সম্পাদকীয়-সমীৰ কাশ্যপ বৰা

দুৰ্যোগ কেতিয়াও সময় আৰু পৰিস্থিতি চাই নাহে, ই আকস্মিকভাৱেই আহি ইমানেই ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰে, যাৰ সৈতে যুঁজা কঠিন হৈ পৰে। কোৱা হয় প্ৰকৃতিৰ ওপৰত কোনো নাই। প্ৰকৃতিয়ে যেনেকৈ সৃষ্টিত সমল যোগায়, ঠিক তেনেকৈ ধ্বংসও কৰিব পাৰে। যাক প্ৰতিৰোধ কৰা মানুহৰ বাবে অসম্ভৱ। সময়ে সময়ে প্ৰকৃতিৰ কিছুমান কাৰ্য কলাপে মানুহ, প্ৰকৃতি আৰু জীৱকুলৰ ওপৰত যি প্ৰভাৱ পেলাই যায়, তাক স্বীকাৰ কৰি লোৱাৰ বাহিৰে অন্য কোনো উপায় নাথাকে। সেয়া লাগিলে ইতিবাচকেই হওক বা নেতিবাচক। প্ৰকৃতিৰ সকলো সৌন্দৰ্যৰ আঁৰতো কোনো এক সময়ৰ প্ৰাকৃতিক বিভীষিকাৰ ধ্বংসযজ্ঞও জড়িত হৈ আছে। কোনো সময়ৰ প্ৰবল ভূমিকম্প আৰু ভূমিস্খলনৰ দৰে প্ৰকৃতিৰ যি ধ্বংসযজ্ঞ আৰম্ভ হয়, তাৰ ফলশ্ৰুতিতেই সৃষ্টি হয় পৰ্বত, পাহাৰ, সাগৰ, নদী, খাল-বিল আদি। কিন্তু প্ৰকৃতিৰ এই সকলো সৌন্দৰ্যৰ আঁৰৰ ধ্বংসযজ্ঞৰ যি প্ৰভাৱ, সেয়া মানুহ আৰু জীৱকুলৰ বাবে সেই সময়বোৰত অতি অসহনীয় আৰু অপূৰণীয় ক্ষতি আছিল। যাৰ বাবে মানুহ আৰু সমূহ জীৱকুলৰ জীৱন সম্পূৰ্ণ বিপন্ন হৈ পৰিছিল। ঠিক তেনেকৈ সাগৰীয় ছুনামি, বানপানী, প্ৰবল বৃষ্টিপাত, বতাহ-ধুমুহাৰ কথাও উল্লেখ কৰিব পাৰি। সেই দুৰ্যোগৰ সময়বোৰত হয়তো কিমানৰ জীৱন শেষ হৈ গৈছিল, তাৰ কোনো হিচাপ নাই । কিমানে হয়তো মৃত্যুৰ সৈতে যুঁজি যুঁজি অৱশেষত শেষ নিশ্বাস এৰিছিল, তাৰো ঠিকনা নাই। কঠিন সংগ্ৰামত জীয়াই থকা সকলোবোৰেই কত দুৰ্বিসহ পৰিস্থিতিৰ হয়তো সন্মুখীন হৈছিল সেয়া নিশ্চিতভাৱেই অবৰ্ণনীয় আছিল।
ইয়াৰ পৰিপ্ৰেক্ষিতত মানুহ, প্ৰকৃতি আৰু জীৱকুলৰ ওপৰত, এখন ঠাইৰ শিক্ষা, সংস্কৃতি, সভ্যতা, উন্নয়ন আৰু আৰ্থিক ক্ষেত্ৰত বহুতো বিৰূপ প্ৰভাৱ পেলায়।যাৰ বাবে এখন ঠাই বহু সময় ধৰি পিচ পৰি ৰ’ব লগা হয়। মানুহে বিভিন্ন সময়ত প্ৰকৃতিৰ ওপৰত যি ধ্বংসযজ্ঞ চলাই আহিছে তাৰ প্ৰভাৱত ভৱিষ্যতে মানৱ সমাজ, প্ৰকৃতি আৰু জীৱকুলৰ বিস্তৰ ক্ষতিৰ বাদে কোনো গত্যন্তৰ নাই। ইয়াৰ বাবে প্ৰকৃতিৰ ওপৰত পৰা সকলো কু-প্ৰভাৱৰ পৰিণতি কেৱল ভৱিষ্যত প্ৰজন্ম আৰু জীৱকুলেই ভুগিব লাগিব। অৱশ্যে সময়ে সময়ে যি কিছুমান দুৰ্যোগ আৰু প্ৰবল মহামাৰীৰ সন্মুখীন হয় তাৰ অন্তৰালত কেৱল প্ৰকৃতিয়েই থাকে।
শেহতীয়াকৈ উজনি অসমৰ যোৰহাট, শিৱসাগৰ, সোণাৰি, নাজিৰাৰ ঠাইসমূহত হঠাতে নামি অহা বানৰ বিভীষিকাই যি ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিলে, সেয়া ওপৰত উল্লেখ কৰা অতীতৰ সেই পৰিস্থিতিবোৰৰেই যেন পুনৰাবৃত্তি এয়া। সেই সময়ৰ সকলো মানুহ আৰু জীৱ-জন্তুৰ যি হাহাকাৰ পৰিস্থিতি, আজি সেই একেই অসহনীয় হাহাকাৰ,সেই একেই বিপন্ন জীৱন। বানপানীৰ সমস্যা অসমৰ বাবে নতুন নহয়ক। অতীতৰেপৰা অসমৰ মাজুলীকে ধৰি ধেমাজী, লখিমপুৰ আদি বিভিন্ন ঠাইত ভয়াৱহ বানপানীয়ে মানুহক জীয়াতু ভোগাই আহিছে। ব্ৰহ্মপুত্ৰত বাঢ়ি অহা পানীৰ বিপদ সীমা ৰেখা যেতিয়া পাৰ হয়, চাৰিওফালৰ অন্যবোৰ ঠাইৰ পৰা বিচ্ছিন্ন কৰি ৰখা মাজুলী বলীয়া বানত সম্পূৰ্ণকৈ সংযোগ বিচ্ছিন্ন হৈ পৰে, ঠিক তেনেকৈ যাতায়ত আৰু যোগাযোগৰ ধেমাজি, লখিমপুৰ বিচ্ছিন্ন হৈ পৰে।সংহাৰী বানে বছৰৰ খেতি চকুৰ আগতে ধ্বংস কৰে, কৃষিৰ একমাত্ৰ সম্বল গৰুহালো উটি যায়, উটি যায় পোহনীয়া জীৱ-জন্তু। নিৰাপদ ঠাই বিচাৰি মানুহৰ মাজত হাহাকাৰৰ সৃষ্টি হয়, ঘৰবোৰ পানীত জহি-খহি যায়। এপদ এপদ কৰি গঢ়া ঘৰৰ সামগ্ৰীবোৰ চকুৰ আগতেই শেষ হয়। এসাঁজ খাই অনাহাৰে জীৱন সংগ্ৰামত যুঁজি ফুৰা অভিভাৱকৰ নিজৰ সন্তানক শিক্ষাৰ বাবে এটি মানসিক পৰিৱেশ দিব পৰাকৈ শকতি আৰু সামৰ্থ্যই বা থাকে ক’ত! সেই সংগ্ৰামত কিমানৰ শিক্ষা আধাতেই ৰৈ যায়! কত শিশুক শ্ৰমিক কৰি তুলিবলৈ অসহায় মাক-দেউতাক বাধ্য হয়। এইয়া এক অবৰ্ণনীয় পৰিস্থিতি। ব্ৰহ্মপুত্ৰৰ সংহাৰী বানত আলি ভাঙি প্ৰচণ্ড জোৰেৰে সোমাই অহা পানীৰ ঢলে মানুহৰ অবিৰত জীৱন বিভীষিকাময় কৰি তোলে। হঠাৎ নিৰীহ মানুহৰ জীৱন স্থবিৰ হৈ কষ্টকৰ কৰি তোলে। কেৱল হাহাকাৰ, কেৱল অসহায়, চাৰিওফালে কেৱল কান্দোন। সাগৰ সদৃশ ব্ৰহ্মপুত্ৰক বাৰিষাই ভয়ংকৰ কৰি তোলে, কালমূৰ্তি ধৰি সংহাৰী ৰূপত মানুহৰ জীৱনলৈ অমানিশা কঢ়িয়াই আনে। পথাৰবোৰ পানী, বালি আৰু মেটেকাৰে উপচি পৰাৰ ফলত কেইবা বছৰ ধৰি সেই মাটিবোৰ কৃষিৰ অনুপযুক্ত হৈ পৰে। বানে মৰা খেতিৰ উকা পথাৰবোৰে মানুহৰ জীৱন সংগ্ৰাম আৰু জটিল কৰি তোলে। কাৰোবাক ভিক্ষাৰী কৰি তোলে। এই নিৰীহ মানুহ বোৰৰ সমস্যা সমাধানৰ নামত বছৰ বছৰ ধৰি ৰাজনীতি হয়। সাধাৰণ ৰাইজৰ সমস্যা নেতাৰ জয় পৰাজয়ৰ অস্ত্ৰ। অথচ এই মানুহবোৰে কি পায়! কাৰোৰে সহায়ৰ মুখ নেদেখা এই মানুহবোৰে কেইবা মাহৰ মূৰত পায় চৰকাৰৰ কেইটামান চাউল দাইলৰ সাহায্য। তথাপি মানুহবোৰ সাহসী, জীৱনত যুঁজি যুঁজি হাৰ নমনা মানুহবোৰৰ অন্তৰ শুকাই গ’লেও মুখৰ হাঁহিবোৰ হেৰাই নাযায়। ইমানৰ পাছতো যুঁজি বিচাৰি লয় স্বাৱলম্বিতাৰ পথ, আনৰ বাবে সৰ্বস্ব দিব পৰা এই মানুহবোৰৰ মনবোৰ চহকী, হৃদয়বোৰ বিশাল। সাংস্কৃতিকভাৱে আগবঢ়া এই মানুহবোৰ সংস্কৃতি ধৰি ৰখাত একেবাৰেই আগৰণুৱা। যাৰ বাবে গুৰু দুজনাৰ শংকৰী কলা-কৃষ্টিৰ মাজুলী চিৰ-ধ্বজা বাহক। যাৰ বাবে বিশ্বৰ বুকুত খোদিত এক পৰিচয়-মাজুলী। বান অহাৰ আগতেই গাঁৱৰ বছেৰেকীয়া সবাহ ভাওনা ভাগি কৰি আজৰি হোৱা এই মানুহবোৰে বানৰ শেষত ভাদ মাহত গুৰু দুজনাই দি যোৱা হৰি নামেৰে প্ৰতিটো নামঘৰত ঈশ্বৰ ভক্তিত বিলীন হয়। মুখৰিত হৈ পৰে সত্ৰ নামঘৰ ডবা কাঁহ, হৰি নামৰ ধ্বনিত। কৃষ্ণ জন্মাষ্টমী, শংকৰ উৎসৱ-ভাওনাৰ পাছতেই আৰম্ভ হয় মাজুলীৰ প্ৰাণতকৈয়ো আপোন ৰাস মহোৎসৱৰ, যি পৰম্পৰা অসমত প্ৰথম আৰম্ভ কৰিছিল মাজুলীৰ দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী হৰিদেৱ গোস্বামী দেৱে। অথচ জীৱনক সততাৰে জিনিব বিচৰা এই মানুহবোৰে জীৱনত হেৰুওৱা নাই কি! পৃথিৱীৰ বৃহত্তম নদী দ্বীপ মাজুলীৰ পূৰ্বৰ আৰু এতিয়াৰ মাটিকালিৰ আকাশ-পাতাল প্ৰভেদ। কত গাঁও, কত ঘৰ নদীৰ বুকুত জাহ গ’ল, আপোন মানুহক চকুৰ আগতেই উটুৱাই লৈ যোৱা কত কাহিনী মানুহবোৰে বুকুতেই সামৰি ৰাখে, বুজিবলৈ বা শুনিবলৈ আছেই বা কোন! চপৰা চপৰ কৈ নদীৰ গৰা খহি এতিয়াৰ মাজুলী অস্তিত্বৰ সংকটত। লাহে লাহে এনেকৈ এদিন শেষ হৈ যাব মাজুলী। শংকৰী সংস্কৃতিৰ পীঠ স্থান, সত্ৰীয়া সংস্কৃতিৰ প্ৰাণ কেন্দ্ৰ যাৰ পৰিচয়ে দেশ-বিদেশ জুৰি অসমক উজলাই ৰাখিছে, সেই মাজুলী হয়তো এদিন ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যাব।
