আদি গুৰুৰ প্ৰতি আমাৰ দায়বদ্ধতা আৰু কৰণীয়-বিৰিঞ্চি মহন্ত
যিটো পিতৃ-মাতৃ জনিলেক দেহ
পুষিলেক অনুদিন
শতেক বৎসৰে যিটো পুত্ৰ তাৰ
সুদিব নপাৰে ঋণ॥”( দশম, পদ ২১২৬)
শাস্ত্ৰ বা ভাগৱতত উল্লিখিত কথা বুলিয়েই নহয়, আমাৰ জীৱনত আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু আমি যিমান যি কৰিলেও যাৰ ঋণ পৰিশোধ কৰিব নোৱাৰোঁ সেয়াই হৈছে এই জগতৰ লগত আমাক পৰিচিত কৰা আমাৰ পিতৃ-মাতৃ। যাৰ অবিহনে আমাৰ অস্তিত্বৰ কোনো মূল্য নাই। মাতৃৰ গৰ্ভত স্থিতি লোৱাৰেপৰা সন্তানৰ প্ৰতি এহাল মানুহৰ মনত সপোনে পোখা মেলে। ভূমিষ্ঠ হোৱা সন্তানৰ প্ৰথম কান্দোনে তেওঁলোকৰো চকুলৈ চকুলো আনে। আনন্দৰ সমানে দুয়োজনৰে দায়িত্ব ভাৰখনো সেইদিনাৰপৰাই বাঢ়ি যায়। সন্তানক লৈ অজস্ৰ সপোন দেখিবলৈ লয়। জীৱনেও ৰং সলায়। সময় সলনি হয়, সন্তানো ডাঙৰ হৈ আহে। সময়ৰ লগে লগে শাৰীৰিকভাৱে বাঢ়ি অহা সন্তানৰ মানসিক বিকাশো ঘটে। কিন্তু এই যে মানুহহাল, তেওঁলোক একেই থাকে। পিছে দায়িত্ববোৰহে আগতকৈও বেছি হয়। সন্তানৰ মনৰ পৰিবৰ্তন হ’লেও, সন্তানে তেওঁলোকতকৈ বুদ্ধি-বৃত্তিৰে আগুৱাই গৈ সময়ৰ গতিশীলতাত তেওঁলোকৰ বুদ্ধি-ভাৰসাক অমান্য কৰিলেও সন্তানৰ প্ৰতি থকা মৰম আৰু আশীৰ্বাদবোৰ জন্ম ক্ষণত থকাৰ দৰেই থাকে। প্ৰকাশৰ ধৰণ সলনি হ’লেও বৰণ সলনি নহয়। হয়তো বহু সন্তানে ধৰণ সলনি হোৱাকে বৰণ সলোৱা বুলি ভুল কৰে।
জীৱনৰ প্ৰতিটো স্তৰৰে সুকীয়া সৌন্দৰ্য থাকে। তথাপি এই যে এহাল মানুহৰ অক্লান্ত শ্ৰম আৰু বুকুৰ উত্তাপত পাৰ কৰোৱা সময়ছোৱা! এই সময়ছোৱাৰ মাদকতাই অতুলনীয়। বটবৃক্ষৰ সদৃশ এহাল মানুহৰ আঁচলৰ ছাঁত নিৰাপদে পাৰ কৰোৱাৰ সময়বোৰ কালৰ বুকুত এদিন সোঁৱৰণী হৈ পৰিলেও, সোঁৱৰণীয়ে সেই সময়ৰ সৌন্দৰ্যক অধিক প্ৰাণৱন্তহে কৰি তোলে।
নিঃসন্দেহে পিতৃৰ ৰাজ্যত প্ৰতিজন সন্তানেই ৰজাৰ সদৃশ। পিছে এই কথা সন্তানে তেতিয়াহে উপলব্ধি কৰে যেতিয়া সেই ৰাজ্যত পিতৃৰ ৰাজত্ব নাইকিয়া হৈ পৰে। ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী হোৱাৰ সুবাদতে এজন পিতৃয়ে সন্তানৰ সন্মুখত তেওঁ পোৱা কষ্ট অথবা দুখৰ উমান সন্তানে পাব নোৱাৰাকৈ নিজকে কঠিন কৰি ৰাখে। অৰ্থৰ অভাৱত থাকিলেও, সেই অভাৱৰ কথা সন্তানক নেদেখুৱাই সন্তানক আগুৱাই নিবলৈ অধিক কষ্টক মূৰ পাতি লয়। একেদৰে এগৰাকী মাতৃয়ে সন্তানৰ হাঁহিক প্ৰাধান্য দিয়েই নিজৰ শৰীৰৰ অসুস্থতাকো লুকুৱাই কয় – ‘একো হোৱা নাই অ’ মোৰ ‘। কিন্তু এওঁলোকৰ এই দুটা মিথ্যাৰ বাবেই সন্তানৰ পৃথিৱী যে সুন্দৰ হৈ থাকে সেয়া অপ্ৰিয় সত্য।
পিতৃৰ বৰ্তমানত সন্তানৰ জীৱন সূৰুযমুখী হৈ ফুলে।সূৰ্য উত্তাপময় হয় যদিও সূৰ্যৰ অবিহনে চৌদিশে অন্ধকাৰ নামি আহে। এজন পিতৃয়ে সন্তানৰ বাবে ৰাজমহল তৈয়াৰ কৰিব নোৱাৰিব পাৰে; কিন্তু তেওঁ সদায় সন্তানৰ বাবে সঠিক পথৰ সন্ধান দিয়ে। তেওঁৰ প্ৰাৰ্থনাত সন্তানৰ ভৱিষ্যতৰ চিন্তা থাকে। নিজৰ বাবে চিন্তা কৰাৰ আগেয়ে সন্তানৰ মংগল কামনা কৰে পিতৃয়ে। পৃথিৱী নিদ্ৰামগ্ন হৈ থকাৰ সময়তো সন্তানৰ বাবে সাৰে থাকে পিতৃ-মাতৃৰ মনাকাশ।
হয়, এজন পিতৃৰ মৰম সন্তানে দেখা নাপায়। কাৰণ মাতৃৰ দৰে পিতৃয়ে চাক্ষুষভাৱে সন্তানক মৰম নাযাঁচে। কিন্তু সন্তানৰ প্ৰতি দেউতাকৰ মৰম সমুদ্ৰ সদৃশ গভীৰতাৰে ভৰা। ওপৰে ওপৰে চাই এই গভীৰতাৰ উমান পাব নোৱাৰি। কাৰণ তেওঁৰ মৰমক সন্তানৰ প্ৰতি থকা দায়িত্ব আৰু কৰ্তব্যই আঁৰ কাপোৰ দি ৰাখে। সন্তান বিপথে পৰিচালিত হ’লে নতুবা সন্তানে ভুল কৰিলে, দেউতাকে দেখুওৱা ৰঙা চকুৰ আঁৰত থাকে সেই মৰমৰ আভাস। কিন্তু দুখৰ কথা, সকলো সন্তানে সেই ৰঙা চকুহালৰ আভ্যন্তৰীণ ভাগত থকা তেওঁৰ মৰম বা দৰদৰ আভাস নজনাকৈ, ওলোটাই তেওঁকে জীৱনৰ জ্ঞান নতুবা সময়ৰ পৰিৱৰ্তনৰ শিক্ষা দিয়াৰ চেষ্টা কৰে। পিছে সময়ৰ শেষত এইসকল সন্তানে দেউতাকৰ কথাৰ গূঢ়াৰ্থ আৰু শাসনৰ আঁৰত থকা জীৱন শিক্ষাক বুজি পালেও, বটবৃক্ষৰ ছায়াত পুনৰ জিৰণি ল’ব নোৱাৰাকৈ সময়ে তেওঁলোকক কঙাল কৰি পেলায়। কাষত থাকোতে মোল নুবুজি, হেৰাই যোৱাৰ পাছত খেপিয়াই ফুৰাতকৈ বিড়ম্বনাৰ কথা আৰুনো কি হ’ব পাৰে!
পিছে বৰ্তমান সময়ত পিতৃ-মাতৃ আৰু সন্তানৰ লগত জড়িত কিছুমান খবৰ আৰু দৃশ্যই সকলোৰে মন জোঁকাৰি যায়। এনে বহুতো পিতৃ-মাতৃ আছে যিয়ে নিজেই জন্ম দিয়া সন্তানৰ জীৱন বিপন্ন কৰি তুলিছে। সেইসকল পিতৃ-মাতৃ বিচাৰ্যৰ আওতালৈ আনিব খোজা নাই। কাৰণ তেওঁলোক পিতৃ-মাতৃ হোৱাৰো অযোগ্য তথা মানসিকভাৱে বিকাৰগ্ৰস্ত। কিন্তু যিসকলে নিজৰ দায়িত্ব আৰু কৰ্তব্য পালন সুচাৰুৰূপে কৰাৰ পাছতো সন্তানে কৰা অৱমাননাই এটা কথা স্পষ্ট কৰে যে যি আদৰ্শ আৰু সংস্কাৰৰ মাজত এহাল মানুহে নিজৰ সন্তানক ডাঙৰ-দীঘল কৰিব বিচাৰিছিল, সেই আদৰ্শ যেন ক’ৰবাত অমিল হৈ পৰিছে। পিতৃ-মাতৃয়ে দিয়া সংস্কাৰক কিছু সন্তানে যেন মানি চলাত অসুবিধা পাইছে। সময়ৰ পৰিৱৰ্তনৰ লগে লগে বহু কথাই সলনি হয়। পূৰ্বৰ নিয়মো সলনি হৈ পৰে। সকলো মানি চলা সম্ভৱ নহ’বও পাৰে। হ’ব পাৰে, ক’ৰবাত কেতিয়াবা সন্তান আৰু পিতৃ-মাতৃৰ মাজত আদৰ্শগত মতানৈক্য হোৱাটো অস্বাভাৱিক নহয়। সকলোৱে এই পৰিৱৰ্তনক সমদৃষ্টিৰে নাচায়। ভুল-ত্ৰুটি সকলো মানুহৰে হয়। সকলো কথাত যে সন্তানৰে ভুল হ’ব বা সকলো সিদ্ধান্ত যে পিতৃ-মাতৃৰ মতেই হ’ব লাগিব সেয়াও নহয়। কিন্তু সেইবুলিয়েই যে সন্তানে পিতৃ-মাতৃৰ স্থান অৱনমিত কৰিব সেয়াও শুদ্ধ নহয়। প্ৰকৃতাৰ্থত নিজেই আন্ধাৰত থাকি সন্তানক পোহৰমুখী কৰিবলৈ আহোপুৰুষাৰ্থ কৰা পিতৃ-মাতৃক পোহৰমুখী হোৱাৰ পাছত সন্তানে অৱহেলা কৰাতকৈ নিন্দনীয় আৰু গৰ্হিত কাম আন একোৱেই নাই।
