ৰুগীয়া_প্ৰেম-অজান অনুভৱ বৰা
(এক)
“ফোনটো ধৰিবলৈ ইমান সময় লাগে?কাৰ লগত লাগি আছিলি?শেষ কৰি দিছ তই মোক”- সদায় কৰাৰ দৰে ৰিয়ানে আজিও তুলিকাৰ ওপৰত চিঞৰি উঠিছে ।তাই বুজাবলৈ চেষ্টা কৰি কৰি ভাগৰি পৰে, সদায়ে ৰিয়ানৰ অশ্ৰাব্য গালি-গালাজবোৰ কাণত বাজি থাকে ।
তথাপি তাই ৰিয়ানৰ কাষ চাপি যায়।তাক সাবটি ধৰে। মানসিক ৰোগ বিশেষজ্ঞা তুলিকাই ঠিকেই বুজে thantophobia ত আক্ৰান্ত ৰোগী এজনৰ বাবে এইখিনি মৰমৰ কিমান প্ৰয়োজন ।
(দুই)
“তই মোক বুকুত কেনেকৈ হাত দিব পাৰিলি?ইমান দিনৰ বন্ধুত্বৰ এয়া কি উপহাৰ দিলি? ….”
গালি পাৰি পাৰি জুতিকা আঁতৰি গৈছে পল্লৱৰ কাষৰ পৰা।
সি এতিয়াও বুজি পোৱা নাই, তাৰ ভুল ক’ত ? আজি দুইবছৰৰ ইমানখিনি মৰম ভালপোৱা কেৱল বন্ধুত্বৰ বাবেই আছিল!
“কি জান নে পল্লৱ? তই আচলতে বেমাৰী।You are suffering from Erotomania…।”
পল্লৱলৈ উভতি চাই কন্দনামুৱা হৈ তাই কৈ গ’ল।