অণুগল্প-নাজিয়া হাচান
(১)অকথ্য
সহায়িকাগৰাকী আচৰিত হ’ল মালিকনীৰ কথাখিনি শুনি!―”অভাৱে স্বভাৱ নষ্ট কৰে। তই তোৰ পুতেৰক ইমান বিশ্বাসত নাৰাখিবি বুজিছ। অলপ চকু-কাণ দিবি পুতেৰৰ। কালি সিয়ে বিকিক বাৰ্থডে পাৰ্টিটোলৈ লৈ গৈছিল আৰু বিকিয়ে মানি বেগটো গাড়ীতে থৈছিল। তই আৰু কাইলৈৰ পৰা কাম কৰিবলৈ আহিব নালাগে মোৰ ঘৰত।”
দুবছৰৰ পিছত, বিকিৰ খবৰটো শুনি সহায়িকা গৰাকী সিমানেই আচৰিত হ’ল!―”মালিক বাইদেউৰ ল’ৰাটোনো কিহৰ অভাৱত বাৰু আজি জেলত..!”
(২)সমাজ
আঁঠুৰ বিষবোৰ লৈ গোটেই দিনৰ কামবোৰ সামৰা মানুহজনীৰ অৱস্থাটোক মানুহজনে নক’লেও বুজে।
সমাজে তিৰোতাসেৰুৱা উপাধি দিলেও; আজিৰপৰা ত্ৰিশ বছৰ আগত শিৰত সেন্দূৰখিনি দিওঁতে সমাজেই জানো তেওঁলোকক আশীৰ্বাদ দিয়া নাছিল?
(৩)বিশ্বাস
দৰবৰ দোকানৰ দোকানীজন ককায়েকৰ বন্ধু। তেওঁ যে তাইকো চিনি পায়, তাই গম পোৱা নাছিল।
পিছদিনা, ককায়েকে মাৰি ৰঙা কৰি থোৱা ভৰিৰ কলাফুল দুটাত মাকে উচুপি উচুপি ৰাতি তাইক মলম সানি দিলে।
হ’বলগীয়া বৌয়েকজনীয়ে তাইক আনিবলৈ দিয়া গৰ্ভপাতৰ ঔষধপালিৰ কথা ককায়েকৰ শপত দি কাকো নক’বলৈ কোৱাত,কথাটো তাই মাককো নকলে!
7:45 AM
গোটেইকেইটা ভাল লাগিল …. আগলৈ আৰু আশা কৰিলো
12:58 PM
বৰ সুন্দৰ তিনিওটা