সাহিত্য জগতলৈ ছাত্ৰ সমাজৰ ভূমিকা-বৰষা ডেকা

সাহিত্য মানে কেৱল কাগজৰ ক’লা ক’লা আখৰৰ শাৰী নহয়। সাহিত্য মানে এটা জাতিৰ শ্বাস-প্ৰশ্বাস। যেতিয়া জাতিটোৱে কান্দে, তেতিয়া কোনোবা এজন কবিৰ কলমৰ পৰা চকুপানী বৈ আহে। যেতিয়া জাতিটোৱে সপোন দেখে, তেতিয়া কোনোবা এজন গল্পকাৰৰ কল্পনাত নতুন পৃথিৱী এখন গঢ় লৈ উঠে। আৰু এই নিশ্বাসক প্ৰতিটো পুৱাই নতুনকৈ তেজ দি জীয়াই ৰাখে কোনে? তেওঁলোকেই হ’ল আমাৰ ছাত্ৰ সমাজ। কাৰণ ছাত্ৰ জীৱনটোৱেই হ’ল সেই মধুৰ সময় য’ত মনত ভয় নাথাকে, কলমত বান্ধোন নাথাকে। যি অনুভৱ হয় তাকেই শব্দৰ ৰূপ দিবলৈ ইচ্ছা হয়। আৰু সেই শব্দবোৰেই পিছত গৈ এটা জাতিৰ ইতিহাস হৈ পৰে।

ভাবি চাওকচোন, বটগছৰ তলৰ সেই পুৰণি মন্দিৰটো বছৰৰ পিছত বছৰ কেনেকৈ জীয়াই আছে? শিল্পীয়ে ভেঁটি বান্ধি দিছিল সঁচা, কিন্তু প্ৰতিদিনে কোনোবা এজনে গৈ তাত চাকি জ্বলায়, ধূপ জ্বলায়, পানী ঢালে বাবেই শিলটো জীয়াই আছে নহয় জানো? আমাৰ অসমীয়া সাহিত্যও ঠিক তেনেকুৱাই। শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে ভক্তিৰ সোঁত বোৱাই ভেটি বান্ধিলে। তেওঁলোকৰ চাৰিওফালে থকা শিষ্য সকলেই আছিল তেতিয়াৰ সময়ৰ ছাত্ৰ। তেওঁলোকে গীত লিখিলে, ভক্তিৰ গীত ৰচিলে, ভাওনাৰ মাজেৰে ধৰ্ম আৰু সাহিত্যক গাঁৱে গাঁৱে প্ৰচাৰ কৰিলে। তাৰপিছত ঊনৈশ শতিকাত যেতিয়া ‘অৰুণোদয়’ৰ পোহৰ আহিল, তেতিয়া বিদেশৰ পৰা উভতি অহা অসমীয়া ছাত্ৰসকলেই সেই পোহৰক কাকতৰ পৃষ্ঠাত বন্দী কৰিলে। তেওঁলোকৰ কলমতেই নতুন শিক্ষা আৰু নতুন চিন্তাই ঠাই পালে।

তাৰ পিছত আহিল জোনাকী যুগ। ৰাতিৰ আকাশত জোনে যেনেকৈ পোহৰ বিলায় তেনেকৈ “জোনাকী” আলোচনীয়ে অসমীয়া সাহিত্যত নতুন পোহৰ বিলালে। আৰু এই পোহৰৰ কাণ্ডাৰী কোন আছিল?তেওঁলোকো  একোজন ছাত্ৰই আছিল। লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী – সকলো একো একোজন যুৱক আছিল। তেওঁলোকে হাঁহিৰে, ব্যঙ্গৰে, কবিতাৰে সমাজৰ ভুলবোৰ দেখুৱালে। বেজবৰুৱাই “কৃপাবৰ বৰুৱা”ৰ ছদ্মনামেৰে যি কেউচা মাৰিলে, সেই কেউচাৰ শব্দ আজিও আমাৰ কাণত বাজে। তেওঁলোকেই ক’লে – “আমাৰ ভাষা আছে, আমাৰ সাহিত্য আছে, গতিকে আমাৰ পৰিচয় আছে।”

সময় বৈ গ’ল। দেশত স্বাধীনতাৰ বতাহ বলিল। আৰু সেই বতাহত সাহিত্যও নতুন দিশে বৈ গ’ল। আৱাহন যুগৰ যুৱকসকলে ৰঘুনাথ চৌধাৰী, দণ্ডিনাথ কলিতাৰ নেতৃত্বত কলমক তৰোৱাল কৰি ল’লে। তেওঁলোকৰ কবিতাত দেশপ্ৰেমৰ জুই জ্বলিল। তাৰ পিছত আহিল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্যৰ যুগ। তেওঁ নিজেও এজন ছাত্ৰ আছিল। “ইয়াৰুইঙ্গম” লিখি তেওঁ যুদ্ধৰ বিভীষিকা দেখুৱালে। সৌৰভ কুমাৰ চলিহাই গল্পৰ মাজেৰে মানুহৰ মনৰ অন্ধকাৰ চিৰিলে। নৱকান্ত বৰুৱাই কবিতাত প্ৰেম আৰু প্ৰতিবাদ দুয়োটাকে একেলগে থাপিলে। 

আৰু আজি? আজি আমি ইন্দিৰা গোস্বামীৰ “চেনাবৰ সোঁত” পঢ়োঁ। এগৰাকী ছাত্ৰীয়ে যুদ্ধৰ মাজত মানৱতা বিচাৰে। আমি হোমেন বৰগোহাঞিৰ প্ৰবন্ধ পঢ়োঁ । তেওঁতো মহাবিদ্যালয়ৰ দেৱাল আলোচনীৰ পৰাই লিখা আৰম্ভ কৰিছিল। আমি নীলমণি ফুকনৰ কবিতাত নগৰৰ নিসঙ্গতা বিচাৰি পাওঁ। অৰুন্ধতী শৰ্মাৰ কবিতাত নাৰীৰ মনৰ কথা শুনো। এই সকলোৰে আৰম্ভণি আছিল যেন এখন সৰু কিতাপ। “ইন্দিৰা গোস্বামীৰ নায়িকাই ঠিক কাম কৰিছিল নে?” “নীলমণি ফুকনৰ ‘কবিতা’ত কিৰণে কি বুজায়?” এই প্ৰশ্নবোৰৰ পৰাই এজন পাঠকৰ জন্ম হয়। আৰু এই পাঠকৰ চকুৰ আগতেই এজন লেখক ডাঙৰ হয়।

ছাত্ৰই কেৱল লিখিয়েই নাথাকে। ছাত্ৰই সাহিত্যক মানুহৰ ঘৰে ঘৰে বিয়পিবলৈ দিয়ে। তিনিজন বন্ধুৱে মিলি এখন কবিতাৰ কিতাপ কিনে আৰু পাল পাতি পঢ়ে। কোনোবাই গল্প পঢ়ি তাৰ ৰিভিউ ইউটিউবত দিয়ে। বিদ্যালয়ৰ বাৰ্ষিক অনুষ্ঠানত “ভোগজৰা” নাটক মঞ্চস্থ হয়। হোষ্টেলৰ ৰাতি, চাহৰ দোকানৰ আড্ডা, বাছৰ দীঘলীয়া যাত্ৰা – সকলোতে সাহিত্যৰ কথা হয়। এইদৰে সাহিত্য লাইব্ৰেৰীৰ আলমাৰিৰপৰা ওলাই আহি জীৱনৰ লগত মিলি যায়। এই সেৱা কেৱল ছাত্ৰই কৰে।

আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ পবিত্ৰ কামটো হ’ল ভাষাক ৰক্ষা কৰা। আজি বিশ্বায়নৰ ধুমুহাত আমাৰ মাতৃভাষা কঁপিছে। ইংৰাজীৰ চাকচিক্যত আমাৰ নিজৰ মাত মৰহি যাবলৈ ধৰিছে। কিন্তু ঠিক তেনে সময়তে কোনোবা এজন ছাত্ৰই ফোনটো উলিয়াই অসমীয়া কবিতা আবৃত্তি কৰে। কোনোবা এজনীয়ে বিহুৰ দুটা শাৰী গাই ৰিল বনায়। কোনোবা এজনে গাঁৱৰ দেউতাকৰ পৰা শুনা লোককথা ব্ল’গত লিখি ৰাখে। এই সৰু সৰু প্ৰয়াসবোৰেই ভাষাৰ শিপাত পানী ঢালে। ভাষা নাথাকিলে সাহিত্য নাথাকে। সাহিত্য নাথাকিলে “জীয়া শিল”বোৰো আৰু কাৰোবাৰ স্মৃতি নহ’ব। সেয়া কেৱল এটা পৰিত্যক্ত শিল হৈ পৰি থাকিব।

নিশ্চয় আজিৰ দিনত প্ৰত্যাহ্বান আছে। ৩০ ছেকেণ্ডৰ ৰিল আৰু চুটি মনোযোগৰ যুগত ৩০০ পৃষ্ঠাৰ উপন্যাস পঢ়াটো কঠিন। কিন্তু মই জানো যে  যাৰ মনত সঁচা অনুভৱ আছে, সেই মনে নিজেই পথ বিচাৰি লয়। হয়তো কালিৰ ছাত্ৰই কাগজত কবিতা লিখিছিল, আজিৰ ছাত্ৰই পডকাষ্ট কৰে। হয়তো কালিৰ ছাত্ৰই দেৱাল আলোচনী উলিয়াইছিল, আজিৰ ছাত্ৰই ব্ল’গ লিখে। মাধ্যম সলনি হ’ব পাৰে, কিন্তু সৃষ্টিৰ ক্ষুধা কেতিয়াও নমৰে। কিয়নো অনুভৱৰ মৃত্যু নাই।

শেষত মই এয়াই ক’ব বিচাৰোঁ যে সাহিত্য এখন মহানদীৰ দৰে। শংকৰদেৱ আৰু মাধৱদেৱ সেই নদীৰ মূলসুঁতি। ‘জোনাকী’ আৰু ‘আৱাহন’ সেই নদীৰ দুটা ডাঙৰ বান। বেজবৰুৱা আৰু ভট্টাচাৰ্য্য সেই নদীৰ বুকুত বৈ যোৱা ডাঙৰ নাও। আৰু ছাত্ৰ সমাজ হ’ল সেই নদীত আহি পৰা অসংখ্য সৰু সৰু উপনৈ। উপনৈ নাথাকিলে নদী শুকাই যায়। নাও নাথাকিলে নদীৰ কোনো অৰ্থ নাথাকে।

গতিকে আমাৰ দায়িত্ব কি? আমাৰ দায়িত্ব হ’ল আমাৰ ঘৰৰ ছাত্ৰ-ছাত্ৰীৰ হাতত কিতাপ তুলি দিয়া। তেওঁলোকে ভুল কৰিলেও পিঠিত চাপৰ মাৰি দিয়া। তেওঁলোকক লিখিবলৈ সাহস দিয়া। কিয়নো আজি যিজনে বটগছৰ তলত বহি এটা পুৰণি শিলত পানী ঢালি “জীয়া শিল”ৰ কবিতা লিখিছে, কাইলৈ সেইজনেই হয়তো অসমীয়া সাহিত্যৰ আকাশত নতুন এটা তৰা হৈ জিলিকি উঠিব। আৰু সেই তৰাৰ পোহৰত আমাৰ ভাষা, আমাৰ সংস্কৃতি, আমাৰ পৰিচয়  সকলো চিৰকাললৈ জীয়াই থাকিব।

*******

Leave a Reply

Your email address will not be published. Required fields are marked *