সংগীত জ্যোতি ৰাজেন গোহাঁই-ববিতা শৰ্মা
অসমীয়া আধুনিক গীতক এক বিশেষ মাত্ৰা প্ৰদানৰ বাবে অহোপুৰুষাৰ্থ কৰা ব্যক্তিসকলৰ ভিতৰত গায়ক, সুৰকাৰ তথা সংগীত সংযোজক ৰাজেন গোহাঁইদেৱো অন্যতম । অসমীয়া আধুনিক গীতৰ উত্থান আৰু প্ৰসাৰত আকাশবাণী গুৱাহাটী আৰু ডিব্ৰুগড় কেন্দ্ৰৰ বিশেষ ভূমিকা আছে । এই আকাশবাণী কেন্দ্ৰ দুটিৰ অংশ হিচাপে ৰাজেন গোহাঁইদেৱেও অসমীয়া আধুনিক গীতক বিশেষ মাত্ৰাৰে সজাই ইয়াৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে নিজকে সমৰ্পন কৰিছিল । বিশেষকৈ আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰত গোহাঁইদেৱে সহকৰ্মী হিচাপে অসমৰ সংগীত জগতৰ দুজন বিশিষ্ট ব্যক্তিৰ সান্নিধ্য লাভ কৰিছিল।এজন হ’ল গীতিকাৰ, সুৰকাৰ হীৰেন গোহাঁই আৰু আনজন যাদুকৰী কণ্ঠেৰে শ্ৰোতাক মন্ত্ৰমুগ্ধ কৰি ৰখা গীতিকাৰ, সুৰকাৰ তথা গিটাৰিষ্ট চৈয়দ ছাদুল্লা । ৰাজেন গোহাঁই, হীৰেন গোহাঁই আৰু চৈয়দ ছাদুল্লা — এই তিনি সংগীতপ্ৰেমী প্ৰতিভাৱান বন্ধুৰ নেতৃত্বত অসমীয়া আধুনিক গীতৰ ন ন পৰীক্ষা-নিৰীক্ষা আৰম্ভ কৰি ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰত এক সংগীতময় পৰিবেশৰ সৃষ্টি কৰিছিল । তিনিওজন ব্যক্তিয়ে আশাশুধীয়া প্ৰচেষ্টাৰে এটাৰ পাছত এটা জনপ্ৰিয় গীত সৃষ্টি কৰি অসমীয়া আধুনিক গীতক এক বিশেষ মাত্ৰাৰে সমৃদ্ধ কৰিছিল । ব্যক্তিগত ভাৱেও ৰাজেন গোহাঁইদেৱৰ সংগীত যাত্ৰাত আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ এক বিশেষ ভূমিকা আছে । এই কেন্দ্ৰতে এজন কণ্ঠশিল্পী আৰু এজন সুৰকাৰ হিচাপে সংগীতৰ ভালেমান পৰীক্ষা-নিৰীক্ষা আৰম্ভ কৰি ভালেমান অবিস্মৰণীয় গীত সৃষ্টিৰে তেওঁ গায়ক আৰু সুৰকাৰ হিচাপে নিজৰ এক সুকীয়া পৰিচয় গঢ়ি তুলিবলৈ সক্ষম হৈছিল।
সংগীতশিল্পী ৰাজেন গোহাঁইদেৱৰ জন্ম হৈছিল উজনিৰ বাণিজ্য চহৰ তিনিচুকীয়াত, ১৯৪৬ চনৰ ১৫ জানুৱাৰীত। পিতৃ সোণেশ্বৰ গোহাঁই আৰু মাতৃ ফুলেশ্বৰী গোহাঁই। কণ্ঠশিল্পী হিচাপে শ্ৰোতাক কেইবাটাও সুন্দৰ গীত উপহাৰ দিয়া ৰাজেন গোহাঁই দেৱৰ সংগীত শিক্ষা আৰম্ভ হৈছিল কণ্ঠশিল্পী হিচাপে নহয়, বাদ্যযন্ত্ৰী হিচাপেহে । ঘৰৰ সংগীতময় পৰিৱেশে শৈশৱতে তেওঁৰ মন সংগীতৰ প্ৰতি ঢাল খুৱায়।এজন সংগীতানুৰাগী ব্যক্তি হিচাপে ৰাজেন গোহাঁইদেৱৰ পিতৃয়ে তেওঁলোকৰ ঘৰত সংগীতৰ বহুখিনি বাদ্যযন্ত্ৰ ৰাখিছিল । গোহাঁইদেৱৰ মাতৃয়েও সুন্দৰকৈ থলুৱা নাম-গুণবোৰ গাইছিল । তেওঁৰ এগৰাকী বায়েকে বেহেলা, এগৰাকীয়ে চেতাৰ আৰু আন এগৰাকীয়ে এছৰাজ বজাইছিল। বাল্যকালত তেওঁ প্ৰথমে স্বৰ্গীয় ৰামেশ্বৰ দাস নামৰ এজন গুৰুৰ ওচৰত তবলা বজোৱাৰ তালিম লৈছিল।কিন্তু দুবছৰমান শিকাৰ পাছতে গুৰুজনৰ মৃত্যু হোৱাত তেওঁৰ শিক্ষা আধৰুৱা হৈ ৰয়।পাছত তিনিচুকীয়াৰ দূৰ্গাবাৰী সংগীত বিদ্যালয়ত নামভৰ্তি কৰি স্বৰ্গীয় পৰেশ ৰয়ৰ ওচৰত শাস্ত্ৰীয় সংগীত শিকিবলৈ আৰম্ভ কৰে। ১৯৬২ চনৰ ভাষা আন্দোলনৰ সময়ত সংগীত বিদ্যালয়খন বন্ধ হৈ পৰাৰ ফলত তেওঁৰ সংগীত শিক্ষাও সিমানতে সমাপ্ত হয়।অৱশ্যে তেওঁ লক্ষ্ণৌ ভাতখাণ্ডে বিশ্ববিদ্যালয়ৰ পৰা সংগীতৰ মধ্যমা পাঠ্যক্ৰম সমাপ্ত কৰে।ৰাজেন গোহাঁইদেৱৰ সংগীত যাত্ৰাত মুগ্ধ হৈ তিনিচুকীয়াৰ স্বৰ্গীয় সমৰেন্দ্ৰ শইকীয়াদেৱে শৈশৱতে তেওঁক এটি সোণৰ পদক প্ৰদান কৰিছিল।ৰাজেন গোহাঁইদেৱৰ প্ৰাথমিক শিক্ষা আৰম্ভ হৈছিল তিনিচুকীয়াৰ আদৰ্শ প্ৰাথমিক বিদ্যালয়ত। ১৯৬৩ চনত তিনিচুকীয়া চেনাইৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা শেষৰচাম প্ৰৱেশিকা পৰীক্ষাৰ্থী হিচাপে পৰীক্ষাত উত্তীৰ্ণ হৈ স্কুলীয়া শিক্ষা সমাপ্ত কৰি তেওঁ ডিব্ৰুগড়ৰ হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ত নামভৰ্তি কৰে।
“যেতিয়া কলেজলৈ আহোঁ, তাত এডমিশ্যন লওঁ, সেই তেতিয়াৰে পৰাই মোৰ এই সংগীতৰ জীৱনটো বিশেষভাৱে আৰম্ভ হৈছে।”—– ৰাজেন গোহাঁই
ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয়ৰ ছাত্ৰ হৈ ৰাজেন গোহাঁইদেৱে বিশিষ্ট নাট্যকাৰ হেমন্ত দত্ত, গিটাৰৰিষ্ট চৈয়দ ছাদুল্লা, অভিনেতা বিজু ফুকন, ভৱেশ গোস্বামী, হীৰেন গোহাঁই আদি প্ৰতিভাবান শিল্পীসকলৰ সান্নিধ্য লাভ কৰে আৰু এই সান্নিধ্যত তেওঁৰ জীৱনে এটি সুৰীয়া গতি লাভ কৰে।কানৈ মহাবিদ্যালয়ত পঢ়ি থকাৰ সময়তে ১৯৬৫ চনত এই গোটেই কেইজন বন্ধুৱে মিলি ৰাজ্যৰ জনপ্ৰিয় সাংস্কৃতিক দল ‘দ্যা কুইভাৰ্চ’ ( The Quivers ) গঠন কৰে। স্কুলীয়া জীৱনতে ৰবীন্দ্ৰ সংগীত, আধুনিক গীত আদি পৰিৱেশন কৰিবলৈ লোৱা গোহাঁইদেৱৰ সংগীত সাধনাই কলেজীয়া জীৱনত প্ৰসাৰতা লাভ কৰে। ইতিমধ্যে অসমৰ বিভিন্ন মঞ্চত গীত পৰিবেশনেৰে শ্ৰোতাৰ চিনাকি হৈ পৰা ৰাজেন গোহাঁইদেৱো কুইভাৰ্চ দলৰ সক্ৰিয় সদস্য হৈ পৰে।কানৈ মহাবিদ্যালয়ত পঢ়ি থাকোতেই বন্ধু চৈয়দ ছাদুল্লাই লিখা আৰু সুৰ কৰা এই জনপ্ৰিয় গীতটিত ৰাজেন গোহাঁয়ে কণ্ঠদান কৰে……
অ’ চেনেহী
অ’ মৰমী
কালি তুমি আহিছিলা
নিশা মোৰে সপোনতে
খোপাতেনো গুজি কপৌফুল… ।
কানৈ মহাবিদ্যালয়ৰ ছাত্ৰ হিচাপে তেওঁ তিনিবাৰকৈ ‘মহাবিদ্যালয়ৰ শ্ৰেষ্ঠ কণ্ঠশিল্পী’ৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰপৰা প্ৰচাৰিত জয়ন্ত হাজৰিকা, খগেন মহন্ত, কুল বৰুৱা আদি কণ্ঠশিল্পীসকলৰ গীত শুনি শুনি ৰাজেন গোহাঁইদেৱৰ মনতো ৰেডিঅ’ত গীত পৰিৱেশনৰ ইচ্ছা জাগে আৰু অডিশ্যন দিয়াৰ সিদ্ধান্ত লয়।প্ৰথমবাৰৰ অডিশ্যনত তেওঁ সফল হ’ব নোৱাৰি বিশিষ্ট কণ্ঠশিল্পী জ্যোতিষ ভট্টাচাৰ্য্যৰ কাষ চাপে।ভট্টাচাৰ্যদেৱৰ পৰা কিছু কথা শিকি ১৯৭১ চনত পুনৰ অডিশ্যন দি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ শিল্পী ৰূপে স্বীকৃতি লাভ কৰে।সেই সময়ত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সংগীত বিভাগৰ প্ৰযোজক আছিল অসমৰ আন এজন স্বনামধন্য সংগীতশিল্পী গীতিকাৰ, সুৰকাৰ পুৰুষোত্তম দাস । আকাশবাণীৰ নিয়ম অনুসৰি দুটামান সাধাৰণ অনুষ্ঠানত গীত পৰিৱেশন কৰাৰ পাছত গোহাঁইদেৱে অসমীয়া আধুনিক গীতৰ বিশেষ অনুষ্ঠান ‘গীতৰ শৰাই’ত গীত পৰিৱেশনৰ সুযোগ লাভ কৰে।এই অনুষ্ঠানত তেওঁ পৰিৱেশন কৰা প্ৰথম গীতটি হ’ল……
মোৰ মনৰ হৰিণা
হেৰাব খোজে
মোৰ মনৰ হৰিণা
হেৰাব খোজে
তোমাৰ চকুৰ অৰণ্যতে
মোৰ মনৰ হৰিণা
হেৰাব খোজে … ।
(কথা : সতীশ দাস, সুৰ : মুকুল বৰুৱা)
১৯৭৩ চনত এইচ. এম. ভিয়ে পাণবজাৰত এটা অস্থায়ী ষ্টুডিঅ’ খুলি কিছুমান গীত ৰেকৰ্ডিং কৰাৰ ব্যৱস্থা কৰে। গীতৰ লগত বাদ্যযন্ত্ৰ সংগতৰ বাবে তেওঁলোকে ‘দ্যা কুইভাৰ্চ’ দলটোক আমন্ত্ৰণ জনায়।দলৰ সদস্য ৰাজেন গোহাঁইদেৱৰ নিজৰ কণ্ঠৰ গীত এটি ৰেকৰ্ড কৰাৰ ইচ্ছা হয়।তেওঁ মনৰ ইচ্ছা জয়ন্ত হাজৰিকাৰ আগত ব্যক্ত কৰে। জয়ন্ত হাজৰিকাই ৰাজেন গোহাঁইদেৱক এইচ. এম. ভি-ৰ এছ পি ৰেকৰ্ডত এটা গীত গোৱাৰ সুবিধা কৰি দিয়ে।একেখন ৰেকৰ্ডৰ এটা পিঠিত থাকিব ৰাজেন গোহাঁইদেৱৰ গীত, আনটো পিঠিত ৰিদিপ দত্তদেৱৰ। গীতিকাৰ তফজ্জুল আলীদেৱৰ কথাৰে কুল বৰুৱাদেৱে সুৰেৰে সজোৱা গীতটি হ’ল………
শেৱালি পাহিয়ে
কোমল মিচিকি হাঁহিৰে
মাতিলেহি খিৰিকী মুখতে
দূবৰি বনতে
নিয়ৰ মুকুতা মণিয়ে
হাঁহিলেহি শাৰদী পুৱাতে … ।
ৰেকৰ্ডখনৰ আনটো পিঠিত ৰিদিপ দত্তদেৱে গাইছিল আন এটি জনপ্ৰিয় অসমীয়া আধুনিক গীত….
সাগৰিকা কিনো ক’লা
মনে মনে কিনো দিলা
উচুপি আহি মৰমতে
কি মৰম সানি দিলা … ।
১৯৭৫ চনত গোহাঁইদেৱে আকাশবাণীৰ ‘সংগীত সংযোজক’ ৰূপে স্বীকৃতি লাভ কৰি ডিব্ৰুগড় কেন্দ্ৰত কৰ্মজীৱনৰ পাতনি মেলি ২০০৭ চনত অৱসৰ গ্ৰহণ কৰে।
“ৰাজেন গোহাঁই হিচাপে যেতিয়া কলেজত নাম লগাইছিলোঁ, তেতিয়া কিন্তু মোৰ কোনো দায়িত্ব নাছিল। এই সংগীত জগতখনত যে মই ইমান বছৰ পাৰ কৰিলোঁ, ইমানক গান শিকালোঁ, গান গোৱালোঁ ; তাৰপিছত কিন্তু মোৰ দায়িত্বটো বাঢ়ি গ’ল।”
সংগীত সংযোজক হিচাপে ৰাজেন গোহাঁইদেৱে ভালেমান শিল্পীৰ সান্নিধ্যলৈ আহি দায়িত্ব সহকাৰে তেওঁলোকৰ বাবে গীত কৰা, গীতত সুৰ দিয়া আদি কামবোৰ নিষ্ঠাৰে পালন কৰে।তেওঁ সুৰ কৰা গীতত ডলী ঘোষ, লীনা বেজবৰা, মন্দিৰা শৰ্মা, মমতা বৰঠাকুৰ, মধুমতী গোস্বামী, বৈকুণ্ঠনাথ গগৈ, ব্ৰজেন পাঠক আদি আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ জনপ্ৰিয় গায়ক-গায়িকাই কণ্ঠ নিগৰাইছিল।আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ আন এজন জনপ্ৰিয় সুৰকাৰ হীৰেন গোহাঁইদেৱে ৰাজেন গোহাঁইদেৱৰ গীতৰ বিষয়ে এনেদৰে কৈছে……
“তেওঁ অন্তৰৰ নিভৃত কোণৰপৰা এটা আন্তৰিকতাৰে সুৰ দিয়ে বুলি মই অনুভৱ কৰোঁ।”
ৰাজেন গোহাঁইদেৱৰ সুৰ পাশ্চাত্য সংগীতৰ বা হিন্দী গীতৰ সুৰৰ পৰা মুক্ত প্ৰকৃত সুৰ।আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰ আৰম্ভ হোৱাৰ পাছতে গানৰ এটি বিশেষ অনুষ্ঠানৰ বাবে গায়ক বৈকুণ্ঠনাথ গগৈদেৱ আহিল। গগৈদেৱৰ বাবে গীতত সুৰ কৰাৰ ভাৰ গোহাঁইদেৱৰ ওপৰত পৰিল।গীতিকাৰ দ্বীজেন্দ্ৰ মোহন শৰ্মাৰ ‘ফুল ফুলক ৰ’দৰে ফুল’ শীৰ্ষক গীতটি সুৰ কৰি তেওঁ গগৈদেৱক গাবলৈ দিলে।শ্ৰোতাই লাভ কৰিলে মন মুহি পেলোৱা এটি সুন্দৰ গীত………..
ফুল ফুলক ৰ’দৰে ফুল
হৃদয় সেউজী ধৰা
ফুল ফুলক সূৰ্যমুখী ফুল প্ৰিয়তমা
তোমাৰ খোপাত……….।
তেওঁ সুৰ কৰা গীতসমূহৰ ভিতৰত পাপৰি কবি গণেশ গগৈদেৱৰ এটি গীতে বিশেষ চৰ্চা লাভ কৰিছিল । জনপ্ৰিয় গায়িকা ডলী ঘোষে কণ্ঠদান কৰা সেই গীতটি হ’ল……….
ৰেঘা দিব লাগে যদি
ৰেখা লেখিম অৰুণৰ
নেভাঙিবা নিশা আহি
মাধুৰীমা সপোনৰ
মাধুৰীমা সপোনৰ…..।
হীৰেন গোহাঁইদেৱে এই গীতটোৰ বিষয়ে এনেদৰে মন্তব্য কৰিছে —
“গণেশ গগৈৰ ৰচিত এটি গীত — ‘ৰেঘা দিব লাগে যদি’, এই গীতটোৰ যিটো সুৰ, এই সুৰটো বৰ সহজলভ্য বুলি মই নাভাবোঁ। কেনেকৈ আপোনা আপুনি এই সুৰটো ওলালে সেই বিষয়ে আমি নাজানো। কিন্তু গীতটোৱে যিটো সুৰ দাবী কৰে যেন লাগে তেনেকুৱা এটি সুৰেই গীতটোৱে পাই গ’ল।”
ডলী ঘোষৰ বাবে তেওঁ সুৰ কৰা দ্বিতীয়টি জনপ্ৰিয় গীত হ’ল………….
আকাশৰ ৰংবোৰ সেন্দুৰীয়া হ’ল
দিনৰ সুৰুযটিও
কেনি গুচি গ’ল
কেনি গুচি গ’ল
এন্ধাৰ নামিল
লাহে লাহে…….।
গীতটিৰ কথা হেমন্ত দত্তদেৱৰ।গীতটি মানুহৰ জীৱনটোক লৈ ৰচনা কৰা বুলি এটি সাক্ষাৎকাৰত ৰাজেন গোহাঁইদেৱে মন্তব্য কৰিছে।মানুহৰ জীৱনত বিয়লি বেলা অৱশ্যাম্ভাৱী আৰু তেনে এটি ভাবেৰেই গীতটি লিখা হৈছে।
গীতিকাৰ হীৰেন গোহাঁই, চৈয়দ ছাদুল্লা, দ্বীজেন্দ্ৰ মোহন শৰ্মা, ইন্দ্ৰ কুমাৰ বৰগোহাঞি, নৱকান্ত বৰুৱা, গণেশ গগৈ, চবীন মেধী , হেমন্ত দত্ত আদি ভালেমান গীতিকাৰৰ গীতক সুৰেৰে সজোৱা ৰাজেন গোহাঁইদেৱে গীতৰ গুণগত মান ধৰি ৰখাত সততে গুৰুত্ব দি আহিছে । গীত নিৰ্বাচনৰ ক্ষেত্ৰত তেওঁ সদায় গীতৰ কথাক অগ্ৰাধিকাৰ দিছিল। আকাশবাণীৰ সংগীত সংযোজক হিচাপে তেওঁ আকাশবাণীৰ মজিয়াত সংগীত চৰ্চাৰ এক সুস্থ পৰিৱেশ পাইছিল আৰু বন্ধু হীৰেন গোহাঁই, চৈয়দ ছাদুল্লা আদিৰ দৰে শিল্পীক সহকৰ্মী হিচাপে পাই বিশেষভাৱে লাভৱান হৈছিল।তেওঁৰ আধুনিক অসমীয়া গীতৰ বৰ্ণিল যাত্ৰাত দুজন ব্যক্তিৰ প্ৰভাৱৰ কথা আজিও কৃতজ্ঞতাৰে স্মৰণ কৰে।এই দুজন ব্যক্তিৰ এজন হ’ল জয়ন্ত হাজৰিকা, আনজন কুল বৰুৱা।আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰত ৰাজেন গোহাঁইদেৱে যশস্বী নাট্যকাৰ, পৰিচালক মুনিন ভূঞাদেৱক সহকৰ্মী হিচাপে পাইছিল।নাট্যকাৰ ভূঞাদেৱে এদিন গোহাঁইদেৱক তেওঁ ৰচনা কৰা গীত দুটামান সুৰ কৰাৰ কথা কয়।ভূঞাদেৱৰ অনুৰোধত তেওঁ “ক’ৰে বাটৰুৱা ক’তেনো যোৱা”…….শীৰ্ষক গীতটি সুৰ কৰে । তেওঁ সুৰ কৰা আন দুটি জনপ্ৰিয় গীত হ’ল………..
হে গভীৰ হে বিশাল সুৰৰ অৰণ্য
তুমি মনোৰম তুমি অনুপম
তুমি যে অন্যান্য……..।
(কথা : ইন্দ্ৰ কুমাৰ বৰগোহাঞি
কণ্ঠ: ৰেহেনা আফটাৰ হান্নান )
কুঁৱলীৰ এই ছবিখন
সপোনৰ মিঠা ইন্ধন
পাহাৰ বাটৰ নামনি
সুগভীৰ সৰল বননি
হাহোঁ নে হাহোঁকৈ পলম এইয়াই
সপোনৰ মিঠা ইন্ধন…….।
(কথা : হীৰেন গোহাঁই
কণ্ঠ : ডলী ঘোষ )
“ৰাজেনৰ কণ্ঠটো সকলোৱে ভাল পায় । গোৱাৰ শৈলীটো সঁচাকৈয়ে প্ৰশংসা কৰিবলগীয়া।”
___চৈয়দ ছাদুল্লা____
সুৰকাৰ হিচাপে ৰাজেন গোহাঁইদেৱ যিমান সফল, গায়ক হিচাপেও সিমানেই জনপ্ৰিয় । ৰাজেন গোহাঁইদেৱৰ কণ্ঠ অতি কোমল আৰু এই কোমলতাই তেওঁ গোৱা গীতবোৰক প্ৰাণ দিয়ে।কণ্ঠৰ কোমলতাই তেওঁক শ্ৰোতাৰ হৃদয় কাষ চাপিবলৈ সহায় কৰিছিল।গোহাঁইদেৱৰ কণ্ঠ, গোহাঁইদেৱৰ গায়নশৈলী সম্পৰ্কে তেওঁৰে বন্ধু হীৰেন গোহাঁইদেৱে বিশদভাৱে আলোচনা কৰি কৈছে…..
“কণ্ঠৰ ক্ষেত্ৰত এটা শব্দ প্ৰয়োগ কৰা হয়।উদাত্ত কণ্ঠ। উদাত্ত কণ্ঠটো যদি আপুনি ভাগ ভাগ কৰি চাই তাত দেখিব বলিষ্ঠ শব্দটো আহি পৰে।জোৰদাৰ যিটো। বলিষ্ঠ কণ্ঠ সকলোৰে নাথাকে। Sobar । অকণমান মোলায়েম ধৰণৰ।কোমলতাটো বেছিকৈ প্ৰকাশ পোৱা কণ্ঠ।যিটো কণ্ঠৰ মাজেদি কোমলতা প্ৰকাশ পায়।মানে তাত উদাত্তটো আমি বিচাৰিলে নহ’ব। এই শ্ৰেণীৰ গায়কো বেলেগ আছে।কিন্তু এই কোমলতাৰ মাজেদি তেওঁৰ যিবিলাক প্ৰকাশ, প্ৰত্যেকটো গীতেই মানুহে আঁকোৱালি লৈছে।”
ৰাজেন গোহাঁইদেৱে গীতৰ ভাব, দৰ্শন, তাৎপৰ্য গোটেই কথাখিনি কণ্ঠৰ মাজেৰে প্ৰকাশ কৰিছিল।সেয়াই তেওঁৰ গায়নশৈলীৰ বিশেষত্ব।ব্যক্তি হিচাপে ৰাজেন গোহাঁইদেৱ এজন কোমল মনৰ, মধুৰ ব্যক্তিত্বৰ ব্যক্তি।তেওঁৰ ব্যক্তিত্বৰ প্ৰতিফলন যেন তেওঁ গোৱা গীতবোৰ।লোহিত চন্দ্ৰ ডেকাদেৱে ৰাজেন গোহাঁইদেৱৰ ব্যক্তিত্ব আৰু গীতৰ বিষয়ে কৈছে…..
“তেওঁৰ গানবোৰ, তেওঁ নিজে গোৱা গানবোৰ — ‘বৰষা তুমি আহা …’ বুলি ক’লে যেন আমি ৰাজেন গোহাঁই মানুহজনক চিনি পাওঁ।মানুহজন যেন আমাৰ সন্মুখত থিয় হৈ যায়…..তেনেকুৱা যেন লাগে।সেই কোমল মনৰ মানুহজনে সেই গানবোৰত তেওঁ নিজকে যেন প্ৰস্ফুটিত কৰিবলৈ চেষ্টা কৰে মোৰ তেনেকুৱা লাগে।”
ৰাজেন গোহাঁইদেৱে গোৱা গীতসমূহৰ ভিতৰত আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰত বাণীবদ্ধ কৰা হীৰেন গোহাঁইদেৱৰ কথাৰে চৈয়দ ছাদুল্লাদেৱে সুৰ কৰা এই গীতটি তেওঁৰ নিজৰে এটা অন্যতম প্ৰিয় গীত…….
মোৰ কথা কিয় নুফুটিল সিদিনা
তুমি সমুখত দেখা দিয়া ক্ষণতে
কিয় পৰিচয় নিজতে থাকি গ’ল
আৰু থাকি গ’ল সাঁচ এটি মনতে……।
আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰত চাকৰি কৰি থাকোতে গোহাঁইদেৱে কলেজীয়া বন্ধু ছাদুল্লাদেৱক সহকৰ্মী হিচাপে পাইছিল আৰু তেওঁ গোৱা বেছিভাগ গীত আছিল ছাদুল্লাদেৱৰ।তাৰে দুটিমান জনপ্ৰিয় গীত হ’ল….
