ময়ুৰীৰ বিয়া-কুমকুম শৰ্মাবৰুৱা 

ময়ুৰীৰ বিয়া ঠিক হৈছে।ল’ৰাজন অ’.এন.জি.চি.ৰ অভিযন্তা।স্বভাৱে-চৰিত্ৰই ল’ৰা ভাল।ঘৰখনৰ সকলোৱে স্বস্তিৰ নিশ্বাস পেলাইছে।উপযুক্ত বয়সত ছোৱালী উলিয়াই দিব পাৰিলে সকলোৱে ভাল পায়।গতিকে ময়ুৰীৰ মাক-দেউতাকে ভাল পোৱাটো স্বাভাৱিক।মাকে কিছু দুখো নকৰা নহয়।ময়ুৰী পেটমোচা আদৰুৱা ছোৱালী।ঘৰখন উদং হ’ব।

ময়ুৰী আনন্দত উত্ৰাৱল হৈ উঠা নাই।তাইক দেখিলে কিবা উদাসীন হৈ মনটো মাৰি থকা যেনহে দেখি।ময়ুৰী ভিতৰি ভিতৰি এক আশংকাত ভুগিছে।ল’ৰাজনক তাই মাত্ৰ দুদিন অলপ অলপ সময়ৰ কাৰণেহে লগ পাইছে।ভয়ে-সংকোচে সোধা কথা কেইষাৰৰ উত্তৰ মাথোঁ দিছে।

“চাকৰি এটা পাব লাগিব,নম্বৰ পাতি কেনেকুৱা….”…..ইত্যাদি ইত্যাদি।

শদিয়াৰ ফালৰ এখন বৰ সোমোৱা গাঁৱৰ ল’ৰা বুলি শুনিছে।ভায়েক-ভনীয়েক,ভাগিনীয়েক ইত্যাদিৰে ঘৰখনত বহুত মানুহ বোলে।সেই কাহানিও নেদেখা মানুহবোৰক কেনেকৈনো সন্তুষ্ট কৰিবগৈ তাই তাকে ভাবি ভয় খাইছে ।যন্ত্ৰৱত মাথো কামবোৰ কৰি গৈছে তাই।

ওচৰ -চুবুৰীয়াৰ মাজত বিয়া বুলি আলোচনা চলিছে।অনু খুড়ীয়ে মালতী জেঠাইক কৈছে ,

“আমাৰ ছোৱালী যেনে ভাল,ল’ৰাও পাইছে তেনে ভাল।”

মালতীয়ে বোলে,

“হওঁক তেওঁ,তাইৰ পঢ়ি অতাইয়ে যে ল’ৰাটো ওলাইছে।পিছে ল’ৰাৰ ঘৰ-দুৱাৰ বোলে কেঁচাহে।”

মিনু খুড়ীয়ে উত্তৰটো দিলে,

“ভাল চাকৰিত সোমোৱা দুবছৰহে হৈছে।সাজিব আৰু লাহে লাহে।”

সোমেশ্বৰে আকৌ ময়ুৰীৰ দেউতাকক কৈছে,

“ল’ৰা পিছে কনিষ্ঠ অভিযন্তানে,আচল অভিযন্তা।চাবা আকৌ আজিকালি অভয়ছিয়াৰ বিলাকেও নিজকে অভিযন্তা বুলিহে কয়।তাতে আকৌ সেইবোৰ চাকৰি কৰা মানুহে মদ-পানীতো খায়েই।”

বিয়া বুলি দূৰৈত চাকৰি কৰা ককায়েক তিনিওজন ঘৰলৈ আহিছে।আহিয়েই বৰ ককায়েকে  বোলে,

“মোৰ পইচা-পাতি নাই,তহঁতি জানই।ফাৰ্নিচাৰ কেইটামান অৰ্ডাৰ দিছো ওচৰতে,মই ধাৰ-ধুৰ কৰি আধা পইচা দিম।তহঁত দুয়োটাই মিলি বাকী আধা দিবি।”

মাজু ককায়েকে বোলে,

“মই এতিয়া বিয়াকে পাতিবলৈ মানা কৰিছিলো।তাই দুবছৰমান চাকৰি কৰাৰ পিছত বিয়া দিয়া হ’লেও হ’লহেতেঁন।মই প্ৰণামীৰ বিয়াত ফাৰ্নিচাৰ দিছোঁ,গতিকে এইৰ বিয়াত মই একো দিব নোৱাৰোঁ।”

সৰু ককায়েকে বোলে,

“মই খোৱা-বোৱাত খৰচ কৰিম বাৰু,কিন্তু ফাৰ্নিচাৰ দিব নোৱাৰোঁ ।সকলো খৰচ মই অকলে কৰিব নোৱাৰোঁ।”

ডাঙৰজনে বোলে মই দৰ্মহা পাওঁ তিনিশ টকা।তাৰে দুশ দেউতালৈ পঠাওঁ।তাত টিউশ্যন কৰি যেনেতেনে ভাত খাই আছোঁ।ফাৰ্নিচাৰৰ পইচা মই ক’ৰপৰা দিম।ল’ৰাটো ঠিক কৰি দিছো,পিছত বয়স হ’লে ভাল ল’ৰা পাবলৈ টান হ’ব।তহঁতৰতো সেইবোৰ একো খবৰেই নাই।

লাহে লাহে তিনিওজন ককায়েকৰ মাজত  তৰ্কা-তৰ্কি  তুংগত উঠিল।বৃদ্ধ দেউতাকে মূৰে-কপালে হাত দিলে।দেউতাকে ভাবি-চিন্তি ক’লে বোলে,

“মাটি এটুকুৰাকে বেচো তেনেহ’লে ।”

তিনিওটাই একেলগে কৈ উঠিল,

“মাটি নেবেচিব ।বাঁহ-কাঠকে বেচক।”

বাঁহ-কাঠ বেচিয়েই দেউতাকে ফাৰ্নিচাৰৰ পইচা দিলে।পিছে বিয়াৰ দিনালৈ সকলো ফাৰ্নিচাৰ নহ’লগৈ।

বিয়াঘৰ উদুলি-মুদুলি।ঘৰৰ শেষ বিয়া বুলি মিতিৰ-কুটুমো আহিছে ভালেখিনি।তাতে ময়ুৰীক ভালো পায় সকলোৱে।

জোৰোণ দিলেহি।সুন্দৰ সুন্দৰ কাপোৰ,সুন্দৰ সুন্দৰ গহনা।দৰাঘৰৰ মানুহ আহিছে মাত্ৰ বিধৱা ডাঙৰ বায়েক।বাকীখিনি ওচৰ -চুবুৰীয়া।

ময়ুৰীৰ মাকক মালতীয়ে সুধিয়েই পেলালে,

“ঘৰৰ মানুহবোৰ কিয় নাহিল।মাক-দেউতাক,ককায়েক -নবৌৱেক কোনো নাহিল যে!”

মাকে উত্তৰ দিবলৈ নৌপাওঁতেই ডাঙৰ নবৌৱেকে মোখনি মাৰিলে,

“তাত আজি অভ্যৰ্থনা ।সেয়েহে নাহিল ঘৰৰ মানুহ।”

চৌপাশৰ ফিচিঙা-ফিচিঙিত ময়ুৰীৰ মৰি যাওঁ যেন লাগিল।

লঘোণে-ভোকে বিয়াৰ দিনা ময়ুৰীয়ে যন্ত্ৰৱত সকলোৰে আদেশ পালন কৰি থাকিল।দৰা পালেহি।দৰাৰ লগত যেনিবা ঘৰৰ মানুহ হিচাপে ভায়েক, ভনীয়েক আৰু ককায়েক আহিছে।ককায়েকে ভাত খাই উঠিয়েই বাছত শুই থাকিলেগৈ।

দৰাৰ ভায়েকে কইনা খুজিবলৈ শৰাই লৈ আহিল।ময়ুৰীৰ বৰদেউতাকৰ ঘৰৰ ভতিজা কেইজনী আৰু খুড়াকৰ ছোৱালী দুজনীয়ে বিয়ানাম জুৰিছে….

“কোমল তামোল পনীয়া,আমাৰে বাইদেউ দীপলিপ্ ধুনীয়া।”, “গৰম পানী উতলা- আমাৰে বাইদেউ দচ্ কোম্পানীৰ পুতলা “………।

“এহ্,পুতলাযেন ধুনীয়া নহয়-নহয়,হ’ব-হ’ব।”

মুখ-চুখ বিকটাই যিদৰে কথাকেইষাৰ ক’লে ভায়েকে তাইৰ বুকু কঁপি গ’ল।এই কৈশোৰ অতিক্ৰম নকৰাটোৰে মুখৰ কথা শুনা।বাকীবোৰৰ তেন্তে……..তাইৰ সঁচাকৈয়ে  ভয় লাগি গ’ল।ইফালে লেনিয়াকৈ বিয়ানাম গাইছে আকৌ…….

