বিজ্ঞাপন-হৰগোবিন্দ দাস

মহানন্দ বৰুৱা অঞ্চলটোৰ ভিতৰতে জনাজাত আঢ্যৱন্ত শ্ৰেণীৰ গণ্য- মান্য ব্যক্তি ৷দুজন পুত্ৰ তেওঁৰ।চাকৰিসূত্ৰে দুয়োজনে পৰিয়ালসহিতে ঘৰৰপৰা বাহিৰত থাকে। আলধৰা ল’ৰা এটি ৰাখি বৰুৱা- বৰুৱানীয়ে সংসাৰখন চলাই আছিল।কিন্তু বিধিৰ বিপাক,বৰুৱানীয়ে মাত্ৰ দুদিনৰ জ্বৰতে বৰুৱাৰ সঙ্গ চিৰদিনৰ বাবে ত্যাগি অজান দেশলৈ গুচি গ’ল।বৰুৱাই বাহিৰত চিকিৎসাৰ ব্যৱস্থা কৰাৰ কোনো সুযোগেই নাপালে ৷

পত্নী ঢুকোৱাৰ পাচত বৰুৱাই একাকীত্বত ভুগিছে ৷ পুত্ৰ-বোৱাৰী সকলো নিজৰ নিজৰ সংসাৰক লৈ ব্যস্ত ৷ ফোন এটা কৰি দেউতাকৰ খা- খবৰ অকণ লবলৈকো যেন সিহঁতৰ আহৰি নাই ৷

মহানন্দ বৰুৱাই বাতৰি কাকতত বিজ্ঞাপন এটা প্ৰচাৰ কৰিলে — তেওঁৰ সমগ্ৰ সম্পত্তিৰ আধা অংশ বিক্ৰী কৰিব আৰু আধা অংশ কোনো স্বীকৃতিপ্ৰাপ্ত মানৱপ্ৰেমী স্বেচ্ছাসেৱী অনুষ্ঠানক দান কৰিব ৷ইচ্ছুক ব্যক্তি তথা সংগঠনে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে।তেওঁ সম্পূৰ্ণ ঠিকনাৰ সৈতে ফোন নম্বৰটোও সংলগ্ন কৰিবলৈ নাপাহৰিলে।

বিজ্ঞাপন প্ৰকাশ হোৱাৰ দুদিনৰ ভিতৰতে বৰুৱাৰ ঘৰ পু্ত্ৰ-বোৱাৰী, নাতি- নাতিনীৰে ভৰি পৰিল।বৰুৱাৰ আদৰ যত্ন লোৱা মানুহৰ যেন অভাৱেই নাই।কোনজনী বোৱাৰীয়ে আগতে বৰুৱাৰ খোৱাৰ টেবুলত খাদ্যৰ যোগান ধৰিব পাৰে,যেন অঘোষিত প্ৰতিযোগিতাহে চলিব ধৰিলে।পুতেকহঁতেও কিবা ঔষধ পাতিৰ প্ৰয়োজন আছে নেকি ঘনে ঘনে খবৰ লৈ থাকিল।নাতি – নাতিনীহঁতে কাষৰ পৰা নুগুচেই।পুত্ৰ-বোৱাৰীহঁতে বিজ্ঞাপনটোৰ কথা উলিয়াবলৈ চেষ্টা কৰিলেই বৰুৱাই অন্য প্ৰসঙ্গৰ অৱতাৰণা কৰে।

বিজ্ঞাপনটোৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া দেখি সকলোৰে অগোচৰে বৰুৱাৰ হৃদয়ৰ নিভৃত কোণৰপৰা দীঘল হুমুনিয়াহ এটি সৰি পৰিল।

************

Leave a Reply

Your email address will not be published. Required fields are marked *