আন্ধাৰত পোহৰৰ বাট-মমী বৰা

আবতৰীয়া বৰষুণজাকে প্রতিমাৰ পৃথিৱীখন তচ্-নচ্ কৰি পেলালে। পাতলীয়া ধুমুহা এজাকে কোনোমতে লাগি থকা পিছফালৰ চালিখনো এৰুৱাই নিলে। ছাগলীৰ বেবনি, গাই দুজনীৰ হেম্বেলনীয়ে তাইৰ কাণ দুখন তাল মাৰি ধৰে। এনেকুৱা বতৰ হ’লে গৰু-গাই পুহিবৰ মন নাযায়। কিন্তু গৰুৰ গাখীৰকণ, ছমাহে বছৰেকে ছাগলী পোৱালী দুটা বেচাৰ টকাকেইটাই কিমান যে ততৰ মাৰে। পদূলিলৈ ওলাই আহে প্রতিমা। আজি পূব আকাশ মুকলি। খৰধৰকৈ পদূলিমুখত এনেয়ে বগাই থকা নার্জীফুলজোপাৰ পৰা আগকেইটামান ছিঙি ছাগলীৰ গৰালটোলৈ দলিয়াই দিয়ে। হাততে পোৱা বন-পাত-লতাবোৰো বৰকৈ বাঢ়িল এইকেইদিনতে। হেপা মেলি তাৰো দুডালমান ছিঙি আনে। পদূলিটোত কচুথোৰবোৰ বৰ ধুনীয়াকৈ ওলাই আছিল। কেইডালমান বুটলিবৰ মন যায়। বতৰ ভাল হোৱালৈ থ’লে চুবুৰীটোৰ কোনজনীয়ে বুটলিব ঠিকেই নাই। চুঁচৰি থকা লতাকেইডাল হাতত লৈ কটাৰীখন আনিবলৈ বুলি ভিতৰলৈ যায় তাই। ভিতৰত ইটো-সিটোকৈ কেইবাটাও কাম ওলায়। কাম-বন কৰি ওলাই অহালৈ পদূলিমুখত চুবুৰীটোৰ কেইবাজনীও মানুহ গোট খায়হি। কিবা এটা হৈছে নেকি বাৰু? প্রতিমাই মনতে ভাবে। ক’ৰবাৰ পৰা মাইকৰ শব্দ এটাও ভাহি আহে। মানুহসোপাৰ ওচৰ পাইহে গম পালে ৰাষ্টাটোৰ সিপাৰে থকা হাইস্কুলখনত হোৱা মিটিংখনৰ পৰা অহা মাইকৰ শব্দ। তাৰে কথাবোৰ আহি সিহঁতৰো কাণত পৰেহি। স্কুলখনৰ লগত চুবুৰীটোৰ প্ৰায়বোৰ মহিলাই জড়িত। তিথি, সৰস্বতী পূজা, বিহু আদিত স্কুলখনৰ উৎসৱ মানে চুবুৰীটোৰো উৎসৱ। আজি হঠাৎ হোৱা এই মিটিংখনৰ কথাহে কোনেও ঘুণাক্ষৰেও গম নাপালে। প্রতিমাৰ দুইজনী ছোৱালীয়েই এইখন স্কুলতেই পঢ়ে। আজিৰ ৰাতিপুৱাটোলৈ মনত পৰিল। ডাঙৰজনী ছোৱালী ইৰাই মূৰ-গা ধুই ভিতৰ সোমাই কোনোমতেহে স্কুললৈ যাব পাৰিছে। পদূলিমুখতে স্কুল বুলিহে। কমসোপা কাম কৰি যাব লাগেনে? সৰুজনী ছোৱালী ইলাৰ মুখতো আজি স্কুলত মিটিং হ’ব বুলি কোৱা শুনা মনত নপৰিল। গোট খাই থকা মানুহ কেইজনীৰ এজনীয়েও ধৰিব নোৱাৰিলে মিটিংখনৰ বিষয়ে। সেয়ে আটাইকেইজনীৰ লগতে প্রতিমাইও সবিশেষ জানিবৰ বাবে সজাগ হৈ থাকিল। হঠাতে ৰাস্তাটোৰ সিপাৰৰ পৰা ভাহি অহা মাইকৰ শব্দই মানুহকেইজনীক কঁপাই তুলিলে। ইজনীয়ে সিজনীৰ মুখলৈ চায়।

‎: এইবোৰ ক’ৰ মানুহ অ’, ক’ৰ পৰা আহিছে?

‎: গম নাপাওঁ নহয়। মাইকৰ শব্দ শুনিহে ওলাই আহিলো।

‎: হেৰৌ, এইবোৰনো মাইকত ভাষণ দিয়া কথা নে?

‎: ৰ’বচোন বাইদেউ। শুনক। কথাবোৰ দেখোন শুনিবলগীয়া।

‎- চুবুৰীটোলৈ নতুনকৈ অহা বোৱাৰী দীপালিয়ে সকলোকে উদ্দেশ্যি কয়।

‎: এইবোৰনো কি শুনিব লগা কথা। চুবুৰীটোৰ মতা মানুহসোপাইও শুনি থকা নাইনে এইবোৰ কথা।

‎দীপালিয়ে কাকো মাত নলগোৱাকৈ কিছুদূৰ আগবাঢ়ি যায়। গোট খাই থকা মানুহকেইজনীৰ মাজত দীপালিৰ সম্পৰ্কত এখন অনুষ্টুপীয়া মেল আৰম্ভ হয়।আজিকালিৰ নতুন বোৱাৰীবোৰে ডাঙৰক সন্মান কৰিব নাজানে। মুখতে ধৰে। গ’ল নহয় আগবাঢ়ি অকলে অকলে, আমি কোনোবা যামনে এনেকৈ? তাৰপিছত মানুহকেইজনী ঘৰাঘৰি যাবলৈ ওলাল। কচুথোৰ বুটলিবলৈ অহা প্রতিমাই খৰাহীটো পূৰ হোৱাৰ কথা চিন্তা কৰে। প্রতিমাকে দেখি জায়েক বাসন্তীয়েও দুই-এডাল থোৰ বুটলিবলৈ ল’লে। হঠাতে এটা প্রশ্নবোধক চাৱনিৰে বাসন্তীয়ে সোধে – 

‎: অ’ বাইদেউ, এইবোৰ বাৰু আমাৰ লগতো হোৱা নাছিল নে?

‎: অ ময়ো ভাবিছোঁ কথাটো। হৈছিলতো আকৌ।

‎: বাইদেউ, আপুনিও তাৰমানে কথাবোৰ নাজানে?

‎: আজিহে শুনিছো বাসন্তী।

‎: এইবোৰ দেখোন শুনিবলগীয়া, জানিবলগীয়া কথা। নহয়নে?

‎: অ, ময়ো ভাবিছোঁ।

‎নিজৰ স’তে ঘটি থকা ঘটনাবোৰৰ লগত সিহঁত ইমান অপৰিচিত। অথচ এই একেবোৰ মাইকী মানুহে কথাবোৰ খৰচি মাৰি জানে। বুজি পায়। স্কুলীয়া ছোৱালীবোৰক এইবোৰ কথা-বতৰা বুজাই দিবলৈ আহি তেওঁলোকে কিমান যে ভাল কাম কৰিছে।

‎: আমাৰ এইমখাই কি বুজি পাব?

‎- ঘৰাঘৰি যোৱা মানুহকেইজনীৰ ফালে চাই বাসন্তীয়ে খঙেৰে কয়। মিটিংখন শেষ হোৱাৰ আগে আগে দীপালি ঘৰৰ ফালে আহে। বাসন্তীয়ে আগভেটি ধৰে।

‎: দীপালি, তই আগতে এইবোৰ কথা জানিছিলিনে? আমি দেখোন আজিহে গম পাইছো।

‎: জানো বাইদেউ। কিয় নাজানিম? আমি ওৰণিখন লোৱাত যিমান গুৰুত্ব দিওঁ নিজৰ গাটোত সিমান গুৰুত্ব দিওঁ জানো? আৰু তাৰ ফলত আমাৰ কিমান কি যে লোকচান হয় সেইবোৰ কথা আৰু মাহেকীয়া হোৱাৰ দিনবোৰৰ কথাবোৰ শুনিলেই নহয় আপোনালোকেও।

‎: বৰ ভালকৈ নুশুনিলো অ’।

‎: এইবোৰ তেনেই সাধাৰণ কথা। প্ৰকৃতিৰ লগত জড়িত কথা। আমিহে ভালদৰে বুজিবলৈ যত্ন নকৰাৰ ফলত নিজেই নিজৰ বিপদ মাতি আনো। স্ত্রীলোক ঋতুমতী হোৱাত প্রত্যেক মাহে মাহে জৰায়ুৰ অন্তঃআস্বাদনখন সম্পূৰ্ণৰূপে তলৰ পৰা ফাটি এৰাই আহে; যাৰ ফলত ৰক্তস্রাব হয়। তাকে আমি মাহেকীয়া হোৱা বোলো। পিছৰ ন-দহ দিনত পুনৰ কোষ বৃদ্ধি হৈ সেই আস্বাদনখন পুনৰ গঢ় লৈ উঠে। বুইছে বাইদেউ, আমাৰ ভগৱানপ্রদত্ত এই শৰীৰটোক আমি বৰ অত্যাচাৰ কৰোঁ। সেই মাহেকীয়া হোৱা কেইদিনত জিৰণি ল’ব লাগে। পৰিষ্কাৰ-পৰিচ্ছন্ন হৈ থাকিব লাগে।

‎তাৰপিছত দীপালিয়ে আৰু যিবোৰ ক’লে ঘৰলৈ আহি সেই কথাবোৰকেই প্রতিমাৰ মনলৈ আহি থাকিল। অগা-পিছাকৈ তোলনী হোৱা দুইজনী ছোৱালীকে কমখন শাস্তি দিলেনে বাৰু তাই? এৰা, বাৰ-তেৰ বছৰীয়া ছোৱালী দুজনীক যে ইমান শাস্তি দিব নালাগে মাক হিচাপে আজিহে মর্মে মর্মে অনুভৱ কৰিছে। এতিয়াৰ পৰা নিজেও সাৱধান হ’ব। কিছুমান বান্ধোনৰ পৰা দুইজনী ছোৱালীকে মুকলি কৰি দিব লাগিব। নিজেও জানো অত দিনে কমখন কষ্ট কৰিলে। সাৱধান হ’ব এতিয়াৰ পৰা তাই। গৰু-গাইবোৰ বৰকৈ টানি আঁজুৰি নমৰে। কঠিয়া তোলা, ভূঁই ৰোৱা কামবোৰো কৰি নমৰে। প্ৰতিমাহতে এইবোৰ কথা নজনাকৈয়ে ইমান বয়স পাৰ কৰিলে। এনেকুৱা মিটিংবোৰ আচলতে এইবোৰ ঠাইত কেতিয়াবাই হ’ব লাগিছিল। উঠি অহা ছোৱালীবোৰে এই কথাবোৰ জনাটো বৰ প্ৰয়োজন।

‎লাহে লাহে পিছফালৰ ডাঁৰডালৰ পৰা ছোৱালী দুজনীৰ কাপোৰবোৰ চপাই আনে প্রতিমাই। ডাঙৰজনী ছোৱালী ইৰাৰ বাবে টিউবৱেলৰ পাৰত পানী এবাল্টি থয়। ইৰাই স্কুলৰ পৰা আহি কৰিবলগীয়া কামবোৰ আজি প্রতিমাই কৰিব। কামৰ সুৰুঙাৰে মাইকত আৰু দীপালিয়ে কোৱা কথাবোৰ মনলৈ আহি থাকিল তাইৰ। ৰাতি শোৱাৰ পৰলৈকে মিটিংখনৰ কোনো ধৰণৰ কথা ছোৱালী দুজনীৰ মুখত নুশুনি প্রতিমায়ে সুধিলে-

‎: তহঁতৰ স্কুললৈ আজি ক’ৰ মানুহ আহিছিল?

‎: আজি আমাৰ স্কুললৈ অহা মানুহবোৰ কাইলৈও আহিব। ছোৱালীবোৰৰ মাকৰ ওচৰলৈ। প্ৰতিজনী ছোৱালীয়েই মাকহঁতক কাইলৈ যেনে-তেনে স্কুললৈ যাবলৈ বাধ্য কৰাব।