“বাৰীৰ ঢাপৰ মেদেলুৱা,আমাৰ বাইদেউ আলসুৱা ।আলসুৱাই কি কৰিব,লোকৰ ঘৰত চাকৰ হ’ব।”

ময়ুৰী এইবাৰ কান্দোনত ভাগি পৰিল।

ছোৱালী হোমৰ গুৰিলৈ নিয়া হ’ল।দৰাৰ ভনীয়েকে লগৰ ছোৱালীৰ লগত লগ হৈ জাত জাত জোৰা নামেৰে ৰভাতলী কুৰুক্ষেত্ৰ কৰি তুলিছে।মাজে মাজে দৰাইও উভতি নামতিক দুই এটা জোৰানাম শিকাই দিছে ,

“হাড় খোৱা হাড়গিলা,কইনা দেখিছো হাড়ে-ছালে লগা,””ৰৌ মাছৰ কালিয়া ,কইনাৰে নবৌৱেক ,এক নম্বৰ তেলীয়া,””পান খালে পুৰিব ,চূণ খালে ডাকিব,দাদাই কিনা মাটিখিনিত ভূই ৰুব লাগিব।”

কইনা সেইপিনেই মুচকচ্ যোৱা অৱস্থা ।খুড়ীয়েকে মূৰত তেল -পানী দি বিচি আছে।ইফালে দৰাৰ ঘৰৰ পুৰোহিতৰ কইনাৰ ঘৰৰ পুৰোহিতক কথাই পতি ধমকনি।

বিয়া শেষ হ’ল।আঙঠি সলাওঁতে  দৰাই চাউলৰ খৰাহিত আঙঠি নথ’লেই।হাতৰ টিপতে লৈ গ’ল।গতিকে কইনাই আঙঠি বিচাৰি দিব নোৱাৰিলে।অৰ্থাৎ কইনা হাৰিল।দৰাক খাবলৈ দিওঁতে ডাঙৰ নবৌৱেকে দৰাধৰাৰ ফালে চাই ক’লে,

“ছোৱালীক আমি খোবা-খুবীৰ দিনা থৈ আহিমগৈ বুলি ভাবিছো।”

এইবাৰ দৰাই মাত লগালে,

“আমি ইমানবোৰ মানুহ ছোৱালী নিম বুলিহে আহিছোঁ।ৰাখে যদি ৰাখিয়েই থওক।পঠাই যদি আজিয়েই পঠাওক।”

নবৌৱেকৰ বুকুখন ঢুককৈ উঠিল।নিজৰ বুকুৰ শব্দ নিজেই শুনিলে।লাহেকৈ উঠি কাপোৰ সলাবলৈ গ’ল,ছোৱালী থ’বলৈ যাবৰ বাবে।কইনাঘৰীয়া কোনোবা এটাই শুনা-নুশুনাকৈ ক’লে,”শ্ৰীকৃষ্ণৰ ৰুক্মীণী হৰণ।”

ময়ুৰীক খুড়ীয়েকে পাকঘৰলৈ লৈ গ’ল।এখন থালত বিভিন্ন খোৱা বস্তু সজাই দি ক’লে,

“বহুত দূৰলৈ যাবা।অলপ খাই লোৱা।”

দুদিনীয়া লঘোণৰ ভোকত তাই জলপান এগৰাহ মুখলৈ নিওঁতেই মাজু নবৌৱেকৰ মাত শুনিলে,

“এতিয়া এসোপা খাব নাপায় ।ঘৰখন লক্ষীচাৰা হয়।”

বিজ্ঞানৰ উচ্চ ডিগ্ৰীধাৰী ময়ুৰী নামৰ ছোৱালীজনীয়ে মাক-দেউতাকক সেৱা কৰি ভাগৰত লেবেজান অৱস্থাৰে থক্-থককৈ কঁপি কঁপি ভাগ্যক ধিয়াই মনে মনে গাড়ীত বহিলগৈ ,এক অচিন পথৰ যাত্ৰী হৈ।এটুপি চকুলো টুকিবলৈও তাইৰ তেতিয়া শক্তি নাছিল।তাই দুচকুৰে মাথোঁ দেখিছিল সকলোফালে কুঁৱলী ,কেৱল কুঁৱলী, ধূসৰতাৰে ভৰা,আগলৈ মণিব নোৱাৰা কেৱল কুঁৱলী।

*******

One comment

  • °গীতা মণি দত্ত ।

    বৰ ভাৰ লাগিল পঢ়ি।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *