সময়ৰ কথকতা-ববিতা শৰ্মা
প্ৰায় তিনি বিঘা মাটিৰ বাৰীখনক লৈ প্ৰকাণ্ড চৌহদটো।চৌহদটোৰ মাজতে আছে ওখ পকা ভেঁটিৰ কাঠৰ বাটাম দিয়া প্ৰকাণ্ড ঘৰটো।বাঁহৰ কামিৰ ওপৰত বিলাতী মাটিৰ প্ৰলেপ সানি মজবুতকৈ সজা বেৰবোৰত চূণ সানি দেখনিয়াৰ কৰি তোলা হৈছিল।বাটামত সনা হৈছিল ক’লা ইন্দ্ৰকূট। খিৰিকীবোৰ আহল-বহল।সন্মুখৰ কাঠৰ দুৱাৰখনত দুপাহ পদুম ফুল।এতিয়া অৱশ্যে যত্নৰ অভাৱত ঘৰটোৰ এফাল জহি-খহি গৈছে।আগফালে আৰু পাছফালে দুখন বেচ আহল-বহল চোতাল। পাছচোতালখন আগচোতালতকৈ তুলনামূলকভাৱে অলপ বেছি বহল।ঘৰটোৰ একাষে এটা ভঁৰাল। উৱলি যোৱা বেৰকেইখন আৰু খুটা চাৰিটাৰে সাক্ষী গোপাল ভঁৰালটোৰ আকাৰ-প্ৰকাৰ চায়ে এসময়ত যে বেচ বুজনেই আছিল তাক সহজেই অনুমান কৰিব ল’ব পাৰি। ভঁৰালৰ গাধৈত ওলমি আছে এটা ডাঙৰ বাঁহৰ জাপি। চাংখনৰ তলত তাঁতশালৰ কিছুমান সা-সৰঞ্জাম।দীঘল পদূলিটোৰে সোমাই অহা বাটটোত নাহৰৰ শাৰী।একাষে অযত্ন পালিত ফুলনিখনত সময়ৰ সাক্ষী হৈ কেইজোপামান ঘণ্টাকৰ্ণ,দুজোপা ৰক্ত জৱা আৰু এজোপা কৰবী এতিয়াও ফুলি আছে।পাছফালে বতৰৰ ফল-মূল উভৈনদী হৈ থকা বাৰীখন ।আম, কঁঠাল, লিচু, লেটেকু, পনিয়ল, জলফাই, আমলখি কি নাই বাৰীখনত। আগতে বৰ মিঠা বালিয়া বগৰী এজোপাও আছিল। মিঠা ৰহদৈজোপাৰ সৰহ ফাল ভাটৌৱেই খাইছিল। ঢাপলৈ বাঁহনি ডৰা।এতিয়া পিচে গোটেই বাৰীখনতে বনৰীয়া গছ-লতাই ছানি ধৰি গেজেপনি মৰা হাবি কৰিলে।এৰা-পৰলীয়া চৌহদটোৰ প্ৰায় আধাতকৈ বেছি অংশই এতিয়া উন্মুক্ত।কেতিয়াবা গাঁৱৰ দুই এটা অঘাইতং ল’ৰা ফল বিচাৰি উন্মুক্ত অংশেৰে বাৰীত সোমায়।বনৰীয়া লতাৰ হেঙাৰ পাৰ হৈ ফৰ্মুটি মাৰি আম পাৰে।গছত বগাই ডাঁহেচিয়া মধুৰীআম ছিঙি অহা বাটেৰে পুনৰ উভতি যায়।
চৌহদটোৰ বৰ্তমানৰ গৰাকী ৰমলা দেৱী।গৰাকী বুলি কোৱাতকৈ ৰখীয়া বুলি ক’লেহে বেছি খাপ খাব। চৌহদটোৰ এসময়ৰ গৰাকী আছিল তেওঁৰ শহুৰেক জনাৰ্দন ভট্টাচাৰ্যৰ ককাক ভৱ প্ৰসাদ ভট্টাচাৰ্য।তেওঁ আছিল ৰাজপুৰোহিত।সন্মান , মাটি-বাৰী, প্ৰতিপত্তি একোৰে অভাৱ নাছিল।ভট্টাচাৰ্যৰ ঘৰ বুলিলে সেই অঞ্চলটোতে নহয় সাতখন গাঁৱলৈকে মানুহে জানিছিল। পিছে এতিয়া সেই ৰামো নাই,অযোধ্যাও নাই।এসময়ৰ জয়জয় ময়ময় অৱস্থাৰ চৌহদটো অৱহেলা-অনাদৰত পৰি আজি জৰাজীৰ্ণ হ’ল আৰু এই জৰাজীৰ্ণ চৌহদটো বুকুত সাবটি আজি অত বছৰে ৰোৱাতে ৰৈ গ’ল জনাৰ্দন ভট্টাচাৰ্যৰ বৰ বোৱাৰী ৰমলা দেৱী।
সাজ লাগিবৰে হ’ল।দূৰৰ পাহাৰখনৰ সিপাৰে বেলিটোৱে লুকাবলৈ যোজা কৰিছে।ৰান্ধনী বেলিৰ ৰহণে গোটেই পৃথিৱীখন মোহনীয়া কৰি তুলিছে।চোতালত ৰৈ ৰমলা দেৱীয়ে ঘৰটোলৈকে চাই আছে। এসময়ৰ আভিজাত্যৰ সাক্ষী হৈ ঘৰটোৱে যেন নিজৰ অতীতৰ গৌৰৱ ধৰি ৰখাৰ বৃথা চেষ্টা কৰিছে।ঘৰটোৰ দৰে ৰমলা দেৱীয়ে নিজেও একে চেষ্টাকে কৰা নাই জানো! তেওঁ মনতে ভাবিলে।নামঘৰত ডবা কোবাইছে।ৰমলা দেৱীয়ে অভ্যাসবশতঃ হাত যোৰ কৰিলে। অৱশ্যে তেওঁ আজি-কালি পূজা-পাতল নকৰে। গোসাঁই ঘৰটোও নোখোলে। থাপনাখন ঘূণে ধৰিলে। চন্দ্ৰতাপ ধূলিত পোত গ’ল। ওপৰ খনত এলান্ধু বান্ধিলে। আজোককাকৰ দিনৰ শালগ্ৰাম ভাগ ডাঙৰটো দেওৰেকৰ মৃত্যুৰ পাছতে নিয়ম মানিব নোৱাৰি বংশৰে এজনক গতাই দিয়া হৈছিল। তেতিয়াৰে পৰা যেন ঘৰখনৰো ভেঁটি লৰিল।ঘৰখনত কোনো নোৰোৱা হ’ল।পৰিয়ালটো আথানী-আবানী হ’ল। ডাঙৰটো দেওৰেকৰ ল’ৰা নাছিল। তিনিজনী ছোৱালী। তিনিওজনীকে বিয়া দিয়া হৈছিল।তাৰ পাছৰজন দেওৰেকৰ এটাই ল’ৰা আছিল। আদবয়সতে সিও কাল হ’ল। সৰুজন দেওৰেকে পঢ়ি-শুনি চহৰত চাকৰি কৰিছিল। তাতে স্থায়ী হ’ল। ছোৱালী বিয়া দিলে। দুয়োটা ল’ৰা বিদেশত থাকে। এতিয়া মাক-দেউতাকো ল’ৰাৰ লগত। হওঁতে ৰমলা দেৱীৰ আৰু এজন দেওৰেক নথকা নহয়। অজাতি ছোৱালী অনাৰ অপৰাধত শহুৰেকে জুমুঠি জ্বলাই চৰু হাড়ী পেলাই মৰিল বুলি ঘোষণা কৰা দেওৰেকজন এতিয়া ক’ত আছে ৰমলা দেৱীয়ে নাজানে।
লাহে লাহে আন্ধাৰ নামি আহিছে। গপগপীয়া গৰম এটাই আমনি কৰিছে। ৰমলা দেৱীয়ে আকাশলৈ চালে। আকাশত ডাৱৰ উঠিছে। ৰাতিলৈ বৰষুণ আহিব পাৰে। ভিতৰলৈ সোমাই আহি ৰমলা দেৱীয়ে দুৱাৰখন মাৰি দিলে।চৰুৰ ঢাকোন দাঙি চালে।ভাত দুটামান আছে। চচপেনটোৰ পৰা গাখীৰ অলপ লৈ ভাতকেইটা সানি পাছফালৰ বাৰাণ্ডাত পেট পেলাই শুই থকা কুকুৰটোক দিলে। ক’ৰ পৰা আহি জানো চাপিল এইটো। ৰমলা দেৱীয়েও খেদি নপঠিয়ালে। মানুহে এৰা দিয়া ৰমলা দেৱীক সি আহি লগ দিছে, থাকক।এতিয়া সিয়েই তেওঁৰ সাহ। দুৱাৰখন জপাই তেওঁ বিছনাত পৰিল। আজি আৰু খাবলৈ মন যোৱা নাই।দিনত খোৱাখিনি ডিঙিতে লাগি থকা যেন লাগিছে। বুঢ়া পেট’সোনকালে হজমেই নহয়!
ৰমলা দেৱীৰ মাকৰ ঘৰ নেঘেৰিটিঙত। জনাৰ্দন ভট্টাচাৰ্য এবাৰ শিৱৰাত্ৰিৰ সময়ত সেইফালে মিতিৰ ফুৰিবলৈ যাওঁতে নেঘেৰিটিং দৌলৰ পুৰোহিত ৰমলাৰ বৰদেউতাক যাদৱ বৰঠাকুৰৰ ঘৰতো সোমাইছিল। তাতে পিতৃ-মাতৃহীন ৰমলাক দেখি নিজৰ বৰ পুতেক দামোদৰলৈ খোজা-বঢ়া কৰি থৈ আহে। তাৰ দুমাহৰ পাছতে ৰমলা দেৱী বোৱাৰী হৈ এইখন ঘৰলৈ আহে। জনাৰ্দন ভট্টাচাৰ্যৰ ল’ৰা-ছোৱালী এঘাৰটা।দামোদৰ প্ৰথমজনী ঘৈনীয়েকৰ ফালৰ।দামোদৰ জন্মৰ পাছতে মাউৰা হোৱাত জনাৰ্দন ভট্টাচাৰ্যই খুলশালীয়েকক বিয়া কৰাইছিল।বাকী দহটা খুলশালীয়েকৰ ফালৰ।চাৰিটা ল’ৰা আৰু ছজনী ছোৱালী। পিছে ৰমলা দেৱীয়েহে বিবাহিত জীৱনৰ সুখ সৰহদিন উপভোগ কৰিবলৈ নাপালে। বিয়াৰ ছমাহৰ পাছতে টাইফয়দ হৈ দামোদৰৰ মৃত্যু হ’ল।তেতিয়াৰ পৰাই ৰমলা দেৱীয়ে ভতিজা-ভাগিনীয়েকহঁতকে মোৰ বুলি লৈ ডাঙৰ কৰিলে। পিছে কি হ’ব চৰাই পোৱালি খুটি খাব পৰা হ’ল,বাহ এৰি উৰা মাৰিলে। ৰমলা দেৱীৰ মুখেদি হুমুনিয়াহ এটা সৰি পৰিল। বান্ধি ৰাখিব খুজিও তেওঁ আজি মনটোক বান্ধি ৰাখিব পৰা নাই। মনটো বাৰে বাৰে অতীতলৈ উৰা মাৰিছে।এসময়ত এই ঘৰখন মানুহেৰে দলদোপ-হেন্দোলদোপ হৈ আছিল।গজগজীয়া চাৰিটাকৈ ডেকা দেওৰেক।সিহঁতৰ লগৰ এজাক উদঙীয়া ডেকা।চাহ ভাত খোৱাৰ হিচাপ নাই। আগচোতালত ড্ৰাম এটাৰ ওপৰত কেৰমখন অনবৰতে সজাই থোৱাই থাকে।পাছ চোতালত ছজনীকৈ নন্দেকৰ লগৰীয়াবোৰ আহি বিয়নী মেল পাতে।ইজনীয়ে সিজনীৰ সন্মুখত বহি লৈ খোপা খুলি চুলিকোছা মেলি দিয়ে। লেখি, পিজলি, বিঢ়া, ওকণি মৰাৰ সমানে সমানে কথাৰ মহলা মাৰে।শাক খোৱা,ভাত খোৱা, কাপোৰত ফুল বচাৰ পৰা প্ৰেম-পীৰিতিলৈ বাৰেভচহু কথা।চাহ-তামোল দিবলৈ অহা ৰমলাই কথাবোৰ শুনি মুখ টিপি হাঁহে। দুজনীমানে জোৰ কৰি ৰমলাকো মেলত বহুৱাই লয়। শাহুৱেকৰ মাত শুনিলেই তেওঁ সাউত কৰে উঠি ভিতৰ পায়গৈ।তাঁত বাটি কৰাৰ সময়ত মেল আৰু জমে। চুবুৰীয়া দুই-এগৰাকী বয়সীয়াল মহিলাও আহি গোট খায়হি।তেওঁলোকৰ যৌৱনৰ দিনৰ কথাবোৰ কৈ বিয়নী মেল পকাই তোলে। কাক কেনেকৈ লুকাই-চুৰকৈ বিহুৱান দিছিল,কোনে কিমান হাত ডাঙৰ ফুল বাচিছিল ইত্যাদি ইত্যাদি।যেন নিজক জাহিৰ কৰা এক অঘোষিত প্ৰতিযোগিতাহে। কথাৰ মাজতে কোনোবাজনী উঠি গৈ বাৰীৰ বগৰী পাৰি আনি নিমখ-জলকীয়া দি কাঠৰ খুন্দনাটোত খুন্দি আনে।দেখিলেই জিভাৰ পানী পৰে। এনেকুৱা দিনবোৰত মুখৰ জুতি মাৰিবলৈ ৰমলা দেৱীয়েও পুৱাতে বাৰীত সোমাই কেঁচা আম, ৰহদৈ গোটাই ৰাখে।বিয়নী মেলৰ সময়ত উলিয়াই আনি কোনোবা এজনীৰ হাতত ধৰাই দিয়ে।তায়ে কাটি-কুটি সকলোকে কলপাতত ভাগ কৰি দিয়ে। আগবেলা ছোৱালীজাকৰ বিয়নী মেলখন দুপৰৰ ভাত খোৱা পৰলৈকে চলে। তাৰ পিছত সিহঁত ঘৰাঘৰি যায়গৈ।ভাত খোৱাৰ পাছত মুখত মুহুদিখন ভৰাই শাহুৱেকৰ বয়সৰবোৰ আহে। শাহুৱেকে যঁতৰত সূতা কাটি থাকে। এইখন বিয়নী মেলত গোসাঁই নামৰ চৰ্চাৰ পৰা বোৱাৰীৰ দোষ-গুণ খোঁচৰালৈ,বিয়া-বাৰু ঠিক হোৱাৰে পৰা নৰিয়া পৰালৈ কাৰ ঘৰত কি হৈ আছে সকলো বাতৰি পোৱা যায়। বিশেষকৈ আৰ-তাৰ ঘৰৰ খবৰ গোটাই ফুৰা গাঁৱৰ মানুহে গেজেট বুলি কোৱা জেতুকী বুঢ়ী আহিলে কথাবোৰ ৰসাল হৈ পৰে। পৰচৰ্চাই পাৰ ভাঙি গ’লে শাহুৱেকে বেলি পৰিবৰে হ’ল,শাক-পাতৰ যোগাৰ কৰোঁগৈ বুলি লাহে কৈ উঠি আহিলেহে মেল ভাগে। ৰমলাই মানুহকেইগৰাকীয়ে বহি এৰি যোৱা ডুখৰীয়া পীৰা কেইখন সামৰি আনে।তেতিয়ালৈ পৰৰ ৰটনা কৰিবলৈ মোৰ চোতালখনহে বাচি লয়হি বুলি ভিতৰত শাহুৱেকৰ বকনি আৰম্ভ হয় মাজে-সময়ে সুযোগ-সুবিধা বুজি দুই-এজনী বোৱাৰী ৰমলাৰ ওচৰলৈ আহে। সিহঁতেও কথা পাতে। কিন্তু মেল দীঘলীয়া নহয়। মাকৰ ঘৰলৈ যাবলৈ নোপোৱাৰ ক্ষোভ, শাহুৱেক-নন্দেকে কেটেৰাই মতাৰ ক্ষোভবোৰ লুকুৱাই আনি ৰমলাৰ আগত উজাৰি চকুপানী টোকে।তাই মৌন হৈ থাকে। মানুহৰ ওপৰত তাইৰ ক্ষোভ নাই, আছে ভগৱানৰ ওপৰত। কাৰ আগত উজাৰিব!