‎- ইৰাই পাতনি মেলে।

‎: তহঁতে দেখোন কোৱাই নাই মোক।

‎কৈছিল; ৰাতি এপৰলৈকে ছোৱালী দুজনীয়ে মাকক বহুতো কথাই কৈছিল। সিহঁতৰ মাকৰ দৰে বহুতো মহিলাই কন্যাকাল হোৱাৰ পৰা এতিয়ালৈকে নিজৰ লগতে কন্যা সন্তানৰ লগতো বহুতো ভুল কাম কৰি গৈছে। অন্ধবিশ্বাস নামৰ মহামাৰীয়ে নাৰী জীৱনলৈ কিমান যে যন্ত্রণাদায়ক দিন কঢ়িয়াই আনিছে। সিহঁতৰ দৰে ভিতৰুৱা আৰু শিক্ষাৰ পোহৰ নপৰা ঠাইবোৰত যাৰ পৰিমাণ এতিয়াও বেছি। জীয়েকহঁতে শুনি আৰু দেখি বুজি অহা কথাবোৰ মাকহঁতক বুজাই দিছে। পোৱা-নোপোৱাৰে ভৰি থকা কথাবোৰ সৰলভাৱে বুজাই কৈছে। সেই ভাল কথাবোৰ অন্য এঘৰলৈ বিয়পি পৰিব। ইয়াৰ ফলত হয়তো অন্ধবিশ্বাস কমিব। ইঘৰৰ পৰা সিঘৰলৈ সচেতনতা বাঢ়িব। অতি অস্বাস্থ্যকৰ পৰিবেশত অন্ধকাৰ কোঠাত কুচি-মুচি অপৰাধীৰ দৰে বহি থাকিব লগা হয় ছোৱালীহঁত। সমাজে নির্ধাৰণ কৰি দিয়া ৰীতি-নীতিৰ অঘয়া হুলৰ ওপৰেৰে খোজ কাঢ়ি ফুৰা দিনকেইটাত সদ্যপুষ্পিতাগৰাকীক বাৰে বাৰে সঁকিয়াই দিয়ে এতিয়াৰ পৰা তুমি ‘নাপাই’ ৰ বন্দীশাল। অকল সেই ফুলকোমল ছোৱালীবোৰেই নে? মাকবোৰৰ ওপৰতো এখন নেদেখা অদেখা সৰগ ভাগি পৰে। ভিতৰি ভিতৰি শংকিত হৈ জীয়ৰীৰ অপৰাধৰ ভাগি হ’ব লগা হয় যেন মাকবোৰো। কেৱল অন্ধবিশ্বাস ৰীতি-নীতিৰ এখন অভেদ্য পৃথিবী, য’ত সমাজৰ এলান্ধুকলীয়া নিয়ম আৰু পৰম্পৰাই গোগ্রাসে গিলি পেলায় পৰিষ্কাৰ-পৰিচ্ছন্নতা।

‎সেই ৰাতি প্রতিমাৰ সমূলি টোপনি অহা নাছিল। বাৰে বাৰে ইৰাৰ সেই কাতৰ মুখখন মনলৈ আহিছিল। সিহঁত ইমান অনভিজ্ঞ আৰু গোড়া আছিল যে সেই তোলনী হোৱা চাৰিটা দিনত পানীটোপাৰ বাহিৰে ইৰাক একো খাবলৈ দিয়া নাছিল, যাৰ ফল তাই বহু দিনলৈকে ভুগিব লগা হৈছিল। প্রতিমাই সিহঁতৰ ফালে কাটি হৈ শোৱে। সিহঁতে দীপালিৰ কথা পাতি আছে।

‎: কি কৰিলেনো দীপালিয়ে? 

প্রতিমাই সোধে।

‎: দীপালি খুড়ীয়েহে মিটিংখন তহঁতৰ বাবে দিয়াইছে। এইবোৰ কথা ছোৱালীবোৰতকৈও মাকহঁতেহে জনাতো অতি প্রয়োজনীয় বুলি তেওঁ সকলোকে কয়। কিন্তু তহঁতক কোনে বুজাব? সেয়েহে প্রতিজনী ছোৱালীয়ে মাকহঁতক বাধ্য কৰাবলৈ তেঁৱেই পৰামৰ্শ দিছিল। বুজিলি?

‎’দীপালি’ – বহুসময়ৰ পাছত প্ৰতিমাৰ মুখৰ পৰা ওলাই আহিল। মনে মনে ভাব হ’ল ছোৱালী দুজনী তোলনী হোৱাৰ আগতেই যদি এই কথাবোৰ জানিলেহেঁতেন। প্রতিমাৰ চকুত লাহে লাহে ধানখেৰত কুচিমুচি শুই থকা, পানী এটোপাৰ বাবে অণ্ঠ-কণ্ঠ শুকাই যোৱা ছোৱালী দুজনীৰ মুখ দুখন জিলিকি উঠিল; যেন সমাজৰ অন্ধবিশ্বাসৰ পোতা পুখুৰীত দুপাহ জঁয় পৰা ফুলহে সিহঁত।

*******

Leave a Reply

Your email address will not be published. Required fields are marked *