আমাৰ এষাৰ কথা আছে –
“যেতিয়ালৈকে সন্তানে নিজেই পিতৃ-মাতৃৰ ভূমিকা পালন নকৰে, তেতিয়ালৈকে পিতৃ-মাতৃৰ দুখ নুবুজে।”
পিছে সন্তানে নিজেই পিতৃ-মাতৃ হোৱাৰ পাছত মাক-দেউতাকৰ দুখ বুজি পাবলৈ সক্ষম হোৱা সময়লৈ সন্তানৰ কাষত যদি তেওঁলোকৰ পিতৃ-মাতৃয়েই নাথাকে! জীৱনত ভুল কৰি, ভুল স্বীকাৰ কৰিবলৈ সুযোগ নোপোৱাৰ দুখে সন্তানক আজীৱন খেদি নুফুৰিবনে? অনুশোচনাৰ কথা বাৰু বাদেই দিলোঁ, আমাৰ সন্তানেও যদি আমি কৰা কৰ্মকে আওৰাই তেতিয়া আমি কি কৰিম? হয়তো সেই সময়ত আমি নিজকে সান্ত্বনা দিবলৈও ভাষা বিচাৰি নাপাম। সময়ৰ পাকচক্ৰ সকলোৰে বাবে সমানে ঘূৰে। সন্তানে যিমানেই ভুল কৰিলেও কোনো পিতৃ-মাতৃয়ে নিজৰ সন্তানৰ অনিষ্ট চিন্তা নকৰে। কিন্তু তেওঁলোকে অন্তৰত পোৱা দুখৰ হিচাপৰ খতিয়ান সময়েই মুকলি কৰি দিয়ে আৰু সময়ে যেতিয়া হিচাপ কৰে, সেই হিচাপ চক্ৰ বৃদ্ধি হাৰত বাঢ়ি যায়। এই কথা ভুক্তভোগীজনৰ বাবে সহজেই বোধগম্য।
পিতৃ-মাতৃৰ মৰমভৰা মাত আৰু জীৱনক দুখে কোঙা কৰা সময়ত তেওঁলোকে সন্তানৰ কান্ধত ৰখা হাতখন নেদেখাজনৰ আশীৰ্বাদ স্বৰূপ। কাৰণ এই মায়াময় জগতত একমাত্ৰ পিতৃ-মাতৃৰ মৰম আৰু আশীৰ্বাদহে নিস্বাৰ্থ। বাকী সকলোতে কিবা নহয় কিবা এটা স্বাৰ্থ ৰৈ যায়। যাক জীৱন্তে অনুভৱ কৰিব নোৱাৰিলে সোঁৱৰণীত বিষাদৰ বাহিৰে একোৱেই নাথাকিব। স্মৃতিৰ ব্যাথা সহ্যাতীত।
*******

7:17 AM
I have been placing my sports wagers on hk99bet for almost a year now and the consistency keeps me coming back. The odds are competitive and I love how fast they adjust lines after a major game update. Their bet slip calculator is also a nice touch for tracking potential returns before I commit. Withdrawals hit my e wallet within the hour which is faster than most competitors I tested. Solid platform for serious bettors. hk99bet
7:17 AM
Downloaded their app and I am honestly impressed by how lightweight and responsive it is. Navigating through games is effortless and I never experienced any lag during live sessions. The quick deposit options make funding my account super easy too. Great platform for anyone who prefers playing on the move. bdwinapp
7:17 AM
Love jumping on this slot site after work. The games run so smooth and the withdrawals are actually fast. Finally found a spot that treats regular players right. Check it out at mpo007slot