লাহে লাহে সময়বোৰ বাগৰিল। নন্দেক কেইজনীক অগাপিচাকৈ একোঘৰলৈ উলিয়াই দিয়া হ’ল।তিনি ঘৰৰ তিনিজনী ছোৱালী এইখন ঘৰলৈ বোৱাৰী হৈ আহিল। ভাগিন-ভতিজাৰে ঘৰ ভৰিল। লগে লগে ৰমলা দেৱীৰ ব্যস্ততা বাঢ়িল। এদিন শাহুৱেক-শহুৰেক অতীত হৈ পৰিল।এদিন-দুদিনকৈ ৰমলা দেৱীক বেঢ়ি থকা সম্পৰ্কবোৰো দূৰলৈ আঁতৰি গ’ল। সমান্তৰালকৈ বিয়নী মেল, ঘৰখনৰ ঐতিহ্য, মানুহৰ মাজৰ সম্পৰ্ক সকলো কথাই যেন অতীত হৈ পৰিল। মাত্ৰ উৱলি যোৱা ঘৰটো, বাৰীৰ গছবোৰ, চৌহদটোক লৈ ৰমলা দেৱী বৰ্তমান হৈ থাকিল আৰু লগত থাকিল এসময়ৰ বাঙ্ময় অতীতৰ স্মৃতি হৈ আগফাল আৰু পাছফালৰ চোতাল দুখন।
ৰমলা দেৱী কাহানিও ধনৰ দুখীয়া হোৱা নাই, তেওঁ আজীৱন জনৰ দুখীয়াহে। পৰিৱৰ্তন বোলা ৰাক্ষসীজনীয়ে সন্তৰ্পণে সকলোকে গিলি আহিলে।ৰমলা দেৱী নামৰ তেজ-মঙহৰ মানুহজনীৰ কথা কোনেও মনত নাৰাখিলে। পূৰ্বপুৰুষৰ শৌয্য-বীৰ্যৰ প্ৰতীক ঘৰটো আৰু এৰা-পৰলীয়া বাৰীখনৰ ৰখীয়া হৈ ৰমলা দেৱী অতীতটো খামুচি ধৰি বৰ্তমানত ৰৈ গ’ল, ৰৈ আছে।ভৱিষ্যতৰ কথা তেওঁ চিন্তাই নকৰে। নিসংগতাই গিলি অনা মানুহজনীয়ে এতিয়াও চোতালখন সাৰি-মচি ৰাখে।মনেৰে কামনা কৰে অতীতটো উভতি আহক!এতিয়াও আগৰ দৰে বিয়নী মেলেৰে তেওঁৰ নিৰ্জন দুপৰবোৰ মুখৰ হওক! অলীক কল্পনাবোৰ যে কেতিয়াও সঁচা নহয় তাকো তেওঁ বুজি পায়। তথাপি আশা কৰে। দীঘল নিশাবোৰত দুচকু মেলি মেলিয়েই তেওঁ সপোন দেখে পাছচোতালত বিয়নীমেল বহিছে। সৰুজনী নন্দেকে কলপাতত কেঁচা আম কাটিছে। মুখত এমোকোৰা তামোল পকটিয়াই পকটিয়াই সেইজনী জেতুকী সোমাই আহিছে …. ।
*******

11:56 AM
বৰ সুন্দৰ, গাঁৱৰ পৰিৱেশক লৈ লিখা গল্প।