শৈলশৃংগ-সমুজ্জ্বল কাশ্যপ

                              (১)

মহাৰাজ সুদক্ষিণৰ সোণালী ৰাজত্বকাল। পাটকাই পাহাৰৰ এক নিভৃত, দুৰ্গম অথচ স্বৰ্গীয় কোণত অৱস্থিত সৰু চহৰ ‘মেঘগড়’। চাৰিওফালে অভ্ৰভেদী পৰ্বতমালা, শিখৰবোৰে অহৰহ আকাশৰ সৈতে কথা পাতিছে। পাহাৰৰ বুকু ফালি কুল্-কুল্ বৈ গৈছে প্ৰাচীন দিহিংগিয়া নৈখন। নদীৰে বৈ অহা স্ফটিকৰ দৰে পানীয়ে কঢ়িয়াই আনিছে সুদূৰ হিমবাহৰ শীতলতা আৰু অৰণ্যৰ সুবাস। পাহাৰৰ শিখৰত অৱস্থিত দেৱতা গিৰিশ্বৰৰ প্ৰাচীন শিলৰ মন্দিৰটো। মন্দিৰৰ প্ৰধান পুৰোহিত দেৱেশ্বৰ ভট্টাচাৰ্য – এজন ধৰ্মপ্ৰাণ ব্যক্তি, নীতি-নিয়মৰ প্ৰতি কঠোৰ, অসাধাৰণ ব্যক্তিত্বৰ অধিকাৰী। তেওঁৰ দিন আৰম্ভ হয় শংখ, ঘণ্টা আৰু ডবাৰ পবিত্ৰ ধ্বনিৰে, যি ধ্বনি দিহিংগিয়াৰ ঢৌত খুন্দা খাই সমগ্ৰ উপত্যকাত প্ৰতিধ্বনিত হয়।

তেওঁৰ কন্যা চন্দ্ৰাৱতী। ৰূপে গুণে শৰতৰ প্ৰথমজাক নিয়ৰত সৰা শেৱালিৰ দৰেই স্নিগ্ধ আৰু পবিত্ৰ । মাতৃহাৰা সৰু ভায়েক হেমন্তক নিচুকাই, বুকুৰ উমেৰে ডাঙৰ কৰা চন্দ্ৰাৱতীৰ বাবে মেঘগড়েই সৰ্বস্ব। প্ৰতিদিনে পুৱাই তাই নৈৰ ঘাটলৈ গৈ পদুম ফুল এপাহ তুলি আনি দেৱতাৰ চৰণত অৰ্পণ কৰে। তাইৰ প্ৰতিটো খোজত এক স্বৰ্গীয় ছন্দ। মেঘগড়ৰ বতাহত ভাহি ফুৰা ধূপ-ধূনাৰ সুবাসে চন্দ্ৰাৱতীৰ মনলৈ আনি দিয়ে এক অনাবিল আনন্দ।

এদিন পুৱা, দিহিংগিয়া নদীৰ ঘাটৰ পৰা পদুম ফুল তুলি আনি দেৱতাৰ চৰণত অৰ্পণ কৰিবলৈ গৈ দূৰৰ পাহাৰৰ পৰা দৌৰি ঢাপলি নামি অহা কণমানি ছাগলী পোৱালিজনীলৈ একেথৰে চাই আছিল চন্দ্ৰাৱতীয়ে। তাইৰ মনটো বিচলিত যেন দেখি পিতৃ দেৱেশ্বৰে মন্ত্ৰোচ্চাৰণৰ মাজতেই ক’লে, 

“আই চন্দ্ৰা, দেৱতাৰ পূজাতকৈ ডাঙৰ ধৰ্ম নাই। এই মেঘগড় গিৰিশ্বৰৰ পবিত্ৰ ভূমি। ইয়াত কেৱল ভক্তিৰ স্থান।” 

চন্দ্ৰাৱতীয়ে দেউতাকৰ মুখলৈ চাই এটা মিচিকিয়া হাঁহি মাৰি ফুলপাহ হাতত দিলে, 

“পিতা, কেৱল মন্দিৰৰ শিলৰ মূৰ্তিতেই জানো ঈশ্বৰ থাকে? এই বিশাল পাহাৰখন, কুলু-কুলকৈ বৈ থকা দিহিংগিয়া নৈখন— এই সকলোবোৰো জানো একো একোজন জীৱন্ত দেৱতা নহয়? প্ৰকৃতিৰ সেৱাও জানো দেৱতাৰ সেৱা নহয়?” 

দেৱেশ্বৰে সামান্য বিৰক্তিৰে ক’লে, 

“শাস্ত্ৰৰ কথা তুমি নুবুজিবা আই। প্ৰকৃতি কেৱল মায়া, পৰমব্ৰহ্মহে সত্য।”

চন্দ্ৰাৱতীয়ে মিচিকিয়া হাঁহি এটা মাৰি আঁতৰি যায়। পিতৃৰ লগত যুক্তিতৰ্ক কৰিবলৈ তাইৰ অকণো ইচ্ছা নাই।

সকলোৱে কয় মন্দিৰৰ প্ৰধান পুৰোহিত দেৱেশ্বৰ ভট্টাচাৰ্য এজন নিষ্ঠাৱান কিন্তু কঠোৰ ব্যক্তি। তেওঁৰ বিপৰীতে জীয়ৰী চন্দ্ৰাৱতী যেন দেৱালয়ৰ এগছি চাকি। ভায়েক হেমন্তক বুকুৰ মাজত লৈ চন্দ্ৰাৱতীয়ে দিনবোৰ পাৰ কৰে গিৰিশ্বৰৰ আৰাধনা আৰু দিহিংগিয়াৰ পাৰৰ প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত, বতাহত ভাহি অহা শংখ আৰু ডবাৰ মাতত। তাইৰ মতে মেঘগড় যেন মৰ্ত্যৰ সৰগ।                                      

শৰতৰ আগমণৰ লগে লগে মেঘগড়লৈ তীৰ্থযাত্ৰীৰ সোঁত ব’বলৈ ধৰে। দূৰ-দূৰণিৰ পৰা অহা অসংখ্য ভক্তৰ সমাগমত মেঘগড় হৈ পৰে জীৱন্ত উপত্যকা। এই সময়তেই দেৱতাৰ স্নানযাত্ৰাৰ এক বিশেষ দিনত চন্দ্ৰাৱতীৰ সাক্ষাৎ হয় লখিৰামৰ সৈতে। 

লখিৰাম কাৰ্বি পাহাৰৰ এক নিৰ্ভীক, ওখ-পাখ, দেখনিয়াৰ যুৱক। সি তীৰ্থযাত্ৰীসকলক দুৰ্গম পথ পাৰ হোৱাত সহায় কৰে। তাৰ ৰ’দে পোৰা  বলিষ্ঠ দেহা, তামবৰণীয়া দুচকুৰ সৰলতাই সকলোকে সহজতে আকৰ্ষিত কৰিবলৈ সক্ষম।

এদিন নৈৰ ঘাটত পানী তুলিবলৈ গৈ পিছল শিল এটাত ভৰি দি চন্দ্ৰাৱতী নদীৰ প্ৰখৰ সোঁতত পৰি যাব খোজোঁতেই, বিজুলী সঞ্চাৰে আহি তাইৰ হাতখনত খামুচি ধৰিছিল সি।

লখিৰামৰ স্পৰ্শই চন্দ্ৰাৱতীৰ বুকুত এক অচিন শিহৰণৰ সৃষ্টি কৰিলে। 

লখিৰামে চন্দ্ৰাৱতীক সযতনে শিলটোৰ ওপৰলৈ তুলি আনি ক’লে,  

“খোজ সাৱধানে পেলাব আইদেউ! পাহাৰৰ শিলবোৰ দেখাত যিমান ধুনীয়া, সিমানেই পিছল। ঠিক মানুহৰ মনৰ দৰেই।” 

চন্দ্ৰাৱতীয়ে সলজ্জ চাৱনিৰে কেৱল তাৰ চকুহাললৈ চাই থাকিল।

“তুমি কোন? ইয়াৰ আগতে দেখা মনত নপৰে।” 

“মই এই পাহাৰৰে সন্তান, নাম লখিৰাম। তীৰ্থযাত্ৰীৰ বোজা কঢ়িয়াওঁ। আপুনি পুৰোহিতৰ জীয়ৰী, নহয় জানো?”

 “হয়…! তুমি মোৰ জীৱন বচালা। মই তোমাৰ ওচৰত ঋণী।” 

লখিৰামে এটা সৰল হাঁহি মাৰি ক’লে,  

“পাহাৰৰ মানুহে হিচাপ নাৰাখে আইদেউ। পাহাৰে কেৱল দিবহে জানে।”

সেইদিনাৰ পৰাই দুয়োৰে মাজত এক অকথিত সম্পৰ্কৰ সূত্ৰপাত হ’ল। সমাজৰ কঠোৰ জাতিভেদ প্ৰথাৰ দেৱালখনৰ দুয়োপাৰে থাকিও দুয়ো সঘনাই লগ হ’বলৈ ধৰিলে। 

এদিন আবেলি মন্দিৰৰ পিছফালৰ নিৰ্জন বনাঞ্চলত লখিৰামে এপাহ বনৰীয়া কপৌফুল চন্দ্ৰাৱতীৰ হাতত তুলি দি ক’লে,  

“ব্ৰাহ্মণৰ জীয়ৰীৰ খোপাত এই সাধাৰণ বনৰীয়া ফুলপাহে শুৱাবনে, চন্দ্ৰাৱতী?” 

চন্দ্ৰাৱতীয়ে ফুলপাহ নিজৰ খোপাত গুঁজি লৈ লাহেকৈ ক’লে, 

“প্ৰকৃতিৰ বুকুত সকলো সমান। তোমাৰ এই বনৰীয়া ফুলপাহ মোৰ দেৱতাৰ চৰণৰ নিৰ্মালিতকৈ কোনো গুণে কম নহয়। মোৰ মনৰ মন্দিৰত তুমি কেতিয়াবাই স্থান পাইছা।”

লখিৰামৰ নীৰৱ প্ৰতিশ্ৰুতি আছিল এক অমৰ প্ৰেমৰ পাতনি। মুখেৰে একো নোকোৱাকৈয়ে লাহে লাহে দুয়ো দুয়োৰে হৈ পৰাৰ সপোন দেখিবলৈ ধৰিলে।

                   

                                 (২)

ইফালে মেঘগড়ৰ পবিত্ৰ পৰিবেশৰ বিপৰীতে লাহে লাহে গঢ় লৈ উঠিছে এক ভয়ংকৰ ব্যৱসায়িক সাম্ৰাজ্য। মাণিক্য সদাগৰ আৰু তেওঁৰ পুত্ৰ ৰূপক এই সাম্ৰাজ্যৰ অধিপতি। তীৰ্থযাত্ৰীৰ ভিৰ বাঢ়ি অহাৰ লগে লগে তেওঁলোকৰ শোৱনি-কোঠাত মুদ্ৰাৰ খলখলনিৰ শব্দও বাঢ়ি আহিবলৈ ধৰিছে। পাহাৰৰ ঢালত, প্ৰকৃতিৰ নিয়ম-নীতি নামানি তেওঁলোকে নিৰ্মাণ কৰিছিল অসংখ্য অস্থায়ী জিৰণি চ’ৰা, ভোজনালয় আৰু আস্তাবল। গছ কাটি, শিল ভাঙি পাহাৰৰ বুকুত হনা হৈছিল কঠোৰ আঘাত।

প্ৰকৃতিৰ ভাৰসাম্যৰ প্ৰতি কোনো ভ্ৰূক্ষেপ নথকা মাণিক্যৰ বাবে ধৰ্ম কেৱল ধন ঘটাৰ এক লাভজনক মাধ্যম। পুত্ৰ ৰূপকৰ মনত মাজে মাজে অনুশোচনা হয়, সি পিতাকক সকীয়াই দিয়ে যে পাহাৰৰ মাটি ইমান বোজা ল’বলৈ সক্ষম নহ’ব। কিন্তু পুৰোহিত দেৱেশ্বৰ আৰু আন আন মুখিয়ালবোৰো বণিকৰ ধনৰ বলৰ আগত নীৰৱ। ধৰ্মৰ নামত চলি থকা এই দুৰ্নীতিয়ে মেঘগড়ৰ পবিত্ৰ ভেঁটি লাহে লাহে কঁপাই তুলিলে।

এদিন নিজৰ নতুনকৈ সজা বিশাল ভোজনালয়ৰ সন্মুখত থিয় হৈ মাণিক্যই পুত্ৰক ক’লে, 

“ৰূপক, দেখিছ? দেৱতাৰ কৃপাত এইবাৰ সোণৰ বৰষুণ হ’ব মেঘগড়ত। যিমান পাৰ পাহাৰৰ গছ কাটি আৰু কিছু জিৰণি চ’ৰা সাজিবলৈ দে। তীৰ্থযাত্ৰীৰ পৰা দুগুণ ধন আদায় কৰিব লাগিব।” 

ৰূপকে চিন্তিত হৈ উত্তৰ দিলে, – 

“পিতা, পাহাৰৰ বুকুত ইমানবোৰ গছ কাটি ঘৰ সাজিলে পাহাৰে সহিবনে? কালি মই দেখিছোঁ, নামনিৰ মাটিবোৰ খহিবলৈ ধৰিছে। প্ৰকৃতিৰ ওপৰত ইমান অত্যাচাৰ ঠিক নহ’ব।” 

মাণিক্যই ধমক দিলে, – 

“তৰ্ক নকৰিবি! ব্যৱসায়ত আৱেগৰ স্থান নাই। ধনৰ বলত পাহাৰকো কিনিব পাৰি।“                                                                   

মেঘগড়ৰ আকাশত ফৰকাল বেলি। কিন্তু মাণিক্য সদাগৰৰ মনত চলি আছিল এক কুটিল ৰাজনীতিৰ অংক। ব্যৱসায়িক সাম্ৰাজ্যৰ বিস্তাৰৰ বাবে তেওঁক প্ৰয়োজন ধৰ্মৰ মোহৰ। সেই মোহ মন্দিৰৰ প্ৰধান পুৰোহিত দেৱেশ্বৰ ভট্টাচাৰ্যই দিব পাৰে। সেয়েহে এদিন অহংকাৰ আৰু ধনৰ দম্ভ লৈ মাণিক্য উপস্থিত হ’ল দেৱেশ্বৰৰ ঘৰত। উদ্দেশ্য— নিজৰ পুত্ৰ ৰূপকৰ সৈতে চন্দ্ৰাৱতীৰ বিবাহৰ প্ৰস্তাৱ।

দেৱেশ্বৰে প্ৰথমে ইতস্ততঃ কৰিছিল যদিও, মাণিক্যৰ প্ৰভাৱ আৰু মেঘগড়ৰ ভৱিষ্যতৰ কথা চিন্তা কৰি তেওঁ প্ৰস্তাৱটোত সন্মতি প্ৰদান কৰিলে। এই খবৰে মেঘগড়ৰ বতাহত যেন এক অশনি সংকেত কঢ়িয়াই আনিলে।

খবৰটো পোৱাৰ পিছদিনা গধূলি। মন্দিৰৰ পিছফালৰ প্ৰাচীন বকুল গছজোপাৰ তলত ৰৈ আছিল ৰূপক। তাৰ মনত এক তীব্ৰ অন্তৰ্দ্বন্দ্ব। অলপ পিছতেই খৰধৰকৈ খোজ দি তাত উপস্থিত হ’ল চন্দ্ৰাৱতী। তাইৰ মুখমণ্ডল শেঁতা, চকুত ভীতি আৰু নিৰাশাৰ ছাঁ।

ৰূপকে এটা গভীৰ হুমুনিয়াহ কাঢ়ি তাইৰ ফালে চাই ক’লে,

“চন্দ্ৰা, মই জানো তুমি কিয় ইমান ভয় খাইছা। দেউতাই তোমাৰ পিতালৈ মোৰ সৈতে বিবাহৰ প্ৰস্তাৱ দিছে… আৰু মই এইটোও জানো যে এই প্ৰস্তাৱে আমাৰ শৈশৱৰ পবিত্ৰ বন্ধুত্বক চিৰদিনৰ বাবে হত্যা কৰিব।“

চন্দ্ৰাৱতীয়ে চলচলীয়া চকুৰে ৰূপকৰ ফালে চাই উত্তৰ দিলে,

“ৰূপক, তুমি মোৰ শৈশৱৰ একমাত্ৰ সখা। মনত পৰেনে, দিহিংগিয়াৰ পাৰত আমি কেনেকৈ একেলগে বালিৰ স্তূপ সাজিছিলোঁ? তুমি পাহাৰৰ পৰা বগৰী পাৰি আনি মোক দিছিলা, আৰু মই তোমাক মোৰ ভাগৰ প্ৰসাদ দিছিলোঁ। সেই পবিত্ৰ মৰমক মই সমাজৰ এই জোৰকৈ জাপি দিয়া সম্পৰ্কৰ বলি হ’বলৈ কেনেকৈ দিওঁ?”

ৰূপকে ম্লান হাঁহি এটা মাৰি ক’লে,

“মই বুজোঁ চন্দ্ৰা। বিয়াৰ বান্ধোনত সোমালে তুমি মোৰ সেই মৰমৰ সখী হৈ নাথাকিবা, তুমি হৈ পৰিবা মোৰ দেউতাৰ অহংকাৰৰ এক প্ৰদৰ্শনীৰ সামগ্ৰী, এখন সোণৰ সজাত আৱদ্ধ চৰাই। মই কেতিয়াও নিবিচাৰোঁ মোৰ সখীৰ চকুত মই স্বামী ৰূপত এক আচহুৱা ভয় হৈ শিপাবলৈ।“

চন্দ্ৰাৱতীয়ে দুহাত যোৰ কৰি ক’লে,

“কিন্তু আমি কি কৰিম ৰূপক? পিতাৰ নিৰ্দেশ অমান্য কৰাৰ সাহস মোৰ নাই, আৰু তোমাৰ দেউতাৰ ধনৰ বলৰ আগত মেঘগড়ৰ কোনেও মাত মাতিব নোৱাৰে। মই জানো জীৱন্তে মৰি যাম?”

ৰূপকে চন্দ্ৰাৱতীৰ চকুলৈ তীক্ষ্ণ দৃষ্টিৰে চালে। এজন প্ৰকৃত বন্ধুৱে বন্ধুৰ বুকুৰ খবৰ নোকোৱাকৈয়ো বুজি পায়।

“চন্দ্ৰা, মোক সঁচাকৈ কোৱাচোন,” ৰূপকে লাহেকৈ সুধিলে, “তোমাৰ এই ভয় কেৱল আমাৰ বন্ধুত্ব হেৰুওৱাৰ বাবেই নে ইয়াৰ আঁৰত আন কোনোবা আছে? তোমাৰ চকুত আজিকালি মই দিহিংগিয়াৰ ঢৌৰ দৰে এক অচিন চঞ্চলতা দেখোঁ। সেই চঞ্চলতাৰ কাৰণ জানো সেই পাহাৰীয়া ল’ৰা লখিৰাম নহয়?”

চন্দ্ৰাৱতীৰ মুখখন লাজ আৰু ভয়ত ৰঙা পৰি উঠিল। তাই তলমূৰ কৰিলে, আৰু দুটোপাল গৰম চকুলো তাইৰ গালেৰে সৰি পৰিল।

তাই থোকাথুকি মাতেৰে ক’লে,

“ৰূপক… মোৰ হৃদয়খন কেতিয়াবাই এই পাহাৰৰ বুকুত হেৰাই গৈছে। লখিৰামৰ সৰলতাৰ মাজত মই মোৰ দেৱতাক বিচাৰি পাইছোঁ। মই জানো সমাজৰ চকুত এয়া মহাপাপ, কিন্তু মোৰ উশাহে-নিশাহে এতিয়া কেৱল তাৰেই নাম। মই তেওঁৰ লগতে তোমাকো ঠগিব নোৱাৰোঁ ৰূপক।“

ৰূপকৰ বুকুত এটা সকাহৰ নিশ্বাস সৰকি গ’ল। তাৰ ওঁঠত বিৰিঙি উঠিল এক প্ৰকৃত বন্ধুৰ স্নেহভৰা হাঁহি। সি চন্দ্ৰাৱতীৰ মূৰত হাত থৈ ক’লে,

“পাগলী! এইখিনি কথা ক’বলৈ ইমান ভয় খাব লাগেনে? প্ৰেম কোনোদিন পাপ হ’ব নোৱাৰে চন্দ্ৰা। লখিৰামৰ নিচিনা এজন নিৰ্ভীক আৰু সৰল মানুহেহে তোমাৰ দৰে দেৱীৰ মৰ্যাদা বুজি পাব। মোৰ দেউতাৰ সোণৰ প্ৰাসাদত তোমাৰ উশাহ বন্ধ হৈ গ’লহেঁতেন।“

“কিন্তু ৰূপক, বিবাহৰ প্ৰস্তাৱ…” চন্দ্ৰাৱতীয়ে শংকিত হৈ সুধিলে।

ৰূপকে দৃঢ়তাৰে উত্তৰ দিলে,

“ভয় নকৰিবা চন্দ্ৰা। তোমাৰ এই হাঁহিটো মই কেতিয়াও ম্লান পৰিবলৈ নিদিওঁ। দেউতাৰ ক্ৰোধৰ সমুখত মই থিয় দিম। মই বুজাম যে এই বিয়াৰ পৰা কোনো সুখী নহ’ব। লাগিলে দেউতাই মোক ত্যাজ্যপুত্ৰ কৰক, কিন্তু মোৰ সখীৰ প্ৰেমৰ সমাধিৰ ওপৰত মই মোৰ সংসাৰ কেতিয়াও নাসাজোঁ।“

চন্দ্ৰাৱতীয়ে কৃতজ্ঞতাত ৰূপকৰ হাত দুখন খামুচি ধৰিলে। “ৰূপক… তুমি সঁচাকৈয়ে দেৱতাৰ আশীৰ্বাদ। তোমাৰ এই ঋণ মই এই জীৱনত সুজিব নোৱাৰিম।“

ৰূপকে লাহেকৈ হাতখন এৰুৱাই আনি হাঁহি এটা মাৰি ক’লে,

“ঋণ নহয় চন্দ্ৰা, এয়া এজন বন্ধুৰ কৰ্তব্য। তুমি মাথোঁ লখিৰামৰ সৈতে সুখী হোৱা। দিহিংগিয়াৰ পাৰৰ আমাৰ বালিৰ ঘৰবোৰ যেনেকৈ নৈৰ পানীত উটি গৈছিল, দেউতাৰ এই অহংকাৰী প্ৰস্তাৱকো মই তেনেকৈয়ে উটুৱাই দিম।“

“বালিৰ ঘৰত উমলি যোৱা, শৈশৱৰ সেই দিন,

সোণৰ সঁজাত সোমাব নিদিওঁ, বন্ধুৰ এয়া ঋণ।

পাহাৰৰ ফুল পাহাৰতে ৰওক, বৈ যাওক দিহিংগিয়া,

মৰমৰ বাবে উচৰ্গা কৰিলোঁ, মোৰ এই সৰল হিয়া।“

সেইদিনা ৰাতিয়েই ৰূপকে মাণিক্য সদাগৰৰ সন্মুখত থিয় দি নিৰ্ভীকভাৱে জনাই দিলে যে সি চন্দ্ৰাৱতীক বিয়া কৰাব নোৱাৰে। মাণিক্যৰ ক্ৰোধত গোটেই ঘৰ কঁপি উঠিল যদিও ৰূপক অটল হৈ ৰ’ল। পিতৃৰ অহংকাৰৰ বিৰুদ্ধে গৈ এজন বন্ধুৱে ৰক্ষা কৰিলে শৈশৱৰ পবিত্ৰতা আৰু এক অমৰ প্ৰেমৰ বীজ।

                                 (৩)

মেঘগড়ৰ এক অন্ধকাৰ গুহাত বাস কৰে এক বৃদ্ধা যোগিনী অনন্তময়ী। তেওঁৰ জঁটাবন্ধা চুলি আৰু চকুৰ তীক্ষ্ণ চাৱনিলৈ সকলোৰে ভয়। কেতিয়াবা তেওঁ মন্দিৰলৈ আহে, প্ৰসাদ লৈ গুহালৈ ওভটি যায়।

সেইদিনা গধূলিৰ আকাশখন হঠাৎ তেজৰ দৰে ৰঙা হৈ পৰিছিল। বতাহত ভাহি আহিছিল বনৰীয়া কুকুৰৰ অস্বাভাৱিক মাত, চৰাইবোৰে বাহ এৰি কলৰৱ কৰি উৰি ফুৰিছিল। দিহিংগিয়া নদীৰ পানী ক্ৰমান্বয়ে ঘোলা আৰু ফেনিল হৈ পৰিছিল। 

অনন্তময়ীৰ কণ্ঠত ফুটি উঠিল এক ভয়াৱহ ভৱিষ্যতবাণী। 

“ৰঙা পৰিল বেলি, কঁপিছে মেদিনী, 

গিৰিশ্বৰৰ খং, জাগে কালিকা গোসাঁনী… 

শিলৰ বুকু ফালিব, তেজৰ নৈ ব’ব, 

অহংকাৰৰ প্ৰাসাদ ধূলিসাৎ হ’ব!”

দেৱেশ্বৰ আৰু মাণিক্য সদাগৰ সেই সময়ত মন্দিৰৰ চোতালতে আছিল। যোগিনীয়ে তেওঁলোকৰ ফালে আঙুলিয়াই ক’লে, 

“প্ৰকৃতিয়ে কান্দিছে পুৰোহিত! দেৱতাৰ আশ্ৰয়স্থল তোমালোকে বজাৰলৈ ৰূপান্তৰিত কৰিছা। পাহাৰৰ বুকু ফালিব এতিয়া!” 

মাণিক্যই অৱজ্ঞাৰ সুৰত ক’লে, 

“এই উন্মাদিনী বুঢ়ীজনীক ইয়াৰ পৰা খেদি দিয়া।” 

দেৱেশ্বৰ পুৰোহিতেও সদাগৰৰ সুৰতে সুৰ মিলাই ক’লে, 

“উন্মাদিনীৰ দৰে প্ৰলাপ কিয় বকিছা অনন্তময়ী? তোমাৰ এনে অমংগলীয়া কথাই তীৰ্থযাত্ৰীসকলক ভয় খুৱাব।” 

যোগিনীয়ে এটা ক্ৰূৰ হাঁহি মাৰি ক’লে, 

“ভয় খুওৱা নাই পুৰোহিত, ভয়ৰ কাৰণ তোমালোকে নিজেই মাতি আনিছা। সময় থাকোঁতে প্ৰায়শ্চিত্ত কৰা।”

সেই ঘটনাৰ দুদিন পিছত তীৰ্থযাত্ৰাৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ আৰু কৰ সংগ্ৰহৰ বুজ ল’বলৈ ৰাজধানীৰ পৰা আহি পালে সেনাপতি ভাস্কৰ বৰ্মন। তেওঁ বহু যুদ্ধৰ অভিজ্ঞতাৰে অভিজ্ঞ, তীক্ষ্ণ দৃষ্টিসম্পন্ন, প্ৰজাদৰদী বীৰ। মেঘগড়ত ভৰি দিয়েই তেওঁ বুজি পালে যে পৰিস্থিতি স্বাভাৱিক নহয়। ইকাণে-সিকাণে তেওঁৰ কাণত পৰিল পাহাৰৰ মুখিয়ালসকলৰ সৈতে বণিকসকলৰ মাটি দখলক লৈ তীব্ৰ সংঘাত চলি অহাৰ কথা। ভাস্কৰে যেতিয়া পাহাৰৰ ঢালত নিৰ্মিত অস্থায়ী ঘৰবোৰ আৰু গছ কটাৰ দৃশ্য দেখিলে, তেওঁৰ মনত এক অচিন আশংকাই দেখা দিলে। 

পাহাৰৰ অৱস্থা দেখি তেওঁ মাণিক্য সদাগৰক মাতি পঠিয়ালে। 

“সদাগৰ, ৰজাৰ আদেশ তীৰ্থযাত্ৰীৰ সুৰক্ষা। মই দেখিছোঁ আপুনি নৈৰ পাৰত আৰু পাহাৰৰ ঢালত নিয়ম নামানি চাংঘৰ সাজিছে। এই দুৰ্বল ঘৰবোৰ ভাঙি পেলাওক। অলপ বৰষুণ হ’লেই সকলো খহি পৰিব।” 

মাণিক্যই নম্ৰতাৰ ভাও জুৰি ক’লে, 

“সেনাপতি ডাঙৰীয়া, এইবোৰেইতো ৰাজভঁৰাললৈ যোৱা কৰৰ মূল উৎস। মহাৰাজে নিজেই মোক নিৰ্দেশ দিছে বেপাৰ বঢ়াবলৈ। আপুনি অকাৰণতে চিন্তা কৰিছে।” 

ভাস্কৰ বৰ্মনে তৰোৱালৰ নালত হাত থৈ গম্ভীৰ সুৰত ক’লে, 

“ৰজাৰ ধনতকৈ প্ৰজাৰ জীৱনৰ মূল্য বেছি সদাগৰ। প্ৰকৃতিয়ে প্ৰতিশোধ ল’বলৈ মন মেলিলে আপোনাৰ ধনৰ পাহাৰে কাকো ৰক্ষা কৰিব নোৱাৰিব।”

তেওঁ মাণিক্য সদাগৰক সকীয়াই দিলে হয়, কিন্তু ৰজাৰ নিৰ্দেশ আছিল উৎসৱ সুচাৰুৰূপে সম্পন্ন কৰা আৰু ৰাজভঁৰাললৈ যিমানেই বেছি পাৰি ধন প্ৰেৰণ কৰা। সেয়েহে ভাস্কৰ বৰ্মনে বাধ্য হৈ নীৰৱ দৰ্শক হৈ থাকিবলগীয়া হ’ল, যদিও তেওঁৰ মনৰ ভিতৰত এক ধুমুহাৰ আগজাননী বাজি থাকিল।

ৰণক্ষেত্ৰৰ ধূলি আৰু শত্ৰুৰ তেজৰ সৈতে যাৰ আজীৱন মিতিৰালি, সেই সেনাপতি ভাস্কৰ বৰ্মনৰ বুকুতো যে এখন আৱেগিক হৃদয় লুকাই থাকিব পাৰে, সেয়া মেঘগড়ে কল্পনাও কৰা নাছিল। তৰোৱালৰ ঝনঝননিৰ মাজত জীৱন কটোৱা ভাস্কৰৰ বাবে ‘প্ৰেম’ এক অচিনাকি শব্দ। কিন্তু মেঘগড়ৰ পবিত্ৰ ভূমিত ভৰি দিয়াৰ পিছতেই তেওঁৰ জীৱনৰ এই কঠোৰ সমীকৰণ সলনি হৈ পৰিল। 

মহাৰাজ সুদক্ষিণৰ নিৰ্দেশত মেঘগড়ৰ নিৰাপত্তাৰ বুজ ল’বলৈ অহা ভাস্কৰ বৰ্মনে প্ৰথম দিনাই নৈৰ ঘাটত চন্দ্ৰাৱতীক দেখিছিল। সূৰ্যোদয়ৰ হেঙুলীয়া পোহৰত দিহিংগিয়াৰ বুকুত পদুম ফুল তুলি থকা চন্দ্ৰাৱতীৰ সেই স্নিগ্ধ ৰূপ দেখি যুদ্ধজয়ী সেনাপতিৰ খোজ থমকি ৰʼল। বগা পাটৰ কাপোৰ পিন্ধা, কপালত ৰঙা সেন্দূৰৰ ফোঁট আৰু আধা-ভিজা চুলিৰে চন্দ্ৰাৱতীক তেওঁৰ সাক্ষাৎ অৰণ্যৰ দেৱী যেন অনুভৱ হ’ল। 

ভাস্কৰে নিজৰ অনুচৰসকলক দূৰতে ৰখাই ঘাটৰ ফালে আগবাঢ়ি গ’ল ।

“আইদেউ, এই দুৰ্গম পাহাৰৰ ঘাটত অকলে থকা নিৰাপদে?” 

ভাস্কৰে এক সন্মানীয় দূৰত্ব বজাই ৰাখি সুধিছিল। চন্দ্ৰাৱতীয়ে উভতি চাই শান্ত দৃষ্টিৰে উত্তৰ দিলে, 

“য’ত দেৱতাৰ আশীৰ্বাদ আৰু প্ৰকৃতিৰ সুৰক্ষা আছে, তাত ভয় কিহৰ সেনাপতি ডাঙৰীয়া? আপোনাৰ তৰোৱালতকৈ দিহিংগিয়াৰ ঢৌৰ শক্তি বেছি।” 

চন্দ্ৰাৱতীৰ সেই নিৰ্ভীক আৰু সৰল উত্তৰটোৱে ভাস্কৰৰ হৃদয়ত এক অচিন শিহৰণৰ সৃষ্টি কৰিলে। কঠিন সেনাপতিৰ বুকুতো যেন এপাহ কোমল শেৱালি ফুলি উঠিল।

দিন বাগৰাৰ লগে লগে ভাস্কৰৰ চন্দ্ৰাৱতীৰ প্ৰতি আকৰ্ষণ বাঢ়ি গ’ল। তেওঁ মন্দিৰৰ নিৰাপত্তাৰ অজুহাতত সঘনাই দেৱেশ্বৰ ভট্টাচাৰ্যৰ কাষলৈ যাবলৈ ধৰিলে, কেৱল চন্দ্ৰাৱতীক এপলক চোৱাৰ আশাত। মাণিক্য সদাগৰৰ দম্ভ আৰু পুৰোহিতৰ কঠোৰতাৰ মাজত চন্দ্ৰাৱতী আছিল একমাত্ৰ শীতল বতাহজাক যি ভাস্কৰৰ মন চুই গৈছিল।

এদিন মন্দিৰৰ চোতালত চন্দ্ৰাৱতীয়ে অনাথ শিশুবোৰক ফল-মূল বিলাই থকা দেখি ভাস্কৰে কাষলৈ গৈ ক’লে, 

“আপোনাৰ দৰে বহল হৃদয় এই মেঘগড়ত দ্বিতীয় এখন দেখা নাই চন্দ্ৰাৱতী। আপুনি বিচাৰিলে ৰাজপ্ৰাসাদৰ মহাৰাণী হ’ব পাৰে।” 

চন্দ্ৰাৱতীয়ে সামান্য হাঁহি মাৰি উত্তৰ দিলে, –

“ৰাজপ্ৰাসাদৰ সোণৰ সজাতকৈ মেঘগড়ৰ এই মুকলি আকাশখন মোৰ বেছি প্ৰিয় সেনাপতি। মোক মোৰ দেৱতা আৰু এই পাহাৰখনেই যথেষ্ট।” 

ভাস্কৰে বুজি পালে যে এইগৰাকী নাৰী সাধাৰণ সম্পদ বা ক্ষমতাৰ দাস নহয়। তাইৰ প্ৰতি তেওঁৰ অনুৰাগ ক্ৰমান্বয়ে গভীৰ শ্ৰদ্ধা আৰু প্ৰেমলৈ ৰূপান্তৰিত হ’ল। কিন্তু তেওঁ নিজৰ মৰ্যাদা আৰু পদৱীৰ বাবে এই কথা প্ৰকাশ কৰিব নোৱাৰিলে।

এদিন গধূলি পাহাৰৰ এক নিৰ্জন কেঁকুৰিত ভাস্কৰে যি দৃশ্য দেখিলে, সেয়া তেওঁৰ হৃদয় ফালি চিৰাচিৰ হোৱাৰ বাবে যথেষ্ট আছিল। তেওঁ দেখিলে চন্দ্ৰাৱতীয়ে লখিৰাম নামৰ পাহাৰীয়া ল’ৰাটোৰ সৈতে কথা পাতি আছে। লখিৰামে চন্দ্ৰাৱতীৰ খোপাত এপাহ কপৌফুল গুঁজি দিছিল আৰু চন্দ্ৰাৱতীৰ মুখত বিৰিঙি উঠিছিল এক স্বৰ্গীয় হাঁহি।

যি হাঁহি ভাস্কৰে নিজৰ বাবে কামনা কৰিছিল, সেই হাঁহি লখিৰামৰ বাবে উছৰ্গিত। ভাস্কৰৰ হাতখন মুহূৰ্তৰ বাবে তৰোৱালৰ নালটোলৈ গৈছিল, কিন্তু পিছমুহূৰ্ততে তেওঁ নিজকে সংযত কৰিলে। এজন প্ৰকৃত বীৰে কেতিয়াও ছলনাৰে প্ৰেম জয় নকৰে। তেওঁ বুজি পালে যে চন্দ্ৰাৱতীৰ হৃদয়ত তেওঁৰ বাবে কোনো স্থান নাই, তাত কেৱল লখিৰামৰেই অধিকাৰ। ভাস্কৰে এটা গভীৰ হুমুনিয়াহ কাঢ়ি নীৰৱে সেই স্থান ত্যাগ কৰিলে। নিজৰ প্ৰেমক তেওঁ কৰ্তব্য আৰু শ্ৰদ্ধাৰ আঁৰত চিৰদিনৰ বাবে কবৰ দিবলৈ সাজু হ’ল।

                        (৪)

আহিনৰ স্নিগ্ধ আকাশখন হঠাৎ ক’লা ডাৱৰে আৱৰি ধৰিলে। বতাহ বন্ধ হৈ গ’ল, চাৰিওফালে গুপগুপীয়া গৰম। তাৰ পিছতেই অসময়ত নামি আহিল বৰ্ষাৰ কালৰূপ। ক্ৰমাগত তিনিদিন ধৰি নেৰানেপেৰা বৰষুণ। পানীৰ টোপালবোৰে তীৰৰ দৰে বিন্ধিবলৈ ধৰিলে। চন্দ্ৰাৱতীৰ মনত এক অচিন ভয়। ৰাতি সপোনত তাই দেখিলে দিহিংগিয়া নদীয়ে যেন এক বিশাল ক’লা অজগৰৰ ৰূপ লৈ সমগ্ৰ মন্দিৰটো গিলি পেলাইছে। 

ভয়তে সাৰ পাই তাই সৰু ভায়েক হেমন্তক সাবটি ধৰিলে। হেমন্তই কন্দনামুৱা হৈ ক’লে, 

“বাইদেউ, মোৰ বৰ ভয় লাগিছে। বাহিৰত নৈখনে কেনেকৈ গুজৰিছে শুনাচোন! নৈখনে যেন আমাক খাই পেলাব।” 

চন্দ্ৰাৱতীয়ে তাক নিচুকাই দেউতাকক ক’লে, 

 “পিতা, বৰষুণৰ ৰূপ সলনি হৈছে। লখিৰামে কৈছিল পাহাৰৰ মাটি ঢিলা হৈছে। আমি ইয়াত থকাটো নিৰাপদ হʼবনে?” 

দেৱেশ্বৰে জুইশালৰ কাষত বহি নিৰ্লিপ্তভাৱে উত্তৰ দিলে, – 

“এটা সাধাৰণ জনজাতীয় ল’ৰাৰ কথাত তুমি কিয় ভয় খাইছা চন্দ্ৰা? গিৰিশ্বৰৰ কৃপাত আমাৰ একো নহয়।” 

পুৰোহিত দেৱেশ্বৰে সকলোকে সান্ত্বনা দি ক’বলৈ ধৰিলে, 

“ভয় নকৰিবা, দেৱতা গিৰিশ্বৰে স্নান কৰিছে। এয়া আশীৰ্বাদৰ বৰষুণ।” 

কিন্তু সেই মুহূৰ্তত তেওঁ ভাবিও নাপালে অন্ধ বিশ্বাসৰ আঁৰ লৈ মেঘগড়ে সাবটি ল’বলৈ গৈ আছিল নিজৰেই সৰ্বনাশ।

চতুৰ্থ দিনৰ মাজৰাতি। হঠাৎ ব্ৰজপাতৰ দৰে এক ভয়ংকৰ শব্দত সমগ্ৰ মেঘগড় কঁপি উঠিল। আকাশৰ পৰা পানীৰ সলনি শিল আৰু বোকাৰ বৰষুণ হ’বলৈ ধৰিলে। দিহিংগিয়া নদীয়ে নিজৰ প্ৰাচীন সুঁতি সলনি কৰি উন্মত্ত ৰূপ ধাৰণ কৰিলে। নদীৰ বৰ লহৰীৰ গৰ্জন  মন্দিৰৰ ডবাৰ মাততকৈ হাজাৰ গুণে ডাঙৰ আছিল। পানীৰ প্ৰচণ্ড সোঁতে এফালৰ পৰা উটুৱাই নিলে মাণিক্য সদাগৰৰ জিৰণি চ’ৰা, গোহালি-আস্তাবল আৰু দোকানবোৰ। মানুহৰ আৰ্তনাদ, জীৱ-জন্তুৰ মৰণকাতৰ চিঞৰ আৰু প্ৰকৃতিৰ গাজনি মিলি মেঘগড়ত এক মহাপ্ৰলয়ৰ সৃষ্টি হ’ল। টোপনিৰ পৰা সাৰ পাই মানুহে পোহৰৰ অভাৱত ইফালে সিফালে দৌৰিবলৈ ধৰিলে।

“পলা! পলা! পানী বাঢ়িছে!” 

“হে গিৰিশ্বৰ, ৰক্ষা কৰা প্ৰভু!” 

মাণিক্য সদাগৰৰ অস্থায়ী ঘৰবোৰ নৈৰ বুকুত জাহ যাবলৈ ধৰিলে। পানীৰ সোঁতে নিমিষতে গিলি পেলালে মানুহৰ অহংকাৰ।

পানীৰ লগতে নামি আহিল ভূমিস্খলন। পাহাৰৰ এটা বিশাল অংশ য’ত মাণিক্যই গছ কাটি আস্তাবল বনাইছিল, সেয়া গাজনি মাৰি ঠিক মন্দিৰৰ মূল জনসমাগমৰ ওপৰত খহি পৰিল। নিমিষতে পুতি পেলালে শ শ তীৰ্থযাত্ৰীক। দেৱেশ্বৰ ভট্টাচাৰ্য মন্দিৰৰ গৰ্ভগৃহত আৰাধনা কৰি থকা অৱস্থাতেই ওপৰৰ পৰা নামি অহা বিশাল শিলাখণ্ড এটাই মন্দিৰৰ দুৱাৰখন বন্ধ কৰি দিলে। তেওঁ ভিতৰতে আৱদ্ধ হৈ পৰিল।

“চন্দ্ৰা! হেমন্তক লৈ পলোৱা !” – দেৱেশ্বৰে ভিতৰৰ পৰা চিঞৰিলে, -“মই দেৱতাক এৰি যাব নোৱাৰোঁ! তুমি পলাই যোৱা আই!” 

চন্দ্ৰাৱতীয়ে মন্দিৰৰ বন্ধ দুৱাৰত ভুকুৱাই চিঞৰিবলৈ ধৰিলে, 

“পিতা! ওলাই আহক পিতা! আপোনাক এৰি মই ক’লৈকো নাযাওঁ!” 

তেনেতে এটা প্ৰকাণ্ড শিল খহি আহি চন্দ্ৰাৱতী আৰু হেমন্তৰ সম্মুখতে পৰিল। হেমন্তৰ হাতখনত খামুচি ধৰি চন্দ্ৰা তললৈ বাগৰি পৰিল। বাহিৰলৈ উফৰি অহা চন্দ্ৰাৱতী আৰু হেমন্ত মানুহৰ হেঁচা আৰু অন্ধকাৰত পানীৰ সোঁতত চিটিকি গ’ল। শান্ত আৰু পবিত্ৰতাৰ প্ৰতীক মেঘগড়, মাত্ৰ কেইটামান মুহূৰ্তৰ ভিতৰতে এক বীভৎস মৃত্যু উপত্যকাত পৰিণত হ’বলৈ গৈ আছিল।

পুৱাৰ পোহৰ যিমানেই বাঢ়ি আহিল, মৃত্যুৰ বিভীষিকাও সিমানেই স্পষ্ট হৈ পৰিল। যিফালেই চকু যায়, কেৱল বোকা, শিল আৰু মৃতদেহ। জীৱিত থকাসকল দিশহাৰা হৈ ক্ৰন্দনৰত অৱস্থাত য’তে তʼতে পৰি আছিল। কোনোবাজন ডিঙিলৈকে বোকাত পোত গৈ আছে, আন কাৰোবাৰ আকৌ হাত এখনহে ওলাই আছে। ঘোঁৰা, গৰু, মানুহৰ চিন চাব নাই, সকলো বোকাত একাকাৰ। এনে সময়তে বোকা আৰু ধ্বংসাৱশেষৰ মাজত দেৱদূতৰ দৰে আৱিৰ্ভাৱ হ’ল লখিৰাম। তাৰ গাত আঘাতৰ চিন, কপাল ফালি তেজ ওলাইছে, কিন্তু মনত অদম্য সাহস। সি প্ৰথমে বিচাৰি উলিয়ালে চন্দ্ৰাৱতী আৰু হেমন্তক। এডাল প্ৰকাণ্ড গছৰ ডালৰ তলত আৱদ্ধ হৈ থকা অৱস্থাৰ পৰা সি দুয়োকে অতি কষ্টেৰে উদ্ধাৰ কৰিলে। 

নিশাৰ অন্ধকাৰ আৰু বোকাৰ মাজতে সংজ্ঞা হেৰুৱাইছিল চন্দ্ৰাৱতীয়ে। হঠাৎ কাৰোবাৰ বলিষ্ঠ হাতৰ স্পৰ্শত তাই সাৰ পালে। সেয়া লখিৰাম। তাৰ সৰ্বশৰীৰত তেজ। 

লখিৰামে তাইক জোকাৰি ক’লে, 

“চন্দ্ৰাৱতী! চকু মেলা! ভয় নকৰিবা, মই আছোঁ।” 

চন্দ্ৰাৱতীয়ে উচুপি কৈ কান্দি উঠিল, –

“লখিৰাম… মোৰ পিতা! মন্দিৰৰ ভিতৰত…” 

লখিৰামে তাইক বুকুৰ মাজলৈ টানি আনি ক’লে, “স্থিৰ হোৱা চন্দ্ৰা। পাহাৰে আমাৰ পৰীক্ষা লৈছে। প্ৰথমে হেমন্তক বচাব লাগিব। আহা মোৰ লগত!” 

লখিৰামৰ সেই স্পৰ্শই তাইক জীয়াই থকাৰ সাহস দিলে। তাই জানে কাৰ্বি পাহাৰৰ সন্তান হিচাপে প্ৰতিটো বিপদসংকুল পথ তাৰ চিনাকি। তাৰ নিৰ্দেশনাত আৰু বলিষ্ঠ কান্ধৰ ভৰসাত কেইবাজনো যাত্ৰীয়ে সুৰক্ষিত ওখ স্থানলৈ যাবলৈ সক্ষম হ’ল।

ইফালে সেনাপতি ভাস্কৰৰ প্ৰথম চিন্তা আছিল চন্দ্ৰাৱতীৰ সুৰক্ষা। প্ৰবল বান আৰু ভূমিস্খলনৰ মাজত তেওঁ নিজৰ প্ৰাণ তুচ্ছ কৰি মন্দিৰৰ ফালে ঢাপলি মেলিছিল। যেতিয়া দেখিলে লখিৰামে চন্দ্ৰাৱতীক উদ্ধাৰ কৰিছে, তেওঁৰ বুকুৰে এক স্বস্তিৰ নিশ্বাস সৰকি আহিল। ঈৰ্ষাৰ সলনি মনত লখিৰামৰ প্ৰতি  শ্ৰদ্ধা জাগ্ৰত হ’ল। তেওঁ নিজৰ সৈন্যক লৈ লখিৰামক সকলো প্ৰকাৰে সহায় কৰিবলৈ ধৰিলে। তেওঁৰ যুঁজখন এতিয়া ৰজাৰ বাবে নহয়, নিজৰ অব্যক্ত প্ৰেমৰ সুখ আৰু আশে-পাশে জীয়াই থকা সকলৰ সুৰক্ষাৰ বাবে।  

                                   (৫)

নিশাৰ ভিতৰতে সকলো হেৰুৱাই মাণিক্য সদাগৰৰ দম্ভ চূৰ্ণ-বিচূৰ্ণ হৈছিল। চকুৰ আগতে সপোনৰ সাম্ৰাজ্য, সোণ-ৰূপৰ বাকচ সকলো নদীৰ বুকুত জাহ গ’ল। কিন্তু এই প্ৰলয়ে তেওঁৰ ভিতৰত লুকাই থকা প্ৰকৃত মানুহজনক জগাই তুলিলে। পুত্ৰ ৰূপকৰ সৈতে মিলি তেওঁ নিজৰ জীৱন বিপন্ন কৰি উদ্ধাৰ কাৰ্যত নামিল। ৰূপকে নদীৰ সোঁতত উটি যোৱা এটা শিশুক বচাবলৈ পানীত জাঁপ দিলে।

মাণিক্যই চিঞৰি উঠিল, 

“ৰূপক! নাযাবি বাছা! সোঁত বৰ প্রবল !” 

ৰূপকে পানীত সংগ্ৰাম কৰি থকাৰ পৰাই ক’লে, – 

“পিতা, আমাৰ পাপৰ বাবেই এই প্ৰলয় আহিছে। মোক প্ৰায়শ্চিত্ত কৰিবলৈ দিয়ক!”

শিশুটোক পাৰলৈ দলিয়াই দিয়াৰ পিছমুহূৰ্ততে ৰূপক পানীত হেৰাই গ’ল। মাণিক্যই বুকু ভুকুৱাই কান্দি উঠিল, 

“মোৰ সকলো ধন লৈ যোৱা দিহিংগিয়া… মোৰ ল’ৰাটোক ঘূৰাই দিয়া! মই আৰু একো নিবিচাৰোঁ!”

পুত্ৰৰ নাম লৈ মাণিক্যই হিয়া ঢাকুৰি কান্দিবলৈ ধৰিলে। ইতিমধ্যে তেওঁ অনুভৱ কৰিছিল যে প্ৰকৃতিৰ আগত মানুহৰ অহংকাৰ আৰু সম্পদ কিমান তুচ্ছ! 

ভাস্কৰ বৰ্মনে বুজি পালে এতিয়া ৰজাৰ সৈন্যৰ কাম যুদ্ধ নহয়, মানুহখিনিক বচোৱাহে। তেওঁ নিজৰ সৈন্যবাহিনীক কঠোৰ নিৰ্দেশ দিলে মানুহৰ জীৱন ৰক্ষা কৰিবলৈ। নিজে কঁকাললৈকে বোকাত সোমাই তেওঁ কাঠৰ কুণ্ডা আৰু ৰচিৰে অস্থায়ী দলং নিৰ্মাণ কৰিবলৈ উঠি পৰি লাগিল। ৰাজকীয় পোছাক বোকাৰে লুতুৰিপুতুৰি হোৱাৰ পিছতো সেনাপতিয়ে হাৰ মানিবলৈ স্বীকাৰ কৰা নাছিল। 

“সেনাপতি ডাঙৰীয়া, মহাৰাজৰ নিৰ্দেশ কেৱল ৰাজভঁৰালৰ ধন আৰু উচ্চবৰ্ণৰ লোকক ৰক্ষা কৰা।” 

– কোনোবা এজন সৈনিকে চিঞৰি কৈছিল।

ভাস্কৰে খঙেৰে উত্তৰ দিলে,  

“আজি আমাৰ যুদ্ধ প্ৰকৃতিৰ সৈতে! ৰজাৰ আদেশ পাহৰি যোৱা। য’তেই জীৱনৰ একবিন্দুও আশা দেখিবা, তালৈকে উদ্ধাৰৰ হাত আগবঢ়োৱা। মানুহৰ জীৱনতকৈ ডাঙৰ কোনো ৰাজভঁৰাল নাই!”

ৰজাৰ পৰা বাৰ্তা আহিছিল কেৱল উচ্চবৰ্ণৰ লোক আৰু ৰাজকোষৰ ধন ৰক্ষা কৰিবলৈ, কিন্তু ভাস্কৰে ৰাজধৰ্মতকৈ মানৱ ধৰ্মক অগ্ৰাধিকাৰ দি সেই নিৰ্দেশ অমান্য কৰিলে।                                     

গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত যোগিনী অনন্তময়ীক এটা শিলৰ ফাঁকৰ পৰা উদ্ধাৰ কৰা হ’ল। তেওঁৰ অৱস্থা সংকটজনক। অনন্তময়ীৰ কাষত থিয় দি আছিল ভাস্কৰ আৰু চন্দ্ৰাৱতী। মৃত্যুৰ ঠিক আগেয়ে তেওঁ ভাস্কৰ আৰু চন্দ্ৰাৱতীক কাষলৈ মাতি আনিলে। তেওঁৰ মাত থোকাথুকি হৈ আহিছিল।

“শিলৰ দেৱতা শিলত মিলিল, বৈ গ’ল তেজৰ নদী,

জীৱনৰ অৰ্থ বিচাৰিবি তই, প্ৰেমৰ চাকিটি যদি।

অহংকাৰৰ পতন হ’ল, ধূলিত মিলিল মান,

মানুহৰ মাজতেই বিচাৰি পাবি, শাশ্বত ভগৱান।”

হয়তো কবিতা ফাঁকিৰে যোগিনীয়ে বুজাব বিচাৰিছিল প্ৰকৃত ধৰ্ম মন্দিৰৰ চাৰিবেৰৰ মাজত নাথাকে, থাকে মানুহৰ পৰস্পৰৰ প্ৰতি থকা দায়ৱদ্ধতা আৰু প্ৰেমত।

“তোৰ প্ৰেমক জীয়াই ৰাখিবি আই।” চন্দ্ৰালৈ চাই তেওঁ চিৰদিনৰ বাবে চকু মুদিলে।

প্ৰলয়ৰ ধুমুহা শান্ত হোৱাৰ পিছত আৰম্ভ হ’ল শোকৰ দীঘলীয়া লহৰ। চন্দ্ৰাৱতী আৰু হেমন্তই লখিৰামৰ সহায়ত মন্দিৰৰ ধ্বংসাৱশেষৰ মাজত দেৱেশ্বৰ ভট্টাচাৰ্যক বিচাৰিবলৈ ধৰিলে। কেইবাদিনো ধৰি হাতেৰে বোকা আৰু শিল আঁতৰোৱাৰ পিছত অৱশেষত মন্দিৰৰ ভগ্ন গৰ্ভগৃহৰ কাষত পুৰোহিতৰ নিঠৰ দেহ উদ্ধাৰ হ’ল। ব্ৰাহ্মণৰ হাতদুখনে তেতিয়াও খামুচি আছিল দেৱতাৰ আৰতি কৰা পিতলৰ চাকিগছি। পিতৃৰ মৃতদেহ দেখি চন্দ্ৰাৱতীৰ বুকু ফালি যোৱা কান্দোনত মেঘগড়ৰ নিস্তব্ধতা ভাঙি পৰিল। চন্দ্ৰাৱতীয়ে পিতাকৰ নিঠৰ দেহটোৰ ওপৰত পৰি কান্দিবলৈ ধৰিলে, 

“পিতা! আপুনি চাকিগছি এৰা নাই, কিন্তু মোক অনাথ কৰি থৈ গ’ল! আপোনাৰ দেৱতাই আপোনাক কিয় বচাব নোৱাৰিলে পিতা?” 

লখিৰামে তাইৰ কান্ধত হাত থৈ সান্ত্বনা দিলে, 

“শোক নকৰিবা চন্দ্ৰাৱতী। তেওঁ নিজৰ কৰ্ম আৰু বিশ্বাসৰ মাজেৰে দেৱতাৰ চৰণত লীন গৈছে। মৃত্যু সকলোৰে বাবে অৱধাৰিত, কিন্তু তেওঁৰ ভক্তি অমৰ।”

 হেমন্তই ভয় আৰু শোকত বায়েকৰ আঁচলত মুখ লুকুৱাই উচুপি উঠিল। মেঘগড়ৰ বতাহ গধুৰ হৈ পৰিছিল।

                                   (৬)

বিপদৰ এই ঘোৰ অমানিশাৰ মাজতো সমাজৰ একাংশ লোকে লখিৰাম আৰু চন্দ্ৰাৱতীৰ সম্পৰ্কক লৈ প্ৰশ্ন তুলিবলৈ নেৰিলে। শোকৰ মাজতো সমাজৰ কুসংস্কাৰে মূৰ দাঙি উঠিল। গাঁৱৰ এজন মুখিয়ালে লখিৰামৰ হাতত চন্দ্ৰাৱতীৰ হাত দেখি চিঞৰি উঠিল –  

“এজন সাধাৰণ জনজাতীয় যুৱকৰ সৈতে ব্ৰাহ্মণ কন্যাৰ এই ঘনিষ্ঠতা পাপ! এই নীহকুলীয়া জনজাতীয় ল’ৰাটোৱে বামুণৰ ছোৱালীক চুইছে! সেয়েহে দেৱতাৰ খং উঠিছে। এই পাপৰ বাবেই মেঘগড়লৈ প্ৰলয় আহিছে!”

শোকত ভাগি পৰিলেও চন্দ্ৰাৱতীয়ে দুৰ্দান্ত সাহসেৰে প্ৰতিবাদ কৰিলে। তাই চিঞৰি উঠিল, 

 “চুপ থাকক! যিখন সমাজে প্ৰলয়ৰ সময়ত আমাক বচাব নোৱাৰিলে, সেই সমাজৰ ভুৱা মৰ্যাদাবোধ মই নামানো! যিখন হাতত মৰম, ত্যাগ আৰু আনক বচোৱাৰ সাহস আছে, সেই হাত কোনোদিন অশুচি হ’ব নোৱাৰে। লখিৰাম মোৰ দেৱতা!” 

লখিৰামে তাইৰ হাতখন টানকৈ ধৰি সকলোৰে ফালে নিৰ্ভীকভাৱে চাই ৰ’ল। লখিৰামৰ নীৰৱ সমৰ্থন আৰু তাৰ পবিত্ৰ প্ৰেমেই আছিল তাইৰ একমাত্ৰ জীয়াই থকাৰ সম্বল।

দিহিংগিয়া নদীৰ পাৰত একেলগে জ্বলি উঠিল শ শ চিতা। সমগ্ৰ মেঘগড় যেন এখন মহাশ্মশানলৈ ৰূপান্তৰিত হৈছে। আকাশে-বতাহে ধোঁৱা আৰু পোৰা মাংসৰ গোন্ধ ভৰি পৰিছে। ভাস্কৰ বৰ্মন আৰু লখিৰামে মিলি জাতি-ধৰ্ম নিৰ্বিশেষে সকলো মৃতকৰ একেলগে শেষকৃত্য সম্পন্ন কৰিলে। প্ৰকৃতিৰ ভয়াল ৰূপৰ সমুখত মানুহৰ এই অসহায় অৱস্থাৰ নীৰৱ সাক্ষী হৈ ৰ’ল কেৱল দিহিংগিয়া নৈখন, যি আকৌ আগৰ দৰেই শান্ত হৈ বৈ আছিল, যেন একোৱেই হোৱা নাই। ভাস্কৰ বৰ্মনে জ্বলি থকা চিতাবোৰলৈ চাই ক’লে, 

“মৃত্যুৰ সন্মুখত সকলো সমান। এই জুইয়ে  আমাৰ সকলো অহংকাৰ, জাত-পাতৰ ভেদ পুৰি ছাই কৰক।” 

কণমানি হেমন্তক বোকোচাত বান্ধি চন্দ্ৰাৱতীয়ে পিতৃ দেৱেশ্বৰৰ মুখাগ্নি কৰিলে। দিহিংগিয়া নদীয়ে নীৰৱে সকলোৰে অশ্ৰু বুকু পাতি ল’লে।

উদ্ধাৰকাৰ্য প্ৰায় শেষ হৈ আহিছিল। জীৱিতসকলক নিৰাপদ স্থানলৈ লৈ যোৱাৰ যোজা চলিছে। তেনেতে পাহাৰৰ নামনিত এটা সৰু পৰিয়াল ফাচি থকা দেখা গ’ল। মাটি তেতিয়াও নৰম। লখিৰামে নিজৰ জীৱনৰ মায়া এৰি তেওঁলোকক বচাবলৈ নামি গ’ল। 

চন্দ্ৰাৱতীয়ে চিঞৰি উঠিল, “লখিৰাম! না-আ- যা- আ- বা-আ!”

পৰিয়ালটোক সুৰক্ষিত স্থানলৈ তুলি পঠোৱাৰ পিছমুহূৰ্ততেই ওপৰৰ পৰা এটা প্ৰকাণ্ড শিল খহি আহিল। চন্দ্ৰাৱতীৰ চকুৰ আগতেই শিলটোৱে লখিৰামৰ বুকুখন হেঁচি ধৰিলে। তাই দৌৰি গৈ লখিৰামৰ তেজেৰে লুতুৰি পুতুৰি মূৰটো কোলাত তুলি ল’লে। 

“লখিৰাম, চকু মেলা! তুমি মোক এৰি যাব নোৱাৰা!” 

তাই হুকহুকাই কান্দি উঠিল। 

এটা মিঠা অথচ যন্ত্ৰণাদায়ক হাঁহি মাৰি, চন্দ্ৰাৱতীৰ হাতখন খামুচি ধৰি লখিৰামে চন্দ্ৰাৱতীৰ গালত হাত থৈ ক’লে, 

“নাকান্দিবা চন্দ্ৰা… পাহাৰৰ জীৱন… পাহাৰতেই শেষ। তোমাক ভালপোৱাৰ অধিকাৰখিনি… ঈশ্বৰে দিলে, সেয়াই মোৰ বাবে বহুত। হেমন্তক চাবা…”

চন্দ্ৰাৱতীৰ কোলাতেই লখিৰামে চিৰদিনৰ বাবে চকু মুদিলে। চন্দ্ৰাৱতীৰ ভুকু ভেদি ওলোৱা আৰ্তনাদটোৱে যেন সমগ্ৰ পাহাৰখনকে কঁপাই তুলিলে। প্ৰকৃতিৰ নিষ্ঠুৰতাৰ মাজত লখিৰামৰ এই ত্যাগে তেওঁলোকৰ প্ৰেমক অমৰত্ব প্ৰদান কৰিলে। 

লখিৰামৰ মৃত্যু হ’ল, চন্দ্ৰাৱতীৰ গগনভেদী চিঞৰে ভাস্কৰৰো বুকু থানবান কৰি পেলাইছিল। লখিৰামৰ নিঠৰ দেহটো সাবটি থকা চন্দ্ৰাৱতীৰ কাষত গৈ ভাস্কৰ আঁঠু লৈ বহি পৰিল। তেওঁৰ চকুৰ পৰাও নিগৰি আহিল দুটোপাল নীৰৱ চকুলো। চন্দ্ৰাৱতীৰ চকুত পানী নাই, আছে কেৱল শূন্যতা।

দিন বাগৰিল, প্ৰকৃতিয়ে পুনৰ সেউজীয়া ৰূপ ল’লে। ভাস্কৰ বৰ্মনে ৰজা সুদক্ষিণলৈ এক বিস্তৃত প্ৰতিবেদন প্ৰেৰণ কৰিলে, য’ত তেওঁ প্ৰকৃত সত্য আৰু বণিকৰ লোভৰ কথা বৰ্ণনা কৰিলে। ৰাজদৰবাৰত আলোচনা চলিল আৰু নিৰ্দেশ আহিল মেঘগড়ক পৰিত্যক্ত বুলি ঘোষণা কৰিবলৈ। 

মেঘগড়ৰ মানুহখিনিয়ে ক’লে, “আমি মেঘগড় এৰি গুচি যাম।” 

কিন্তু চন্দ্ৰাৱতী নিজৰ মতত অটল, 

“মই নাযাওঁ। এই মাটিতেই মোৰ পিতা আৰু লখিৰামৰ তেজ মিলি আছে।”  

ভাস্কৰ বৰ্মনে তাইৰ কথাত সন্মতি দি ক’লে,

“মই মহাৰাজক বুজাম। এই পবিত্ৰ ভূমি ত্যাগেৰে মহীয়ান।”

শেষত সিদ্ধান্ত হ’ল যে মেঘগড় পুনৰ গঢ় লৈ উঠিব। কিন্তু এইবাৰ বিশাল মন্দিৰ বা অহংকাৰৰ ভিত্তিত নহয়, বৰঞ্চ প্ৰকৃতিৰ প্ৰতি গভীৰ শ্ৰদ্ধা আৰু মানৱতাৰ ভিত্তিত এখন সৰু, নিৰাময় আশ্ৰম গঢ়ি তোলা হ’ব।

চন্দ্ৰাৱতীয়ে মেঘগড়ত থাকি অনাথসকলৰ সেৱা কৰাৰ সিদ্ধান্ত ল’লে, ভাস্কৰে ৰাজধানীলৈ উভতি যোৱাৰ যোজা চলালে। যোৱাৰ আগমুহূৰ্তত তেওঁ চন্দ্ৰাৱতীৰ কাষলৈ আহিল, –

“আপোনাৰ ত্যাগ আৰু লখিৰামৰ প্ৰেমে মেঘগড়ক অমৰ কৰি ৰাখিব। মহাৰাজৰ সেনাপতি হিচাপে নহয়, এজন সাধাৰণ মানুহ হিচাপে মই কথা দিছোঁ — যেতিয়াই মেঘগড়ত আপোনাক সহায়ৰ প্ৰয়োজন হ’ব, ভাস্কৰ বৰ্মনৰ তৰোৱাল আপোনাৰ সুৰক্ষাৰ বাবে সদায় সাজু থাকিব।” 

চন্দ্ৰাৱতীয়ে দুহাত যোৰ কৰি তেওঁলৈ চাই ম্লান হাঁহি এটা মাৰি ক’লে, –

“আপোনাৰ ঋণ মেঘগড়ে কেতিয়াও পাহৰিব নোৱাৰিব সেনাপতি।”

ভাস্কৰে উভতি নোচোৱাকৈ আঁতৰি আহিল। তেওঁ কেতিয়াও চন্দ্ৰাৱতীক নজনালে বুকুৰ এটা কোণত তাইৰ বাবে কিমান গভীৰ প্ৰেম সাঁচি ৰখা আছিল। ৰাজধানীলৈ উভতি গৈ ভাস্কৰ বৰ্মনে গোটেই জীৱন দেশৰ সেৱাত উচৰ্গা কৰিলে। তেওঁ আজীৱন অবিবাহিত হৈ ৰ’ল। মেঘগড়ৰ স্মৃতি আৰু চন্দ্ৰাৱতীৰ সেই স্নিগ্ধ মুখখনেই আছিল তেওঁৰ জীৱনৰ একমাত্ৰ আৰু অব্যক্ত প্ৰেমৰ সম্বল।

“তৰোৱালৰ ধাৰত যি লিখা নাযায়, 

বুকুৰ চুকত সেয়া নীৰৱে শুকায়। 

পাহাৰৰ ফুল পানীয়ে উটুৱাই নিলে, 

সেনাপতিৰ প্ৰেম মাথোঁ অশ্ৰু হৈ বয়।”

লখিৰাম আৰু পিতৃৰ লগতে প্ৰলয়ত নিহত হোৱা সকলৰ স্মৃতিত চন্দ্ৰাৱতীয়ে মন্দিৰৰ ধ্বংসাৱশেষৰ কাষত এখন বিশাল শিলালিপি স্থাপন কৰিলে। নিজৰ ব্যক্তিগত শোকক সমাজৰ শক্তিলৈ ৰূপান্তৰিত কৰি তাই এক সন্যাসিনীৰ দৰে আজীৱন মেঘগড়ৰ অনাথ শিশু আৰু দুৰ্গত তীৰ্থযাত্ৰীসকলৰ সেৱাত ব্ৰতী হোৱাৰ সংকল্প ল’লে। শিলালিপিত সোণালী আখৰেৰে খোদিত কৰা হ’ল—

“ঈশ্বৰ শিলৰ দেউলত নাই, ঈশ্বৰ মানুহৰ চকুপানী আৰু মানুহৰ ত্যাগৰ মাজতহে জীৱিত।”

উপসংহাৰ-

প্ৰায় দুটা দশক পাৰ হৈ গ’ল। 

মেঘগড় পুনৰ সজীৱ হৈ উঠিছে, কিন্তু ইয়াৰ ৰূপ এতিয়া সলনি হʼল। দিহিংগিয়া নদীৰ পাৰত মেঘগড়ৰ নেতৃত্বত থিয় দি আছে এজন পূৰ্ণবয়স্ক যুৱক— হেমন্ত।

চন্দ্ৰাৱতী এতিয়া  নাই, মানৱ সেৱাত নিজৰ জীৱন উচৰ্গা কৰি তাই এদিন চিৰনিদ্ৰাত ঢলি পৰিছিল। কিন্তু তাইৰ আৰু লখিৰামৰ ত্যাগৰ কাহিনী আজিও মেঘগড়ৰ বতাহত ভাহি ফুৰে।

হেমন্তই বতাহৰ ফাললৈ মুখ কৰি স্বগতোক্তি কৰিলে, –

“বাইদেউ, তুমি কোৱাৰ দৰেই মেঘগড় এতিয়া সলনি হ’ল। তোমালোকৰ প্ৰেমৰ কাহিনীয়ে পাহাৰখনক জীয়াই ৰাখিছে।”

সি শিলালিপিখনৰ কাষলৈ গৈ এপাহ বনৰীয়া কপৌফুল তাত থৈ দিলে। 

পাহাৰৰ বুকুত তেতিয়া সূৰ্য দেৱতাৰ জিৰণিৰ সময়। হেমন্তৰ গাল মুখ হেঙুলীয়া হৈ পৰিছে। তাৰ চকুত জিলিকি উঠিছে এধাৰি মুকুতাৰ মালা। বতাহত শুনো নুশুনোকৈ ভাহি আহিছে কাৰোবাৰ সুহুৰি। ঘৰমুৱা চৰাইবোৰে বতাহৰ আঁৰে আঁৰে সেই সুহুৰিৰ দিশে ঢাপলি মেলিছে। বহুতেই কয়, বুৰঞ্জীৰ মানচিত্ৰত অখোদিত কাৰ্বিপাহাৰৰ সেই অজান ঠাইখনত হেনো আজিও শুনা যায় বিষাদ আৰু অমৰ প্ৰেমৰ এক কৰুণ প্ৰাচীন সুৰ:

“দং দিহিংগিয়াৰ পানী, 

বৈ যায় অশ্ৰু খানি,

শিলত লিখা ৰ’ল, মানুহৰ জীয়া কাহিনী।

প্ৰলয় আহিব যাব, 

ধূলিত বিলীন হ’ব,

ত্যাগৰ চাকিটি মাথোঁ যুগ যুগান্তৰলৈ ৰ’ব।”

*******

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *