নতুন পথৰ পোহৰ,মূল: অনন্যা পোদ্দাৰ,ভাবানুবাদ-অঞ্জু মহন্ত
সেইদিনা শৈবালৰ হাতৰ সেই চৰটোৱে যে পুষ্পিতাৰ জীৱনৰ গতি এনেকৈ সলনি কৰি দিব, সেয়া সপোনতো কল্পনা কৰিব পৰা নাছিল পুষ্পিতাই। ইমান বছৰ শৈবালৰ সৈতে থকা সময়খিনিত মাথোঁ অনুভৱ হৈছিল, শৈবাল অবিহনে এই জীৱন অচল! শৈবাল নাথাকিলে পুষ্পিতাৰ ইহকাল-পৰকাল সকলো যেন স্তব্ধ হৈ যাব!
কিন্তু ক’ত! তেনেধৰণতো একোৱেই নহ’ল। শৈবালৰ অবিহনেও পুষ্পিতাৰ পৃথিবীখনতো সুন্দৰকৈ
চলিছে, একোৱেইতো ৰৈ যোৱা নাই। তেনেহ’লে ইমানদিন কিহৰ বাবে এনেকৈ সাবটি আছিল তাই সংসাৰ
খন?
আজি অফিচলৈ যোৱাৰ সময়ত বাছৰ খিৰিকীৰে পুষ্পিতাই এক মূহূৰ্তৰ বাবে শৈবালক দেখিছিল। হেলমেটৰ ভিতৰৰপৰাও শৈবালৰ মুখখন স্পষ্টকৈ
চকুত পৰিছিল পুষ্পিতাৰ। চিনি নাপাবই বা কিয়? সুদীৰ্ঘ দহ বছৰৰ সম্পৰ্ক এনেকৈ এটি কলমৰ খোঁচত
শেষ হৈ নাযায়। সেই জীৱনৰ কিছু এৰাব নোৱাৰা সূতা জীৱনৰ সৈতে ৰৈ যায় আজীৱন। ইয়াৰেই নাম জীৱন!
তথাপি, শৈবালৰ ওচৰলৈ ঘূৰি যোৱাৰ কথা ভাবিলে আজিও সিঁয়ৰি উঠে পুষ্পিতা। জীৱনৰ কেইটামান বছৰ পিছলৈ ঘূৰি গ’লে মনত পৰে ফুলশৰ্যাৰ সেই ৰাতিটোলৈ। যি ৰাতি পত্নীৰ একান্ত হৈয়েই শৈবালে কৈছিল,
“মোৰ বাইদেউৰ ডিভোৰ্চ হৈছে। সেয়ে মোৰ মা খুবেই চিন্তিত। ইয়াৰ পিছত যদি মোৰ বিয়াখন কেনেবাকৈ ভাঙি যায়, তেনেহ’লে মা আৰু নাবাচিব। সেয়ে কৈছোঁ, সংসাৰ কৰিবলৈ গৈ যদি কিবা সমস্যাই দেখা দিয়ে আমি দুয়োজনে মিলি ঠিক কৰি ল’ম। সম্পৰ্কটো কেতিয়াও ভাঙি যাবলৈ নিদিওঁ।”
শৈবালৰ কথা যিমানদিনলৈ পাৰে মানি চলিবলৈ চেষ্টা কৰিছিল পুষ্পিতাই। কিন্তু বিয়াৰ পিছতেই পুষ্পিতাই বুজি পাইছিল, শৈবালৰ লগত তাইৰ বৈবাহিক সম্পৰ্কটো মানি ল’ব পৰা নাছিল শৈবালৰ মাক শ্যামাদেৱীয়ে। শৈবাল তেওঁৰ আঁচলৰ ধন, তেওঁৰ আঁচলত ধৰি থকা অতি আদৰৰ সন্তান। তাক পত্নীৰ হাতত তুলি দিয়া সম্ভৱ নাছিল শ্যামাৰ বাবে।
ল’ৰাৰ পছন্দ আছিল পুষ্পিতা। চৰকাৰী নাৰ্ছ পুষ্পিতা। এবাৰ ফুটবল খেলোতে ভৰি ভাঙিছিল শৈবালৰ। তাৰ ভৰিত প্লেট বহাব লগা হৈছিল। সেই সময়তে চিনাকি হৈছিল পুষ্পিতাৰ লগত। চিনাকিৰ পিছত ফোন নম্বৰ বিনিময়। তাৰপিছত কেইমাহমানৰ পিছত এদিন সন্ধিয়া পুষ্পিতাৰ ঘৰলৈ গৈ পুষ্পিতাৰ মাক-দেউতাকৰ সন্মুখত তেওঁলোকৰ ছোৱালীক বিয়া পাতিবলৈ ইচ্ছা প্ৰকাশ কৰিলে। ঘটনাবোৰ ইমান সোনকালে ঘটি গ’ল যে কথাবোৰ বুজি পাবলৈ আটাইৰে অলপ সময় লাগিল।
ল’ৰাৰ পছন্দক যেনেকৈ শ্যামাই না কৰা নাছিল, ঠিক তেনেকৈ পুষ্পিতাকো কেতিয়াও মনৰ পৰা আদৰি লোৱা নাছিল। বিয়া ঠিক হোৱাৰ পিছৰপৰাই ল’ৰাৰ কাণত বিহ ঢালি গৈছিল তেওঁ। কেতিয়াবা পুষ্পিতাৰ কিবা আচৰণত, কেতিয়াবা পুষ্পিতাৰ মাক-দেউতাকৰ কিবা আচৰণক লৈ। বাৰে বাৰে ল’ৰাৰ পছন্দৰ বাবে ল’ৰাৰ সন্মুখতেই হতাশা প্ৰকাশ কৰি কয়,
“সকলোৰে শহুৰৰ ঘৰ আৰু তোৰো শহুৰৰ ঘৰ! ভাবিলেই কষ্ট হয় বাবা, জোঁৱাই আদৰ তোৰ ভাগ্যত নিমিলিল।”
সঁচাকৈয়ে শৈবালে কেতিয়াও শহুৰেকৰ ঘৰখনৰপৰা সেই জোঁৱাইৰ আদৰ পোৱা নাছিল। জোঁৱাই ষষ্ঠীত শৈবালৰ পছন্দৰ সকলো খোৱা খাদ্য ৰেষ্টুৰেণ্টৰপৰা আনে পুষ্পিতাৰ মাক-দেউতাকে। পুষ্পিতাৰ মাকে জোঁৱায়েকক কেতিয়াও নিজহাতে ৰান্ধি খুওৱা নাছিল। কাৰণ তেওঁ আছিল নাৰ্ভৰ পেচেণ্ট। তেওঁৰ দুয়োখন হাত চৌব্বিশ ঘণ্টাই থৰথৰকৈ কঁপি থাকে। সেয়েহে ঘৰখনৰ ৰান্ধনীঘৰৰ দায়িত্ব আছিল পুষ্পিতা আৰু তাইৰ দেউতাক পৰেশ বাবুৰ ওপৰত। পুষ্পিতাৰ বিয়াৰ পিছত সেই দায়িত্ব নিজৰ কান্ধলৈ লৈ লয় পৰেশবাবুয়ে। পুৰুষ মানুহজনে কেনেকৈনো জোঁৱায়েকক ইমান আদৰ যত্ন কৰিব! সেয়ে শ্যামাই যেনেকৈ নিজৰ জোঁৱায়েকক আদৰ যত্ন কৰি খুৱাব পাৰে, পুষ্পিতাৰ মাকে সেই যত্নটো সঁচাকৈয়ে শৈবালক কেতিয়াও দেখুৱাব নোৱাৰে।
এয়া আছিল শৈবালৰ শহুৰ বিৰুদ্ধে অভিযোগ আৰু পুষ্পিতাৰ বিৰুদ্ধে তেওঁৰ কিমান যে অভিযোগ!!সেইবোৰ ক’বলৈ গ’লে এখন ডাঙৰ তালিকা হ’ব। সিহঁতৰ সংসাৰৰ লগত একোতেই নিমিলা পুষ্পিতাক মানি ল’বলৈ তেওঁৰ যে কিমান কষ্ট হৈছে সেয়া বহুবাৰ নানাভাবে পুষ্পিতাক বুজায় দিছে শ্যামাই। মানসিক যন্ত্ৰণা যিমান দিব পাৰি, তাতকৈ বহুতেই বেছি দিছে। শৈবালৰ চকু মাকৰ ভালপোৱাৰে বন্ধা আছিল। তাক একোৱেই ক’ব নোৱাৰি। তাইৰ কষ্টবোৰৰ কথা ক’বলৈ গ’লে শৈবালে কয়,
“তুমি আমাৰ মাক বুজিবই পৰা নাই পুষ্পিতা।বাইদেউৰ ডিভোৰ্চৰ পিছত মা প্ৰায় পাগলৰ দৰে হৈ গৈছিল। বাইদেউৰ আকৌ বিয়া হোৱাৰ পিছত মা অলপ স্বাভাৱিক হৈছে। সেই মায়ে জানো কেতিয়াবা বিচাৰিব মোৰ জীৱন নষ্ট কৰিবলৈ? যি মায়ে তেওঁৰ ছোৱালীক শহুৰেকৰ ঘৰত কষ্ট পোৱা দেখিছে, সেই মায়ে জানো কেতিয়াবা তেওঁৰ ল’ৰা বোৱাৰীক কষ্ট দিব পাৰে? তোমাৰ ক’ৰবাত ভুল হৈছে। মাৰ ভালপোৱাক উপলব্ধি কৰিবলৈ অলপ চেষ্টা কৰা।”
