চৌষষ্ঠি বিধ কলা-ইলি তালুকদাৰ
এসময়ত কৈশোৰ কালত শিষ্যসকলে অধ্যয়নৰ উদ্দেশ্যে গুৰুগৃহলৈ গৈছিল। তেতিয়া তেওঁলোকক গুৰুৱে ব্ৰহ্মচৰ্য্যৰ লগতে যিকোনো এটা কলা শিক্ষা দান কৰিছিল।
এই কলা মুঠতে চৌষষ্ঠিবিধ।কোৱা হয় যে এই কলাসমূহৰ যিকোনো এবিধৰ বিষয়ে জ্ঞান নাথাকিলেও গাৰ্হস্থ্য জীৱন সম্পূৰ্ণকৈ কোনেও ভোগ কৰিব নোৱাৰে। গতিকে এই কলাসমূহৰ অলপ অলপ শিক্ষা লাভ কৰা প্ৰতিগৰাকী ব্যক্তিৰে কৰ্তব্য।
এই চৌষষ্ঠি কলানো কি ? তলত এই চৌষষ্ঠি কলা চমুকৈ বৰ্ণনা কৰা হৈছে।
চৌষষ্ঠি কলা হ’ল ——-
১) সংগীত কলা অৰ্থাৎ সৰ্বপ্ৰধান কলা হ’ল গান বা গীত।
২) বাদন কলা অৰ্থাৎ ভিন ভিন শ্ৰেণীৰ বাদ্যযন্ত্ৰৰ ব্যৱহাৰ যি সংগীতত অপৰিহাৰ্য্য।
৩) নৃত্য কলা বা নাচ।
৪) চিত্ৰ কলা বা ছবি অংকন বিদ্যা।
৫) প্ৰস্তৰ কলা অৰ্থাৎ শিলৰ ওপৰত কাটি মূৰ্তি তৈয়াৰ কৰা।
৬) বহুৰঙেৰে ঘৰৰ মজিয়া ৰঞ্জিত কৰা।
৭) পুষ্পকলা বা ফুলৰদ্বাৰা ধুনীয়াকৈ সজোৱা।
৮) মণিভূমিকা কৰ্ম —-মণি মুকুতাৰে বেদী সজোৱা।
৯) ৰং কলা অৰ্থাৎ দেৱাল বা বেৰৰ যথাযোগ্য ঠাইত ভিন ভিন ৰঙৰ প্ৰলেপ দিয়া।
১০) শয্যা ৰচনা অৰ্থাৎ উপযুক্তভাৱে নানাবিধ ফুল আদিৰে বিছনা সজোৱা।
১১) জলতৰংগ বা তেনে ধৰণৰ বাদ্য বজোৱাৰ কৌশল।
১২) তন্ত্ৰ প্ৰয়োগ —-সূতাৰে ধুনীয়াকৈ কাপোৰ বোৱা।
১৩) মালা গঁথা —–ফুলৰ অথবা বেলেগ বস্তুৰে নানাপ্ৰকাৰৰ মালা তৈয়াৰ কৰা।
১৪) ফুলৰ দ্বাৰা নানাধৰণৰ অলংকাৰ তৈয়াৰ কৰা।
১৫) উদকাঘাত বা পানীত সাঁতোৰা আৰু নানা ধৰণৰ জলক্ৰীড়া।
১৬) নেপথ্য প্ৰয়োগ কলা বা নাটকৰ অভিনয় শিক্ষা কৰা।
১৭) হাতীৰ দাঁতেৰে নানা বস্তু তৈয়াৰ কৰা।
১৮) সুগন্ধি কলা বা নানা গোন্ধৰ বস্তু তৈয়াৰ কৰাৰ কৌশল।
১৯) পিন্ধিবৰ বাবে নানা অলংকাৰ তৈয়াৰ কৰা কলা।
২০) ইন্দ্ৰজাল বিদ্যা বা যাদু বিদ্যা বা ভোজবাজী দেখুওৱা কৌশল।
২১) কুচমাৰতন্ত্ৰ —–বলবীৰ্যাদিৰ কাৰণে ঔষধ তৈয়াৰ কৰিবলৈ শিকা কলা।
২২) হাত চাফাই বা মেজিক আদি দেখুৱাব জনা বিদ্যা।
২৩) ভোজ্যকলা অৰ্থাৎ নানাবিধ ৰন্ধন কাৰ্য্যৰ কৌশল জনা।
২৪) সূচীকৰ্ম ——বেজী সূতাৰে নানান জাকজমক ফুল তোলা।
২৫) চৰ্বত আদি তৈয়াৰ কৰা কৌশল।
২৬) সূতক্ৰীড়া ——সূতাৰ সহায়ত নানা খেল দেখুওৱা কৌশল।
২৭) বীণা, ডম্বৰু আদি বজাবলৈ শিকা।
২৮) প্ৰহেলিকা বা কৌশলৰদ্বাৰা নানা আদব কায়দা দেখুৱা কৌশল।
২৯) কবিতা লিখা বা শ্লোক ৰচনা কৰা।
৩০) দুৰ্বোধ্য কাব্যসৃষ্টি।
৩১) নানা ধৰণৰ কৌশল প্ৰয়োগ কৰি জটিল চমকপ্রদ খেলা দেখুওৱা শিক্ষা কৰা।
৩২) কিতাপ পঢ়া বা অনৰ্গল গ্ৰন্থপাঠ কৰাৰ কৌশল।
৩৩) নাট্যকলা বা নাটক ৰচনা কৰা।
৩৪) কাঠৰ ধুনীয়া আসন আদি তৈয়াৰ কৰাৰ কৌশল।
৩৫) ধাতুদ্ৰব্যৰে নানা ধৰণৰ বস্তু তৈয়াৰ কৰাৰ কৌশল।
৩৬) কেঁচি, খুৰেৰে দাঢ়ি চুলি কটা শিক্ষা।
৩৭) যন্ত্ৰবিদ্যা বা নানা তৰহৰ যন্ত্ৰপাতিৰ বিদ্যা শিক্ষা লাভ কৰা।
৩৮) ৰত্নাদি পৰীক্ষা অৰ্থাৎ কি ৰত্নৰ কিমান মূল্য তাক নিৰূপণ কৰিবলৈ শিকা বিদ্যা।
৩৯) ধাতু পৰীক্ষা অৰ্থাৎ কোনবিধ ধাতুৰ কিমান মূল্য আৰু কি উপকাৰিতা তাৰ বিষয়ে জ্ঞান আহৰণ কৰা।
৪০) অলংকাৰ তৈয়াৰ কৰা নাইবা সোণেৰে সুন্দৰ ভাৱে সজোৱা।
৪১) গছ লতা পাত আদিৰ নানা ঔষধি দ্ৰব্যৰ জ্ঞান লাভ কৰা।
৪২) ভেড়া ছাগলী, কুকুৰা আদিক যুঁজ শিকোৱা।
৪৩) পাৰ চৰাই উৰোৱা আৰু তাক প্ৰকৃত শিক্ষাদানৰ কৌশল।
৪৪)ভাটৌ, টিয়া আদিক কথা ক’বলৈ শিকোৱা বিদ্যা।
৪৫) বহু ভাষী বা নানা ভাষাৰ জ্ঞান আহৰণ কৰা শিক্ষা।
৪৬) দেহমৰ্দন আৰু দেহৰ প্ৰতিটো অংগ চালনা কৰা কৌশল।
৪৭) অইনে নজনা সাংকেতিক ভাষাৰে কথা কোৱা বা লিখা-পঢ়া শিক্ষা কৰা।
৪৮) পুতলা তৈয়াৰ কৰা বা নানা কাৰুকাৰ্য আদি পুতলাৰ ওপৰত কটা।
৪৯) লো বা ধাতুৰে যন্ত্ৰপাতি তৈয়াৰ কৰা কৌশল।
৫০) ঔষধ-বিজ্ঞান শিক্ষা বা ঔষধ তৈয়াৰ কৰা আৰু ৰোগ নিৰ্ণয় কৰা বিদ্যা শিক্ষা আহৰণ কৰা।
৫১) স্মৰণ শক্তি আৰু ক্ষমতা বৃদ্ধিৰ উপায় শিক্ষা।
৫২) আবৃত্তি বা সুন্দৰভাবে কবিতা পাঠ শিক্ষা।
৫৩) স্থিৰ বিচাৰ শক্তি আৰু জ্যোতিষকলা।
৫৪) ছন্দ আৰু মাত্ৰাৰ বিষয়ে জ্ঞান।
৫৫) অভিধান লিখা বা শব্দকোষ সংকলন কৰা কাৰ্য।
৫৬) কায়কল্প ——বৃদ্ধ অৱস্থাৰপৰা বিশেষ বিজ্ঞানৰ সহায়ত যৌৱন অৱস্থালৈ ঘূৰি অহাৰ শিক্ষা লাভ।
৫৭) বহুৰূপ আৰু ভেশছন ধাৰণৰ কৌশল জনা।
৫৮) মেৰামতিৰ কাম —–অৰ্থাৎ কাপোৰ আদি ফালিলে তাক জোৰা তাপলি মাৰি আগৰ দৰে কৰা।
৫৯) দ্যূতক্ৰীড়া বা পাশাখেল বিদ্যা।
৬০) জুৱাখেলা বা তাৰ নানা কৌশল আয়ত্বাধীন কৰা।
৬১) বিনয়, নম্ৰতা, শিষ্টতা জ্ঞান শিক্ষা কৰা।
৬২) ব্যায়াম বা শৰীৰ গঠনৰ নানা চৰ্চা কৰি শৰীৰক শক্তিশালী কৰি তোলা শিক্ষা।
৬৩) দৌৰ, জপিওৱা আদি নানা খেলত সফল হোৱা।
৬৪) বাঁহ, সোণ, ৰাংপতা আদিৰ নানা সূক্ষ্ম বস্তু তৈয়াৰ কৰা কৌশল।
( সংগৃহীত)
10:43 PM
চৌষষ্ঠি কলাৰ নাম শুনিছিলোঁ কিন্তু জনা নাছিলোঁ , জানিব পাৰি ভাল লাগিল।
5:52 PM
ভাল লাগিল জানিব পাৰি