অণুগল্প-চেবিনা বেগম

(১) স্বস্তি

উদযাপনৰ দহ হাজাৰটকীয়া পৰিকল্পনাবোৰৰ কথা মণিয়ে বাচন ধুই থাকোঁতে শুনিছিল।

সন্ধিয়া অত্যধিক ভাগৰুৱা হৈ ঘৰলৈ আহি তাই দেউতাকৰ ক’লা মুখখন ডাৱৰবিহীন জোন যেন দেখিলে। নুমাই যোৱা চৌকাখনৰ জুইকুৰা পুনৰ জ্বলাবলৈ চেষ্টা কৰি থকা মাকৰ ওচৰলৈ ঘটনাৰ উম ল’বলৈ যোৱাতহে তাই জানিবলৈ পালে যে দেউতাকৰ ওপৰৱালাজনে হেনো অৱশেষত তেওঁৰ কষ্টৰ মূল্যত পাঁচৰ পিছপিনে তিনিটা শূন্য যোগ কৰালে। এতিয়াৰ পৰা সিয়ে দুই পষেকৰ মূৰে মূৰে …….।

(২) মগনীয়া

  হেমাই অফিচৰপৰা অহা গিৰীয়েকক পানী গিলাচ দিবলৈ ধৰোঁতে মগনীয়া এজনে মাত লগালে—“

“বাইদেউ মোৰ ল’ৰাটোৰ চিকিৎসাৰ বাবে কিছু আৰ্থিক সাহাৰ্যৰ প্ৰয়োজন,যি পাৰে কিবা অকণমান সহায় কৰক।” 

লগে লগে হেমাই ভিতৰৰপৰাই ক’বলৈ ধৰিলে — 

“য়ে নাই দে এটকাও, আমাৰ নিজৰে খাবলৈ নোপোৱা অৱস্থা হৈছে ,দিনটোত হেজাৰজন আহিব,আমি হ’বলা এতিয়া তহঁতলৈ পইচা উলিয়াই থৈছোঁ।” 

নিৰূপায় হৈ যাবলৈ ওলোৱা মগনীয়াজনৰ হঠাতে চকুত পৰিল যে বাহিৰৰ বাৰাণ্ডাত মানুহঘৰৰ বিলাতী কুকুৰটোৱে তেতিয়াও মাংসৰ হাড় চেলেকি আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *