অস্ত্ৰ -নন্দিতা ভাণ্ডাৰ কায়স্থ
অনলাইন ক্লাছ শেষ কৰি কীৰ্তিয়ে কিতাপ বহী সামৰি থ’লে। তাই দৌৰাদৌৰিকৈ মাক-দেউতাকৰ শোৱনি কোঠা সংলগ্ন বাথৰুমলৈ খোজ লৈছিল হে মাত্ৰ। ঠিক সেই সময়তে এটা মিঠা সুহুৰিৰে কলিং বেলটো বাজি উঠিল। দুৱাৰ খুলি দিয়াতকৈও বাথৰুমলৈ যোৱাটো তাইৰ বাবে যেন বেছি জৰুৰী হৈ পৰে। বহু সময় অধ্যয়নত ব্যস্ত থকা হেতুকে তাই প্ৰকৃতিৰ আহ্বানক নেওচা দি আছিল। বাথৰুমৰপৰা পৰা ওলাই দুৱাৰ খুলিবলৈ পৰ্টিকলৈ যাবলৈ খোজোঁতেই মোবাইলটো বাজি উঠে। মাকৰ কল। ফোনটো ৰিচিভ কৰিলে তাই।
“কীৰ্তি মা, মোৰ নামত এমাজনৰ পাৰ্চেল এটা আহিছে নেকি বাৰু? দহমিনিট হৈ গ’ল মোক ফোন কৰা।”
“অ মা। কোনোবাই কলিং বেলটো বজাইছে। নিশ্চয় তোমাৰ পাৰ্চেলে হ’ব। মই চাই কৈ আছোঁ ৰ’বা।”
কীৰ্তিয়ে আই হোলেৰে চাই ডেলিভাৰী লৰাজনক দেখিলে। তাই মাকক ল’ৰাজন অহা বুলি কৈ ফোন ৰাখি দিলে।
“ভণ্টি পাৰ্চেল আছিল। বন্দিতা বেজবৰুৱাৰ নামত।”
” হয়। দিয়ক। পেমেণ্ট কৰাই আছে।”
কীৰ্তিয়ে পাৰ্চেলটো লৈ দুৱাৰখন জপাবলৈ লওঁতেই ল’ৰাজনে তাইক মাত লগালে,
“ভণ্টি, পানী এগিলাচ পাম নেকি? ইমান ৰ’দ দিছে। ডিঙি শুকাই গৈছে।”
“অহ আনি আছোঁ।আপুনি অলপ ৰওকচোন।”
কীৰ্তিয়ে দুৱাৰখন খিলি নলগোৱাকৈ এনেয়ে জপাই পানী আনিবলৈ পাকঘৰ পালেগৈ।ফিল্টাৰৰপৰা গিলাচত পানী লৈ পাকঘৰৰ দুৱাৰ মুখ পায়ে তাই থতমত খাই গ’ল,
“আ….. আপুনি ইয়ালৈ কিয় আহিছে?? মই পানী লৈ গৈ আছোঁ নহয়।বাহিৰলৈ যাওক।”
“ভণ্টি,পিয়াহৰ পানীখিনি খাই বাৰু ডিঙি তিয়াই ল’লোঁ। কিন্তু মোৰ তোমাৰ প্ৰতি জাগি উঠা কামনাৰ ভোককণ দমন কৰোঁ কেনেকৈ? তোমাৰ সুগঢ়ী শৰীৰে মোক পাগল কৰি দিছে।আহাচোন অলপ মৰম কৰি দিওঁ।”
ল’ৰাজনে তাইৰ ওচৰলৈ দুখোজ আগবাঢ়ি আহে।কীৰ্তিৰ মুখমণ্ডলত ভয়ৰ ভাৱ ফুটি উঠে। তাইৰ অন্তৰাত্মা কঁপি উঠে।আজি যেন তাই ভয়ানক দানৱ এটাৰ হে সন্মুখীন হৈছে।তথাপি তাই সাহস কৰি আৱাজ উলিয়ায়,
“আপুনি আৰু এখোজো আগবাঢ়ি নাহিব। মই চিঞৰি দিম।কথা বেয়া হ’ব কিন্তু।”
“ভন্টি, চিঞৰি লাভ নাই।এই সময়ত এইটো চৌহদত কোনো নাই।সকলোৰে ঘৰত একোটা প্ৰকাণ্ড তলা ওলমি আছে।বেছি দেৰি নকৰি মোৰ লগত সহযোগ কৰা। আহা মোৰ ওচৰলৈ আহা।”
কীৰ্তি কন্দনামুৱা হয়। তাই পিছুৱাই গৈ থাকে। এটা সময়ত তাই গেছৰ চুলা থকা স্লেবত লাগি যায়।হঠাতে স্লেবত থকা জলকীয়া গুৰিৰ টেমাটো তাইৰ চকুত পৰিল।লাহে লাহে তাই গেছ চুলাৰ একেবাৰে কাষলৈ গৈ চেগ বুজি টেমাটো টান মাৰি আনি ঢাকনি খুলি লৰাজনৰ মুখলৈ জলকীয়া গুৰিখিনি দলিয়াই দিয়ে।
আস!উস !! ইমান পুৰিছে ইমান জ্বলিছে,পানী পানী লাগে বুলি লৰাজনে গগন ফলা চিঞৰ ধৰে। লৰাজনৰ অসহায় অৱস্থাটোৰ সুযোগ লৈ কীৰ্তি পাকঘৰৰপৰা ওলাই একেবাৰে বাহিৰ পায়। ঘৰৰ ভিতৰৰপৰা আহোঁতে তাই মোবাইলটো আনিবলৈ নাপাহৰে।ঘৰৰ বাহিৰলৈ আহি তাই প্ৰধান দুৱাৰখন বন্ধ কৰি দিয়ে।
বাহিৰত থিয় হৈ কীৰ্তিয়ে দীঘলকৈ উশাহ টানি ল’লে। সম্ভাৱ্য বিপদৰপৰা নিজকে উদ্ধাৰ কৰিবলৈ পাই তাই ওপৰলৈ চাই ভগৱানৰ নাম স্মৰণ কৰে। তাই লগে লগে মাকৰ নম্বৰ ডায়েল কৰি সকলো কথা বিৱৰি ক’লে। মাকে ঘটনাটো শুনিয়েই এখন্তেকো পলম নকৰি স্কুটি চলাই ঘৰ পায়হি। ইফালে ডেলিভাৰী ল’ৰাজনে ভিতৰৰ পৰা দুৱাৰত ঢকিয়াই থাকে। কীৰ্তিৰ মাক বন্দিতাই মোবাইল উলিয়াই পুলিচক খবৰ দিলে। স্বামীৰ লগতে পৰিয়ালৰ দুই এজন মানুহৰ কাণতো পেলালে ঘটনাটোৰ বিষয়ে। বহু কেইজন শুভাকাংক্ষীৰে কীৰ্তিহঁতৰ চৌহদ ভৰি পৰিল।
আধাঘন্টা মানৰ পিছত পুলিচ আহি কীৰ্তিহঁতৰ ঘৰত হাজিৰ হ’ল। আৰক্ষী বিষয়াজনে প্ৰধান দুৱাৰ খুলি ল’ৰাজনক কৰায়ত্ত কৰে। কীৰ্তিৰ সাহসিকতা তথা উপস্থিত বুদ্ধিক সকলোৱে শলাগ লয়। সঠিক সময়ত তাই ব্যৱহাৰ কৰা অস্ত্ৰবিধেই তাইক আসন্ন বিপদৰপৰা উদ্ধাৰ কৰাৰ বাবে আটায়ে তাইক প্ৰশংসা কৰে।
*******

1:09 PM
বৰ ভাল লাগিল পঢ়ি
2:50 PM
ভাল লাগিল পঢ়ি।