং তথা হতাশাবোৰৰ চিটিকনি স্পষ্ট হৈ পৰিছে মুখখনত।সি ওচৰ পাওঁতে বহু কষ্ট কৰি বুজাবলৈ যত্ন কৰিলে বহু সময়ৰ পৰা মাতি আছিল বুলি।মাতটো নোলালেও কথাটো অনুমান  কৰি বুকুখন বৰকৈ বিষাই গ’ল তাৰ । পূৰ্বতে  যিকোনো কামতে গলগলীয়া কণ্ঠেৰে ‘বিনোদ’ বুলি মতা  মাতষাৰলৈ মনত পৰি শোকে খুন্দা মাৰি ধৰিলে। যোৱা কালিৰেপৰা দেউতাকৰ মাতটো বহি গ’ল।ডাক্তৰক মাতি দেখুওৱাত কলে মাতটো আৰু হেনো ঘূৰি নাহে। অলপ ভঙা ভঙাকৈ কোনোবা সময়ত দুই এটা শব্দ ফুটি উঠিলেও আগৰ মাতটো আৰু ঘূৰাই নাপায় দেউতাকে। মনটো কিবাখন কৰি গৈছিল কথাষাৰ শুনি। তাতে দেউতাকৰ সন্মুখতে সকলোবোৰ কোৱাত দেউতাকেও  মানসিকভাৱে ভাগি পৰি মূৰটো গাৰুটোত পেলাই দি সিফাল মুখ কৰিছিল। চকুৰ পানীবোৰ দুয়োৱে এজনে আনজনে নেদেখাকৈ মচিছিল, যদিও মনবোৰ ভাগি পৰিছিল।তেতিয়াৰেপৰা দেউতাকৰ শৰীৰ যেন পূৰ্বতকৈ আৰু হতিল তেনে অনুমান হ’ল তাৰ। বোধকৰো অনুমান কৰি পেলাইছে তেওঁৰ হাতত যে বেছি সময় নাই।

কালিৰেপৰা সম্পূৰ্ণ আকাৰে ইঙ্গিতেহে কথাবোৰ বুজাবলৈ চেষ্টা কৰি আছে দেউতাকে।ভাতবোৰ বেছিকৈ সিজাই দিবলৈ ক’বলৈ উপায় নাপাই তাৰ হাতখনত ইংৰাজীৰে চফ্ট শব্দটো এটা এটাকৈ লিখি বুজাবলৈ চেষ্টা কৰোতে তাৰ চকু পানী ওলাই আহিছিল।পৰাপক্ষত সি ওঁঠৰ লৰচৰ চায়ে  কি কৈছে অনুমান কৰি দেউতাকৰ প্ৰয়োজনবোৰ যিমান পাৰে পূৰোৱাৰ চেষ্টা কৰিছে। এতিয়া ওঁঠখন লৰোৱালৈ চাই পানী খাব বুলি অনুমান কৰি পানী অকণমান দি পিয়াহকণ আঁতৰোৱাৰ যত্ন কৰিলে যদিও ভিতৰলৈ যোৱাতকৈ বাহিৰলৈহে বেছিভাগ বাগৰি আহি ডিঙিৰ লগতে বুকুৰ বহু অংশ তিয়াই পেলালে। ডিঙিৰেও একো বস্তু নোযোৱা হৈছে। যদিও  বহু যত্ন কৰি এচামুছ হ’লেও খাদ্য পেটত পেলাবলৈ যত্ন কৰে। ভোক থাকিও খাব নোৱাৰাৰ দৰে  অশান্তি হয়তো আন একো থাকিব নোৱাৰে।ওচৰতে থকা গামোচাখনেৰে মুখ -ডিঙি  মচি দি বৃদ্ধৱস্থাৰ শাৰীৰিক অশান্তিবোৰৰ কথা চিন্তা কৰি কৰি সি এপাকত চিঞৰি পত্নী মৰমীক চোলা এটা আনিবলৈ ক’লে। সোনকালে খুলি নেপেলালে ঠাণ্ডা পাব।গেটখন খোলাৰ শব্দত দৰ্জাৰ বাহিৰলৈ চাই দেখিলে ওচৰৰে কণ দদাইদেও সোমাই আহিছে। মৰমীয়েও তেখেতক বহিবলৈ দি চোলাটো সলোৱাত বিনোদক সহায় কৰি দি দদাইদেউক ভিতৰলৈ মাতি লৈ আহিল।

অলপ সময় দেউতাকৰ মুখলৈ চাই আগবাঢ়ি গ’ল কণ দদাই।ওচৰলৈ চাপি কপালত হাত থৈ মাতষাৰ লগাওঁতে দেউতাকে কৰুণভাৱে এবাৰ চাই চকুকেইটা মুদি দিলে। বৰ কথকী এই কণ দদাই।কেতিয়া কাৰ আগত কেনেদৰে কথা ক’ব লাগে একো বুজি নাপায়…….কেৱল ক’ব লাগে কৈ যায় যিহকে মুখত আহে। মনে মনে আজিও ভয় খালে বিনোদে। মিঠুৰ কথা নুলিয়ালেই হ’ল। নহ’লে পুনৰ মিঠুৰ কথা ভাবিবলৈ ললে প্ৰেছাৰ বেছি হৈ কালিৰ দৰে হুৱাদুৱা লাগিব।আজিও বেমাৰী মানুহজনৰ আগত যেনেদৰেহে মুখ মেলিছে ৰখোৱাই টান হব যেন পাওঁ–মনতে ভাবিলে বিনোদে॥

হঠাতে মিঠুৰ নামটো মুখত লোৱাত দেউতাকেও  জপাই থকা চকু দুটা মেলি দি বৰ আশাৰে দুয়োলৈকে চালে জানোচা মিঠু আহিল বুলি কয়। দৰ্জাখনলৈ  দৃষ্টি নিক্ষেপ কৰালৈ চাই সি বুজি পালে দেউতাকে মিঠু আহিছে বুলিয়েই চাই পঠিয়াইছে। আকাৰে ইঙ্গিতে তাৰ কথা সুধিবলৈ  দদাইক বাধা দিলেও তেওঁ পিছে সৰ্ সৰ্ কৈ কেৱল মিঠুহঁতৰ পুৰণি কথা পাগুলি থাকি থাকি এসময়ত সি কেতিয়া  আহিব বুলি সুধি দিলে।যিটো ভয় কৰিছিল সেইটোৱেই হ’ল।যিমানেই তাৰ কথা পাহৰাবলৈ চেষ্টা কৰে সিমানেই মানুহবোৰে খবৰ ল’বলৈ আহি মনত পেলাই দিয়ে দেউতাকক।অৱশ্যে দেউতাক এজনৰ মনৰ পৰা সন্তানৰ কথা জানো পাহৰাব পাৰি? তথাপিও সি চেষ্টা কৰে যিমান পাৰে মিঠুৰ নাম যাতে দেউতাকৰ আগত কোনেও নুলিয়ায়।এইবোৰ কথাৰ বাবেই খবৰ ল’বলৈ অহা মানুহবোৰক বেয়া পোৱা হৈছে সি। অৱশ্যে সি ঠিকেই বুজি পাই মানুহখিনিয়ে দেউতাকৰ  এনে শয্যাগত অৱস্থাত  যিদৰে মিঠু ঘৰলৈ অহাটো, দেউতাক সাধাৰণভাৱে হলেও প্ৰতিপাল কৰাটো  বিচাৰিছে; সেইদৰে  দেউতাকেও এই সময়ত মিঠুৰ অতিকে প্ৰয়োজন অনুভৱ কৰিছে।কিন্তু দেউতাকৰ সন্মুখত নকৈ সিহঁত দুটাক আঁতৰাই লৈ গৈ সুধিলেই হয় নহয় মানুহবোৰে। নুবুজে মানুহবোৰে।এনে সময়তেই বৰ অসহায়বোধ কৰে সি।

মিঠুলৈ বৰকৈ মনত পৰে তাৰ।একেলগে খেলি ধূলি ডাঙৰ হোৱা ঘৰখন সি কেতিয়াবাই পঢ়াৰ খাতিৰত এৰিলে। এটা সময়ত বাহিৰতে পোষ্টিং হ’ল। বিয়া-বাৰুও বৰ ধুমধামেৰে পাতি দিলে যদিও চাকৰি দূৰৈত হোৱা বাবে অলপদিনো দেউতাকৰ লগত থাকিবও নোৱাৰিলে। বোৱাৰী অনাৰ সুখ অকণ নাপালে দেউতাকে। পিছত অলপদিনৰ বাবে নিজৰ লগলৈ  লৈ গৈছিল যদিও দুয়ো পুত্ৰ-বোৱাৰী চাকৰিলৈ ওলাই যোৱাৰ পিছত অকলে অকলে ফ্লেটটোত আৱদ্ধ হৈ থাকি আমনি পোৱাত সোনকালেই উভতি অহা দেউতাকক আৰু পুনৰবাৰ মিঠুয়ে লগলৈ নিব নোৱাৰিলে। ইয়াতেই থাকিল দুখে সুখে সিহঁতৰ লগত মাকবিহীন ঘৰখনত। মাক ইহ সংসাৰৰ পৰা আঁতৰি যোৱাও কেইবাবছৰো হ’ল।মাক ঢুকাওতেই দুদিনমান থকাকৈ সপৰিয়ালে আহিছিল  মিঠু।এতিয়া অলপদিনৰ আগতে দেউতাকৰ টান হৈ হস্পিটেলাইজ কৰোতে এৰাতিৰ বাবে আহিছিল সি।ছুটী নোপোৱাৰ অজুহাত  আৰু দুপৰ ৰাতিলৈ কাম কৰিব লগা বৰ ব্যস্ততাৰ দোহাই দি সি এইমুৱা হ’বলৈ এৰিছে। তাকেই সমস্ত চোৱা-চিতাৰ ভাৰটো  দি থৈ গ’লেও মাজে মাজে ভাব হয় সি দেউতাকক বোজা বুলি ভাবিবলৈ লৈছে নেকি? 

          

কিছুমান কথা আজিকালি বুজিবলৈ লৈছে বিনোদে।ফেচবুক খুলিবলৈ শিকাৰেপৰা দেখিছে সিহঁতৰ বিভিন্ন ঠাই ফুৰিবলৈ যোৱা ফটোবোৰ।সেই কথানো কেনেকৈ কয় দেউতাকক।

আৰু …আৰু… এই মানুহবোৰো কম নহয় খবৰ কৰিবলৈ আহি মানুহজনক বিভিন্ন কথা কৈ, কিতাপ-পত্ৰ পঢ়ি আনন্দ দিয়াতকৈ কেনেকৈ বেমাৰী মানুহজনক দুখ দিব পাৰি তাৰেই চিন্তাত থকা যেন লাগে তাৰ।সি দদায়েকক কথাৰ মাজতে হাতত ধৰি লাহেকৈ সেই কোঠাটোৰপৰা উলিয়াই আনিলে। পাকঘৰলৈ গৈ মৰমীক কণ দদাইক চাহ একাপ যাচি সোনকালে বিদায় দিবলৈ ক’লেগৈ।

এইদৰেই চলিছে দিন-ৰাতিবোৰ।সি যিমান পাৰে সিমান যত্ন লবলৈ চেষ্টা কৰিছে দেউতাকৰ। মিঠুয়ে মাহে মাহে টকাকেইটামান পঠিয়াই দিয়েই দায় সৰাৰ চেষ্টা কৰিছে। সি কিন্তু পৰা নাই দেউতাকক এৰি দিবলৈ। সৰুৰেপৰা মিঠুৰ লগত সমভাৱে  ডাঙৰ কৰিছে তাক। হয়,দেউতা বুলি মাতিলেও সি দেউতাকৰ অংশ নহয়। মিঠুৰ সহোদৰ নহয় সি।দুখত চকুলো নিগৰি আহিল তাৰ।পঢ়াই-শুনাই বিয়া-বাৰু কৰাই দিয়ালৈকে সকলোখিনি কৰি দিছে দেউতাকে নিজৰ পোৰ দৰে। প্ৰকৃততে তাতোকৈ বেছি মৰম কৰিছে তাক।কেও কিছু নহয় এইখন ঘৰৰ সি। মা-দেউতা কি বস্তু নুবুজা ,ফুটপাথত পৰি থকা এটা অঘৰী,অনাথ ল’ৰা আছিল সি আৰু এদিন ভগবানে যেন চকু মেলি চাইছিল তাক। কপাল মুকলি হৈছিল।হঠাৎ চকু পৰি এই মানুহজনে  কি মন কৰি জানো লৈ আনিছিল এইখন ঘৰলৈ।নিজৰ পুত্ৰৰ দৰে দিবলগীয়া সকলো দিছিল তাক আৰু সিও যিমান পাৰে বাৰী-ঘৰ চোৱাৰ পৰা কৰিবলগীয়া সকলো কাম কৰি তেওঁলোকৰ লগত মিলি পৰিছিল। পঢ়া শুনাও মেট্ৰিকলৈ কৰি মন নকৰিলে পঢ়িবলৈ।সকলোৱে পাহৰি পেলালেও ইমানবোৰ মৰমৰ ধাৰ সি এই ঘৰখনৰ কাৰণে যিমান  কৰিলেও তাৰ এইজন্মত শেষ নহ’ব।কৰি যাব যিমান পাৰে সিমানখিনি….তাৰ দেহে যেতিয়ালৈকে কুলাই কৰিব। দেউতাকৰ এই শেষ পৰ্যায়ত যিমান পাৰে সুখ দিয়াৰ চেষ্টা কৰিব। তাক এখন ঘৰ দিয়াৰ, পিতৃ-মাতৃৰ সুখ দিয়াৰ উপকাৰ সি কোনোকালে নাপাহৰে ।পাহৰিব নোৱাৰে। হঠাতে পুনৰ চিনাকি শব্দটোত ঘূৰি চালে সি।দেউতাকে মাতিছে।আজি গোঁসাই ঘৰত থকা টিলিঙাটোকে দেউতাকৰ হাতত দি দিব লাগিব নহ’লে পালেঙখনৰ বাৰত এইদৰে ঢকিয়াই থাকিলে হাতখনত বৰ দুখ পাব। সি দেউতাকৰ ওচৰলৈ গৈ গাৰুটো অলপ ওখকৈ দি বহাই দিয়াৰ চেষ্টা কৰিলে।মৰমীয়ে সেই সময়তে বাতি এটাত সিজোৱা লুথুৰি অলপ লৈ সোমাই আহিল কোঠালৈ।

*******

2 Comments

  • Barasha Deka

    বৰ ধুনীয়া হৈছে বাইদেউ

    Reply
    • Upasha Bhagawati

      আন্তৰিকতাৰে ধন্যবাদ জনালোঁ

      Reply

Leave a Reply

Your email address will not be published. Required fields are marked *