কিন্তু উজনি অসমৰ যোৰহাট, শিৱসাগৰ, নাজিৰা, সোণাৰিৰ প্ৰলয়ংকাৰী বান, সেয়া এক মহাপ্ৰলয়। নাগালেণ্ডৰ মন জিলাৰ পাহাৰ ভাঙি প্ৰচণ্ড বেগত নামি অহা সাগৰীয় ছুনামি সদৃশ আকস্মিক বানে খন্তেকতে যি মহাপ্ৰলয়ৰ সৃষ্টি কৰিলে, সেই পৰিস্থিতি ভয়ংকৰ। সেয়া আমাৰ সকলোৰে বাবে অসহনীয়।
নাগালেণ্ডৰ মন জিলাৰ পাহাৰত হোৱা প্ৰবল নেৰানেপেৰা বৰষুণে পাহাৰ ভাঙি আহি উজনি অসমৰ সীমান্তৱৰ্তী আৰু দাঁতি কাষৰীয়া ঠাইসমূহ যেনে সোণাৰি, চৰাইদেউ, নাজিৰা, শিৱসাগৰ, যোৰহাটৰ ঠাইবোৰৰ যি দুৰ্বিসহ পৰিস্থিতিৰ সৃষ্টি কৰিলে এয়া কেৱল দুৰ্যোগেই নহয়, মহাপ্ৰলয় এয়া । ১৯ জুলাইৰ সেই কাল সন্ধিয়াটোৱে স্বৰ্গদেউৰ বাকৰিলৈ অমানিশা কঢ়িয়াই আনিলে। ছশ বছৰীয়া আহোম সাম্ৰাজ্যৰ ভেঁটি অবৰ্ণনীয় কৰি তুলিলে। কোনোদিনে কল্পনা কৰিব নোৱাৰা এক জীয়া সত্য এয়া । কোনোদিন বানপানীৰ সৈতে যুঁজি নোপোৱা, কোনোদিন বানৰ বাবে সাজু নথকা মানুহবোৰৰ জীৱন পলকতে আথানী-আবানী কৰি তুলিলে। কাৰোৰে বাবে জ্ঞাত নাছিল সেই আকস্মিক ঢল ক’ৰ পৰা আহিল। সময় বা পালে ক’ত , কিমানজনে! সাজু হোৱাৰ আগতেই সকলো চোন উটুৱাই নিলে। সুৰক্ষা দিবলৈ একোৱেই নাথাকিলে। আপোন মানুহবোৰ ক’ত উটি গ’ল, ক’ত নোহোৱা হ’ল, কাৰোৰে ওচৰত খবৰ নাই। চাৰিওফালে কেৱল পানীয়েই পানী, কোবাল সোঁতৰ ধাৰ। কোনোবা উটি গৈ কোনোবা গছত থিতাপি লৈ ওৰে নিশা পাৰ কৰিলে, কোনোবাই কাৰোবাৰ ঘৰৰ চাদত আশ্ৰয় লৈ আপোন মানুহৰ অপেক্ষাত পাৰ হ’ল। পাছদিনালৈ আপোন মানুহবোৰৰ কাৰোবাৰ সুংসূত্ৰ ওলাল যদিও, কাৰোবাৰ আজি পৰ্যন্ত নোলোৱাকৈ থাকি গ’ল। কাৰোবাৰ জীৱন সন্মুখতে শেষ হৈ গ’ল, ঘৰৰ মূল, মুৰব্বী জনক হেৰুৱাই আথানী-আবানী হৈ পৰিল সাধাৰণ ভাৱে জীৱন নিৰ্বাহ কৰা বহুতো পৰিয়াল।
পলকতে ঘৰবোৰ, গাঁওবোৰ, ভঁৰাল সকলোবোৰ বস্তু পানীত ডুব গ’ল। এপদ এপদ কৈ গোটোৱা সকলো সামগ্ৰী চকুৰ আগতে নষ্ট হৈ পৰিল, উটি গ’ল সকলো। চকুৰ আগত শেষহৈ গ’ল আপোনৰ জীৱন, শেষ হৈ গ’ল ঘৰৰ পোহনীয়া জীৱবোৰৰ জীৱন। আশ্ৰয় হ’ল কোনোবা এটি শিবিৰ অথবা পথ। ইমানবোৰ মানুহে জীয়া যাতনাৰ উৎস এই ঢলৰ কাৰণ কি? যাক অসম চৰকাৰে নাগালেণ্ড মন আৰু লংলেং জিলাৰ পাহাৰত হোৱা ডাৱৰ বিস্ফোৰণৰ ফলশ্ৰুতি বুলি ঘোষণা কৰিলে, একেটা কথাকেই নাগালেণ্ড চৰকাৰে ডাৱৰ বিস্ফোৰণৰ ফলশ্ৰুতি নহয় বুলি প্ৰমাণেৰে ঘোষণা কৰাৰ পাছত ইয়াৰ নিৰ্দিষ্ট কাৰণ কি হ’ব পাৰে! এয়া যদি ডাৱৰ বিস্ফোৰণৰ ফলশ্ৰুতিত হোৱা দুৰ্যোগ নহয়, তেন্তে কেনেদৰে আহিল এই প্ৰাকৃতিক দুৰ্যোগ! কি হ’ব পাৰে ইয়াৰ সুস্পষ্ট কাৰণ। নদীবান্ধ, পাহাৰত অবৈধ শিল আৰু কয়লা খনন, পাহাৰৰ বনাঞ্চল ধ্বংস,মথাউৰি নিৰ্মাণত দুৰ্নীতি। যদি এয়াই কাৰণ হয়, তেন্তে এই দুৰ্যোগ জানো মানৱ সৃষ্ট নহয়! যদি এয়াই কাৰণ, ইয়াৰ জানো বছৰি পুনৰাবৃত্তি ন’হব! কাৰ ভুলৰ বাবে এই নিৰীহ জীৱনবোৰলৈ ইমান ডাঙৰ ধুমুহা আহিল, পাৰিব জানো এই নিৰীহ মানুহবোৰে বছৰি বছৰি জীয়াতু ভুগিবলৈ! পাৰিব জানো কাৰোবাৰ সাহায্যৰ আশাত বছৰ বছৰ ধৰি পাৰ কৰিবলৈ! থাকিব জানো সেই সাহায্যৰ হাতখন শক্তিশালী হৈ। অভাৱ, আৰ্থিক দৈন্যতাই মানুহৰ শিক্ষা, সংস্কৃতি, উন্নয়নত জানো বহু বছৰলৈ বিৰূপ প্ৰভাৱ নেপেলাব! আজিৰ ক্ষতি পূৰাবলৈকে এই মানুহবোৰক এটা দশক জানো নালাগিব! মুৰব্বী নোহোৱা ঘৰখনৰ দায়িত্ব ল’ব জানো কোনোবাই! তেনেকৈ মাতৃহীনা হোৱা অবুজ সন্তানৰ! যিবোৰ প্ৰশ্নৰ উত্তৰ হয়তো সন্তোষ জনক নহয়। চৰকাৰৰ ওচৰত ইয়াৰ উত্তৰ বিচাৰি আমিবোৰ সৰৱ হোৱাৰ সময় এয়া, সমাধানৰ পথ বিচাৰি জাগি উঠাৰ সময়, ন’হলে এদিন কোনো নিচান নাথাকিব উজনি অসমৰ, ঐতিহ্যমণ্ডিত স্বৰ্গদেউৰ বাকৰি।
দুখৰ মাজতো সুখৰ প্ৰাপ্তি এয়াই যে, উজনি অসমৰ এই বিপৰ্যয়ৰ সময়ত সমগ্ৰ অসমেই সহায়ৰ হাত উজানেৰে উঠি পৰি লাগিল। মানবীয়তাৰে থিয় দিলে বানপীড়িত ৰাইজৰ কাষত। শিল্পী, সাহিত্যিক, ইউট্যুবাৰ, কণ্টেণ্ট ক্ৰিয়েটৰ, দল- সংগঠক, উদ্যোগী লোককে ধৰি সাধাৰণ সকলো মানুহেই পীড়িতৰ বাবে সৰৱ হৈ উঠিল। এজন বিধায়ক পদবীৰ উৰ্দ্ধত এজন সাধাৰণ মানুহ, সেই কথা অখিল গগৈ ডাঙৰীয়া আৰু বদৰুদ্দীন আজমল ডাঙৰীয়াই বুজাই দিলে। এটা সংগঠন যে কেৱল সদায় মানুহৰ বাবেই বীৰ লাচিত সেনাৰ মুৰব্বী নেতা বিকাশ অসম ডাঙৰীয়া আৰু শৃংখল চলিহা ডাঙৰীয়াই বুজাই দিলে। চৰকাৰ প্ৰশাসনৰ কথা নাভাবি সকলোৱেই নিজৰ সামৰ্থ্যৰে আগবাঢ়ি আহিল। সঁচা অৰ্থত অসমখন এখন ঘৰ হৈ পৰিল, মানৱতা হ’ল সকলোৰে একমাত্ৰ ধৰ্ম।
অসমৰ সংবাদ মাধ্যম আৰু সকলো ইনফ্লুৱেঞ্চাৰে উজনি অসমৰ এই বান পৰিস্থিতি ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যাবলৈ তৎপৰ হৈ উঠিল। বলীউডৰ শিল্পী আৰু আন্তঃৰাষ্ট্ৰীয় ইনফ্লুৱেঞ্চাৰ বহুতো ওলাই আহিল। এই ক্ষেত্ৰত বলীউডৰ অভিনেত্ৰী ভূমি পেডনেকাৰৰ নাম বিশেষভাৱে উল্লেখনীয়। উজনি অসমৰ এই পৰিস্থিতিৰ বিপৰ্যয়ত মানৱতাৰ দেৱদূত বুলি পৰিচিত হুছেইন মনচুৰীৰ দৰে বিশ্ব সমাদৃত ইনফ্লুৱেঞ্চাৰ আৰু দেশৰ বিভিন্ন প্ৰান্তৰ জনপ্ৰিয় ইনফ্লুৱেঞ্চাৰ সকলৰ বৰ্ত্তমান অসমলৈ সহায়ৰ আগমণ আৰু কেৰী মিনতিৰ দৰে ইউট্যুবাৰৰ সহায়ৰ হাত এই বিপৰ্যয় পৰিস্থিতিত মানৱতাৰ ডাঙৰ ভূমিকা। চলমান খান, আলিয়া ভাট আদিকে ধৰি যি সকল আন্তঃৰাষ্ট্ৰীয় শিল্পীয়ে সহায় আৰু আনকো সহায়ৰ বাবে সচেতন কৰিলে, এই দুৰ্যোগত এইয়া সু খবৰ।
দুখৰ কথা যে উজনি অসমৰ এই বান পৰিস্থিতিত অসম চৰকাৰৰ যি ভূমিকা হ’ব লাগিছিল, সেয়া যেন যথেষ্ট ক্ষীণ আৰু নিৰাশজনক।কেন্দ্ৰীয় চৰকাৰখনো বিষয়টোৰ পৰা যথেষ্ট দূৰত। ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এই বিষয়টোৱে এতিয়াও চুব পৰা নাই। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত অসমৰ এই পৰিস্থিতি দেশ তথা বিভিন্ন প্ৰান্তৰ দৃষ্টি আকৰ্ষণ কৰি সাহসিকতাৰে উপস্থাপনৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় সংবাদ কৰ্মী অসমৰ প্ৰীতি প্ৰিয়দৰ্শিনীৰ পদক্ষেপ প্ৰসংশনীয়। ইয়াৰ বাহিৰে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত অসমৰ এই বিষয়টিয়ে যিদৰে প্ৰচাৰ পাব লাগিছিল, তেনেদৰে প্ৰচাৰ পোৱা নাই ।
এই অপূৰণীয় ক্ষতি কোনোকালে পূৰণ ন’হব যদিও, তথাপি বিচাৰোঁ এই নিৰীহ মানুহবোৰে আগৰ দৰে যেন মুখত এটি হাঁহি লৈ জীয়াই থাকিব পাৰে, নিজক ভাঙিও যুঁজিব পৰা এই মানুহবোৰৰ জীৱনবোৰ ঠন ধৰি উঠক। মোগলে সোতৰবাৰ যুঁজিও পৰাজিত কৰিব নোৱাৰা এই মানুহবোৰ চিৰ অপৰাজেয় হৈ থাকক। অক্ষুণ্ণ থাকক ঐতিহ্যময় মহিমামণ্ডিত স্বৰ্গদেউৰ বাকৰি। ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ, শিৱদৌল, জয়দৌল, জয়সাগৰ পুখুৰী, চৰাইদেউ মৈদাম আমাৰ ইতিহাস, আমাৰ ঐতিহ্য। ইয়াক কাহানিও শেষ হ’বলৈ আমি দিব নোৱাৰোঁ। আমি আশাবাদী অসমৰ এই পৰিস্থিতিক লৈ ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আৰু শক্তিশালী-সবল জনমত গঠন হওক, দৃষ্টিগোচৰ হওক দেশ-বিদেশৰ প্ৰান্তে প্ৰান্তে। ওলাই আহক বিভিন্ন প্ৰান্তৰ পৰা আৰ্তসকলৰ সহায়ৰ হেতু। ৰাজ্যিক আৰু কেন্দ্ৰীয় চৰকাৰৰ সহায়ৰ হাত সবল হওক। সুনিশ্চিতভাৱে সমাধান হওক এই নিৰীহ মানুহৰ জীৱনলৈ নামি অহা বিপৰ্যয়। কোনোকালে বানৰ বিপৰ্যয় আনিব নোৱাৰাকৈ সুৰক্ষিত হওক বানে নগৰকা এই ভূমি। তাৰ বাবে আমি মাৰ বান্ধি একগোট হোৱাৰ সময়, পুনৰাবৃত্তি নোহোৱা নিশ্চিত সমাধানৰ দাবীৰে আমাৰ সবল জনকণ্ঠৰ সময়। বৰ্তমান সময়ৰ যি তাৎক্ষণিকভাৱে সকলো খবৰ মানুহৰ মাজলৈ লৈ যাব পৰা সামাজিক আৰু সংবাদ মাধ্যমৰ শলাগ আমি লবই লাগিব। এই দুৰ্যোগৰ যি ভয়াবহ সঁচা ছবিখন সামাজিক আৰু সংবাদ মাধ্যমেই ৰাইজৰ মাজলৈ লৈ আনিলে, যাৰ বাবে এই মানুহখিনিৰ বিপৰ্যয়ৰ প্ৰকৃত কাৰণ উলিয়াই অনাৰ লগতে মানুহৰ ইমান খিনি সাহায্যৰ সম্ভৱপৰ কৰি তুলিলে। সামাজিক আৰু প্ৰচাৰ মাধ্যমৰ এয়াই যথোচিত ব্যৱহাৰ। প্ৰমাণ হৈ উঠিল মানবীয়তাৰ ছবি।

সম্পাদক,
শব্দচিত্ৰ- জীৱন জিজ্ঞাসা
পঞ্চম বৰ্ষ, তৃতীয় সংখ্যা
*******

8:47 PM
অতি সুন্দৰ বাস্তৱ বৰ্ণনা।
9:04 PM
ইমান ধুনীয়াকৈ লিখিছে বৰ ভাল লাগিল পঢ়ি ।