ভদ্ৰকান্তৰ অনুভৱ-শিখা হাতীবৰুৱা

ভদ্ৰকান্তই আজিৰপৰা প্ৰায় ডেৰ বছৰমান গাঁওখনৰ শেষৰফালে থকা খেৰণিডৰাৰ কাষৰ বাঁহ-খেৰৰ ঘৰটোত অকলেই থাকে।ওচৰতে দুই এঘৰ মানুহ আছে যদিও তাৰ সমবয়সীয়া মানে বিয়া পতা বয়সৰ নাই বুলিয়েই কব পাৰি।সৰুতেই মাকজনী ঢুকাল আৰু এতিয়া ডেৰবছৰৰ আগতে দেউতাকেও তাক অকলশৰীয়া জীৱন এটা দি গ’লগৈ।সম্পৰ্কীয় কোনেও হয়তো এতিয়া তাৰ লগত ঘনিষ্ঠতা ৰক্ষা কৰি থকা নাই ।মুঠতে সি একপ্ৰকাৰে অকলশৰীয়া বুলিয়েই নিজকে ভাবে।

মাকৰ মৃত্যুৰ পিছত দেউতাকে তাৰ প্ৰতি থকা দায়িত্বৰ দোহাই দি এটা পুৰণি বাকচ বৰ সযতনে দুটা কোঠলিৰ ঘৰটোৰ বিছনা থকাটোৰ এচুকত ঢাকি ঢুকি থোৱা সি দেখি আহিছিল।কিন্ত দেউতাকৰ মৃত্যুৰ পিছত বাকচৰ দায়িত্বটো তাৰ ওপৰত পৰিল ।বাকচটোত থকা মাকৰ কাপোৰ দুযোৰমান আৰু দুপাত সোণৰ খাৰুৱেই ঘৰটোৰ ভিতৰত তাৰ বিশ্বস্ত বন্ধু।

তাৰ মনৰ ভিতৰৰ দুখ এটা সদায়ে থাকে……মাক দেউতাকক হেৰুৱাই অকলশৰীয়া জীৱনটোক ঠেলা ঠেলি কৰোঁতে।সেয়ে আজি সি বাকচটোকে খুলিলে ….মনৰ ভাৱবোৰক সকাহ দিওঁ বুলি।

পুৰণি বাকচৰ …মাকৰ কাপোৰৰ গোন্ধ আৰু খাৰুৰ সোণ হালধীয়া ৰঙে ….তাক যেন কাতৰ কৰি কৈছে ….

“আমাকো কাৰোবাক গতাবৰ হ’ল ভদ্ৰকান্ত।”

….সি লাহেকৈ আলহী আলহী অনুভৱ এটিৰে ঘৰটোৰ ভিতৰত মুখ এখন সন্ধান কৰিবলৈ ধৰিলে আৰু অকলশৰীয়া লাজ এখিনিয়ে ঘৰৰ বেৰে চালে বগোৱা বাই ভদ্ৰকান্তক আমনি কৰিবলৈ ধৰিলে।গামোচাখনে মুখখন ঢাকি তৰ্জনী আঙুলিটো কামুৰি দুখ পালতহে বাস্তৱলৈ ঘূৰি আহিল।মধুৰ ভাৱনা মধুলগনৰ….দিনতে যেন জোনটো দুৱাৰমুখত।

  ************

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *