সম্প্ৰদায়-আৰতি ডেকা
মৌচুমী আৰু মৌমন সৰুৰেপৰাই একেলগেই পঢ়া শুনা কৰি দুয়োজন এতিয়া নিজৰ কৰ্মজীৱনত ব্যস্ত।
:মৌমন, আজি তিনিবছৰ এৰি চাৰিবছৰত সোমাল…. আমাৰ প্ৰেম এইবাৰ দিঠকত নিশ্চয় দেখা পাম।
:হয় মৌচুমী,আজি ভেলেন্টাইন দে’।এই দিনটোতেই তোমাক মই প্ৰেম নিবেদন কৰিছিলো।এতিয়া কোৱা তোমাক কি উপহাৰ লাগিব??
: বাঃ! মই যি বিচাৰোঁ– তুমি সচাঁকৈ মোক দিব পাৰিবা নে??
:মই কথা দিছো মৌচুমী কোৱা।
:মোক তুমি আজিয়েই সেন্দূৰ পিন্ধাই তোমাৰ অৰ্দ্ধাঙ্গিনী কৰি ল’ব পাৰিবা?
: উসঃ! কি ডাঙৰ বৰ বিচাৰিলা!!
মই হৈছো নিম্নজাতৰ দাসৰ ল’ৰা আৰু তুমি হৈছা ব্ৰাহ্মণ জাতিৰ ছোৱালী।আমাক কোনে আদৰি লব কোৱা?
: জাতি-ধৰ্ম এইবোৰ মহাপাপ। কৰ্মই ধৰ্ম।এয়া লোৱা, সূৰ্য্যক সাক্ষী কৰি মোক সেন্দূৰ পিন্ধাই দিয়া।জনমে জনমে তুমি মোৰ হ’বা।