দৃষ্টিভংগী -অনসূয়া বৰঠাকুৰ
তেওঁ ভুলবোৰক হুলৰ সৈতে ৰিজালে
আৰু……..
ওৰেটো জীৱন বিষাদপান কৰি থাকিল !!
মই ভুলবোৰ গচকি মোহাৰি মাটিত সিঁচি দিলোঁ,
এদিন তাৰপৰাই এপাহ ফুল ফুলিল ।।
আৰু….
ওৰে ৰাতি ফুলপাহে গুণগুণাই থাকিল…
“হাতো নেমেলিবি মোকো নিচিঙিবি
ক’ৰে অচিনাকি ঐ ??
আইদেউৰে চকুতে ব্যৰ্থতাৰ পোতাশাল,
দুকোণত দুখৰে নৈ,
মই আহি বাগিছাত সুখ হৈ ফুলিলোঁ,
নজৰ নলগাবি তই !!”
******
10:18 AM
সুন্দৰ কবিতা।