(১)
বেলি লহিয়ালে হাটো ভাঙিলে
ঘৰলৈ ব’ল বান্ধৈ ঘৰলৈ ব’ল
বেহানি সামৰি ঘৰলৈ ব’ল…..।
(২)
ঘূণে ধৰিবলৈ নিদিবি মনত
অ’ অসমীয়া
জগতে জানে, চিনি পাই তোক
জগতে জানে, চিনি পাই তোক…..।
(৩)
তুমি আৰু মই ওমলা
সেউজী পথাৰখনি
আজিও মনত পৰে
দিনবোৰ আমাৰ কলেজৰ……..।
গোহাঁইদেৱৰ আন এজন বন্ধু হেমন্ত দত্তদেৱে ৰচনা কৰা আৰু ছাদুল্লাদেৱে সুৰ কৰা এটি গীতে তেওঁক জনপ্ৰিয়তাৰ শীৰ্ষলৈ লৈ গৈছিল । সেই বিশেষ গীতটি হ’ল……
অ’… অ’…
বৰষা তুমি আহা
জিৰ জিৰ আহানা
মৰহা এই ফুলনি
সেউজী কৰানা……।
এই গীতটিৰ বিষয়ে হীৰেন গোহাঁইদেৱে কৈছে…….
” ‘বৰষা তুমি আহাঁ…’ জনপ্ৰিয়তাৰ শীৰ্ষবিন্দুৰ গীত।
তেওঁ প্ৰাণভৰি গোৱা গীত আৰু গীতটোৰ প্ৰকাশৰ যি মাদকতা সেয়া অনস্বীকাৰ্য।”
আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰত চাকৰি কৰি থকাৰ সময়ত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আমন্ত্ৰণত সংগীত সংযোজক পাৰ্থপ্ৰতিম চৌধুৰীদেৱৰ প্ৰযোজনাত চবীন মেধীদেৱৰ এই গীতটিত কণ্ঠদান কৰিছিল……
পোৱা নোপোৱাৰ মিঠা দোমোজাত
তোমাকেই বিচাৰি খালোঁ হাবাথুৰি
পোৱা নোপোৱাৰ মিঠা দোমোজাত…….।
গোহাঁইদেৱে কণ্ঠদান কৰা গীতিকাৰ চবীন মেধীদেৱে ৰচনা কৰা আন এটি উল্লেখযোগ্য গীত হ’ল…….
হাঁহিটি ছলেৰে
হাঁহিটি ছলেৰে
দিছা মাথোঁ অৱহেলা
দিছা মাথোঁ অৱহেলা
মন কাঢ়িবলৈ মন
মন কাঢ়িবলৈ
কৰিছা কত খেলা……।
আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰত চাকৰি কৰি থকা সময়ত গোহাঁইদেৱ আৰু ছাদুল্লাদেৱ প্ৰায়ে ওচৰৰ বজাৰ এখনলৈ মাছ কিনিবলৈ যায়।সেই বজাৰখনত গাঁৱৰপৰা মাছ বেচিবলৈ অহা মানুহ এজনৰ লগত তেওঁলোকৰ চিনাকি হ’ল।লাহে লাহে ঘনিষ্ঠতা বাঢ়িল।মাছ ডাকত লৈ বজাৰত বেচিবলৈ অহা মানুহজনে নিজৰ দুখৰ কাহিনী তেওঁলোকক শুনায়।সেই কাহিনী শুনি ছাদুল্লাদেৱে এটি গীত লিখি সুৰ কৰিলে।আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ ‘গীতৰ শৰাই’ অনুষ্ঠানত ৰাজেন গোহাঁইদেৱে গীতটোত কণ্ঠদান কৰি শ্ৰোতাৰ মৰম বুটলিলে…….
অ’ তাৰ জালো নাই বিলো নাই
ডাকত কিনে মাছ
ডাকত কিনি হাটত বেচে
মাছ মাছ মাছ
এই সৰু সৰু মাছ
জীয়া জীয়া মাছ……।
হীৰেন গোহাঁইদেৱে ৰচনা কৰা আৰু চৈয়দ ছাদুল্লাদেৱে সুৰ কৰা গোহাঁইদেৱৰ কণ্ঠৰ আন এটি
জনপ্ৰিয় গীত হ’ল……
সমাধিত মোৰ জানো
ৰোৱাহি তুমি আহি
এজুপি বকুল ফুল
ফুলৰ সুবাসে তাত
ভৰাব সময়বোৰ
সমাধিত পৰি মোৰ……।
গোহাঁইদেৱে কণ্ঠ নিগৰোৱা হীৰেন গোহাঁইদেৱৰ আন এটি জনপ্ৰিয় গীত হ’ল……..
ইমান মৰম তুমি মোক কিয় দিলা
ইমান সপোন দুচকুত সানি দিলা
ইমান মৰম তুমি মোক কিয় দিলা… ।
‘বাৰিষাৰ ৰাতি তোমাৰ কবিক মনত পৰেনে অৰুন্ধতী’
কবি নৱকান্ত বৰুৱাদেৱৰ এটি অত্যন্ত জনপ্ৰিয় ৰোমাণ্টিক আৰু বিষাদসিক্ত অসমীয়া প্ৰেমৰ কবিতা। । কাব্যৰসিকসকলৰ মাজত অতি জনপ্ৰিয় এই কবিতাটি গীতৰ ৰূপত ৰাজেন গোহাঁইদেৱৰ কণ্ঠত প্ৰাণ পাই উঠিছ।গীতটিক সুৰেৰে সজাইছিল চৈয়দ ছাদুল্লাদেৱে….
বাৰিষা ৰাতি তোমাৰ কবিক
মনত পৰেনে অৰুন্ধতী
সেমেকা পোহৰে পাহৰাই দিয়া
তোমাৰ খোপাৰ
আবেলি আবেলি গোন্ধ
মনত পৰেনে অৰুন্ধতী… ।
সেইদৰে গীতিকাৰ মলিন চন্দ্ৰ বৰাদেৱে ৰচনা কৰা আৰু ৰাজেন গোহাঁইদেৱে কণ্ঠদান কৰা এটি জনপ্ৰিয় গীত হ’ল……….
ক’ম বোলা সেই কথা
নক’লা লাজত
চকুৰ কাজল জ্বলে
অৰুণ আগত…..।
আকাশবাণী গুৱাহাটী আৰু ডিব্ৰুগড় কেন্দ্ৰৰ গায়ক হিচাবে, এজন সুৰকাৰ হিচাপে, আকাশবাণীৰ এজন সংগীত সংযোজক হিচাপে ৰাজেন গোহাঁইদেৱে অসমীয়া আধুনিক গীতক এক নতুন মাত্ৰাৰে সজালে।অসমীয়া আধুনিক গীতৰ এটি মৰ্য্যাদাপূৰ্ণ ধাৰা সৃষ্টি কৰা আৰু সেই ধাৰা ধৰি ৰখাৰ বাবে সদায় চেষ্টা অব্যাহত ৰখা ৰাজেন গোহাঁইদেৱ অসমীয়া আধুনিক গীতৰ ভৱিষ্যত সম্পৰ্কে কিছু পৰিমাণে যেন চিন্তিত।বিশেষকৈ বৰ্তমান সময়ত সৃষ্টি হোৱা বহু গীতৰ কথাই ভৱিষ্যতে অসমীয়া সংস্কৃতিৰ মান অৱনমিত কৰিব বুলি তেওঁৰ চিন্তা হয়। তেওঁ ভাবে শ্ৰোতাই সস্তীয়া সংগীতক প্ৰাধান্য নিদি গুৰু গম্ভীৰ গীতক প্ৰাধান্য দিলেহে অসমীয়া আধুনিক গীতৰ মান ধৰি ৰাখিব পৰা যাব । ৰাজেন গোহাঁইদেৱৰ দৰে সংগীতক অন্তৰেৰে ভাল পোৱা, নিজৰ ভাষা-সংস্কৃতিৰ গুৰুত্ব বুজি পোৱা শিল্পী আছে বাবেই আধুনিক অসমীয়া সংগীতৰ বিশেষ মৰ্যাদা অটুট আছে ।
সহায়ঃ
(১)
আকাশবাণী গুৱাহাটীৰ এফ এম মহাবাহু আৰু
প্ৰাগজ্যোতিষপুৰ:
An initiative of Rajen Gohain, singer, composer ( Part – I and ll)
Interview and Production : Indrajit Das
Date of Broadcast : 14/06/26 and 21/06/26
Time : 10 AM
(২) ইউ টিউব ভিডিঅ’ —
RAJEN GOHAIN – THE RADIANCE IF MELODY : ডী ডী অসমৰ নিবেদন
(৩) লেখাটোৰ বাবে প্ৰয়োজনীয় তথ্য যোগান ধৰাৰ বাবে ৰাজেন গোহাঁইদেৱৰ ভাগিনী তিনিচুকীয়া উইমেন কলেজৰ গণিত বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা তথা মোৰ শিক্ষাগুৰু শ্ৰদ্ধাৰ সংগীতা গোহাঞিবৰুৱা বাইদেউক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।
*******