কিন্তু পুষ্পিতাই স্বামীক বুজাব নোৱাৰে যে নিজৰ ছোৱালীৰ কষ্টত কাতৰ হোৱা মাক যেতিয়া শাহুৱেক
হৈ যায়, তেতিয়া বোৱাৰীৰ কষ্টত তেওঁ কাতৰ নহয় বৰং এক পৈশাচিক আনন্দ পায়। ইয়াৰ পিছত অৱশ্যে কাৰণ আছে। ছোৱালী বিয়া হৈ আনৰ ঘৰলৈ গুচি যায়। কিন্তু ল’ৰাৰ বোৱাৰীয়ে ল’ৰাৰ হাতত ধৰি সংসাৰত প্ৰৱেশ কৰি তেওঁৰ (মচনদৰ) পৰা তেওঁক পদচ্যুত কৰিব পাৰে, সেই ভয়তেই নিজৰ দুৰ্গ চম্ভালিবলৈ আক্ৰমণ কৰে বোৱাৰীয়েকক।
এই কথাটো শৈবালক বুজাব নোৱাৰি। গিৰিয়েকৰ লগত ৰাতি পুষ্পিতাই কি কথা পাতে, সেই কথাও দুৱাৰৰ বাহিৰত কাণ পাতি শুনে শ্যামা দেৱীয়ে। পুষ্পিতাই কেবাবাৰো হাতে-লোটে ধৰা পেলাইছিল।
“কিবা লাগিছিল মা”……..বুলি সুধিলে তেওঁ
পুষ্পিতাক উত্তৰ দিয়ে,
“নাই এনেয়ে, পাকঘৰলৈ আহিছিলো পানীৰ বটল নিবলৈ।”
সেই অশান্তি লৈয়েই দিনবোৰ পাৰ হৈছিল। চাৰি বছৰৰ পিছত সিহঁতৰ জীৱনলৈ আহে সাত্যকি। জীৱনটো অলপ ৰঙীণ হ’বলৈ আৰম্ভ হয়। পুষ্পিতাৰ প্ৰতি শৈবালৰ যি উদাসীনতা আৰম্ভ হৈছিল, সেই উদাসীনতাৰ মেঘ আঁতৰি আকৌ ইজনে-সিজনৰ ওচৰলৈ কাষ চাপি আহে।
মনে মনে ভয় লাগে শ্যামাদেবীৰ।ল’ৰাই তেওঁৰ কথা নুশুনা হৈছে।গোটেই সপ্তাহ ল’ৰা অফিচৰ কামত বাহিৰত থাকে বাবে ৰবিবাৰটো যিকোনো উপায়েৰে ইজনক-সিজনৰ পৰা দূৰত ৰখাৰ চেষ্টা কৰি যায় শ্যামাদেবীয়ে। কেতিয়াবা নিজৰ অসুস্থতা, কেতিয়াবা পুষ্পিতা বা পুতেকৰ লগত সংসাৰৰ সামান্য কথা লৈ এনেকুৱা অশান্তি আৰম্ভ কৰি দিয়ে যাৰবাবে গোটেই ৰবিবাৰটো মুড অফ কৰি কটাই দিয়ে পুষ্পিতা আৰু শৈবালে।
এই সকলোবোৰ জানিছিল, বুজিছিল পৰিয়ালৰ দুজন মানুহে। তথাপি তেওঁলোক মনে মনে আছিল। শৈবালৰ বায়েক আৰু সিহঁতৰ দেউতাকৰ নিৰ্লিপ্ততাত সংসাৰ আৰু জটিল হৈ পৰে।
ইয়াৰ ভিতৰতে এদিন ঘটি গ’ল চৰম বিপৰ্যয়। তেতিয়া ঘৰত পুষ্পিতা, শৈবাল কোনোৱেই নাই। আঢ়ৈ বছৰীয়া সাত্যকিক যিজনী দিদিয়ে চোৱা-চিতা কৰিছিল, তেওঁ অন্য কিবা এটা কামত ব্যস্ত আছিল। সাত্যকি আছিল ককাক-আইতাকৰ কোঠাত। কেতিয়া যে সাত্যকিয়ে ঘৰৰপৰা ওলাই ঘৰৰ খোলা দুৱাৰেৰে ৰাস্তালৈ গুচি গৈছিল,সেয়া কোনেও গমেই নেপালে।
হঠাৎ নোহোৱা হোৱা শিশুটিক বিচাৰি হুৱা-দুৱা লাগিল। কোনেও গমেই নাপালে কেতিয়ানো কণমানি সাত্যকিয়ে থুপুক-থাপাক খোজেৰে ঘৰৰ কাষতে থকা পুখুৰীটো পাইছিলগৈ । যেতিয়া গম পোৱা গ’ল, তেতিয়া সকলো শেষ। প্ৰায় ছয় ঘণ্টা পিছত সাত্যকিৰ নিথৰ দেহটো পুখুৰীৰ পানীত ভাহি উঠিছিল।এক লহমাত পৃথিৱীখন থমকি গ’ল শৈবাল আৰু পুষ্পিতাৰ। শৈবালৰ কিছুমান বন্ধুৱে তাক চম্ভালি লৈছিল যদিও, পুষ্পিতা যেন ৰুক্ষ মেদিনী!!দুখৰ দাবানলত বুকু ফাটি চিৰাচিৰ হৈ গ’ল।
পুষ্পিতাৰ এই অৱস্থাটো দেখি হস্পিটেলৰ এজন চিকিৎসক ডা: মজুমদাৰে পুষ্পিতাক কামৰ মাজত ব্যস্ত কৰি ৰাখিবলৈ চেষ্টা কৰিলে। মানসিকভাৱে বিধ্বস্ত পুষ্পিতাক দেখি হস্পিটেলৰ এজন চাইক্ৰিয়াটিছে কৈছিল,
“এনেদৰে থাকিলে পাগল হৈ যাবলৈ পুষ্পিতাৰ বেছি দেৰি নালাগিব।”
সদাহাস্য,পৰোপকাৰী পুষ্পিতা হস্পিটেলৰ সকলোৰে প্ৰিয় আছিল। অতি নিষ্ঠাৰে নিজৰ কাম কৰে বাবে ডাক্তৰসকলে অ’টিত পুষ্পিতাকেই বিচাৰে। সেই সূত্ৰ ধৰিয়েই ডাক্তৰ মজুমদাৰে ঠিক কৰিলে যে, পুষ্পিতাক ইমানেই কামত ডুবাই ৰাখিব লাগিব যে পুত্ৰৰ শোক প্ৰকাশ কৰাৰ সময়েই নাপাব। গোটেই দিনটোৰ ক্লান্তিত ঘৰলৈ গৈয়েই টোপনিত লালকাল দিব। তাৰ পিছত সময়তো আছেই, সময়ে নিজৰ কাম কৰি যাব। অলপ অলপকৈ সময়ৰ প্ৰলেপ দি সাত্যকিক পুষ্পিতাৰ অতীত কৰি তুলিব।
কিন্তু ইয়াতেই সমস্যাৰ শেষ নহ’ল। শ্যামাদেবীয়ে ডাক্তৰ মজুমদাৰৰ লগত পুষ্পিতাৰ বিষয়ে শৈবালৰ আগত অতি জঘন্য জঘন্য কথা ক’বলৈ আৰম্ভ কৰিলে – কিয় অন্য ইমানবোৰ নাৰ্ছ থকা সত্ত্বেও মাত্ৰ পুষ্পিতাকেই বাৰে বাৰে মাতি পঠোৱা হয়। একে কথাকে শুনি শুনি এদিন পুষ্পিতাৰ ফালে আঙুলি তুলিলে শৈবালেও।
ইমানবছৰে সকলো অত্যাচাৰ মনে মনে সহ্য কৰাৰ পিছতো যেতিয়া তাইৰ চৰিত্ৰত ধৰিও কথা ক’বলৈ আৰম্ভ কৰিলে, তেতিয়া পুষ্পিতা মনে মনে থকা নাছিল। প্ৰথমে এটা-দুটা উত্তৰ, তাৰপিছত উচ্চ কণ্ঠস্বৰেৰে, শেষত পুষ্পিতাৰ গালত পৰা চৰটোত ইতি হয় সেই তিক্ততাৰ।
পুষ্পিতাই বুজি পালে, নিজৰ ছোৱালীৰ ডিভোৰ্চৰ বাবে কষ্ট পালেও নিজৰ ল’ৰাৰ ডিভোৰ্চৰ বাবে মুঠেও মনোকষ্টত নোভোগে শ্যামাই। সেয়ে পুষ্পিতাই নিঃশব্দে ঘূৰি আহিল মাক-দেউতাকৰ ওচৰলৈ।
যিদিনা মাক-দেউতাকৰ ওচৰলৈ ঘূৰি আহিছিল সেইদিনা তাই বুজা নাছিল, শৈবাল অবিহনে তাইৰ জীৱন ইমান শান্তি আৰু স্বস্তিৰ হ’ব। যিমানে দিন পাৰ হৈ গৈছে, কঠিন জীৱনটো সিমানেই সহজ যেন লাগিবলৈ আৰম্ভ কৰিছিল। ভাব হৈছিল,শাহুৱেকৰ লগত কাজিয়া কৰি সংসাৰত স্থান লোৱাতকৈ এনেকৈ থকা বেছি ভাল। শ্যামাই কেতিয়াও কোনো ছোৱালীকে তেওঁৰ ল’ৰাৰ লগত ভালদৰে থাকিব নিদিয়ে। অতি মৰম যে সন্তানৰ বাবে ক্ষতিকাৰক সেয়া বুজাৰ ক্ষমতা এই ঘৰখনৰ কাৰোৰেই নাই।
শৈবালে বহু চেষ্টা কৰিছিল পুষ্পিতাক ঘূৰাই আনিবলৈ। কিন্তু পুষ্পিতা আৰু ঘূৰি নাহিল সেই সংসাৰলৈ। বৰং ডিভোৰ্চ লৈ শৈবালৰ পৰা নিজক সম্পূৰ্ণভাবে পৃথক কৰি নিলে।
চাৰি বছৰ পাৰ হৈ গ’ল পুষ্পিতাৰ শৈবালক এৰি নতুন জীৱন আৰম্ভ কৰা। তাইৰ ওচৰত শৈবাল নাথাকিলেও সাত্যকি আছে। হস্পিটেলৰপৰা এদিন হঠাৎ ম্যাডাম ডা: শিল্পী সামন্তই পুষ্পিতাক মাতি পঠাইছিল। এটি সন্তান জন্ম দি মৃত্যু বৰণ কৰিছিল এগৰাকী মাতৃয়ে আৰু তেওঁৰ সদ্যজাত সন্তানক নিজৰ বুলি দাবী কৰিবলৈ কোনোৱেই নাছিল। কাৰণ সেইজনী মাতৃ আছিল ৰাস্তাত ঘূৰি ফুৰা এজনী পাগলী। কোনোবা এদিন ৰাতি কোনো মহান পুৰুষৰ লালসাৰ চিকাৰ হৈ মাতৃত্ব লাভ কৰিছিল।
সেই মাতৃহীন শিশু পুত্ৰটিক পুষ্পিতাৰ কোলাত তুলি দি ডা: শিল্পীয়ে কৈছিল,
“তোমাৰ সাত্যকি তোমাৰ ওচৰলৈ ঘূৰি আহিছে। ইয়াক গ্ৰহণ কৰা।”
সেই সন্তানক দত্তক লৈ জীৱনক নতুনকৈ উপভোগ কৰিবলৈ আৰম্ভ কৰিছে পুষ্পিতাই। এতিয়া তাইৰ জীৱনত শৈবালৰ অনুপস্থিতি লাহে লাহে শিথিল হৈ মিলি গৈছে কোনোবা অজান পথত।
শৈবাল আৰু পুষ্পিতা কোনোৱেও আৰু নতুনকৈ সংসাৰৰ বান্ধোনত সোমোৱা নাই। নিজৰ নিজৰ জীৱন দুটা মাথোঁ সমান্তৰাল পথৰ দৰে আগুৱাই লৈ গৈ আছে।একেই পথৰ যাত্ৰী, কিন্তু তাই বাছত আৰু শৈবাল বাইকত! দুয়োজনেই সমান্তৰালভাৱে গৈ আছে, কিন্তু কোনোৱেই কাৰো সহযাত্ৰী নহয়। এই সমান্তৰাল পথৰ কোনো মিল নাই, তথাপি হয়তো নতুন কোনো দেশত উপস্থিত হ’ব নতুন কোনো আশা, নতুন কোনো জীৱন লৈ! জীৱন অতি কঠিন হ’লেও, নতুন পথৰ পোহৰে জীৱনৰ সকলো কাঠিন্যক হয়তো এদিন সহজ কৰি দিব।
************