বিবাহঘটিত,লিখকঃ তাৰাপদ ৰায়,ভাবানুবাদ-অঞ্জু মহন্ত 

প্ৰথম তৰঙ্গ: পঙ্কজবাবুৰ বিপদ

কোট-পেণ্ট পিন্ধি অফিচলৈ ওলাইছিল পঙ্কজবাবু।

অফিচত তেওঁৰ পৰিচয় মিষ্টাৰ পি.চক্ৰৱৰ্তী।

যিয়েই নহওক এইটো এটা পাৰিবাৰিক কাহিনী।এই

গল্পটোত আমি তেওঁক পঙ্কজবাবু বুলিয়েই ক’ম।

পঙ্কজবাবুৰ পত্নীৰ নাম সুহাসিনী। মানুহজনীৰ নামটো যে উপযুক্ত নহয়, এই গল্পটো পঢ়িলে সকলোৱে বুজি পাব।

কোট-পেণ্ট পিন্ধি, টাইৰ নট বান্ধি আছে, ৰাস্তাত অফিচৰ গাড়ীয়ে হৰ্ণ দিছে এনেকুৱা সময়তে সুহাসিনীয়ে ক’লে, 

“হেৰা তোমাৰ কোটৰ পকেটত এটা ফুটা আছিল।”

পঙ্কজ বাবুয়ে নিৰ্বিকাৰভাৱেৰে ক’লে, 

” জানো।”

“সেই ফুটাটো মই চিলাই কৰি ঠিক কৰি দিছোঁ।”

সুহাসিনীয়ে ক’লে।

পঙ্কজ বাবুয়ে ক’লে, 

“সেইটোও মই লক্ষ্য কৰিছোঁ।”

‘তুমি মোক ধন্যবাদ নিদিলা যে!”

সুহাসিনীয়ে অভিমানৰ সুৰেৰে ক’লে।

শুকান কণ্ঠেৰে পঙ্কজে ক’লে, 

“তাৰ আগতে তুমি মোক কোৱাচোন তুমি কেনেকৈ গম পালা যে, মোৰ কোটৰ পকেটত ফুটা আছে?”

অৱশ্যে এয়া প্ৰথম নহয়।

অন্যান্য বহু গৃহিণীৰ দৰে গিৰিয়েকৰ পকেট খোঁচৰাটো সুহাসিনীৰ হ’বি।অকল হ’বিয়েই নহয়,পকেটৰ পৰা অৰ্থ লাভো যথেষ্ট হয়। গিৰিয়েকে তেওঁৰ হাত খৰচৰ বাবে সামান্য যিখিনি টকা বেলেগকৈ ৰাখে সকলোখিনি তেওঁ ভোগ কৰিব নোৱাৰে। পত্নীৰত্ন গৰাকীয়ে তাৰ অধিকাংশেই গায়েব কৰে।

পঙ্কজ-সুহাসিনীৰ বিয়া হোৱা মাত্ৰ দুবছৰ হৈছে। প্ৰায় প্ৰথমৰপৰাই সুহাসিনীৰ হাত-চাফাইৰ দক্ষতাটো দেখি পঙ্কজে তাজ্জব মানিছে।

বিয়াৰ ঠিক পাছতেই এদিন সুহাসিনীয়ে পঙ্কজক ক’লে,

“হেৰা মোৰ বিয়াৰ আঙুঠিটো আঙুলিৰপৰা ওলাই ক’ৰবাত পৰি গৈছে। গোটেই ঘৰখন চলাথ কৰি বিচাৰিলোঁ, ক’তোৱেই নাপালোঁ।”

পঙ্কজে হাঁহি হাঁহি কৈছিল, 

“তোমাৰ আঙুঠিটো মোৰ কোটৰ পকেটত পাইছোঁ।”

এইবুলি কৈ টেবুলৰ ড্ৰয়াৰ খুলি আঙুঠিটো উলিয়াই অতি যত্নৰে সুহাসিনীৰ অনামিকাত পিন্ধাই দিলে।

দুয়ো এই কথা লৈ খুব হাঁহি-ধেমালি কৰিলে। নজনা ভাও জুৰি সুহাসিনীয়ে পঙ্কজক ক’লে,

“মোৰ আঙুঠিটো তোমাৰ পকেটলৈ গ’ল কেনেকৈ?” 

পঙ্কজে ভালকৈয়ে জানে কেনেকৈ সুহাসিনীৰ আঙুঠিটো তেওঁৰ পকেটত সোমাল। পকেট খুঁচৰাৰ সময়ত নিশ্চয় খুলি পৰিছিল। কিন্তু তেওঁৰ এই অনুমান ন-কইনাৰ আগত তেওঁ প্ৰকাশ নকৰিলে।তেতিয়াও নতুন বিবাহিত জীৱনৰ অনুৰাগত বিহ্বল তেওঁ। তেওঁ সত্যজিৎ ৰায়ৰ ‘সোণাৰ কেল্লা’ চিনেমাখনৰ খলনায়কৰ দৰে ক’লে, “মেজিক।”

পঙ্কজে ‘মেজিক’ বুলি ক’লে যদিও বিষয়টো কিন্তু ক্ৰমশঃ বিপদজনক হৈ উঠিল। পঙ্কজবাবুৰ জীৱনত যথেষ্ট আৰ্থিক দুৰৱস্থাই দেখা দিলে। টেক্সিৰপৰা নামি টেক্সিৰ ভাড়া দিবলৈ গৈ, দেখে পকেটত টকা নাই। বজাৰ বা দোকানত বস্তু কিনি পইছা দিবলৈ গৈ দেখে মানিবেগত টকা নাই অথবা যিমান টকা থাকিব লাগে সেয়া নাই।

কেইবাবাৰো অপদস্থ হোৱাৰ পাছত অৱশেষত পঙ্কজে এটা বুদ্ধি উলিয়ালে। বুদ্ধিটো অৱশ্যে তেওঁৰ নিজৰ নহয়, এই কৌশলটো তেওঁ এটা কৌতুক গল্পত পাইছিল।

 সেই গল্পটোত থকাৰ দৰেই তেওঁ সুহাসিনীক তাছ খেলিব শিকাবলৈ ল’লে। ঠিক তাছখেলা নহয়, তাছৰ জুৱা।

কৌশলটো এনেকুৱা যে পত্নীয়ে তেওঁৰ টকা-পইছা যিখিনি সৰকাব, জুৱা খেলত  ঘৈণীয়েকক হৰুৱাই  সেয়া তেওঁ উদ্ধাৰ কৰিব।

ঠিকেই হৈছিল কথাটো। সুহাসিনীয়ে পঙ্কজৰ পকেটৰপৰা যি টকা-পইছা সৰকাইছিল, কেইদিনমানৰ ভিতৰতে সেই টকাখিনি জুৱাত হৰুৱাই সুহাসিনীৰপৰা উলিয়াই নিছিল

পঙ্কজ বাবুয়ে। সন্ধিয়াটো পত্নীৰ লগত তাছ খেলি পাৰ কৰে। আগতে সন্ধিয়া সময়ত নিয়মীয়াকৈ ক্লাবলৈ গৈছিল তেওঁ। কিন্তু বিয়াৰ পাছত দুটা কাৰণত ক্লাবলৈ যোৱা বন্ধ হৈ যায়।

প্ৰথম কাৰণটো হ’ল বিয়াৰ পাছত পত্নীৰ প্ৰতি যি অনুৰাগৰ জন্ম হৈছিল সন্ধিয়া অফিচৰপৰা ঘূৰি আহি ঘৰৰপৰা ওলাই যাবলৈ ইচ্ছা একেবাৰেই নগৈছিল। অৱশ্যে দ্বিতীয় কাৰণটোহে মুখ্য। পাঠক-পাঠিকাসকলে নিশ্চয় সেই কাৰণটো অনুমান কৰিব পাৰিছে। কাৰণটো হ’ল অৰ্থাভাৱ। ক্লাবলৈ গৈ খৰছ কৰিবলৈ পঙ্কজবাবুৰ লগত টকা-পইছা একেবাৰেই নাথাকে। ক’ৰবাত লুকাই থোৱাৰ উপায়ো নাছিল। সুহাসিনীৰ দৃষ্টি অতি প্ৰখৰ, য’তেই টকা-পইছা নাথাকক কিয় তেওঁৰ হস্তগত হ’বই।

এইফালে সংসাৰৰ খৰছ, দৈনিক বজাৰ, মাহেকীয়া খৰছ আদিৰ বাবে যি টকাৰ প্ৰয়োজন হয় সেই টকাখিনি, লগতে হাত খৰছৰ বাবে দুশ টকা পঙ্কজবাবুয়ে মাহৰ প্ৰথমতে দৰমহা পায়েই সুহাসিনীৰ হাতত দি দিয়ে। এই টকাবোৰ কিন্তু সুহাসিনীয়ে যথেষ্ট হিচাপ কৰি, সুন্দৰকৈ খৰছ কৰে। বৰ বেছি, বস্তু-বাহানিৰ  চৰা দামৰ বাবে মাহৰ শেষত গিৰিয়েকৰপৰা মাজে সময়ে এশ-দুশ টকা অৱশ্যে আকৌ লয়।

পঙ্কজ বাবুয়ে সেয়াও দিয়ে। কিন্তু সুহাসিনীয়ে পঙ্কজবাবুৰ ব্যক্তিগত হাত খৰছৰ টকা সুযোগ পালেই লৈ লয়। পঙ্কজবাবুৰ নিজৰ ইচ্ছা, আনন্দৰ বাবে একো পইছাই নাথাকে।

সুহাসিনীক তাছখেলৰ জুৱা শিকোৱাৰ পাছত সুহাসিনীয়ে প্ৰায়েই হাৰিছিল।চুৰি হোৱা প্ৰায় সকলো টকাই আদায় হৈ যায়।

কিন্তু কিছুদিনৰ ভিতৰতে বুদ্ধিমতী সুহাসিনীয়ে জুৱা খেলতো বেছ পাৰ্গত হৈ উঠিল। তেতিয়া ক’ত আৰু সুহাসিনীক হৰুৱাই পঙ্কজবাবুয়ে হেৰোৱা পইছা উদ্ধাৰ কৰিব, সেয়াতো নোহোৱা হ’লেই, বৰং পঙ্কজবাবুহে হাৰিবলৈ ধৰিলে।

ফলত সুহাসিনীৰ উপাৰ্জন আৰু বাঢ়িবলৈ ধৰিলে। এফালে পকেট চাফাইৰ টকা, আনফালে জুৱাত জিকা টকা।

এতিয়া প্ৰশ্ন হ’ল, ইমান টকাৰে সুহাসিনীয়ে কি কৰে?

এনেকুৱা হ’ব পাৰে যে সুহাসিনীৰ কিবা অতীত জীৱন এটা আছে, প্ৰাক্তন প্ৰেমিক আছে। হয়তো কোনোবা বোহেমিয়ান কবি, অথবা অঘৰী গায়ক বা চিত্ৰশিল্পী। হয়তো সেইজনক মাহে মাহে কিছু সাহাৰ্য্য কৰিবলগীয়া হয় সুহাসিনীৰ। এনেকুৱাও হ’ব পাৰে কোনোবা দুষ্ট প্ৰকৃতিৰ মানুহে কিবা অজ্ঞাত গোপন কাৰণত সুহাসিনীক ব্লেকমেইলিং কৰে।

কিন্তু পঙ্কজবাবুয়ে জানে, এইবোৰ একোৱেই বিশ্বাসযোগ্য নহয়। পাৰিবাৰিক সূত্ৰে সুহাসিনীক তেওঁ বাল্যকালৰ পৰাই জানে, বিয়াৰ পাছত আৰু ভালকৈ জানিলে। পঙ্কজবাবুৰ দৃঢ় বিশ্বাস যে তেওঁৰ পত্নী সুহাসিনীৰ কুমাৰী জীৱন একেবাৰে নিষ্কলঙ্ক, যাক কোৱা হয় ‘ধোৱা তুলসীৰ পাত।’

তেনেহলে এইবোৰ টকাৰে সুহাসিনীয়ে কি কৰে? কানি-কাপোৰ, গহনা কিনে? কিন্তু সেয়াওতো নহয়। তেনেকুৱা হ’লে চকুত পৰিলেহেঁতেন। মাক-দেউতাকক সহায় কৰে?কিন্তু সেয়াওতো নহয়। পঙ্কজবাবুয়ে ভালদৰে জানে, সুহাসিনীৰ পিতৃ-মাতৃৰ অৱস্থা বেছ ভাল। পঙ্কজবাবুৰ শহুৰ নাম থকা বেঙ্কৰ উচ্চপদস্থ অফিচাৰ, শাহুৱেক কলেজৰ অধ্যাপিকা। দুয়োজনে মিলি অন্ততঃ পঁচিশ-ত্ৰিশ হাজাৰ টকা মাহত উপাৰ্জন কৰে। দায়িত্বও বিশেষ একো নাই। সুহাসিনীৰ এজনী বায়েক আছে, তেওঁ জামছেদপুৰত থাকে। তেওঁৰ গিৰীয়েক ইঞ্জিনিয়াৰিং বস্তু-বাহানিৰ ব্যৱসায়, বেছ ধনী মানুহ তেওঁলোক।

তেনেহলে?

সুহাসিনীয়ে কিয় গিৰীয়েকৰ টকা চুৰি কৰে? তেওঁৰ কি দৰকাৰ ইমান টকাৰ?

প্ৰথমতে এই বিষয়ে বহু ধৰণৰ চিন্তা-ভাৱনা কৰিলে পঙ্কজবাবুয়ে। ভবা-চিন্তা কৰি একো লাভ নহ’ল, একো পাৰাপাৰ নাপালে।

উল্টা-পুল্টা টকা, বেছি বেছি টকা কাৰ দৰকাৰ! যিয়ে মদ খায় বা আন কোনো দামী নিচা কৰে তেওঁলোকৰ টকাৰ খুব দৰকাৰ হয়। কিন্তু সুহাসিনীৰ এইবোৰ দোষ নাই, থকা সম্ভৱ নহয়। অলপ-অচৰপ জুৱা খেলা শিকিছে, সেয়াও পঙ্কজেই শিকাইছে।

তেনেহলে আৰু কি হ’ব পাৰে?

শাৰী-গহনা, বিলাসী সামগ্ৰী! কিন্তু নতুনকৈ বিয়া হোৱাৰ পাছত ছোৱালীবোৰৰ গহনা-পাতি, দামী শাৰী, পাৰফিউম আদি হঠাৎ ইমান বেছি হৈ যায় যে বহুদিনলৈ সদ্যবিবাহিতাৰ এই বস্তু-বাহানিবোৰৰ প্ৰতি অনীহাৰ ভাব এটা হয়। তাৰোপৰি এই ধৰণৰ বিলাসিতাৰ প্ৰতি সুহাসিনীৰ যে খুব এটা আকৰ্ষণ আছে সেয়া পঙ্কজবাবুয়ে কেতিয়াও অনুভৱ কৰা নাই।

 তেনেহলে?

 কিছুদিনৰ পাছতেই কথাটো পঙ্কজবাবুয়ে গম পাই গ’ল। এদিন তেওঁ লক্ষ্য কৰিলে ঘৰখনত প্লাষ্টিকৰ বাল্টি বহুত বেছি হৈছে। ৰঙা, নীলা, হালধীয়া কিমান ৰঙৰ যে বাল্টি ; বাথৰূমতেই পাঁচটা, বাথৰূমৰ বাহিৰৰ দুৱাৰৰ সন্মুখত দুটা, ৰান্ধনী ঘৰত আঠ-দহটা, বেছি ভাগেই পানীৰ বাবে যদিও পানীৰ টেপ আছে, দুটামানত অৱশ্যে চাউল-গম ৰখা আছে। ইয়াৰ বাহিৰেও বিছনাৰ তলত শাৰী শাৰীকৈ নতুন বাল্টি।

 ইমান বাল্টিৰে কি কৰিব? ইমান বাল্টি সুহাসিনীয়ে পালে ক’ত? নিশ্চয় কিনিছে। কিন্তু কিনিলে কিয়?

 সুহাসিনীক প্ৰশ্ন কৰাত তেওঁ ক’লে, 

“এটা বাল্টিও কিনা নাই। চব বিনা পইছাতে পাইছোঁ।”

“বিনা পইছাত ? বাল্টি ?” 

পঙ্কজবাবু অবাক হ’ল। দাতব্য ঔষধালয় থাকে, দাতব্য লঙ্গৰখানাও থাকে কিন্তু দাতব্য বাল্টি বিলোৱা হয়, এই কথা ভবা টান।

কথাটো সুহাসিনীয়েই খোলোচাকৈ ক’লে। প্ৰতি পাঁচ কেজি পেকেটৰ গুড়ি চাবোনৰ এটা নতুন ব্ৰেণ্ডৰ লগত এটাকৈ বাল্টি ফ্ৰী দিছে।

আতঙ্কিত হৈ উঠিল পঙ্কজবাবু।

“ইমান গুড়ি চাবোনেৰে কি কৰিম আমি ?”

সুহাসিনীৰ স্পষ্ট উত্তৰ,

“চাবোনতো পচি নাযায়।এন্দূৰ-পৰুৱাইও নাখায়। সকলোবোৰ ছাদৰ ওপৰৰ ষ্টোৰ ৰুমত জমা কৰি থৈছোঁ।”

এনেকৈ এসোপামান ডাঙৰ চাইজৰ টুথপেষ্ট কিনি সমান সংখ্যক টুথব্ৰাছ সংগ্ৰহ কৰিছে সুহাসিনীয়ে।এই জীৱনত বোধকৰোঁ আৰু টুথব্ৰাছ কিনাৰ দৰকাৰ নহ’ব। এই তালিকাখন দীঘলীয়া কৰি লাভ নাই। মাথোঁ আৰু এটাৰ কথা কৈছোঁ।নিমখ নে মছলা কিবা এটাৰ পেকেটৰ লগত এক পেকেট বিন্দি অৰ্থাৎ ছোৱালীবোৰৰ কপালত লগোৱা ফোঁট উপহাৰ দিছে। ঘৰখনত পাহাৰৰ দৰে বস্তুৰ দম, বাৰাণ্ডাৰ ষ্ট’ৰৰূমৰ ছাদ পাইছেগৈ নিমখ-মছলাৰ পেকেট গোট খাই। যি পৰিমাণৰ বিন্দি জমা হৈছে সেয়াৰে কলকতা চহৰৰ সকলো বয়সৰ সকলো ছোৱালীৰ কপালত এটাকৈ ফোঁট  পিন্ধাব পৰা যাব।

 ইয়াৰ লগত সম্প্ৰতি যুক্ত হৈছে দূৰদৰ্শনৰ ‘আপকা বাজাৰ।’ এই দেখুৱাইছে ৰুটি বনোৱা মেচিনৰ দাম মাত্ৰ আঢ়ৈ হাজাৰ টকা। ঘৰ মোচাৰ যন্ত্ৰ ডেৰ হাজাৰ টকা।কাগজ টুকুৰা কৰা যন্ত্ৰ তিনি হাজাৰ টকা।

মাহে মাহে ঘৰলৈ নতুন নতুন যন্ত্ৰ আহিছে। খোজ দিয়া অসম্ভৱ হৈ পৰিছে। টকাৰ বিষয়টোও চম্ভালিব পৰা নাই পঙ্কজবাবুয়ে। এইফালে সুহাসিনীৰ বস্তু কিনাৰ নিচা বাঢ়িয়েই গৈ আছে।

দ্বিতীয় তৰঙ্গ: পঙ্কজবাবুৰ প্ৰতিক্ৰিয়া 

বিয়াৰ দুবছৰ পাৰ হৈ গৈছে, ইয়াৰ ভিতৰতে এটি সন্তান, ছোৱালী এজনী হৈছে পঙ্কজ-সুহাসিনীৰ। কিন্তু সুহাসিনীৰ আৰ্থিক আচৰণৰ একেবাৰেই উন্নতি হোৱা নাই। বৰং অৱনতি হৈছে। ষ্টেইনলেচ ষ্টীলৰ কাঁহি-বাটি ভৰ্তি।এইবোৰ সুহাসিনীয়ে কিস্তিত কিনে।ভাগ্যে আগৰ নিমখৰ পেকেটবোৰ যোৱা বাৰিষাত গলি পানী হৈ গৈছিল। ফলত সেই ঠাইখিনি খালী হৈছে, সেই ঠাইত কিস্তিত কিনা কাঁহি-বাচন, ঘটি-বাটি ৰখা হৈছে।

কেঁচুৱা হোৱাৰ পাছত সংসাৰৰ খৰছ বহুখিনিয়েই বাঢ়িছে। এইফালে বস্তু-বাহানিৰ দামো হো-হোৱাই বাঢ়ি গৈছে। সুহাসিনীৰ চুৰিকাৰ্যও বাঢ়ি গৈছে। পঙ্কজবাবুয়ে আৰু চম্ভালিব পৰা নাই।

 সুহাসিনীয়ে অৱশেষত বজাৰ খৰছৰ টকাও উল্টা-পুল্টাকৈ খৰছ কৰা আৰম্ভ কৰিছে।

ফলত ঘৰৰ খোৱা-বোৱাৰ অৱস্থাটো খুবেই দুখজনক হৈ পৰিছে। দুপৰীয়া দাইল-ভাত আৰু এফাল কণীৰ জোল। ৰাতি ৰুটী আৰু কোমোৰাৰ তৰকাৰী বা বেঙেনা পিটিকা, দাম কমিলে আলু-পটল অথবা আলু-ফুলকবিৰ তৰকাৰী। অৱশ্যে বেছিভাগ ৰাতি আলুৰ-চৰ্চৰিয়েই হয়।

ঘৰৰ পা-পোচবোৰ ফালি গৈছে। দুৱাৰ-খিৰিকীৰ পৰ্দাবোৰো ফাটি-চিটি গৈছে, তাৰোপৰি সেইবোৰ ইমানেই লেতেৰা যে হাতেৰে চুলে আঠা-আঠা লাগে। বিছনাৰ চাদৰ, গাৰুৰ গিলিপ, গা-ধোৱা গামোচা আদিৰ ভয়ংকৰ অৱস্থা। এদিন পঙ্কজবাবুয়ে সুহাসিনীক ফটা তোচক আৰু ফটা গাৰু দেখুৱাই কৈছিল, 

“একেবাৰে শ্মশানৰ বিছনাৰ দৰে লাগিছে।”

সুহাসিনীয়ে ভ্ৰূক্ষেপ নকৰিলে। প্ৰয়োজনীয় বস্তুৰ বাবে তেওঁৰ মূৰৰ বিষ কম।

কিন্তু কিছুমান চিন্তা পঙ্কজবাবুয়ে কৰিব লাগে।

আজিকালি বাহিৰলৈ ফুৰিব ওলোৱা প্ৰায় বন্ধ হৈয়েই গৈছে। কিন্তু অফিচলৈতো যাব লাগিব। কিন্তু কাপোৰ-কানি, জোতাৰ অৱস্থা একেবাৰে বেয়া। বছৰত দুবাৰ শহুৰেকৰ ঘৰৰপৰা পূজা আৰু জামাইষষ্ঠীত চাৰ্টৰ কাপোৰ, পেণ্টৰ কাপোৰ দিয়ে। কিন্তু সেইবোৰ চিলাই কৰিবলৈ পইছা লাগে। ইয়াৰ বাহিৰেও জোতা, কোট-পেণ্ট।

বিয়াৰ আগৰ আৰ্থিক সচ্ছলতাৰ দিনবোৰ স্মৰণ কৰি আজিকালি প্ৰায়েই উদাসীন হৈ পৰে ৰিক্ত, নিঃস্ব পঙ্কজবাবু। তেতিয়া পঙ্কজবাবুয়ে দৈনিক প্ৰায় বিশ-পঁচিশটাকৈ দামী চিগাৰেট খাইছিল। সপ্তাহত অন্ততঃ দুদিন ক্লাবত বহি বন্ধুসকলৰ লগত দুপেগ হুইস্কি। ৰবিবাৰে দুপৰীয়া এক বটল বিয়েৰ। বছৰত এযোৰ নতুন ছ্যুট, এযোৰ ভাল জোতা। মাহৰ আৰম্ভণিত চাইনীজ হোটেলত ডিনাৰ অথবা পাৰ্ক ষ্ট্ৰীটৰ ৰেস্তোৰাঁত তন্দুৰী। দুদিনমান বন্ধ পালে পুৰী-দীঘা অথবা দাৰ্জিলিং।

 পঙ্কজবাবুয়ে হুমুনিয়াহ কাঢ়ি ভাবে, সেই যে বিয়াৰ পাছত মধুচন্দ্ৰিকাৰ বাবে কালিমপঙলৈ গৈছিল তাৰ পাছত আৰু কলকতাৰ বাহিৰ হোৱা নাই। মাথোঁ অফিচ আৰু ঘৰ, ঘৰ আৰু অফিচ। ক্লাব-ৰেষ্টুৰেণ্টলৈও যোৱা নহয়।

সাধাৰণতে পত্নীসকলেই বাহিৰলৈ যোৱাৰ বাবে, বাহিৰত খোৱাৰ বাবে জোৰ জুলুম কৰে কিন্তু এইবোৰ বিষয়ত শ্ৰীমতী সুহাসিনী নিৰ্বিকাৰ। তেওঁৰ মাথোঁ অবান্তৰ বস্তু কিনাৰ অফুৰন্ত বাসনা।

সেই বাসনাই পঙ্কজ বাবুক ডুবাইছে।তেওঁ কেতিয়াও ভাবিব পৰা নাছিল কলাৰ ফটা চাৰ্ট, ছিঙা মোজা, টাপলি মৰা জোতা, লেতেৰা, ইস্ত্ৰি নথকা পুৰণি কোট পিন্ধি অফিচলৈ যাব লাগিব।

আজিকালি সকলো ধৰণৰ আৰ্থিক দুৰ্গতিৰ বাবে নিজকে দোষাৰোপ কৰে পঙ্কজবাবুয়ে। বাৰে বাৰে মনে মনে ভাবে, বিয়া পতাটো একেবাৰেই ঠিক নহ’ল মোৰ।

 এইদৰে ভাবি ভাবি, ক্ৰমে বিবাহ-বিদ্বেষী হৈ পৰিছে তেওঁ। ক’ৰবাত কোনোবাই বিয়া পাতিছে বুলি গম পালেই তেওঁ ভাবী দৰাক বিয়া পতাৰ পৰা বিৰত কৰিবলৈ চেষ্টা কৰে।

এইবোৰ কৰি যে কিবা কৰিব পাৰিছে সেইটো একেবাৰেই নহয়। কোনোবাই বিয়া পাতিব যদি মন কৰে আৰু তাৰপাছত ছোৱালী পছন্দ হ’লে, সেই বিয়া বন্ধ কৰা মস্কিল। তথাপিও কোনেও যাতে নতুনকৈ বিয়া পাতি পস্তাব লগা নহয় সেইবাবে নিৰলস পৰিশ্ৰম কৰি গৈছে পঙ্কজবাবুয়ে।

নানাভাৱে বিয়া ভাঙিবলৈ চেষ্টা কৰে তেওঁ। দুখৰ বিষয় কেতিয়াবা কেতিয়াবা কুমন্ত্ৰণাও দিয়ে। খুব সূক্ষ্ম কুমন্ত্ৰণা। অপৰিচিতা ছোৱালীৰ নামত কাল্পনিক দুৰ্নাম নহয়, গোটেই বিয়াৰ বিষয়টোকেই তেওঁ কুমন্ত্ৰণা দিয়াৰ চেষ্টা কৰে। বিবাহিত জীৱন যে একেবাৰেই সুখৰ জীৱন নহয় এই কথা তেওঁ আকাৰে-ইঙ্গিতে হ’বলগীয়া দৰাক হৃদয়ঙ্গম কৰোৱাৰ চেষ্টা কৰে।

কিন্তু সকলো সময়তে মুখৰ কথাত কাম নিসিজে সেয়ে আজিকালি তেওঁ উদাহৰণ দি বিয়া পতাৰ পাছত জীৱনত কেনে ধৰণৰ অসুবিধা হ’ব পাৰে সেইটো বুজোৱাৰ প্ৰস্তুতি আৰম্ভ কৰি দিছে।

 সেই প্ৰস্তুতিৰ বিষয়ে কোৱাৰ বাবেই এই বিবাহঘটিত কাহিনীটো। অবান্তৰ প্ৰসঙ্গ বহুতো হ’ল। এইবাৰ আহোঁ মূল ঘটনালৈ।

সেইদিনা অফিচৰ তেওঁৰ এজন কনিষ্ঠ সহকৰ্মী জয়ন্ত, বয়স বৰ বেছি পঁচিছ-ছাব্বিছ হ’ব, তেওঁ আহি পঙ্কজবাবুক ক’লে,

“মিষ্টাৰ চক্ৰৱৰ্তী, অহা মাহত মই দুসপ্তাহৰ বাবে ছুটী ল’ম। বৰ চাহাবে কিবা সুধিলে, একো অসুবিধা নহয় বুলি ক’ব।”

“সেইটো মই চলাই নিম,”

পঙ্কজবাবুয়ে ক’লে,

“কিন্তু ছুটী লৈছা কিয়?” 

অলপ লাজ লাজকৈ জয়ন্তই ক’লে, 

“মমই বিয়া পাতিছোঁ।”

“বিয়া?” 

ইলেক্ট্ৰনিক চক লগাৰ দৰে চমকি উঠিল পঙ্কজবাবু। মনে মনে ভাবিলে, আৰু এজনৰ দুখৰ দিন সমাগত, মনৰ ভাব প্ৰকাশ নকৰি সুধিলে, 

“ছোৱালী কেনেকুৱা?”

জয়ন্তই ক’লে,

“আমাৰ অফিচৰেই ডেচপাচ বিভাগৰ ৰমা পাল।”

পঙ্কজে সুধিলে, 

“হিয়া দিয়া নিয়া হৈছে তেওঁৰ লগত?’

জয়ন্তই ক’লে, 

“মোৰ লগত খুব ঘনিষ্ঠতা এতিয়াও হোৱা নাই। কিন্তু মোৰ বন্ধু নবীনে ৰমাৰ লগত দুবছৰ প্ৰেম কৰিছে। নবীনে কৈছে, ৰমা ভাল ছোৱালী। তাৰ কথাতেই বিয়া পাতিছোঁ।”

জয়ন্তৰ কথা শুনি পঙ্কজ আচৰিত হৈ গ’ল। বিয়াৰ পাছত জীৱনৰ সোৱাদনো কেনেধৰণৰ হয় ইয়াক গম পোৱাব লাগিব, এইদৰে ভাবি তেওঁ জয়ন্তক ক’লে,

“কংগ্ৰেচুলেচন, ইয়াৰ পাছততো সময় নাপাম, তুমিও ছুটী ল’বা, সেয়ে আজি সন্ধিয়া তোমাক মই ভাত এসাঁজ খুৱাম।”

 জয়ন্ত সন্মত হ’ল। ঠিক হ’ল অফিচ ছুটীৰ পাছত দুয়ো একেলগে পঙ্কজৰ ঘৰলৈ যাব।

 

পঙ্কজবাবুয়ে ঘৰলৈ ফোন কৰি সুহাসিনীক জনালে যে সন্ধিয়া এজন অতিথি আমাৰ ঘৰলৈ খাবলৈ যাব। কথাটো শুনি সুহাসিনী যেন আকাশৰপৰা পৰিল, 

“আমাৰ ঘৰত আজি সন্ধিয়া!নাই নাই অসম্ভৱ।”

পঙ্কজে ক’লে,

“কিয়?”

সুহাসিনীয়ে ক’লে,

“ঘৰত একোৱেই নাই। ফ্ৰিজতো একো নাই। আলুৰ চৰ্চৰি আৰু ৰুটিৰ বাহিৰে একোৱেই নহ’ব। তাৰোপৰি সন্মুখৰ দুৱাৰৰ পৰ্দাৰপৰা বিছনাৰ বেডকভাৰ সকলো ফটা, লেতেৰা। ঘৰভৰ্তি বস্তু, খোৱাৰ টেবুললৈ যাব লাগিলে জঁপিয়াই জঁপিয়াই সেইবোৰ পাৰ হৈ যাব লাগিব। এইফালে ছোৱালীজনীৰ গাটো গৰম…”

পঙ্কজবাবুয়ে আৰু কথা বঢ়াবলৈ নিদিলে। ক’লে, 

“এইখিনিয়ে যথেষ্ট হ’ব।”

এইবোৰ কাহিনী শেষ নহয়।

মাথোঁ এইখিনি নক’লে দোষ হ’ব যে পঙ্কজবাবুয়ে যি আশা কৰিছিল যে এইখিনিয়ে যথেষ্ট হ’ব, সেয়া নহ’ল।

সেইদিনা জয়ন্তই পঙ্কজবাবুৰ ঘৰত নিশাৰ আহাৰ কৰিছিল।বাল্টি আৰু ষ্টিলৰ বাচনৰ পাহাৰ অতিক্ৰম কৰি মলিয়ন টেবুলৰ সন্মুখত উপস্থিত হৈ সি আলুৰ চৰ্চৰি দি ৰুটি যথেষ্ট প্ৰশংসা কৰি খাইছিল। লেতেৰা ঘৰ-দুৱাৰ, ফটা-ছিটা পৰ্দা, মলিয়ন বিছনা একোৱেই জয়ন্তই লক্ষ্য কৰা নাছিল। যদিও ৰুটিৰে অবিবাহিত জীৱনৰ শেষ আহাৰ, তথাপিও আসন্ন বিয়াৰ নিচাৰ আমেজত সি ইমানেই মচগুল যে পঙ্কজ বাবুয়ে একোৰেই বিবাহিত জীৱনৰ দুৰ্ভোগ বুজাব নোৱাৰিলে।

যোৱা শাওন মাহত নিৰ্দিষ্ট কৰা দিনত ধাৰাসাৰ বৰষুণৰ গধূলি লগনত জয়ন্তৰ লগত ৰমাৰ বিয়া হৈ গৈছে।

পঙ্কজবাবুয়ে অৱশ্যে জয়ন্তৰ বিয়ালৈ নগ’ল। উপহাৰ কিনিবলৈ পইছা তেওঁৰ নাই।

One comment

  • Kumkum Sarmabaruah

    বৰ ভাল লাগিল। সুন্দৰ অনুবাদ কৰিছে।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *