বিভ্ৰান্তি-কল্যাণী দেৱী গোস্বামী

কেইবাদিনো ধৰি গুণৰামৰ  বাওঁপিনৰ তলৰ দাঁত পাৰিৰ  গুৰিৰ এটা দাঁতৰ ভীষণ বিষ। যন্ত্ৰণাত বাওঁ গাল খন ফুলি পিছদিনা ৰাতিপুৱালৈ চুৰকৈ নাৰিকলৰ লাড়ু সুমুৱাই থোৱাৰ দৰে ওফন্দি কিম্ভূত-কিমাকাৰ হ’ল। তুৰন্তে ডেন্টিষ্টৰ ওচৰলৈ গৈ দাঁতটো উঠাই, জ্বৰে বিষে তিনিদিনলৈ বিছনাত পৰি থাকিল গুণৰাম । পেইন কিলাৰ খাই  বিষ কমাত দুদিন  পিছত হে গম পালে যে বিষালি দাঁতটো নিজৰ ঠাইত নিগাজীকৈ বহিয়েই আছে, কাষৰ সুস্থটোৱেহে জেগাকণ খালী কৰিলে।

 *******         

3 Comments

  • Barasha Deka

    বৰ সুন্দৰ অনুভৱ

    Reply
  • সমীৰ কাশ্যপ বৰা

    বৰ সুন্দৰ অণুগল্প

    Reply
  • সমীৰ কাশ্যপ বৰা

    বৰ সুন্দৰ অণুগল্প, পঢ়ি আপ্লুত হ’লো

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *