মানৱীয়তা-কংকনা দেৱী

সন্ধ্যা ঘৰৰ একমাত্ৰ ছোৱালী। মাক দেউতাক আৰু তাই। তেওঁলোক যিহেতু ব্ৰাহ্মণ পৰিয়ালৰ, সেয়ে দেউতাকে গোঁসাই ধুৱাই মাক আৰু সন্ধ্যাৰ লগত চাহ খাবলৈ চাহৰ টেবুলত বহিল। চাহ খোৱাৰ মাজতেই সন্ধ্যাই মাক আৰু দেউতাকক ক’লে, 

“মোৰ বৰ দৰকাৰী বস্তু অলপ ল’বলৈ আছিল। মা ,দেউতা তোমালোকৰ ভিতৰত যিকোনো এজন মোৰ লগত বজাৰলৈ ওলাব পাৰিবা নে?”

মাকে ক’লে,

“পইচা বেছি নাই মোৰ হাতত। তই অকলেই যা নহ’লে। ১০০০ টকাহে আছে, তাৰ পৰাই তোক ৭০০ টকা মান দিলে হে বজাৰত গৈ কিবা এটা ল’ব পাৰিবি।”

সন্ধ্যায়ো আপত্তি নকৰি বজাৰলৈ বুলি ওলাল ।

সন্ধ্যা – দিয়া মা, মই যাওঁ ৰিক্সাৰ বাবে অকনমান ৰ’বও লাগিব। 

.

মাক– হোঁ ল, ভালকে যাবি। সন্ধিয়া হোৱাৰ আগতে ঘৰ পাবিহি দেই।

সন্ধ্যা বজাৰ পালেগৈ। গৈ পাই দেখিলে বজাৰৰে একোণত মানুহৰ ভিৰ , কিহৰ বাবে ইমান ভিৰ হৈছে জানিবলৈ তাইৰ মন গ’ল আৰু সেই ঠাইলৈ আগবাঢ়ি গ’ল। তাই দেখিলে তাত এজনী গাভৰু অসহায় হৈ পৰি আছে। তাই মুখমণ্ডললৈ চাই দেখিলে, সেই ছোৱালীজনী চোন তাইৰে লগৰ মঞ্জিনা চুলতানা !

হাত ভৰিত একো খতিখুন নেদেখি তাই ভাবিলে মঞ্জিনা এবাৰ কলেজত মূৰ ঘূৰাই পৰাৰ দৰে সম্ভৱ এইবাৰো একেই হৈছে। তাই একো নভবাকৈ  মঞ্জিনাক হাস্পতাললৈ লৈ গ’ল। ডাক্তৰক দেখুৱালে, ডাক্তৰে বহু কেইটা দৰৱ কিনিবলৈ লিখি দিলে, লগতে বেজীও। মঞ্জিনাৰ পাৰ্চটোও ঘটনা স্থলীতে পৰি আহিল। 

ডাক্তৰে মঞ্জিনাৰ বাবে যি কেইটা দৰৱ লিখি দিছিল, সেই কেইটা সন্ধ্যাই বজাৰ কৰিবলৈ দিয়া টকা কেইটাৰেই কিনি আনিলে। ডাক্তৰে মঞ্জিনাক ঘৰলৈ লৈ যাব পাৰিব বুলি কোৱাত সন্ধ্যাই বান্ধৱী মঞ্জিনাক তাইৰ ঘৰত থৈ আহিলেগৈ। মঞ্জিনাৰ দৰৱ আৰু যাতায়াতৰ বাবে হোৱা খৰচৰ বাবে সন্ধ্যাৰ হাতত থকা টকা কেইটা ইতিমধ্যে শেষ হ’ল। ঘৰলৈ ঘূৰি যাব পৰাকৈ হাতত মাত্ৰ কেইটকা মানহে আছে। সেই টকা কেইটাৰেই তাই  ই-ৰিক্সা এখনত উঠি ঘৰলৈ উভতি গ’ল। বজাৰলৈ যোৱা ছোৱালীজনীৰ হাতত একো দেখা নাপাই মাক দেউতাকৰ মুখমণ্ডলত  প্ৰশ্নবোধক চিহ্ন। হাত-ভৰি ধুই ভাত খাবলৈ বহোঁতে  মাকে তাইক, “বজাৰলৈ গৈ খালী হাতে উভতিব লগা কিয় হ’ল”  বুলি প্ৰশ্ন কৰিলে আৰু তায়ো মাক-দেউতাকক সকলোবোৰ কথা খুলি ক’লে। মাক-দেউতাকে কথাবোৰ শুনি সন্ধ্যাক মূৰত হাত বুলাই আশীৰ্বাদ দিলে। এয়া আচলতে পুণ্যৰ কামহে কৰিছে সন্ধ্যাই।

                 

দুখীয়া ব্ৰাহ্মণ পৰিয়ালৰ কন্যা হৈয়ো সন্ধ্যাই এগৰাকী মুছলমান বান্ধৱীক সহায় কৰিছে। নিজৰ দৰকাৰী বস্তু নিকিনি লগৰ গৰাকীৰ বিপদৰ বান্ধৱী হৈছে, এয়াই আচলতে প্ৰকৃত মানৱতাবোধ।

 (আনৰ দুখত দুখী হৈ সহায়ৰ হাত আগবঢ়োৱাটোৱেই হ’ল প্ৰকৃত মানৱতাবোধ। এই মানৱীয়তাবোধেই হ’ল গল্পটোৰ মূল বাৰ্তা)

*******

One comment

  • Anonymous

    সম্পাদক সমীৰ কাশ্যপ বৰা দাক বহুত বহুত ধন্যবাদ 🌻

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *